অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাকৈৰ উপকাৰিতা আৰু উৎকৃষ্ট প্ৰ’টিনযুক্ত মাকৈৰ উন্নত কৃষি পদ্ধতি

মাকৈৰ উপকাৰিতা আৰু উৎকৃষ্ট প্ৰ’টিনযুক্ত মাকৈৰ উন্নত কৃষি পদ্ধতি

ভাৰতবৰ্ষত ধান আৰু ঘেহুঁৰ পিছতে মাকৈ বা গোমধান আটাইতকৈ প্ৰয়োজনীয় আৰু সকলোৰে প্ৰিয় খাদ্য শস্য।বৰ্তমান দেশত প্ৰায় ৮.১২ নিযুত কৃষি ভূমিত ইয়াৰ খেতি কৰা হয় আৰু প্ৰায় ১০০ নিযুত মানুহৰ সংস্থাপন দিয়াত এই বিধ শস্যৰ প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে অৰিহণা আছে। দেশত মুঠ উৎপাদনৰ ২৫% মানুহৰ খাদ্য, ১২% পোহনীয়া জীৱ-জন্তৰ খাদ্য, ৪৯% হাঁহ-কুকুৰাৰ দানা হিচাপে বৰ্তমান সময়ত মাকৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন উদ্যোগত মাকৈ ব্যৱহাৰ হয়।

সাধাৰণতে মাকৈ এবিধ শৰ্কৰা, চৰ্বি, প্ৰ’টিন আৰু কিছুমান ভিটামিন আৰু খনিজ দ্ৰব্যযুক্ত খাদ্য, বিশ্বৰ উন্নয়নশীল দেশ সমূহ মাকৈৰ পৰা প্ৰয়োজনীয় প্ৰ’টিন আৰু শক্তি (Calorie) আহৰণ কৰে। লাইচিন্‌ (Lysine) আৰু ট্ৰিপ্ট’ফেন (Tryptophan) নামৰ দুবিধ প্ৰ’টিন সাধাৰণ মাকৈত পোৱা নাযায়। ইয়াৰ বাবে মাকৈ প্ৰজনন বিদ সকলে উৎকৃষ্ট প্ৰ’টিনযুক্ত মাকৈ (Quality Protein Maize) চউকৈ QPM উদ্ভাৱন কৰি উলিয়াইছে। মাকৈ গছত ‘অ’পেক – ২ জিন’ সন্নিৱিষ্ট কৰি QPM তৈয়াৰ কৰা হৈছে।

সুস্বাস্থ্য গঠনত মাকৈৰ উপকাৰিতা

১) পাকস্থলীৰ কৰ্কট ৰোগৰ ভয়াবহতা হ্ৰাস কৰে।

২) হাড়ৰ শক্তি বৃদ্ধি কৰে।

৩) অৰ্শৰোগ/কেচুমুৰীয়া নিৰাময় কৰাত সহায় কৰে।

৪) ভিটামিন আৰু খনিজ লৱনৰ উৎকৃষ্ট উৎস।

৫) দৃষ্টি শক্তি আৰু সৌন্দৰ্য বৃদ্ধি কৰে।

৬) মধুমেহ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

৭) দেহত কলেষ্ট্ৰৰেলৰ পৰিমাণ বৃদ্ধি হোৱাত বাধা দিয়ে।

৮) ৰক্তহীনতা দূৰ কৰে।

৯) বীজাণু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

১০) হৃদৰোগ জনিত বেমাৰৰ ভয়াবহতা হ্ৰাস কৰে।

মাকৈত থকা বিভিন্ন মৌল, খনিজ লৱণ আৰু ভিটামিনৰ পৰিমাণ

মৌল

খনিজ লৱন

ভিটামিন

আহ      : ১১%

মেগনেচিয়াম : ৯%

থায়ামিন     : ১৩%

প্ৰ’টিন     : ৬%

ফচফৰাছ   : ৯%

ভিটামিন চি   : ১১%

কাৰ্বহাইড্ৰেট  : ৬%

পটাচিয়াম   : ৮%

ফলেট       : ১১%

কেলৰি     : ৪%

মেংগানিজ   : ৮%

নিয়াচিন      : ৯%

 

মাকৈৰ পুষ্টিকাৰক গুণসমূহ

মাকৈত থকা ভিটামিনৰ পৰিমাণ (মিলিগ্ৰাম/১০০ গ্ৰাম খোৱা মাকৈৰ)

খাদ্যৰ নাম

কেৰোটিন (µg)

থায়ামিন

ৰাইবোফ্লেভিন

নিয়াচিন

ফলিক এচিড

শুকান মাকৈ

৯০

০.৪২

০.১১

১.৮

২০.০

কোমল মাকৈ

৩২

০.১১

০.১৭

০.৬

২০.০

 

মাকৈত থকা খনিজ লৱন আৰু সুশম মৌল (মিলিগ্ৰাম/১০০ গ্ৰাম খোৱা মাকৈৰ)

খাদ্যৰ নাম

মেগনেচিয়াম

চডিয়াম

পটাচিয়াম

কপাৰ

মেংগানিজ

মলিবলোম

জিংক

ক্ৰমিয়াম

চালফাৰ

ৰ্ক্লৰিন

শুকান মাকৈ

১৩৯

১৫.৯

২৮৬

০.৪১

০.৪৮

০.০৩৮

২.৮

০.০০৪

১১৪

৩৩

কোমল মাকৈ

৪০

৫১.৭

১৫১

৬১

৩৮

-

-

-

-

-

 

মাকৈত থকা চৰ্বি আৰু ফেটি এচিডৰ পৰিমাণ (গ্ৰাম/১০০ গ্ৰাম খোৱা মাকৈৰ)

খাদ্যৰ নাম

চৰ্বি

পালমিটিক এচিড

ষ্টিয়েৰিক এচিড

লেইক এচিড

লিনলেনিক এচিড

মাকৈ

৪.৮

০.৭০

০.২০

১.১

২.২

 

মাকৈত থকা চৰ্বি আৰু ফেটি এচিডৰ পৰিমাণ (গ্ৰাম/১০০ গ্ৰাম খোৱা মাকৈৰ)

খাদ্যৰ নাম

মুঠ খাদ্যআহ

দ্ৰবীভূত খাদ্য আহ

শুকান মাকৈ

১১.৯

০.৯

 

উন্নত কৃষি পদ্ধতি

১) উন্নত জাঁত : বিভিন্ন ঠাইতধ্ব্যৱহাৰ কৰা ৭ বিধ উন্নত জাতৰ বিষয়ে উল্লেখ কৰা হ’ল-

জাত

শস্যকাল

এইচ. কিউ. পি. এম. - ৭

৮৬ – ৯৫ দিন

বিবেক কিউ. পি. এম. – ৯

<৭৫ দিন

এইচ. কিউ. পি. এম. – ৫

৮৮ – ৯০ দিন

এইচ. কিউ. পি. এম. – ১

৮৮ – ৯০ দিন

শক্তি – ১

৭৬ – ৮৫ দিন

শক্তিমান – ১

৮৬ – ৯৫ দিন

শক্তিমান – ১

৯৬ দিন

 

২) সিচাঁৰ সময় :

সময়

সঠিক তাৰিখ

খাৰিফ/ গ্ৰীষ্ম

জুনৰ শেষৰ সপ্তাহৰ পৰা ১৫ জুলাই

ৰবি/শীত

নৱেম্বৰ প্ৰথম পষেক

বসন্ত কাল

ফেব্ৰুৱাৰীৰ প্ৰথম

মৌচুমীৰ শেষত

আগষ্টৰ প্ৰথম পষেক

 

৩) বীজৰ পৰিমাণ :

প্ৰতি হেক্টৰ মাটিত ২০ কিঃ গ্ৰাঃ বীজৰ আৱশ্যক। এই হাৰত সিঁচিলে হেক্টৰে প্ৰতি ৭০,০০০ – ৮০,০০০ গছ পোৱা যায়। বীজ সিঁচাৰ ব্যৱধান ৬০ – ৭০ ছেঃ মিঃ (শাৰী) x ২০ ছেঃ মিঃ (বীজৰ) হোৱা উচিত। ১:১ অনুপাতত বেভিষ্টিন আৰু কেপ্তান্‌ মিহলাই ২ গ্ৰাম প্ৰতি কিঃ গ্ৰাঃ বীজৰ বাবে লৈ পৰিশোধন কৰিব লাগে।

৪) সাৰ প্ৰয়োগ :

ভালদৰে চহায় লোৱা মাটিডৰাত শুকান গোবৰ বা পচন সাৰ সমভাৱে গোটাই পাথাৰ ডৰাত চটিয়াই এবাৰ পাতলকৈ চাহ কৰি ল’ব লাগে। তলত দিয়া পৰিমাণৰ সাৰ প্ৰয়োজন :

মৌল

হাৰ

সাৰ

হাৰ

নাইট্ৰ’জেন

১৫০-১৮০ কিঃগ্ৰাঃ/হেক্টৰ

ইউৰীয়া

৩৩৩-৪০০ কিঃ গ্ৰাঃ

ফচফৰাচ

৭০-৮০ কিঃগ্ৰাঃ/হেক্টৰ

একক চুপাৰ ফচফেট

৪৩৭-৫০০ কিঃ গ্ৰাঃ

পটাচ

৭০-৮০ কিঃগ্ৰাঃ/হেক্টৰ

মিউৰিয়েট অব পটাচ

১১৬-১৩২ কিঃ গ্ৰাঃ

 

সমুদায় একক ফচফেট আৰু মিউৰিয়েট অব পটাচ সাৰ মাটি প্ৰস্তুত কৰণৰ সময়ত প্ৰয়োগ কৰিব লাগে। ইউৰীয়া সাৰ ভাগ ভাগ কৰি তলত দিয়া ধৰণে প্ৰয়োগ কৰিলে ভাল হয়।

১) ১০% মাটি প্ৰস্তুকৰণৰ সময়ত।

২) ২০% ৪ টা পাত হোৱাৰ সময়ত।

৩) ৩০% ৮ টা পাত হোৱাৰ সময়ত।

৪) ৩০% ফুল ফুলাৰ সময়ত।

৫) ১০% গুটি ধৰাৰ সময়ত।

এই সাৰৰ লগত হেক্টৰে প্ৰতি ২৫ কিঃ গ্ৰাঃ জিংক চালফেট প্ৰয়োগ কৰা প্ৰয়োজন।

৫) জলসিঞ্চন : মাকৈ খেতিত জলসিঞ্চনৰ অতি প্ৰয়োজন। তিনিটা অৱস্থাত জনসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে শস্য ডৰাৰ পৰা উৎপাদন বৃদ্ধি কৰিব পাৰি। এই অৱস্থা সমূহ হ’ল-

১) ৪ টা পাত হোৱা অৱস্থা (৩০ দিন)

২) ফুল ফুলাৰ অৱস্থা (৫০ দিন)

৩) গুটি ধৰাৰ অৱস্থা (৭০ দিন)

সিৰলু পদ্ধতিৰে পানী যোগান ধৰিব লাগে। সিৰলুৰ ২/৩ অংশ পানীত বুৰ যাব লাগে। ৰবি মাকৈ খেতিত জলসিঞ্চন অতি প্ৰয়োজনীয়।

৬) বনবাত নিয়ন্ত্ৰণ : গ্ৰীষ্মকালীন শস্যত বনবাতৰ প্ৰাদূৰ্ভাব বৃদ্ধি হয়। বনবাত নিয়ন্ত্ৰণৰ বাবে এট্ৰাজিন @ ১.০-১.৫ কিঃ গ্ৰাঃ প্ৰতি হেক্টৰ হিচাপত ৬০০ লিটাৰ পানীত প্ৰয়োগ কৰিব লাগে। এট্ৰাজিনৰ দৰে চিমাজিন ব্যৱহাৰ কৰিব পৰা যায়।

৭) পোক-পতঙ্গ আৰু ৰোগ নিবাৰণ :

মজা খোৱা পোকৰ নিয়ন্ত্ৰণৰ বাবে ১.১% ক্ল’ৰপাইৰিফচ্‌ ঔষধ স্প্ৰে কৰিব লাগে। উঁই পোকৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে ফেপ্ৰনিলৰ দানা প্ৰতি হেক্টৰত ২০ কিঃ গ্ৰাঃ ব্যৱহাৰ কৰিব লাগে।

টাৰ্চিকাম লিফ্‌ব্লাইট ৰোগৰ ববে জিনেব/মেনেব ২.৫-৪.০ গ্ৰাঃ/লিটাৰ পানীত মিহলাই ২-৪ বাৰ মানকৈ স্প্ৰে কৰিব লাগে।

মেইদিচ্‌ লিফ্‌ ব্লাইট প্ৰতিৰোধৰ বাবে ইন্দ’ফিল এম-৪৫ নামৰ ঔষধ স্প্ৰে কৰিব লাগে। এই ঔষধৰ হাৰ ২.৫-৪.০ গ্ৰাম প্ৰতি লিটাৰ পানীত ৮-১০ দিনৰ অন্তৰত ৪-৫ বাৰলৈ স্প্ৰে কৰিব লাগে।

পলিচৰা ৰাষ্টঃ এই ৰোগ হ’লে ওপৰত দিয়া ঔষধি প্ৰয়োগ কৰা উচিত।

৮) শস্য শপোৱা : মাকৈৰ ডিলা বা গুটি পূৰঠ হ’লে শুকান বতৰত চপাব লাগে। গুটিৰ বাকলি গুচাই বীজ উলিয়াই লৈ ভালদৰে ৰ’দত শুকুৱাত লাগে। বীজত পানীৰ পৰিমাণ বেছি হ’লে সোনকালে নষ্ট হয়।

প্ৰস্তুতকৰ্তা: ড° চন্দন কুমাৰ ডেকা, ড° মৃণাল শইকীয়া, শ্ৰীমতী প্ৰিয়ংকা নাথ, ড° বিশ্বজিৎ, কৃষি বিজ্ঞান কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়, চিলঙনী, নগাঁও

শেহতীয়া উন্নীতকৰণ: : 3/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate