অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লাভজনক হয় আগতীয়া ফুলকবিৰ খেতি :

যিকোনো খেতি ব্যৱসায়িক ভিত্তিত কৰি লাভৱান হ’বলৈ হ’লে খেতিডৰা আগতীয়া হোৱাটো ভাল।কিয়নো বতৰৰ খেতিতকৈ আগতীয়া খেতিৰ চাহিদা সদায়ে ঊৰ্ধমুখী হয় বাবে এনে খেতিৰ পৰা খেতিয়কেও লাভৰ মুখ দেখিবলৈ সমৰ্থ হয়।ফুলকবিৰ আগতীয়া জাতৰ খেতি কৰি খেতিয়কে অনায়াসে লাভৱান হ’ব পাৰে।

ফুলকবি খেতিৰ বাবে পলসুৱা,বালিচহীয়া পানী নিৰ্গমনৰ সুবিধা থকা ৰ’দঘাই মাটি নিৰ্বাচন কৰিব লাগে।মাটিৰ অম্লতা হ’ব লাগে ৫.৫ ৰ পৰা ৭.৫ ৰ ভিতৰত।যদি কম হয় ৩০ দিনৰ ভিতৰত প্ৰতি হেক্টৰত এক টন হিচাপে চুণ মিহলাই অম্লতা নিয়ন্ত্ৰণ কৰিব লাগে।

ফুলকবিৰ আগতীয়া উন্নত জাত হ’ল-আলি কুঁৱৰী,পুচা কটকী আৰু পুচা দীপালী।

বতৰৰ জাত-স্ব’বল-১৬,হিচাৰ-১

গুটি সিঁচাৰ সময়:জুলাইৰ মাজভাগৰ পৰা আগষ্টৰ প্ৰথম পষেকলৈ আৰু বতৰৰ জাত ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত উপযুক্ত।

বীজৰ পৰিমাণ -

আগতীয়া জাতৰ বাবে প্ৰতি হেক্টৰত ৬০০ গ্ৰাম আৰু মুল বতৰৰ বাবে ৪০০-৫০০ গ্ৰাম বীজৰ প্ৰয়োজন।প্ৰতি বৰ্গমিটাৰ বীজতলীত ৮-১০ গ্ৰাম ফুলকবিৰ বীজ সিঁচিব।

বীজতলী কেনেদৰে প্ৰস্তুত কৰিব?

বীজতলীৰ বাবে পানী নিৰ্গমনৰ সুবিধাযুক্ত ৰ’দঘাই মাটি বাছনি কৰিব।দীঘ আৰু পুতলে এক মিটাৰতকৈ আৰু ১৫-২০ চেণ্টিমিটাৰ ওখকৈ বীজতলী প্ৰস্তুত কৰিব।প্ৰতি বৰ্গমিতাৰত ১০ কিলোগ্ৰাম পচন সাৰ প্ৰয়োগ কৰিব।

বীজবোৰ সিঁচাৰ আগতে বেভিষ্টিন এক গ্ৰাম বা ডাইথেন এম-৪৫ দৰব ২.৫ গ্ৰাম প্ৰতি কিলো বীজত প্ৰয়োগ কৰি শোধন কৰি ল’ব লাগে।

প্ৰথমে ২.৫ চেণ্টিমিটাৰ দুৰত্বত অথবা পাতলকৈ বীজবোৰ সিঁচি পাছত চালনিৰে চলা মাটি পাতলকৈ জাপি দিব লাগে।বীজতলী সদায় জীপালকৈ ৰাখিব লাগে।ৰ’দ-বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলীৰ ওপৰত ছাঁ দিয়া প্ৰয়োজন।

পুলিবোৰ সবল হ’বৰ বাবে দুসপ্তাহৰ পাছত এখন দ্বিতীয় পুলি বাৰীত পাঁচ চেণ্টিমিতাৰমান দুৰত্বত ৰুব লাগে।পুলিবোৰ চাৰি-পাঁচ সপ্তাহ পাছত মুল পথাৰত ৰোপণ কৰিব লাগে।দুটা শাৰী আৰু পুলিৰ দুৰত্ব হ’ব লাগে ৪৫ চেণ্টিমিটাৰ*৪৫ চেণ্টিমিটাৰ।

পথাৰ প্ৰস্তুতি:সুন্দৰকৈ কেইবাবাৰো চহ কৰি প্ৰতি হেক্টৰ মাটিত ১০ টনকৈ পচন সাৰ প্ৰয়োগ কৰিব।প্ৰতি হেক্টৰত ২০ কিলোগ্ৰাম পাঁচ শক্তিৰ মালাথিয়নৰ গুৰি অথবা বি এইচ চি ১০ শতাংশ দৰবৰ গুৰি মিহলাই মাটি শোধন কৰি ল’ব লাগে।

সাৰ প্ৰয়োগ: (হেক্টৰে প্ৰতি)পচন সাৰ ১০ টন,ইউৰিয়া ৮০ কেজি,একক ছুপাৰ ফছফেট ৬০ কেজি আৰু মিউৰেট অৱ পটাছ সাৰ ৬০ কেজি।

প্ৰথমে আধাখিনি ইউৰিয়া সাৰ আৰু গোটেইখিনি অন্য সাৰ শেষবাৰ মাটি চহ কৰাৰ সময়ত মাটিত ভালদৰে মিহলাই দিব লাগে।বাকীখিনি ইউৰিয়া এমাহ পাছত মুলি ৰুই মাটি চপোৱাৰ সময়ত টপড্ৰেছিং হিচাপে প্ৰয়োগ কৰিব।

জলসিঞ্চন: প্ৰথমবাৰ সাৰ প্ৰয়োগৰ দুদিন পাছত পানী দিব লাগে।পুলিবোৰ ৰোৱাৰ ১০ দিন পাছত পাতলকৈ পানী দি পাছত প্ৰয়োজনবোধে মাজে-সময়ে মুঠ পাঁচ-ছয়বাৰ পানী দিব পাৰি।

শস্য ৰক্ষা -

ব্লেকৰুট বেমাৰ নহ’বৰ বাবে প্ৰতি বিঘা মাটিত এক কিলোগ্ৰামতকৈ সুৱগা ব্যৱহাৰ কৰিব লাগে।সুৱাগৰ ব্যৱহাৰে ফুলকবি দেখনিয়াৰ কৰাৰ উপৰি ইয়াৰ ওজন বঢ়াব।

শুঁৰ পোক আৰু অন্যান্য পাত খোৱা পোকে কবি খেতিৰ পাত খাই বৰ অনিষ্ট কৰে।ইয়াক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ইচি দৰব ১.৫ মিলিগ্ৰাম এক লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব।আনহাতে,মোৱা পোক আৰু ভুৰ পোক আদি শস্যৰ অনিষ্টকাৰী পোকে পুলি অৱস্থাতে গুৰিতে কাটি ডাল-পাত খাই অনিষ্ট কৰে।ইয়াক নিয়ন্ত্ৰণৰ বাবে প্ৰতি হেক্টৰ ভুমিত ২০ কিলোগ্ৰাম মালাথিয়ন পাঁচ শতাংশ গুৰি বা বি এইচ চি ১০ শতাংশ দৰবৰ গুৰি মাটিত দিব লাগে।এইটো মাত্ৰা মাটি চহ কৰাৰ সময়ত দিলেও সুফল পাব।

উৎপাদন-ব্যৱসায়িক ভিত্তিত আগতীয়া ফুলকবিৰ খেতি কৰি হেক্টৰেপতি ১৪০ কুইণ্টল পৰ্যন্ত উৎপাদন পাব পাৰি।

লেখক: প্ৰসাদ দাস (নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate