অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কবিৰ আনুষংগিক বিসংগতি

ফুলকবি

 

হুইপটেইল বা লঠঙা হোৱাঃ

এই লক্ষণ বেছি আম্লিক মাটিত মলিবডেনাম নামৰ অনুসাৰৰ অভাৱত হয়। ইয়াৰ ফলত গছজোপাত কোনো ফুল নাবাঢ়ে আৰু ইয়াক বিসদৃশ ঠাৰি এডালৰ দৰে দেখা যায়। ইয়াৰ নিবাৰণৰ বাবে মাটিৰ আম্লিকতা কমাবলৈ মাটি চহাওঁতে চূণ প্ৰয়োগ কৰিব লাগে। তদুপৰি প্ৰতিবিঘা মাটিত এক কিলোগ্ৰামকৈ ছ’ডিয়াম বা এম’নিয়াম মলিবডেট সাৰো প্ৰয়োগ কৰি সুফল পাব পাৰি।

ব্ৰাউনিং ব মুগা পৰাঃ

এই লক্ষণ ব’ৰণ নামৰ অনুসাৰৰ অভাৱত হয়। ইয়াৰ ফলত কবিৰ ফুল অংশ মুগা বৰণৰ হোৱা দেখা যায় আৰু ঠাৰিডাল ফোঁপোলা তথা ভিতৰ অংশ ক’লা পৰি গেলি যোৱাৰ দৰে হয়। ইয়াৰ নিবাৰণৰ বাবে বিঘাই প্ৰতি এক কিলোগ্ৰামকৈ ব’ৰাক্স শেষৰবাৰ মাটি চহাওঁতে প্ৰয়োগ কৰিব লাগে।

বাটনিং বা বুটাম ফুলাঃ

এই লক্ষণ নাইট্ৰ’জেন সাৰৰ অভাৱত হয়। ইয়াৰ ফলত ফুলকবিৰ ফুল অংশ মুগা বৰণৰ হোৱা দেখা যায় আৰু ঠাৰিডাল ফোঁপোলা তথা ভিতৰ অংশ ক’লা পৰি গেলি যোৱাৰ দৰে হয়। ইয়াৰ নিবাৰণৰ বাবে বিঘাই প্ৰতি এক কিলোগ্ৰামকৈ ব’ৰাক্স শেষৰবাৰ মাটি চহাওঁতে প্ৰয়োগ কৰিব লাগে।

বাটনিং বা বুটামঃ

এই লক্ষণ নাইট্ৰ’জেন সাৰৰ অভাৱত হয়। ইয়াৰ ফলত ফুলকবিৰ গছবোৰ সৰু হয় আৰু কবিবোৰো একেবাৰে সৰু হয়। অৱশ্যে আন কিছুমান কাৰণতো এই লক্ষণ দেখা দিব পাৰে। ইয়াৰ প্ৰতিকাৰৰ বাবে নাইট্ৰ’জেন সাৰৰ প্ৰয়োগ, সঠিক বয়সৰ(২৫-৩০ দিন) পুলি ৰোপণ সময় মতে আৰু সঠিক পৰিমাণত পানী যোগান, কীট-পতংগ তথা বেমাৰৰ পৰা খেতিডৰা সুৰক্ষিত কৰি ৰাখিব লাগে।

ৰিজীনেছ বা ওভঙা মেলাঃ

এই লক্ষণ অধিক মাত্ৰাত নাইট্ৰ’জেন সাৰৰ প্ৰয়োগৰ ফলত হয়। এইক্ষেত্ৰত কবি অংশ গুটি গুটি আৰু ঢিলা হয় আৰু ফুলৰ ঠাৰিবোৰ দীঘল হয়। ইয়াৰ প্ৰতিকাৰৰ বাবে সঠিক পৰিমাণৰ সাৰ প্ৰয়োগ অতি গুৰুত্বপূৰ্ণ।

ব্লাইণ্ডনেছ বা কণা লগাঃ

পুলি ৰোৱাৰ সময়ত, বন-বাত নিৰোৱাৰ সময়ত, পোকে খালে অথবা আন কিবা কাৰণত যদি পুলিৰ আগটো ভাঙি যায় তেন্তে এই লক্ষণে দেখা দিয়ে। এইক্ষেত্ৰত গা-গছৰ পাত ডাঙৰ হয় যদিও ফুল অংশ নালাগে। ইয়াৰ প্ৰতিকাৰৰ বাবে পুলিৰ সঠিক প্ৰতিপালন আৰু অগ্ৰমুকুলটো ভাঙিব নোৱাৰাকৈ ৰখাটো অতি গুৰুত্বপূৰ্ণ।

বন্ধাকবি

 

কবি বান্ধ নোখোৱাঃ

এই লক্ষণ ব’ৰণ অনুসাৰৰ অভাৱত হয়। পাতবোৰ মেল খাই থাকে। ইয়াৰ নিবাৰণৰ বাবে প্ৰতিবিঘা মাটিত প্ৰয়োগ কৰিব লাগে।

ওলকবি

 

কবি ফাটি যোৱাঃ

কবি ফাটি যোৱাটো কেইটামান বিভিন্ন কাৰণত হ’ব পাৰে। তলত তাৰ কাৰণ আৰু নিবাৰণৰ দিহা দিয়া হ’ল।

  • ব’ৰণ নামৰ অনুসাৰ আৰু পটাছ সাৰৰ অভাৱ হ’লে- সেয়েহে প্ৰতিবিঘা মাটিত এক কিলোগ্ৰাম ব’ৰাক্স সাৰ আন সাৰৰ লগত শেষৰবাৰ মাটি চহাওঁতে প্ৰয়োগ কৰিব লাগে।
  • পানীৰ অভাৱত ভুগি থকা শস্যডৰাই কিছুদিনৰ পাছত সৰহকৈ পানী পালে গছে সমতা ৰক্ষা কৰিব নোৱাৰে। তেনে অৱস্থাতো ওলকবি ফাটি যায়।সেয়েহে কমকৈ হ’লেও মাটিডৰা সমান পৰিমাণত জীপাল কৰি ৰাখিব লাগে।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate