অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলকীয়া খেতিৰ পৰিচর্যা

অর্থকাৰী পাচলিৰ ভিতৰত জলকীয়া খেতি অন্যতম । খাদ্যৰ জুতি তথা সোৱদ বঢ়োৱাত জলকীয়াই সদায় এক স্বকীয স্থান অধিকাৰ কৰি আছে। দেহৰ লাগতিয়াল কিছুমান পুষ্টিকৰ উপাদান জলকীয়াত পোৱা যায । গ্রীষ্ম আৰু শীত দুয়োটা ঋতুত এই খেতি কৰা হয়। এই খেতি কৰি আশানুৰুপ ফচল পাবলৈ আৰু আর্থিকভাৱে লাভবান হ'বলৈ হ'লে শস্যডৰা অনিষ্টকাৰী পোক পৰুৱাৰ আৰু বেমাৰৰ পৰা ৰক্ষা কৰাটো অতি প্রয়োজন । জলকীয়া খেতিৰ পোক পৰুৱা বেমাৰসমূহৰ নিয়ন্ত্রণ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হ'ল -

জলকীয়া খেতিৰ প্রধান কীট পতংগসমূহ

পাতওকণি

এইবিধ পোক দেখাত নিচেই সৰু ক'লা বৰণৰ । ইহঁতে জলকীয়া গছৰ পাতৰ ৰস শুহি খোৱাৰ ফলত পাতবোৰ কেঁকুৰা কেঁকুৰি হৈ পৰে।

চাহি পোক

এইবিধ পোক দেখাত সৰু হালধীয়া বৰণৰ । ইহঁতে পাতৰ ঠাৰি ,পাত আদিৰ পৰা ৰস শুহি খায় । আক্রান্ত পাতবিলাক মেটুৰা মেটুৰ হয় আৰু পাতবিলাক তলৰ ফালে কোঁচ খাই যায় । বুঢ়া পাতবিলাকৰ ঠাৰিবিলাক দীঘল হোৱা আৰু পাতবিলাক তলফালে মেটুৰা মেটুৰ হোৱাটো এই পোকৰ দ্বাৰা আক্রান্ত হোৱা গছবিলাকৰ প্রধান বৈশিষ্ট্য ।

নিয়ন্ত্রণ ব্যৱস্থাৱলী

  • ফুৰাডন (কাৰফুৰণ) ৩ গ্রাম প্রতি বর্গমিটাৰ মাটিত গুটি সিঁচাৰ সময়ত বীজ তলীত প্রয়োগ কৰিব লাগে ।
  • জলকীয়াৰ বীজখিনি ইমিডাক্ল'প্রিড ঔষধৰ ২.৫ গ্রাম প্রতি কেজি বীজত মিহলাই শোধন কৰিব লাগে । ভাৰটি থেক নামৰ ঔষধবিধৰ ০.৪ মিলিলিটাৰ প্রতি লিটাৰ পানী হিচাপে মিহলাই পাতবিলাক তিতি যোৱাকৈ ২০ দিনৰ ব্যৱধানত স্প্রে কৰিলে চাহি পোকৰ উপদ্রৱ কম হয় ।

জলকীয়াৰ প্রধান বেমাৰসমূহ

এনথ্রাকন'জ বা গেলা বেমাৰ

এই বিধ বেমাৰত পকা জলকীয়াবোৰত ৰঙচুৱা বৰণৰ দাগেৰে আগুৰি ধৰে আৰু আক্রান্ত অংশবোৰ পাছত পচি যায় ।

প্রতিকাৰ

  • বীজ সিঁচাৰ আগতে বীজবোৰ কেপটাফ বা বেভিষ্টিন ঔষধৰ ২.৫ গ্রাম প্রতি কেজিত মিহলাই শোধন কৰিব লাগে ।
  • পুলিবোৰ ৰোৱাৰ আগতে বেভিষ্টিন ২ গ্রাম প্রতি লিটাৰ পানীত ডুবাই ৰোপন কৰিব লাগে । ৰোগাক্রান্ত জলকীয়াৰ বীজৰাখিব নালাগে।
  • ইন্দ'ফিল এম - ৪৫ নামৰ ঔষধবিধৰ ২.৫ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে' কৰিব লাগে ।

পাত মুজুৰা পৰা আৰু হালধীযা পৰা বেমাৰ

এইবিধ বেমাৰত জলকীয়া পাতবোৰ মেটুৰা মেটুৰ হৈ সৰু হৈ যায়। পাতৰ সিৰা, উপসিৰাবোৰ হালধীয়া বৰণৰ হয়। পাতৰ তলফালে থকা সিৰাবোৰ শকত সেউজীয়া বৰণৰ হয। আক্রান্ত গছ জোপাৰ শ্রীবৃদ্ধি নহয় আৰু গছজোপা জোপোহা, চাপৰ হৈ পৰে। এইবিধ বেমাৰৰ কাৰক হৈছে বগা মাখি।

প্রতিকাৰ

বীজ সিঁচাৰ আগতে ইমিডাক্ল'প্রিড ২.৫ গ্রাম প্রতি কেজি বীজত মিহলাই শোধন কৰিব লাগে । বগা মাখিক নিয়ন্ত্রণ কৰিবলৈ হ'লে জলকীয়া গছৰ চাৰিওফালে মাকৈ নতুবা ঘেঁহুৰ গছ ৰুব লাগে ।

  • বেভিষ্টিন ঔষধৰ ২ প্রাম প্রতি লিটাৰ পানীত মিহলাই ফুল ফলাৰ আগতে স্প্রে' কৰিব লাগে ।

ব্লাইট/দেই যোৱা ৰোগ

এইবিধ বেমাৰত জলকীয়া পাতত কিছুমান অসমান বা ঘূৰণীয়া বগা কাজল বৰণৰ দাগ পৰে । বেছিকৈ আক্রান্ত হ'লে গছজোপাৰ পাত সৰি লঠঙা হৈ পৰে।

প্রতিকাৰ

বেমাৰৰ দ্বাৰা আক্রান্ত গছবোৰ উঠাই জ্বলাই পেলাব লাগে আৰু গ্রীষ্মকালত মাটিডোখৰত এবাৰ ভালদৰে হাল বাই দিব লাগে। বেমাৰৰ দ্বাৰা আক্রান্ত নোহোৱা জলকীয়াৰ বীজ ল'ব লাগে । গছজোপা যাতে বেমাৰৰ দ্বাৰা আক্রান্ত নহয় , গছৰ শ্রীবৃদ্ধিৰ বাবে অনুখাদ্য ট্রাইচেল ০.২ শতাংশ ১০-১২ দিনৰ অন্তৰে অন্তৰে স্প্রে' কৰিব লাগে।

জলকীয়াৰ বগা পচা/সিক্ত পচন ৰোগ

এইবিধ বেমাৰ ডিচেম্বৰৰ পৰা ফেব্রুৱাৰী মাহত বেছিকৈ হোৱা দেখা যায় । গছৰ ঠাৰি পাত বা ফলত কপাহৰ দৰে ভেঁকুৰ গজা দেখা যায় আৰু আক্রান্ত অংশ কোমল হৈ পচা আৰম্ভ হয় ।

প্রতিকাৰ

শস্য চপোৱাৰ পিছত বা শস্যৰ বীজ সিঁচাৰ আগত মাটিডৰা ভালদৰে কোৰ মাৰি , হালবাই ৰ'দত শুকুৱাই ল'ব লাগে যাতে ভেঁকুৰবোৰ আংশিকভাৱে বা সম্পূর্ণভাৱে নষ্ট হয় । বেমাৰৰ দ্বাৰা আক্রান্ত অংশ কাটি জ্বলাই পেলাব লাগে । বীজ সিঁচাৰ আগত বীজবোৰ বেভিষ্টিন বা ইন্দফিল এম ৪৫ নামৰ ঔষধৰে শোধন কৰিব লাগে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate