অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিকা খেতি

সচঁ সমূহ

পুচা নাছদাৰ , এএ ইউ জে - ১ আদি ।

সঁচৰ বর্ণনা

১) পুচা নাছদাৰ : এজোপা গছত ১৫ - ২০ টাকৈ জিকা লাগে , দীঘল হয় , সেউজীয়া ৰংৰ । গছত ৬০ দিনৰ ভিতৰত বীজ লাগিবলৈ ধৰে আৰু ৭০ - ৭৫ দিনত ফলবোৰ চিঙিব পৰা হয় ।

২) এএ ইউ জে ১ : এজোপা গছত ১৫ -২০ টাকৈ জিকা লাগে , জিকাবোৰ দীঘল আৰু সেউজীয়া ৬০-৬৮ দিনৰ ভিতৰত জিকা চিঙিব পৰা হয় । গঢ় হিচাবে হেক্টৰে প্রতি ১১০ কুইন্টল মান উত্পাদন হয় ।

মাটি নির্ব্বাচন

পানী বন্ধ নোহোৱা ওখ , পলসুৱা আৰু আধা জৈৱিক পদার্থ থকা মাটিত জিকা খেতি ভাল হয়।

বীজৰ পৰিমাণ

৩.৫ - ৪.৫ কি: গ্রাম / হেক্টৰত বীজ সিঁচাৰ সময় : জানুৱাৰী - মে মাহ পর্য্যন্ত জিকা খেতি কৰিব পাৰি ।

বীজ ব্যৱধান

১.৫ - ২.৫ মিটাৰ শাৰীৰ পৰা শাৰীলৈ * ৬০ - ১.২ মিটাৰ গছৰ পৰা গছলৈ ।

সাৰ প্রয়োগ

পচন সাৰ ১০ টন / হেক্টৰত , ১০ কি: গ্রাম নাইট্রজেন , ৩০ কি: গ্রাম ফছফৰাচ হেক্টৰে প্রতি শেষৰ বাৰ মাটি প্রস্তুত কৰোতে প্রয়োগ কৰিব আকৈ ১০ কি: গ্রাম নাইট্রজেন সাৰ গছৰ ওপৰ ভাগত প্রয়োগ কৰিব ।

জলসিঞ্চন

নোহোৱা শুকান দিনবোৰত প্রায় ৮- ১০ দিনৰ ব্যৱধানত গছবোৰত পানীৰ যোগানৰ ব্যৱস্থা কৰিব লাগে।

উত্পাদন

৯০ - ১৩০ কুইন্টল / হেক্টৰত।

তিতা স্বাদৰ পৰা মুক্ত কৰা:

৮০ পি পি এম চাকচিনিক এচিডৰ (Succinic acid) দ্বাৰা বীজবোৰ শোধন কৰি গছবোৰ ৫ টা মান পাত ওলোৱাৰ পিচত আৰু শেষৰবাৰ ফল ধৰা অৱস্থাত স্প্রে কৰিলে জিকাৰ তিতা স্বাদটো নোহোৱা হয়।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

 

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate