অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিৰা খেতি

জাতসমুহ

আৰ এচ ১, এচ-৪০৪, এমি চ ৪৩, এন পি (জে)-১, এন পি (জে)-১৪০, এন পি (জে)-১২৬

মাটি নিৰ্বাচন

ওখ পলসুৱা পানী আবদ্ধ নোহোৱা, অম্লতা ৬.০-৭.০ ভিতৰত থকা মাটি নিৰ্বাচন কৰিব লাগে ৷

মাটি প্ৰস্তুতি

মাটি ডৰা ভালদৰে হাল বাই সমান কৰি লব লাগে ৷

বীজৰ পৰিমান

প্ৰতি হেক্টৰত ৭.৫-৮.০ কি:গ্ৰাম ৷

সিঁচাৰ সময়

ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহলৈ ৷

বীজৰ ব্যৱধান

বীজবোৰ শাৰীত সিঁচিব লাগে আৰু শাৰীৰ পৰা শাৰীৰ ব্যৱধান ৫০ চে:মিটাৰ হ’ব লাগে ৷ বীজ সিচাঁৰ পিছত গছবোৰ ১০ চে:মিটাৰ ব্যৱধান ৰাখি পাতল কৰি দিব লাগে ৷

সাৰ প্ৰয়োগ

পচন সাৰ ২০ টন, নাইট্ৰোজেন ৩০ কি: গ্ৰাম, ফছফৰাছ ৪০ কি:গ্ৰাম আৰু পটাছ ৪০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব ৷ ইয়াৰে নাইট্ৰোজেন সাৰৰ আধা অংশ আৰু অন্যবোৰ সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়তেই প্ৰয়োগ কৰিব আৰু বাকী থকা নাইট্ৰোজেন সাৰ আকৌ দুভাগ কৰি এভাগ বীজ সিঁচাৰ ৬-৮ সপ্তাহৰ ভিতৰত আৰু আনভাগ ফুল ফুলাৰ আগেয়ে প্ৰয়োগ কৰিব ৷

পৰিচৰ্য্যা

  • জলসিঞ্চন: বীজ সিচাঁৰ আগেয়ে এটা পাতলীয়া জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে ৷ তাৰ পিচত বীজ সিঁচাৰ ৭-৮ দিন (বীজ অঙ্কুৰিত হবৰ সময়ত) আৰু পিচত ১৫-২০ দিনৰ ব্যৱধানত জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে ৷
  • অপতৃণ নিয়ন্ত্ৰণ : বীজ সিচাঁৰ ৩০-৪০ দিনৰ পিচত প্ৰথমবাৰ আৰু ৬০ দিনত দ্বিতীয়বাৰ খেতিডৰাৰ পৰা বনবাতবোৰ নিৰাই দিব লাগে ৷

শস্য চপোৱা

গছ আৰু গুটিবোৰ যেতিয়া হালধীয়া ৰঙৰ হয় তেতিয়াই শস্য চপোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ গছবোৰ ওভালি ৭ দিন মানলৈ জাপি থব লাগে তাৰ পাচতহে মৰণা মাৰি বীজবোৰ ছেইৰ পৰা আঁতৰাব লাগে ৷

উৎপাদন

হেক্টৰে প্ৰতি ৮ ৰ পৰা ১০ কুইন্টল।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate