অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধুন্দুলী

সঁচ

 

লং গ্রীণ , লং হুৱাইট আৰু এক্সট্রা লং

মাটি নির্ব্বাচন

পানী জমা হব নোৱাৰা ওখ আৰু পলসুৱা মাটি ধুন্দুলী খেতিৰ বাবে উপযোগী।

বীজৰ পৰিমাণ

হেক্টৰৰ প্রতি ৪.৫ - ৫ কি: গ্রাম

সিঁচাৰ সময়

এপ্রিলৰ পৰা আৰম্ভ কৰি জুন মাহলৈকে ধুন্দুলী বীজ সিঁচিব পাৰি ।

বীজৰ ব্যৱধান

২.০ - ২.৫ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ ) * ৭৫ - ৯০ চে: মিটাৰ (গছৰ পৰা গছলৈ )

সাৰ প্রয়োগ

অনুমোদিত হাৰৰ সম্পূর্ণ অংশ পচন সাৰ ( ১০ টন / হেক্টৰ ) , ফছফৰাচ (৩০ কি: গ্রাম / হেক্টৰ ) পটাছ ( ৩০ কি: গ্রাম/ হেক্টৰ ) শেষবাৰ আৰু নাইট্রজেন (২০ কি: গ্রাম / হেক্টৰত ) সাৰ মাটি ডোখৰ শেষবাৰ প্রস্তুত কৰাৰ সময়ত আৰু বাকী থকা নাইট্রজেন (২০ কি:গ্রাম / হেক্টৰত ) ফুল ফুলা আৰু ফল ধৰাৰ সময়ত গছৰ ওপৰ ভাগত প্রয়োগ কৰিব ।

জলসিঞ্চন

শুকান বতৰত ৮-১০ দিনৰ ব্যৱধানত গছত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে ।

শস্য চপোৱা

ফলবোৰ যেতিয়া পূৰঠ হয় চিঙাৰ ব্যৱস্থা কৰিব লাগে ।

উৎপাদন

১০০ - ১২০ কুইন্টল / হেক্টৰত

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

 

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate