অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পদিনা খেতি

জাত :

জাপানী পদিনা আৰু স্থানীয় জাতসমূহ৷

মাটি নিৰ্বাচন

জৈৱিক পদাৰ্থ সমৃদ্ধ পানী আবদ্ধ নোহোৱা পলসুৱা ৬.৫–৭.০ অম্লতাযুক্ত মাটি পদিনা খেতিৰ বাবে উপযুক্ত৷

ৰোপণ সামগ্ৰী

পদিনাৰ বংশ বৃদ্ধি সাধাৰণতে গা গছৰ পৰা ওলোৱা ডাল (runner) বা শিপা থকা মাতৃ গা-গছ ৰোলেই হয়৷

বীজ বা ডালৰ প্ৰয়োজন

এক হেক্টৰ মাটিৰ বাবে ২.৫–৩.৫ কুইন্টল মান পদিনাৰ ডালৰ প্ৰয়োজন হয় ৷ ১২–১৫ চে:মিটাৰ দুৰত্বত মাটিত দীঘলে দীঘলে গাঁত কৰি পদিনা ৰোব লাগে ৷

বীজ শোধন

শিপা পচা বেমাৰৰ বাবে পদিনা ৰোৱাৰ আগতে ডায়োথেন এম ৪৫ ঔষধৰ ১ শতাংশ শক্তিৰ মিশ্ৰণত ৰোৱাৰ আগতে পদিনা বোৰ ৫–১০ মিনিট মান তিয়াব লাগে ৷

সাৰ প্ৰয়োগ

পদিনা ৰোৱাৰ আগেয়ে ৩০ টন প্ৰতি হেক্টৰত পামজাত সাৰ (FYM) মাটিডোখৰত প্ৰয়োগ কৰি লব লাগে ৷ হেক্টৰে প্ৰতি ১৫০ কি:গ্ৰাম নাইট্ৰোজেন, ৮০ কি:গ্ৰাম ফছফৰাছ আৰু ৬০ কি:গ্ৰাম পটাছ সাৰৰ প্ৰয়োজন হয় ৷ ইয়াৰে নাইট্ৰোজেন সাৰখিনি একেবাৰে প্ৰয়োগ নকৰি কেইবা ভাগত ভাগ কৰিহে সময়ে সময়ে প্ৰয়োগ কৰিব লাগে ৷

পৰিচৰ্য্যা :

১ ৷ জলসিঞ্চন : কেতিয়াবা এদিন এৰি আন দিনা এইখেতিত জলসিঞ্চনৰ প্ৰয়োজন হয় বা কৰিব লাগে৷

২ ৷ অপতৃণ নিয়ন্ত্ৰণ : প্ৰত্যেকবাৰ পাত বা পোখা মেলাৰ পিছত বনবাতবোৰ নিৰায় পেলাব লাগে৷

শস্য চপোৱা :

পদিনা চপাওতে বিশেষ ভাবে যত্ন লব লাগে অন্যথা উৎপাদনত প্ৰভাৱ পৰিব৷

উৎপাদন :

জাপানী পদিনাৰ সেউজীয়া পাতৰ উৎপাদন প্ৰতি হেক্টৰত ২৪৮ কি:গ্ৰামলৈ পাব পাৰি ৷

শস্য ৰক্ষা : (জিৰা, চঁফ, মেঠিগুটি আৰু পদিনৰ)

  • পাতত বগা পাউদাৰৰ(Powdery mildew) দৰে হোৱাৰ পৰা ৰক্ষা পাবলৈ প্ৰতি হেক্টৰত ১ কি:গ্ৰাম ৱেটেবল পাউদাৰ স্প্ৰে কৰিব নাইবা প্ৰতি ৬২৫ লিটাৰ পানীত ৫০০ মি:লিটাৰ প্ৰতি হেক্টৰত কেৰাথেন স্প্ৰে কৰিব ৷ এইটো স্প্ৰে প্ৰতি ১০-১৫ দিনৰ ব্যৱধানত আকৌ প্ৰয়োগ কৰিব ৷ প্ৰতি হেক্টৰত ২০-২৫ কি:গ্ৰামকৈ ছালফাৰ পাউদাৰ প্ৰয়োগ/ ছতিয়ালেও এই বেমাৰৰ পৰা ৰক্ষা পাব পাৰি ৷
  • ব্লাইট বেমাৰৰ বাবে ফুল ফুলাৰ সময়ত প্ৰতি হেক্টৰত ৬০০-১০০০ গ্ৰাম ইন্দফিল জেদ ৭৮ বা ফাইট’লেন  বা ডায়ফলাটেনও প্ৰয়োগ কৰিব পাৰি ৷ ইন্দফিল জেদ ৭৮ যদি কেৰাথেনৰ লগত মিহলাই স্প্ৰে কৰা হয় তেন্তে ব্লাইট আৰু পাতত বগা পাউদাৰ পৰা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷
  • গছ লেৰেলি যোৱা বেমাৰৰ পৰা বচাবলৈ ৰোৱাৰ সময়তেই ৰোপণ সামগ্ৰীখিনি প্ৰতি হেক্টৰত ২ কি:গ্ৰামকৈ বেভিষ্টিন প্ৰয়োগ কৰিব লাগে ৷
  • চাঁহি পোকৰ পৰা ৰক্ষা পৰিবলৈ প্ৰতিহেক্টৰত ২৫ কি:গ্ৰামকৈ মালাথিয়ন পাউদাৰ ৫ শতাংশ মাটি প্ৰস্তুত কৰাৰ সময়ত প্ৰয়োগ কৰিব৷
  • মোৱা পোকৰ পৰা শস্য ৰক্ষা কৰিবলৈ মালাথিয়ন ৫০ ইচি ১ মি:লিটাৰ প্ৰতি লিটাৰ পানীত মিহলি কৰি প্ৰয়োগ কৰিব লাগে আৰু ১০ ৰ পৰা ১৫ দিনৰ ভিতৰত আকৌ প্ৰয়োগ কৰিব লাগে ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate