মচলাৰ উপৰি পিঁয়াজৰ নানা ঔষধি গুনো আছে। পিঁয়াজৰ কলেৰাৰ ভাইৰাছ আৰু টি বি ৰোগৰ বীজাণু প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। পাইল্ছ হ’লে পিঁয়াজ এটা লৈ তাৰ লগত ১০ গ্ৰাম ঘিউ আৰু সমপৰিমাণৰ চেনি মিহলাই খাব লাগে। পিঁয়াজৰ ৰসে বদহজম, কাণৰ বিষ, ডায়েৰিয়া, দাঁতৰ বিষ, ডিপ্থেৰিয়া, ইনফ্লুয়েঞ্জা দূৰ কৰে। পিঁয়াজ হ’ল হাওঁফাওঁৰ টনিক। বৰলে বিন্ধিলে তাত পিঁয়াজ লগাই দিব লাগে। অসমৰ চৰ-চাপৰি অঞ্চলত পিঁয়াজৰ খেতি বেছিকৈ কৰা হয়। পানী জমা নোহোৱা বালিঅহীয়া মাটি পিঁয়াজ খেতিৰ বাবে প্ৰশস্ত। পিঁয়াজ চপোৱাৰ সময়ত বৰষুণ হ’লে গোটেই কষ্ট অথলে যাব। পিঁয়াজৰ লগতে ঠাৰিৰ চাহিদাও আছে কাৰণে তাৰ পৰাও পইচা পোৱা যায়। পিঁয়াজৰ খেতি শাৰী শাৰীকৈ কৰিলে মাজৰ অংশত দুশাৰী পালেং নাইবা ওলকবি, ফ্ৰেন্সবীন লগাব পাৰি। পিঁয়াজৰ খেতিৰ বাবে শীতকালীন জলবায়ুৰ লগতে ছেপ্টেম্বৰ ১৫ তাৰিখৰ পৰা অক্টোবৰৰ ভিতৰতে গুটি ছটিওৱা কাম সমাধা কৰিব লাগিব।
ভালদৰে চহাই লৈ মাটিডৰা শেষৰবাৰ প্ৰস্তুত কৰা সময়ত ১০ শতাংশ শক্তিৰ বি এইচ চি পাউদাৰ প্ৰতিবিঘা মাটিত ৪ কিঃ গ্ৰাঃ হাৰত প্ৰয়োগ কৰিলে পোক-পৰুৱাই নধৰে।
প্ৰতি কিলোগ্ৰাম বীজত ১ গ্ৰাম বেভিষ্টিন নাইবা ৩ গ্ৰাম ইন্দ’ফিল এম-৪৫ মিহলাই শোধন কৰিলে ৰোগে নধৰে।
যদি মাটিডোখৰত আগতে আলু, বিলাহীৰ খেতি কৰোতে তাত ব্লাইট ৰোগ হৈছিল তেনে মাটিত পিঁয়াজ খেতি নকৰিব। প্ৰতিবিঘা মাটিত ৫ টন পচন সাৰ নাইবা ৩ টন কেঁচুসাৰ প্ৰয়োগ কৰিব। সৰু সৰু চগা পোক হ’লে মালাথিয়ান ৫০ ই চি দৰব ১০ লিটাৰ পানীত ২০ মিঃ লিটাৰ হিচাপত মিহলাই স্প্ৰে’ কৰিব।
প্ৰতিবিঘা মাটিত পচন সাৰ দিয়াৰ লগতে ইউৰিয়া ১৮ কিঃ গ্ৰাঃ, একক ছুপাৰ ফছফেট ৪০ কিঃ গ্ৰাঃ আৰু ১০ কিঃ গ্ৰাম মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব। সমুদায় ছুপাৰ, পটাছ সাৰ মাটিত গুটি দিয়াৰ তিনিদিন আগতে আৰু ১২ কেজি ইউৰিয়া সাৰহে প্ৰাথমিক সাৰ হিচাপে মাটিত প্ৰয়োগ কৰক। বাকী তিনি কিলো ইউৰিয়া বীজ সিঁচাৰ ৩০-৪০ দিন পাছত টপড্ৰেছিং কৰিব। লগতে বাকী ৩ কিলো ইউৰিয়া ৬০-৭০ দিন পাছত পাতত স্প্ৰে’ কৰিব।
পুচাৰেড, পুচা ৰতনাৰ, পুচা মাধুৰী, অৰ্কা নিকেতন, এগ্ৰিফাউণ্ড লাইটৰেড, পাঞ্জাব ৰেড ৰাউণ্ড, পুচা হোৱাইট ৰাউণ্ড, পুচা হোৱাইট ফ্লেট আদি। পিঁয়াজ ৰোৱাৰ পৰা ৪-৫ মাহ হ’লে চপাবৰ হয় আৰু প্ৰতি হেক্টৰ মাটিৰ পৰা ১৭৫-২২০ কুইণ্টল পিঁয়াজ উৎপাদন পাব পাৰি।
শাৰী শৰীকৈ বীজ ছটিয়াই ৰুলে প্ৰতি বিঘা মাটিৰ বাবে ৩ কিলো আৰু পুলি ৰোৱা পদ্ধতিত ২.৫ কিঃ গ্ৰাঃ বীজ লাগিব।
চৰ-চাপৰি আৰু নৈপৰীয়া ৰাইজে পিঁয়াজৰ গুটি ছটিয়াই ৬-৮ সপ্তাহ পাছত পাতলাই দিয়ে। আনহাতে ৬-৮ সপ্তাহ বয়সৰ পিঁয়াজৰ পুলি দুশাৰীৰ মাজত ২০ ছেঃ মিঃ আৰু পুলিৰ পৰা পুলিলৈ ১০ ছেঃ মিঃ ব্যৱধানত ৰাখি শুকান বা বোকা কৰা মাটিত পুলি ৰোৱে।
প্ৰতি সপ্তাহৰ মূৰে মূৰে পানী দিব আৰু শস্য চপোৱাৰ ১৫ দিন আগৰ পৰা পানী দিয়া বন্ধ কৰিব। ওপৰৰ ঠাৰি অংশ ডিঙি মেৰিওৱাৰ দৰে কৰিব। ওপৰৰ ঠাৰি অংশ ডিঙি মেৰিওৱাৰ দৰে কৰিব। চপোৱাৰ পাছত শুকান ঠাৰি-পাত আদি গুচাব। লগতে পচা-আঘাত হোৱা পিঁয়াজ পৃথকে ৰাখিব। পিঁয়াজ চাফা কৰা কাম ছাঁত কৰিব। বায়ু চলাচল কৰিব পৰা বস্তাত পিঁয়াজ মজুত কৰিব। বৰষুণৰ বতৰত শস্য নচপাব।
থ্ৰিপ্ছ পোকে যাতে যাতে শস্য নষ্ট কৰিব নোৱাৰে তাৰবাবে মালাথিয়ান ৫০ ই চি ঔষধ ২০ মিলিলিটাৰ ১০ লিটাৰ পানীৰ হিচাপত মিহলাই স্প্ৰে’ কৰিব। মনত ৰাখিব কীটনাশক প্ৰয়োগ কৰাৰ ১০-১৫ দিনলৈ শস্য নচপাব বা নাখাব।
ভালদৰে পিঁয়াজৰ খিতি কৰিলে বিঘাই প্ৰ্তি ২৫-৩০ কুইণ্টল উৎপাদন পাব পাৰি।
লিখকঃ মনজিৎ তালুকদাৰ, অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 6/21/2020