অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফুল কবি খেতি

জাত

আগতীয়া সঁচ: আৰ্লি কুঁৱৰী, পুচা কেতেকী, পুচা দিপালী,

মূল বতৰৰ সঁচ : ইম্প্ৰভ্ জাপানী, পুচা চিন্থেটিক, পুচা স্নব’ল, মেইন ক্রপ পাটনা

শেহতীয়া সঁচ : স্ন’বল-১৬, পুচা স্ন’বল ,কে-১, হিছাৰ-১৷

 

মাটি

সহজে পানী ওলাই যাব পৰা বালিচঁহীয়া মাটি আগতীয়া খেতিৰ বাবে প্ৰয়োজন ৷ মধ্য আৰু শেহতীয়া সঁচবোৰৰ বাবে পলসুৱা আৰু পাতলীয়া আলতীয়া মাটিটো কৰিব পৰা যায়৷

পুলি বাৰী প্ৰস্তুতি আৰু পুলি পঁচোৱা

মাটি প্ৰস্তুতি

মূখ্য বাৰীখনত যথেষ্ট পৰিমাণৰ পচন সাৰ বা গোবৰ প্ৰয়োগ কৰি কেইবাবাৰো চাহ কৰি মৈয়াই সমান কৰি লব লাগে৷ প্ৰত্যেক তিনিবছৰৰ ব্যৱধানত মাটি পৰীক্ষা কৰি চূণ প্ৰয়োগৰ ব্যৱস্হা কৰিব লাগে৷ পুলি ৰোৱাৰ ৩০ দিনমানৰ আগে আগে চূণ প্ৰয়োগ কৰিব লাগে৷

বীজৰ পৰিমাণ

আগতীয়া জাতৰ বাবে

:

৬০০ গ্ৰাম/প্ৰতি হেক্টৰত

মূল বতৰত ৰোৱা জাতৰ বাবে

:

৪০০ গ্ৰাম/প্ৰতি হেক্টৰত

শেহতীয়া জাতৰ বাবে

:

৬০০ গ্ৰাম/ প্ৰতি হেক্টৰত

৮০ পৰা ১০ গ্ৰাম বীজ প্ৰত্যেক বৰ্গ মিটাৰত সিঁচিব লাগে৷

বীজ সিঁচাৰ সময়

আগতীয়া জাত : মধ্য জুলাইৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈ (অক্টোবৰ মাহত পুৰঠ হয়) ৷ মূল বতৰত ৰোৱা জাত : চেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰৰ শেষৰ সপ্তাহলৈ ৷

শেহতীয়া জাত : নবেম্বৰৰ প্ৰথম সপ্তাহলৈকে (ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহত পুৰঠ হয়) ৷


ব্যৱধান : (শাৰীৰ পৰা শাৰীলৈ x পুলিৰ পৰা পুলিলৈ)

আগতীয়া

:

৪৫ ছে: মি: x ৪৫ ছে: মি:

মূল

:

৬০ ছে: মি: x ৬০ ছে: মি:

শেহতীয়া

:

৪৫ ছে: মি: x ৪৫ ছে: মি:

 

সাৰ প্ৰয়োগ :

পচন সাৰ

:

১০ টন প্ৰতি হেক্টৰত

নাইট্র'জেন

:

৮০ কেজি প্ৰতি হেক্টৰত

ফছফৰাচ

:

৬০ কেজি প্ৰতি হেক্টৰত

পটাচ

:

৫০ কেজি প্ৰতি হেক্টৰত

 

এই সাৰৰ সম্পূৰ্ণ ভাগ গোবৰ, একক চুপাৰ ফছফেট আৰু পটাছ আৰু আধাভাগ নাইট্রোজেন সাৰ পথাৰত শেষৰ বাৰ মাটি চাহ কৰাৰ আগেয়ে প্ৰয়োগ কৰি হাল বাই মৈয়াই লব লাগে ৷ বাকী আধা ভাগ নাইট্রোজেন সাৰ পথাৰত পুলি ৰোৱাৰ এমাহৰ পিছত প্ৰতিটো পুলিৰ গুৰিত বা দুটা শাৰীৰ মাজত পাতলীয়া লোৰ  কৰি গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰি মাটিৰে ঢাকি   দিব লাগে৷ ঘৰুৱা শাক-পাচলিৰ বাৰীৰ বাবে সম্পূৰ্ণ ভাগ ফছফৰাচ আৰু পটাচ আৰু আধাভাগ নাইট্রোজেন মাটিৰ লগত বা গোবৰৰ লগত মিহলাই পুলি ৰোৱাৰ ১৫ দিনৰ পিছত পুলিবোৰৰ গুৰিত ঘুৰণীয়া আকৃতিত গাঁত কৰি প্ৰয়োগ কৰিব লাগে আৰু মাটি জাপি দিব লাগে৷

মাটিত ব’ৰন সাৰৰ অভাৱ পৰিলক্ষিত হ’লে হেক্টৰে প্ৰতি ৮ কেজি বৰাক্স সাৰ বা ৬ কেজি বৰিক এচিডৰ পাউদাৰ প্ৰয়োগ কৰিব লাগে৷ নতুবা ব’ৰাক্স সাৰৰ অভাৱ হ’লে মাটিত প্ৰতি হেক্টৰত ০.২ – ০.৩ শতাংশ বৰাক্স ৮০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে৷

মলিবিডেনাৰৰ অভাৱ প্ৰতিৰোধ কৰিবলৈ চডিয়াম বা এমোনিয়াম মলিবিডেট প্ৰতিহেক্টৰত ১-২ কেজি অন্য সাৰ বা জলসিঞ্চনৰ লগতে প্ৰয়োগ কৰিব লাগে৷ এমোনিয়াম মলিবিডেট (০.০১ – ০.১ শতাংশ) প্ৰতিহেক্টৰত ২০০–৩০০ গ্ৰাম পাতত স্প্ৰে কৰিব পাৰি৷ মলিমেক্স (৫০ শতাংশ), মাল্টিপেক্স আদিও পাতত প্ৰয়োগ কৰিব পাৰি৷

পাহাৰীয়া অঞ্চলৰ বাবে

পুলি ৰোৱাৰ ৩০ দিন মানৰ পিচত ব’ৰাক্স ৩০০০ পি. পি. এম.(৩ গ্ৰাম প্ৰতিলিটাৰ পানীত) ৬৫০ লিটাৰ পানীত মিহলাই স্প্ৰে সমুদায় মিশ্ৰণ পাতত স্প্ৰে কৰিব পাৰি৷

৪ কেজি মাল্টিপেক্স প্ৰতিহেক্টৰ হাৰত দুটা ভাগত ভাগ কৰি (১০ গ্ৰাম প্ৰতি ৩ লিটাৰ পানীত) পুলি ৰোৱাৰ ৩০ আৰু ৪৫দিনৰ পিচত প্ৰয়োগ কৰিব পাৰি ৷ প্ৰতি হেক্টৰত স্প্ৰে কৰিবলৈ ৬০০ লিটাৰ মিশ্ৰণৰ প্ৰয়োজন হ’ব ৷ মাল্টিপেক্সৰ অবিহনে অনুসাৰ, শক্তি স্পে আদিও প্ৰয়োগ কৰিব পাৰে৷

পৰিচর্য্যা

জলসিঞ্চন: পুলি ৰোৱাৰ পিচতেই আৰু ১০ দিনৰ পিচত এটা পাতলীয়া জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷ তাৰ পিচত যেতিয়া জলসিঞ্চনৰ প্ৰয়োজন হয় বুলি ভাবে তেতিয়া প্ৰয়োগ কৰিব লাগে ৷ মুঠ ৫ বাৰ জলসিঞ্চনৰ ব্যৱস্হা  কৰিব লাগে ৷

অপতৃণ নিয়ন্ত্ৰণ: পুলি ৰোৱাৰ ২০ আৰু ৪০ দিনৰ পিচত অপতৃণ নিয়ন্ত্ৰণ  ব্যৱস্হা কৰিব লাগে

শস্য ৰক্ষা

পাত খোৱা পোকৰ বাবে মালাথিয়ন ৫০ শক্তিৰ ঔষধ ০.১৫ শতাংশ (১.৫ মি: লিটাৰ প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে ৷ মাটিত থকা পোক যেনে- উঁইচিৰিঙ্গা, ৰঙা পৰুৱা আদিৰ বাবে মালাথিয়ন ৫ শতাংশ শক্তিৰ পাউদাৰ হেক্টৰে প্ৰতি ২০ কেজিকৈ প্ৰয়োগ কৰিব লাগে৷

গুৰি পছা বেমাৰ ( ব্লেক ৰট ) প্ৰতিকাৰৰ বাবে এগ্ৰমাইচিন নামৰ দৰৱ প্ৰতিলিটাৰ পানীত ১০০ মিলিগ্ৰাম হিচাবে মিহলাই পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে ৷

শস্য চপোৱা

যেতিয়া ফুলটো এটা নিৰ্দ্দিষ্ট পৰিমাণৰ হয় তেতিয়া ফুলকবি চপাব বা চিঙিব লাগে ৷ কিন্তু মালথিয়ন জাতীয় ঔষধ প্ৰয়োগ কৰাৰ ১ সপ্তাহ মানৰ পাচতহে ফুলকবি বা যিকোনো শাক-পাচলি চিঙি ব্যৱহাৰ কৰিব লাগে ৷

উৎপাদন

আগতীয়াকৈ ৰোৱা ফুলকবিৰ পৰা ১৫০–১৭৫ কুইন্টল আৰু মধ্যম আৰু শেহতীয়া জাতৰ পৰা ১৭৫–২০০ কুইন্টল প্ৰতি হেক্টৰত পোৱা যায়। 

বিশেষ দ্ৰষ্টব্য : ব’ৰাক্সত ব’ৰণৰ পৰিমাণ ১১.৩ শতাংশ আৰু বৰিক এচিড ১৭.৫ শতাংশ থাকে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate