জাত সমুহ
পুচা আৰ্লি প্ৰলিফিক, এইচ ডি-১৮ আৰু স্থানীয় জাত৷ এইবোৰৰ বাহিৰেও ডি চি-৪, ডি চি-৫ ৰ জাত সমুহ পাহাৰীয়া অঞ্চলৰ বাবে অনুমোদিত৷
জাতৰ বৰ্ণনা
পুচা আৰ্লি প্ৰলিফিক : গছবোৰ দীঘলীয়া হৈ বাঢ়ি যোৱা, ছিৰাবোৰ দীঘল আৰু গাঢ় সেউজীয়া ৰঙৰ আৰু ঘূৰখাই যোৱা আকৃতিৰ ৷ প্ৰত্যেক ছিৰাত ৪-৫ টাকৈ গুটি দেখা যায়, আগতীয়া খেতিৰ বাবে উপযুক্ত জাত, ৭০-৮০ দিনৰ ভিতৰত কৃষিকাল সম্পূৰ্ণ কৰে ৷ ৫০-৬০ কুইন্টললৈ কেঁচা ছিৰা উৎপাদন কৰিব পৰা ক্ষমতা আছে ৷ পাতত দাগ পৰা বেমাৰ, মজাইক বেমাৰ আৰু মোৱা পোকৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা ক্ষমতা আছে ৷
এইচ ডি-১৮ : গছবোৰ দীঘলীয়াহৈ বাঢ়ি যোৱা, ছিৰাবোৰ গাঢ় সেউজীয়া ৰঙৰ, বেঁকা আকৃতিৰ, ৪-৫ টাকৈ গুটি থকা, ১১০-১২০ দিনৰ ভিতৰত কৃষিকাল সম্পূৰ্ণ কৰে ৷ ৪০-৬০ কুইন্টল কেঁচা ছিৰা উত্পাদন ক্ষমতা থকা, মোৱা পোক আৰু ম’জাইক বেমাৰ প্ৰতিহত কৰিব পৰা ক্ষমতা থকা ৷
ডি চি-৪ : ছিৰাবোৰ মধ্যমীয়া বহল আকৃতিৰ, চেপেটা, সেউজ বেঙুনীয়া ৰঙৰ, সামান্যভাৱে ঘূৰখোৱা, হেক্টৰে প্ৰতি গঢ়ে ৩৯-৪৪ কুইন্টল উত্পাদনক্ষম ৷
ডি চি-৫ : ছিৰাবোৰ বহল আকাৰৰ, চেপেটা আৰু সামান্য দীঘল, সেউজীয়া ৰঙৰ আৰু ঘূৰখোৱা ধৰণৰ হোৱা দেখা যায় ৷ হেক্টৰে প্ৰতি গড়ে ৩৮ কুইন্টল উত্পাদন হয় ৷
মাটি নিৰ্বাচন
ওখ পানী জমা হ’ব নোৱাৰা বালিচঁহীঁয়া জৈৱিক পদাৰ্থ সমৃদ্ধ মাটিত এই খেতি ভাল হয় ৷ মাটিৰ অম্লতা ৫.৫-৬.০ হোৱাটো প্ৰয়োজনীয় ৷
মাটি প্ৰস্তুতি
মাটিডোখৰ ভালদৰে হাল কোৰ মাৰি মৈয়াই লব লাগে ৷
বীজৰ পৰিমান
হেক্টৰে প্ৰতি ২০-৩০ কি:গ্ৰাম বীজৰ প্ৰয়োজন হয় ৷
বীজ শোধন
বীজ সিচাঁৰ আগেয়ে প্ৰতি কি:গ্ৰাম বীজৰ বাবে ৩ গ্ৰাম কেপ্টান ৫০ ডব্লিও পি ঔষধেৰে শোধন কৰি লব লাগে৷
বীজৰ ব্যৱধান
শাৰীৰ পৰা শাৰীৰ দূৰত্ব = ১.২৫ মিটাৰ
গছৰ পৰা গছৰ দূৰত্ব = ৭৫ চে:মিটাৰ
সাৰ প্ৰয়োগ
হেক্টৰে প্ৰতি পামজাত সাৰ ২০ টন, নাইট্ৰোজেন ৩০ কি:গ্ৰাম, ফছফৰাছ ৪০ কি:গ্ৰাম আৰু পটাছ ২০ কি:গ্ৰাম ব্যৱহাৰ কৰিব লাগে ৷ এই নাইট্ৰোজেন সাৰৰ আধা অংশ আৰু অন্য বোৰ সাৰৰ লগত পামজাত সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰোতে আৰু বাকী থকা নাইট্ৰোজেন সাৰৰ অংশ ফুলফুলাৰ সময়ত গছত ব্যৱহাৰ কৰিব লাগে৷
পৰিচৰ্য্যা
জলসিঞ্চন : খেতিডৰাত পানীৰ অভাৱ হ’বলৈ দিব নালাগে ৷ গতিকে সঠিক সময়ত পানীৰ যোগান ধৰিব লাগে ৷ বিশেষকৈ প্ৰথম গছ বঢ়াৰ অৱস্হাত, ফুলফুলাৰ অৱস্হাত আৰু ছিৰা ধৰিবলৈ লোৱা অৱস্হাত গছবোৰ পানীৰ অভাৱত ভূগিবলৈ দিব নালাগে ৷
অপতৃণ নিয়ন্ত্ৰণ : যেতিয়ালৈকে গছবিলাকৰ ঠাল ঠেঙুলিবোৰ শাৰী ভেদ কৰি অন্য শাৰীত নোসোমায় তেতিয়ালৈকে মাজৰ বনবাত বোৰ আতৰায় ৰাখিব লাগে ৷
শস্য ৰক্ষা
মোৱা পোক, জেছিদ আদিৰ পৰা খেতিডৰাক ৰক্ষা কৰিবলৈ মালাথিয়ন ৫০ ইচি ঔষধ ১ মি:লিটাৰ ৫ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে ৷
ম’জাইক বেমাৰৰ বাবে প্ৰতিষেধক ব্যৱস্হা হিচাবে ৰ'গৰ নাইবা মন’ক্ৰট’ফচ আদিৰে স্প্ৰে কৰিব ৷
শস্য চপোৱা
ছিৰাবোৰ কোমল, সতেজ হৈ থকা অৱস্হাতে চিঙিব লাগে ৷
উৎপাদন :
কেঁচা ছিৰাৰ উৎপাদন প্ৰতি হেক্টৰত ৪০-৫০ কুইন্টল পোৱা যায় ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020