ভোট জলকীয়াক জলকীয়াৰ ৰজা বুলি কোৱা হয়। অন্য জলকীয়াতকৈ ভোট জলকীয়া যথেষ্ট ডাঙৰ আৰু ইয়াৰ জ্বাল বহুত বেছি। ভোট জলকীয়াক অসমৰ এবিধ নিজস্ব ভৌগোলিক সম্পদ বুলি মানি লোৱা হৈছে। ভোট জলকীয়াৰ ঔষধি গুনৰ উপৰিও ই এবিধ অর্থকাৰী শস্য। তাৰোপৰি,এইবধি জলকীয়াত তীব্র গোন্ধ থকা হেতুকে ইয়াৰ পৰা'কেপচিচিন'আহৰণ কৰিবলৈ যথেষ্ট সুবিধা হয়। অসমৰ বিভিন্ন ঠাইৰ মানুহে কেচুমুৰীয়া আৰু "মেলিনাৰ"ঔষধ হিচাপেও ভোট জলকীয়া মহৌষধি বুলি ব্যৱহাৰ কৰে। অসমৰ জলবায়ুৰ বাবে ভোট জলকীয়াৰ খেতি অতিকৈ উপযোগী। সেয়েহে বিজ্ঞানসন্মত কৃষি প্রণালীৰ প্রয়োগৰ দ্বাৰা ভোট জলকীয়াৰ পৰা অধিক উত্পাদন পোৱাৰ উপৰিও অর্থনৈতিক ভাবে যথেষ্ট পৰিমাণে লাভৱান হ'ব পৰা যায়।
মাটি নির্বাচন
ভোট জলকীয়াৰ বাবে সহজ পানী নিষ্কাষত হ'ব পৰা বালিচহীয়া মাটি নির্বাচন কৰিব লাগে । মাটি ডৰাত যথেষ্ট পৰিমাণে জৈৱিক মৌল (Organic matter) থকাৰ উপৰিও পানী ধৰি ৰাখিব পৰা ক্ষমতা সম্পন্ন হ'ব লাগে । এইবিধ জলকীয়াৰ খেতি কৰিবলৈ মাটি ডৰাৰ পি এইচ ৰমান ৬.০-৬.৫ ভিতৰত হ'ব লাগে ।
মূল পথাৰ প্রস্তুতি
ভোট জলকীয়াৰ খেতি কৰিবলৈ লোৱা মাটিডৰা ভালদৰে হালবাই মৈয়াই সমান কৰি ল'ব লাগে । মৈ দিওতে লক্ষ্য ৰাখিব লাগে যাতে ডাঙৰ চপৰাবোৰ ভাঙি মাটি গুড়ি হয় । মাটি একেবাৰে গুড়ি হৈ মিহি হোৱাটো প্রয়োজনীয় কথা । মাটি প্রস্তুতিৰ পিছতেই পুলি ৰোপন কৰিবলৈ প্রায় ২.৫ মিটাৰ বহল আৰু কৃষকৰ সুবিধাজনক দৈর্ঘৰ একোখন চিতা বনাই ল'ব লাগে । প্রতিখন চিতা ১৫ ছে.মি.ওখ হ'ব লাগে । দুখন চিতাৰ মাজত ৫০ ছে.মি.ব্যৱধান ৰাখিব লাগে ।
ভোট জলকীয়াৰ গুটি পচাই পুলি উত্পাদন কৰা হয় । পুলি উত্পাদন কৰিবলৈ উপযুক্ত ধৰণে পুলিবাৰী তৈয়াৰ কৰি ল'ব লাগে । পুলিবাৰীৰ বাবে সহজতে পানী ওলাই যাব পৰা উর্বৰতা বিশিষ্ট বালিচহীয়া মাটি নির্বাচন কৰিব লাগে । লক্ষ্য ৰাখিব লাগে যাতে ৰ'দ ঘাই ঠাইত পুলিবাৰীখন পতা হয় ।
একোখন পুলিবাৰীত ১০ বর্গ মিটাৰ একক মাটিত ৩-৪ গ্রাম ভোট জলকীয়াৰ গুটি সিঁচিব পৰা যায় । সাধাৰণতে,ভোট জলকীয়াৰ গুটৰি অংকুৰণ ক্ষমতা(শতাংশ)যথেষ্ট কম দেখা যায় । প্রতিখন পুলিবাৰী ১মিটাৰ বহল আৰু ১০-১৫ ছে.মি.ওখ হ'ব লাগে । মাটিৰ কালি আৰু কৃষকজনৰ সুবিধা অনুযায়ী দীঘল হ'ব লাগে। প্রতি ১০বর্গ মিটাৰ মাটিত ২০কি.গ্রা. বালি আৰু ২০কি.গ্রা. চালি লোৱা শুকান গোবৰ মিহলাই ল'ব লাগে । গুটিৰ পৰা হ'ব পৰা সম্ভাব্য ৰোগ নিৰাময়ৰ বাবে গুটিবোৰ সিঁচাৰ আগতেই কেপটাফ বা থিৰাম নামৰ দৰৱেৰে শোধন কৰিব লাগে। এক কি.গ্রা.বীজ বা গুটি শোধন কৰিবলৈ ৩গ্রাম ঔষধৰ প্রয়োজন হয়। এতিয়া শোধন কৰি লোৱা গুটিখিনি 'v'আকৃতৰি সীৰলুত ২.৫ ছে.মি. অন্তৰে অন্তৰে ২ছে.মি. গভীৰতাত সিঁচি দিব লাগে । গুটি সিঁচাৰ পিছতেই বালি আৰু শুকান গোবৰেৰে সীৰলুবোৰ ঢাকি দিব লাগে। এনে কৰিলে গুটিবোৰ সমভাবে অংকুৰিত হয়। পুলিবাৰীৰ মাটিৰ জীপ অক্ষুণ্ণ ৰাখিবলৈ জাৰিকেনৰ সহায়ত পাতলকৈ পানী যোগান ধৰিব লাগে।
ভোট জলকীয়াৰ গুটি চেপ্তেম্বৰ-অক্টোবৰ মাহত পচাব পৰা যায়। এই সময়ত পচালে নবেম্বৰ মাহত পুলি ৰোপন কৰিব পৰা যায়। মূল পথাৰত ভোট জলকীয়াৰ পুলি ৰোপন কৰিবলৈ হ'লে পুলিৰ বয়স ৩৫ দিনীয়া হোৱাৰ উপৰি ১০-১৫ ছে.মি. ওখ হ'ব লাগে । দুটা পুলি আৰু দুটা শাৰীৰ মাজত ১মিটাৰ*৭৫ ছে.মি.ব্যৱধান ৰাখি ৰোপন কৰিব লাগে ।
ভোট জলকীয়াৰ গছৰ পৰিপুষ্ট সাধনৰ বাবে জৈৱিক আৰু ৰাসায়নিক দুইবিধ সাৰেই প্রয়োজনীয় । মাটি প্রস্তুতিৰ সময়তে জৈৱিক সাৰ যেনে-গোবৰ বা পচন সাৰ প্রতি হেক্টৰত ১০ টন হিচাপত প্রয়োগ কৰিব লাগে । ৰাসায়নিক সাৰৰ ক্ষেত্রত প্রতি হেক্টৰত ১২০ কি.গ্রা.ইউৰিয়া,৬০ কি.গ্রা. মিউৰেট অৱ পটাছ সাৰ প্র্রয়োগ কৰিব লাগে । শেষৰ বাৰ মাটি প্রস্তুতিৰ সময়তে ইউৰীয়া সাৰৰ অর্থা ৬০ কি.গ্রাম.আৰু সমুদায় একক চুপাৰ ফছফেট তথা মিউৰেট অৱ পটাছ মাটিত প্রয়োগ কৰিব লাগে । বাকী ৰৈ যোৱা ইউৰীয়াখিনি সমানে দুভাগ কৰি এভাগ পুলি ৰোৱাৰ ৩০ দিনৰ পিছত আৰু অন্যভাগ পুলি ৰোৱাৰ ৬০ দিনৰ পিছত প্রয়োগ কৰিলে সুফল পোৱা যায়।
ভোট জলকীয়াৰ বেমাৰ ব্যাধি বেছি। বেমাৰৰ ভিতৰত পুলিবাৰীত হোৱা গুৰি পচা বেমাৰ, ফল ধৰা অৱস্থাত গছ লেৰেলি যোৱা বেমাৰ,ফল পচা বেমাৰ আদিয়ে প্রধান। পোক-পৰুৱাৰ ভিতৰত হোৱাইট ফ্লাই আৰু মোৱা পোকৰ আক্রমণ দেখা যায়। গছত বেমাৰৰ আক্রমণ বা অনিষ্টকাৰী পোক-পতংগৰ আক্রমণ হোৱা দেখিলে স্থানীয় কৃষি উন্নয়ন বিষয়াৰ পৰামর্শ মতে ব্যৱস্থা গ্রহণ কৰিব লাগে । তাৰোপৰি,ভোট জলকীয়া ৰোৱা ঠাইত সৰিয়হ,নার্জিফুল আদি শস্য লগাব লাগে । এই বিলাক শস্য লগালে ভোট জলকীয়াত উদ্ভৱ হ'ব পৰা ৰোগ আৰু অনিষ্টকাৰী পোকৰ আক্রমণ যথেষ্ট কম হোৱা দেখা যায় ।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 6/21/2020
ভোট জলকীয়াৰ খেতিৰে লাভান্বিত দিহজাৰীৰ বৰ্মা ভাতৃদ্...