অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মিঠা আলু খেতি

মিঠা আলু খেতি

জাত

১ ৷ পুচা ৰেড (গড় উত্পাদন :২৪টন/হেক্টৰত)
২ ৷ কালমেঘ (গড় উত্পাদন :৩০টন/হেক্টৰত)
৩ ৷ ডেৰগাঁও হোৱাইট (গড় উত্পাদন :২২টন/হেক্টৰত)
৪ ৷ ডেৰগাঁও ৰেড (গড় উত্পাদন :২০টন/হেক্টৰত)

মাটি আৰু জলবায়ুৰ প্ৰয়োজনীয়তা

মিঠা আলু বহু প্ৰকাৰৰ মাটিত খেতি কৰিব পাৰি৷ মাটিডোখৰত পানী জমা হব নালাগে৷ আলতীয়া মাটিৰ বাহিৰে সাৰুৱা পলসুৱা মাটি এই খেতিৰ বাবে উপযোগী৷ গৰম সেমেকা আৰু ২২ ডিগ্ৰী চেলচিয়াচ উষ্ঞতাৰ বতৰ এই খেতিৰ বাবে প্ৰয়োজন৷ এই খেতিয়ে খৰাং বতৰ সহ্য কৰিব পাৰে৷ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা মিঠা আলুৰ খেতিৰ বাবে বছৰি ১৭৫-১৫০ চে:মিটাৰ বৰষুণ হোৱা আৰু সমপৰিমানে সিঁচৰিত হোৱা অৱস্হাহে অনুকুল হয়৷

মাটি প্ৰস্তুতি

মাটি ডোখৰ ভালদৰে হাল বাই সমান কৰি ২৫-৩০ চে:মিটাৰ দকৈ লোৰ খান্দি লব লাগে ৷ লোৰবোৰৰ ব্যৱধান ৬০-৭৫ চে:মিটাৰ হব লাগে আৰু মিঠা আলুৰ গছবোৰ/টুকুৰাবোৰ (পুলিবোৰ) ওখকৈ তৈয়াৰ কৰা ভেটিত ৰোব লাগে ৷

ৰোৱাৰ সময়

বৰষুণৰ ওপৰত নিৰ্ভৰশীল মিঠা আলুৰ খেতি মে-জুন মাহৰ ভিতৰত ৰোব লাগে আৰু দ্বিতীয় খেতি চেপ্তেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত ৰোব পাৰি৷ (ৰোৱাৰ ১০৫ দিনৰ ভিতৰত চপাব পৰা)৷ জলসিঞ্চন থকা মাটিত অক্টোবৰ-নবেম্বৰ মাহৰ ভিতৰত ৰুব পৰা যায়৷

ৰোপন সামগ্ৰী ৰোৱাৰ প্ৰণালী

মিঠা আলুৰ পূৰঠ লতাবোৰক টুকুৰা টুকুৰকৈ কাটি (Vine Cutting) ৰোপন সামগ্ৰী হিচাবে ব্যৱহাৰ কৰা হয়৷ এই লতাবোৰ দুই তিনিটা গাঠি ৰাখি ২০-২৫ চে:মিটাৰ দীঘলকৈ কাটি টুকুৰা কৰা হয় আৰু টুকুৰাবোৰ ওখ ভেটি তৈয়াৰ কৰি ২০-৩০ চে:মিটাৰ ব্যৱধানত ভেটিত ৰোপন কৰা হয়৷ ৰোপন কৰিবৰ সময়ত লতাৰ টুকুৰাবোৰৰ দুয়োটা মুৰ উলিয়াই ৰাখি মাজডোখৰহে মাটিত ৰোপন কৰিব লাগে৷ এক হেক্টৰ মাটিত ৰোবৰ বাবে প্ৰায় ৫০,০০০-৬২,০০০ টামান টুকুৰাৰ প্ৰয়োজন হয়৷ ৰোৱাৰ সময়ত মন কৰিব লাগে যাতে মাটি ডোখৰত জীপ থাকে ৷ মিঠা আলু শস্যই যিহেতুকে পানী জমা হোৱা মাটি সহ্য কৰিব নোৱাৰে গতিকে লতা ৰোৱাৰ পাছত বাৰিষা অতিৰিক্ত পানী ওলায় যাব পৰাকৈ পথাৰৰ মাজে মাজে নলাৰ ব্যৱস্হা কৰিব লাগে৷

সাৰ প্ৰয়োগ

মিঠা আলুৰ শস্যই পৰ্য্যাপ্ত পৰিমানে মাটিৰ পৰা সাৰ সংগ্ৰহ কৰে, গতিকে অধিক উৎপাদন পাবলৈ হ’লে নিয়মিত সুষম সাৰ মাটিত প্ৰয়োগ কৰিব লাগে ৷ গোবৰ নাইবা পচন সাৰ হেক্টৰে প্ৰতি ১০ টন বা প্ৰতি বিঘাত ১.৫ টন মাটি প্ৰস্তুত কৰাৰ সময়তেই প্ৰয়োগ কৰিব লাগে ৷ প্ৰতি হেক্টৰ মাটিৰ বাবে নাইট্ৰোজেন ৭৫ কি:গ্ৰাম, ফছফৰাছ ৫০ কি:গ্ৰাম আৰু পটাছ ৭৫ কি:গ্ৰাম নাইবা প্ৰতিবিঘাত নাইট্ৰোজেন ১০ কি:গ্ৰাম, ফছফৰাছ ৬.৫ কি:গ্ৰাম আৰু পটাছ ১০ কি:গ্ৰামৰ প্ৰয়োজন হয়৷

তলৰ তালিকাত উল্লেখ কৰাৰ দৰে সাৰ প্ৰয়োগ কৰিব

সাৰৰ নাম

প্ৰয়োগৰ সময়

ৰোৱাৰ সময়ত (কি:গ্ৰাম)

ৰোৱাৰ ৩ সপ্তাহৰ পিছত (কি:গ্ৰাম)

হেক্টৰত

বিঘাত

হেক্টৰত

ইউৰীয়া

৮০

১০.৫

৮০

একক চুপাৰ ফছফেট

৩১০

৪০.০

৮০

মিউৰেট অৱ পটাছ

১৩৫

১৬.০

-

 

পৰিচৰ্য্যা

ৰোৱাৰ ৪-৫ সপ্তাহৰ পিছত শস্য ডৰাৰ পৰা বনবাত নিৰাই দিব লাগে আৰু গছৰ গুৰিত মাটি চপাই দিব লাগে ৷ এই সময়তে ৰাসায়নিক সাৰৰ বাকী থকা অংশও প্ৰয়োগ কৰিব পাৰে ৷

গছবোৰ মাজে সময়ে লৰায় থাকিলে গছৰ শিপাত অনাৱশ্যকভাৱে বাঢ়িবলৈ লোৱা আলুবোৰ বঢ়াত সহায়ক হয়৷

ৰোৱাৰ ৩০ আৰু ৪৫ দিনৰ পিছত গছত চি চি চিৰ ১০০০ পি পি এম দ্ৰৱ্ স্প্ৰে কৰিলে গছৰ উৎপাদন ২৫ শতাংশলৈ আৰু বঢ়াব পাৰি৷

মিশ্ৰিত শস্য

বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিত সেউজ সাৰ(Green manure)ৰ বীজ সিঁচি থব পাৰে ৷ এনে কৰিলে আলু চপোৱাৰ পিছত সেউজ সাৰৰ গছবোৰ কাটি মাটিৰ লগত মিহলাই দিলে মাটিৰ উৰ্বৰতা বাঢ়িব আৰু পিচৰ বাৰ মিঠা আলুৰ খেতিৰ বাবে সহায়ক হব ৷ এনে কৰিলে পিচৰ বাৰ খেতি কৰিলে তাত পচনসাৰ বা পামজাত সাৰৰ প্ৰয়োগ কমকৈ বা প্ৰয়োগ নকৰিলেও হব৷

শস্য ৰক্ষা

মিঠা আলুৰ অনিষ্টকাৰী পোকৰ ভিতৰত ফুটা কৰাই(Weevil) প্ৰধান ৷ এই পোকে আলুবোৰ ফুটা কৰি মাজলৈকে সোমায় যায় আৰু আলু আৰু পাত খাই নষ্ট কৰে ৷

ৰোপন সামগ্ৰী বোৰ (লতাৰ টুকুৰা) ৰোৱাৰ আগেয়ে ১ মি: লিটাৰ চুমিথিয়ণ ঔষধ ১ লিটাৰ পানীৰ মিশ্ৰণত ১০ মিনিট মান দুবাই ৰাখিব লাগে ৷

পোকে শস্যত বেছিকৈ আক্ৰমণ কৰিলে ২ মি:লিটাৰ মালাথিয়ন নাইবা ০.৫ মি:লিটাৰ ডাইমেক্ৰণ ঔষধ ১ লিটাৰ পানীত মিহলাই ২৫ দিনৰ ব্যৱধানত ৩-৪ বাৰ মান ৰোৱাৰ এমাহৰ পিচত স্প্ৰে কৰিব লাগে ৷

মাটি প্ৰস্তুত কৰোতে মালাথিয়ণ ৫ শতাংশ শক্তিৰ পাউদাৰ মাটিত প্ৰয়োগ কৰিলেও ভৱিষ্যতে ৰঙা পৰুৱা বা উঁই পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷

শস্য চপোৱা

জাতৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি শস্য ৰোৱাৰ ৩.৫-৪ মাহৰ ভিতৰত শস্য চপাব পৰা হয় ৷ গছৰ পাতবোৰ যেতিয়া হালধীয়া পৰিবলৈ আৰম্ভ কৰে তেতিয়া শস্য ডৰা চপাবৰ ব্যৱস্হা কৰিব লাগে ৷

উত্পাদন : হেক্টৰে প্ৰতি ২০-৩০ টন

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate