অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূলা খেতি

জাতসমুহ

১৷ আগতীয়া জাত : পুচা দেশী, পুচা চেতকী, পুচা হিমানী
২৷ পলমকৈ কৰা জাত : জাপানীজ হোৱাইট, জৈন পুৰী, বম্বে ৰেড

জাতৰ বৰ্ণনা

১ ৷ জাপানীজ হোৱাইট : গছৰ ওপৰ অংশ মধ্যমীয়া আকাৰৰ, পাতবোৰ কাষৰ পৰা ভিতৰলৈকে কটা, শিপাবোৰ ২০-৩০ চে:মিটাৰ দীঘল, চুঙা আকৃতিৰ,  বাহিৰৰ আৱৰণ সম পৰিমানে বগা ঊজ্জল, মাংসভাগ ঊজ্জ্বল বগা ৰঙৰ, ফচফচিয়া, মৃদুভাবে উগ্ৰতা থকা, ৫০-৫৫ দিনৰ ভিতৰত পূৰঠ হয়৷

২ ৷পুচা দেশী : শিপাবোৰ সম্পূৰ্ণকৈ বগা ৰঙৰ, ৩০-৩৫ চে:মিটাৰ দীঘল, সেঊজীয়া ফালে চিয়া আকৃতিৰ, ঊগ্ৰতা থকা, ৫০-৫৫ দিনৰ ভিতৰত পূৰঠ হোৱা আৰু উচ্চ উত্পাদনক্ষম ৷

৩ ৷ পুচা চেতকী : শিপাবোৰ মধ্যমীয়া আকাৰৰ, মিহি, ছালবোৰ সম্পূৰ্ণ বগা ৰঙৰ, মঙহাল আৰু কোমল, মৃদুভাৱে উগ্ৰতা থকা, প্ৰত্যেকটো মূলাৰ ওজন ৩০০-৪০০ গ্ৰাম; ৫০-৬০ দিনৰ ভিতৰত পূৰঠ হোৱা, হেক্টৰে প্ৰতি ২০০-২৫০ কুইন্টল উৎপাদন দিব পৰা, আগতীয়া খেতিৰ বাবে ঊপযুক্ত ৷

৪ ৷ পুচা হিমানী : গছৰ ওপৰ অংশ চাপৰ আৰু মূলাবোৰ বৰ ডাঙৰ আকাৰৰ নহয়, আকাৰত মূলাবোৰ ৩০-৩৫ চে:মিটাৰ মান দীঘল আৰু ১০-১২ চে:মিটাৰ মান গাটোৰ আকাৰ হয়, মূলাৰ ৰঙ বগা, মঙহাল আৰু ফচফচিয়া হয়, স্বাদ মিঠা আৰু কম উগ্ৰতা পুষ্ঠ ৷ ৫৫ দিন মানত পূৰঠ হয় ৷

মাটি নিৰ্বাচন

পানী জমা আবদ্ধ নোহোৱা বালিচঁীয়া, জৈৱিক পদাৰ্থ সমৃদ্ধ আৰু অম্লতা ৫.৫-৬.৮ ৰ ভিতৰত থকা মাটি এই খেতিৰ বাবে ঊপযোগী ৷

মাটি প্ৰস্তুতি

মাটিডোখৰ পামজাত সাৰ আদি যোগান ধৰি ভালকৈ চহাই লব লাগে ৷

বীজৰ পৰিমান

৬-১১.৫ কি:গ্ৰাম/হেক্টৰত ৷

বীজ সিঁচাৰ সময়

১৷ আগতীয়া জাত : আগষ্ট – ছেপ্তেম্বৰ ৷
২৷ পলমকৈ কৰা জাত : অক্টোবৰ – নবেম্বৰ ৷

বীজ শোধন

প্ৰতি কি:গ্ৰাম বীজৰ বাবে কেপ্টান ৫০ ডব্লিও পি ঔষধ ৩ গ্রাম ব্যৱহাৰ কৰিব।

বীজৰ ব্যৱধান

ঢাপত বীজ সিঁচিলে ৪৫ চে:মিটাৰ দূৰত্বত আৰু তলিত ২০ চে:মিটাৰ দূৰত্বত শাৰীত বীজ সিঁচিব লাগে ৷ বীজ অঙ্কুৰিত হোৱাৰ ১০-১৫ দিনৰ পিছত পুলিবোৰ ১০ চে:মিটাৰ দূৰত্বত পাতলাই দিব লাগে ৷

সাৰ প্ৰয়োগ

হেক্টৰে প্ৰতি পামজাত সাৰ ২০ টন, নাইট্ৰোজেন সাৰ ৫০ কি:গ্ৰাম, ফছফৰাছ ৩০ কি:গ্ৰাম আৰু পটাছ ১০০ কি:গ্ৰাম হাৰত ব্যৱহাৰ কৰিব লাগে ৷ নাইট্ৰোজেন সাৰৰ আধা অংশ, বাকী আনবোৰ সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰিব ৷ নাইট্ৰোজেন সাৰৰ বাকী থকা অংশ বীজ সিঁচাৰ ৩০ দিনৰ পিছত গছত ব্যৱহাৰ কৰিব লাগে৷

পৰিচৰ্য্যা

 

১৷ জলসিঞ্চন : মাটি প্ৰস্তুত কৰাৰ আগেয়ে মাটিডোখৰ এবাৰ জলসিঞ্চন কৰি লব লাগে৷ তাৰ পিছত বীজ সিঁচাৰ এসপ্তাহৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে৷

২৷ অপতৃণ নিয়ন্ত্ৰণ : বনবাত বোৰ ওলোৱাৰ ২০ দিনৰ পিচৰ পৰা বনবাত বোৰ নিৰাই থাকিব লাগে৷

শস্য ৰক্ষা: মোৱাপোকৰ বাবে মালাথিয়ন ৫ ইচি ঔষধ প্ৰতিলিটাৰ পানীত ২ মি:লিটাৰ মিহলাই স্প্ৰে কৰিব লাগে৷

উৎপাদন : ১৪০–১৮০ কুইন্টল/হেক্টৰত ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate