অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লেচেৰা মাহৰ খেতি

লেচেৰা মাহৰ খেতি

জাত

পুছা বৰসাতী :

গছবোৰ চাপৰ, মাত্ৰ ৬০-৮০ চে:মিটাৰ ওখ হয় ৷ ৩৫ দিনৰ ভিতৰত ফুল ফুলে আৰু লেচেৰাবোৰ ৪৫ দিনমানত চিঙিব পৰা হয় ৷ ৯০ দিনৰ ভিতৰত ২-৩ বাৰ ফুল ফুলে আৰু ফল ধৰে, লেচেৰাবোৰ পাতল সেউজীয়া, ২০ ৰ পৰা ২৫ চে:মিটাৰ মান দীঘল হয়, গুটিবোৰত আঁচ থকা, ৭০-৭৫ কুইন্টল প্ৰতি হেক্টৰত উৎপাদন দিব পৰা ক্ষমতা আছে ৷

মাটি নিৰ্বাচন :

৫.৫ ৰ পৰা ৬.০ লৈকে মাটিৰ অম্লতা থকা বালিচঁহীয়া ওখ মাটি নিৰ্বাচন কৰিব লাগে ৷

মাটি প্ৰস্তুতি :

২ ৰ পৰা ৩ বাৰলৈ মাটি ডৰা ভালদৰে চহাই সমান কৰি লব লাগে ৷

বীজৰ পৰিমান :

২০-২৫ কি: গ্ৰাম /হেক্টৰত ৷

বীজ সিঁচাৰ সময় :

মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত ৷

বীজৰ ব্যৱধান :

৭০ চে: মিটাৰ x ৩০ চে:মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ x গছৰ (বীজৰ) পৰা গছলৈ (বীজলৈ))

সাৰ প্ৰয়োগ :

মাটিত প্ৰয়োগ

পচন সাৰ

নাইট্ৰোজেন

ফছফৰাছ

পটাছ

(প্ৰতি হেক্টৰত)

৯ টন

১৫ কেজি

১০ কেজি

১০ কেজি

 

পৰিচৰ্য্যা

বীজ সিঁচাৰ ২০-২৫ দিনৰ ভিতৰত এবাৰ বনবাত নিৰাব লাগে ৷

শস্য চপোৱা :

লেচেৰাবোৰ সেউজীয়া আৰু কোমল হৈ থাকোতেই চিঙিব লাগে ৷

উত্পাদন :

কেঁচা লেচেৰা ৫০-৬০ টন প্ৰতি হেক্টৰত।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate