অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাক-পাচলি আৰু ফুলৰ নাৰ্চাৰী আৰু বীজতলী প্রস্তুত

শাক-পাচলি আৰু ফুলৰ নাৰ্চাৰী আৰু বীজতলী প্রস্তুত

গ্রীষ্মকালীন শাক-পাচলি বানপানীয়ে নষ্ট কৰাৰ পাছত কৃষকে এইবাৰ আগতীয়াকৈ শাক-পাচলি আৰু ফুলৰ পুলি বিক্ৰী কৰি দুপইচা ঘটাৰ প্রয়াস কৰিব লাগিব। বীজতলী বা নাৰ্চাৰী প্রস্তুত প্রণালী তলত দিয়া ধৰণে কৰিব –

  • ওখ ৰ'দ পৰা আৰু পানী ওলাই যোৱাৰ ব্যৱস্থা থকা, জৈৱ পদার্থৰে পৰিপূৰ্ণ বালিচহীয়া মাটি নিৰ্বাচন কৰিব। বেছি বালি বা বোকামাটি বাচি নল’ব।
  • মাটিডৰা খুব মিহিকৈ চহাই লৈ ১ মিঃ বহল আৰু প্ৰয়োজন অনুযায়ী দীঘলকৈ বীজতলীৰ ভেটিবোৰ মাটিতকৈ ১০ ছেন্টিমিটাৰ ওখকৈ প্রস্তুত কৰিব।
  • ১০ বর্গমিটাৰ (১.২৫ মিঃ বহল x ৮ মিঃ দীঘল) বীজতলী প্রস্তুত কৰিবলৈ মাটিডৰাত ২০ কিলোগ্রাম বালি আৰু ২০ কিলোগ্রাম পচন সাৰ মাটিৰ লগত ভালদৰে মিহলাব।
  • বীজতলীখন বীজাণুমুক্ত কৰিবলৈ কেপটান ঔষধৰ ০.২ শক্তিযুক্ত মিশ্রণ (অর্থাৎ ১০ লিটাৰ পানীত ঔষধ ২০ গ্রাম) বা ফৰমেলিন মিশ্রণ ৪ শতাংশৰে বীজতলী ১৫ ছেন্টিমিটাৰ তিনি যোৱাকৈ প্রয়োগ কৰিব। বীজতলীত ঔষধ প্রয়োগ কৰিব। বীজতলীত ঔষধ দিয়াৰ পাছত দুদিন পলিথিন বা থৈলাৰে ঢাকি ৰাখিব।
  • দুদিন পাছত পলিথিন আঁতৰাই মাটিখিনি খুচৰি ঢিলা কৰি ৩-৪ দিন ৰ’দাব।
  • বীজ ৰোগমুক্ত কৰিবলৈ প্রতি কিলো শুকান বীজত ৩ গ্রাম কেপটাফ ঔষধ মিহলাই বীজ সিচিব।

পুলিবোৰ মাটিত থকা পোক-পৰুৱাৰ আক্রমণৰ পৰা ৰক্ষা কৰিবলৈ ৫ শতাংশ মালাথিয়নৰ গুৰি প্রতি বর্গমিটাৰত গ্ৰামকৈ প্রয়োগ কৰিব।

  • তাৰ পাচত U আকৃতিৰ নলা খান্দি ২.৫ ছেন্টিমিটাৰ অন্তৰে অন্তৰে ১-২ ছেন্টিমিটাৰ গভীৰতাত বীজবোৰ সিচিব লাগে। বীজ সিচাৰ পাছত বালি আৰু শুকান ছালি লোৱা গোবৰৰ মিশ্রণেৰে নলাবোৰ ঢাকি দিব লাগে। বীজতলীৰ উপৰিভাগৰ মাটিখিনি কাঠৰ বা বাঁহৰ টুকুৰা এডাল ব্যৱহাৰ কৰি সমান কৰি দিব লাগে।
  • বীজ সিচা ভেটিত পাতলীয়াকৈ ঝাৰেৰে পানী দিব।
  • বীজবোৰ যাতে আঁতৰি নাযায় তাৰ বাবে ধান-খেৰ, কলপাত নাইবা শুকান ঘাঁহেৰে পাতলকৈ বীজতলীখন ঢাকি দিব লাগে।
  • পুলিবোৰ প্রায় ৩০-৩৫ দিন বয়সীয়া হ’লে ৰুবৰ উপযুক্ত হয়।
  • পুলি তোলাৰ ৭ দিন মান আগৰ পৰা পানী দিয়া বন্ধ কৰিব লাগে। তেতিয়া পুলিবোৰ টান হয়।
  • পুলি উঠোৱাৰ সময়ত বীজতলীখন তিয়াই ল’ব লাগে যাতে পুলিবোৰ শিপাৰে সৈতে উঠি আহে।
  • পুলিবোৰ উপযুক্ত পৰিমাণে ৰ’দ পৰিবলৈ দিব লাগে। দৰকাৰ অনুযায়ী ছাঁ দিব।
  • মূল পথাৰত পোক-পৰুৱাৰ সম্ভাব্য আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ কীটনাশক দৰৱৰ দ্ৰৱণত পুলিৰ শিপাবোৰ জুবুৰিয়াই ল’ব লাগে।

দ্বিতীয় বীজতলী

শাক-পাচলি যেনে - বন্ধাকবি, ফুলকবি, ওলকবি, বিলাহী, বেঙেনা, জলকীয়া আদিৰ খেতি বিস্তৃতভাৱে কৰিব খুজিলে পুলিবোৰ টান (Hardening) কৰি হ’বলৈ প্রথম দুখিলা পাত ওলাওঁতেই ৫-১০ ছেন্টিমিটাৰ আঁতৰে আঁতৰে দ্বিতীয় বীজতলীত ৰুব লাগে। ৰোৱাৰ পাছত পুলিবোৰত দুদিন ছাঁ দিব। মনত ৰাখিব, বীজতলীত দিয়া পচন সাৰ চালি জাৰি দিব। পচন সাৰ নাপালে কেঁচুসাৰ দিব। কেঁচা গোবৰ কোনো কাৰণতেই নিদিব। পুলিবোৰ ঘন হ’লে লেহুকা হয়। প্রখৰ ৰ’দ আৰু হিম বা বেছি বৰষুণত যাতে পুলি নষ্ট নহয়, তাৰ বাবে খেৰৰ ছালিৰ ব্যৱস্থা কৰিব।

উৎস: অসম ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনছৰ্টিয়াম, অসম।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate