অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শালি ধান চপোৱাৰ পাছত ঘাঁহ খেতি

শালি ধান চপোৱাৰ পাছত ঘাঁহ খেতি

ধান খেতিয়েই হ’ল অসমৰ প্ৰধান খেতি। অসমৰ মুঠ মাটিকালি ৭৮.৫২ লাখ হেক্টৰৰ ভিতৰত কৃষিৰ মাটিকালি হৈছে প্ৰায় ৩৫ লাখ হেক্টৰ আৰু ইয়াৰে মুঠ মাটিকালি ৬৬ শতাংশ অকল ধানখেতিয়েই আগুৰি আছে। উক্ত ২৩ লাখ হেক্টৰ ধান খেতিত মাটিৰ ১৮ লাখ হেক্টৰ মাটিত অকল শালি ধানৰ খেতি কৰা হয়। অসমত শালিধানৰ খেতি সাধাৰণতে জেঠ আহাৰমাহত কঠীয়াতলীত ছটিয়াই শাওণ-ভাদ মাহত পথাৰত কঠীয়া ৰোৱা হয় আৰু আঘোণ-পুহ মাহত চাপোৱা হয়। আমি দেখি আহিছোঁ যে যালি ধানৰ খতি চপোৱাৰ পাছত অৰ্থাৎ আঘোণ-পুহ মাহৰ পৰা বহাগ-জেঠ মাহলৈ সৰহভাগ মাটি এনেয়ে চন পৰি থাকে। ঠাই বিশেষে জলসিঞ্চনৰ সুবিধা থকা ঠাইত অলপ-অচৰপ ঘেঁহু খেতি বা অন্তৱৰ্তী খেতি যেনে-মটৰমাহ, নাইজাৰ, লিনচিড্‌, খেচাৰি আদি কৰা দেখা যায়। এইটো নিশ্চিত যে আমাৰ দেশ কৃষিজাত সামগ্ৰী উৎপাদনত স্বাৱলম্বী হ’বলৈ খেতি পথাৰবোৰ বছৰৰ সকলো সময়তে শস্যেৰে ভৰি থাকিব লাগিব। কৃষিৰ উন্নতিৰ কথা ক’লে মানুহৰ খাদ্য উৎপাদনৰ লগতে আমাৰ গৰু-ম’হৰ খাদ্যৰ কথাটোও চিন্তা কৰিব লাগিব। উপযুক্ত আৰু উচিত পৰিমাণৰ খাদ্যৰ যোগানৰ অবিহনে আমাৰ গৰু-ম’হবোৰৰ পৰা আমি ভাল উৎপাদন আশা কৰিব নোৱাৰোঁ। সেয়েহে বছৰৰ সকলো সময়তে উপযুক্ত পৰিমাণৰ ঘাঁহৰ যোগান ব্যৱস্থা আমি কৰিব লাগিব। সমীক্ষাৰ পৰা দেখা গৈছে যে অসমত যিমানবোৰ গৰু-ম’হ আছে তাৰ তুলনাত সিহঁতৰ লাগতিয়াল আহাৰৰ পৰিমাণ নিচেই কম। সেয়েহে ভাৰতৰ আন উন্নতশীল ৰাজ্য যেনে-পঞ্জাব, হাৰিয়ানা আদিৰ তুলনাত অসমৰ গৰু-ম’হৰ উৎপাদন ক্ষমতা অতি কম। উৎপাদন ক্ষমতা কম হোৱাৰ কাৰণ যদিও বহুতো। তাৰ ভিতৰত ঘাঁহৰ নাটনিটোৱেই প্ৰধান বুলি ধৰিব পাৰি।

অসমত ঘাঁহৰ নিচিনা শ্ৰীবৃদ্ধিৰ দিশটোলৈ লক্ষ্য কৰিলে দেখা যায় যে- মৌচুমী বতৰত অৰ্থাৎ বহাগ-জেঠ মাহৰ পৰা কাতি-আঘোন মাহলৈ ঘাঁহৰ শ্ৰীবৃদ্ধি বেছি হয়। আহোণ-পুহ মাহৰ পৰা চ’ত-বহাগ মাহলৈ এই সময়ছোৱাত মাটিৰ আৰ্দ্ৰতা আৰু বায়ু মণ্ডলৰ উষ্ণতা যথেষ্ট কম হোৱা কাৰণে ঘাঁহৰ শ্ৰীবৃদ্ধি কমি যোৱা দেখা যায়। ফলস্বৰুপে আমাৰ গৰু-ম’হবোৰ শুকাই থোৱা ধানৰ খেৰ আদিৰ ওপৰতেই বৰ্তি থাকিবলগীয়া হয়। এই ধানৰ খেৰ আদিত গৰু-ম’হৰ বাবে উপযুক্ত পৰিমাণৰ খাদ্য দ্ৰব্য নাথাকে কাৰণে ইয়াৰ দ্বাৰা উৎপাদন বৃদ্ধি কৰিব নোৱাৰি। সেয়েহে এই সময়ছোৱাত যদি উপযুক্ত পৰিমাণৰ উন্নত মান বিশিষ্ট সেউজীয়া ঘাঁহৰ যোগান ধৰিব পৰা যায়, তেনেহ’লে আমাৰ গৰু-ম’হবোৰৰ পৰাও আশানুৰুপ ফল আশা কৰিব পাৰোঁ।

ভাৰতৰ আন ৰাজ্যৰ দৰে অসমত এই শীতৰ কালছোৱাত সকলোবোৰ ঘাঁহৰ খেতি কৰিব নোৱাৰি; কিয়নো এই ঘাঁহবোৰৰ খেতি জলবায়ু আৰু মাটিৰ গুণা-গুণৰ ওপৰত নিৰ্ভৰশীল। পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যত শীতকালত বাৰচিম, লুচাৰ্ন, চেঞ্জি আদি চিৰাজাতীয় ঘাঁহৰ খেতি বেছি পৰিমাণে কৰা দেখা যায়। আনহাতে অসমত এই উচ্চমান বিশিষ্ট চিৰাজাতীয় ঘাঁহবোৰৰ খেতি মাটিৰ অধিক অম্লীয়তা গুণৰ কাৰণে কৰিব নোৱাৰি বা কৰিলেও ভাল ফল পোৱা নাযায়। অসমত শীতকালত কৰিব পৰা ঘাঁহ খেতিৰ ভিতৰত ওট ঘাঁহেই প্ৰধান। ইয়াৰ উপৰি এই ওট ঘাঁহৰ লগত বা বেলেগে মটৰ মাহ, চাইনিজ কেবেজ আদিৰ ঘাঁহৰ খেতিও কৰিব পৰা যায়। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটত থকা সৰ্ব্বভাৰতীয় সমন্বয়ৰক্ষী ঘাঁহ শস্য প্ৰকল্পৰ অধিনত কৰা গৱেষণাৰ পৰা জনা গৈছে যে মজলীয়া বা বাম মাটিত শালিধান কটাৰ পাছত ওট ঘাঁহ অতি সহজে কৰিব পাৰি। সেয়েহে আমাৰ কৃষক বন্ধুসকলক ওট ঘাঁহৰ উন্নত কৃষি পদ্ধতিৰ বিষয়ে অৱগত কৰিব খুজিছোঁ। ওট ধান জাতীয় শস্যৰ ভিতৰত পৰা এবিধ বছৰেকীয়া ঘাঁহ শস্য। শীতপ্ৰধান আৰু আৰ্দ্ৰতা থকা নাতিশীতোষ্ণ ঠাই ইয়াৰ কাৰণে উত্তম। অতি বেছি শীত আৰু কুঁৱলী পৰা ঠাই ইয়াৰ শ্ৰীবৃদ্ধিৰ কাৰণে ভাল নহয়। এইবিধ ঘাঁহে ধান আদি শস্যৰ দৰে পোখা মেলে আৰু ১-১.৫ মিটাৰ পৰ্য্যন্ত ওখ হয়। পাতবোৰ প্ৰায় ২৫ চেঃ মিঃ দীঘল হয় আৰু ১.৫ চেঃ মিঃ বহল হয়। ফুলধৰা অৱস্থাত কাটিলে এইবিধ ঘাঁহত শতকৰা প্ৰায় ১০.৮ ভাগ ক্ৰড্‌ প্ৰোটিন থাকে।

এতিয়ালৈকে ওট ঘাঁহৰ বহুতো জাত উদ্ভাৱন কৰা হৈছে যদিও অসমৰ জলবায়ুৰ কাৰণে কেণ্ট, এইচ, জে ১১৪, জে, এইচ, ও-৮১৯ আৰু ৮২২ জাত কেই বিধ ভাল বুলি প্ৰমাণিত হৈছে।

এইবিধ ঘাঁহ কতি-আঘোণ মাহৰ পৰা পুহৰ মাজ ভাগলৈ সিঁচিব পাৰি। গতিকে অধিক উৎপাদনক্ষম চাপৰ জাতৰ শালিধানৰ খেতি কৰিলে কাতি মাহৰ ভিতৰতেই ধান কাটি ওট ঘাঁহ সিঁচিব পাৰি। আনহাতে ওখ জাতৰ থলুৱা শালিধানৰ খেতি কৰিলে আঘোণ মাহৰ পৰা পুহ মাহৰ প্ৰথম ভাগত কাটি সেই সময়ৰ ভিতৰতেই অনায়াসে ওট ঘাঁহৰ খেতি কৰিব পৰা যায়। অৱশ্যে সিঁচাৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি কেইবাৰ ঘাঁহ কাটিব পাৰি তাক ঠাৱৰ কৰিব পাৰি। কাতি মাহৰ ভিতৰত সিঁচিলে অনায়াসে দুবাৰ ঘাঁহ চপাব পাৰি। পুহ মাহৰ প্ৰথম পষেকত সিঁচিলে এবাৰ মাত্ৰ ঘাঁহ কাটিব লাগে। দুবাৰ ঘাঁহ কাটিবলৈ প্ৰথমবাৰ গেৰ ধৰাৰ আগমুহূৰ্তত অৰ্থাৎ সিঁচাৰ প্ৰায় ৫৫-৬০ দিনৰ ভিতৰত আৰু দ্বিতীতবাৰ ফুলধৰা অৱস্থাত কটা উচিত। এবাৰতকৈ বেছি কাটিবলৈ হ’লে ঘাঁহবোৰ মাটিৰ উপৰি ভাগৰ পৰা ১০-১২ চেঃ মিঃ ওপৰত কাটিব লাগে। জলসিঞ্চনৰ সুবিধা থাকিলে প্ৰথমবাৰ কটাৰ ঠিক পাছতেই পানী যোগান ধৰিব লাগে।

এই ঘাঁহৰ কাৰণে মাটিডৰা ভালদৰে চাহ কৰি বন-আত আঁতৰাই মৈ দি মিহি কৰি ল’ব লাগে। বিঘাই প্ৰতি ১৩-১৪ কিঃ গ্ৰাঃ বীজ ২৫ চেঃ মিঃ ব্যৱধানত শাৰী শাৰীকৈ ৫-৬ চেঃ মিঃ মাটিৰ তলত পৰাকৈ সিঁচিব লাগে। শাৰী নকৰাকৈও সিঁচিব পাৰি যদিও পাছত বন-বাত নিয়ন্ত্ৰণ কৰাত অসুবিধা হয়। মাতি চহোৱাৰ সময়ত বিঘাই প্ৰতি ৬ কুইণ্টল পচনসাৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰৰ ভিতৰত ইউৰিয়া সাৰ বিঘাই প্ৰতি ৭-৮ কিঃ গ্ৰাঃ একক চুপাৰ ফচফেট ১৬-১৭ কিঃ গ্ৰাঃ আৰু মিউৰিয়েট অৱ পটাচ্‌ ৫ কিঃ গ্ৰাঃ সিঁচাৰ সময়ত প্ৰয়োগ কৰি ভালদৰে মাটিৰ লগত মিহলাই দিব লাগে। তাৰ উপৰি বীজ সিঁচাৰ ৩০-৩৫ দিনৰ ভিতৰত বিঘাই প্ৰতি ৪-৫ কিঃ গ্ৰাঃ ইউৰিয়া সাৰ উট ঘাঁহৰ শাৰীৰ মাজত প্ৰয়োগ কৰি পাতলকৈ কুৰিয়াই মাটিৰ লগত মিহলাই দিলে ভাল ফল পোৱা যায়। কেবাবাৰো ঘাঁহ কাটিবলৈ হ’লে প্ৰতিবাৰ কটাৰ পাছত বিঘাই প্ৰতি পুনৰ ৪-৫ কিঃ গ্ৰাঃ ইউৰীয়া সাৰ মাটিত প্ৰয়োগ কৰিব লাগে। বীজৰ অঙ্কুৰণ আৰু বৃদ্ধিৰ বাবে যাতে মাটিত যথেষ্ট পৰিমাণৰ জীপ থাকে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।

শালিধান চপোৱাৰ পিচত বা চপোৱাৰ ১০-১৫ দিন আগেয়ে খেচাৰী (মাটি কলাই) বিঘাই প্ৰতি ৬-৭ কিঃ গ্ৰাঃ সিঁচিও ঘাঁহ হিচাপে ইয়াৰ খেতি কৰিব পাৰি। এই সময়চোৱাত অসমত চিৰাজাতীয় ঘাঁহ হিচাপে কেৱল মাত্ৰ খেচাৰীৰ খেতিহে কৰিব পৰা যায়। এনেকৈ কৰা খেতিৰ পৰা বিঘাই প্ৰতি অনায়াসে ২০-২৫ কুইণ্টল সেউজীয়া ঘাঁহ পাব পৰা যায়।

শালিধানৰ পিচত কৰা ওট ঘাঁহৰ পৰা বিঘাই প্ৰতি ২৫-৩০ কুইণ্টল সেউজীয়া ঘাঁহ পাব পাৰি। গতিকে শালিধান চপোৱাৰ পাছত বিস্তৃত মাটি এনেয়ে পৰি থকালৈ লক্ষ্য ৰাখি আৰু ঘাঁহৰ নাটনিৰ কথাটো চিন্তা কৰি ওট ঘাঁহৰ খেতি অসমৰ কৃষক ৰাইজে কৰাটো নিতান্ত প্ৰয়োজন।

লিখক: ড কুমুদেশ্বৰ ঠাকুৰীয়া।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate