অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আগতীয়া আহু (ৰোৱা পদ্ধতি)

আগতীয়া আহু (ৰোৱা পদ্ধতি)

জাত সমূহ : (কৃষি জলবায়ু পৰিমণ্ডল অনুযায়ী)

(ক) আধুনিক অৰ্দ্ধচাপৰ জাত কৃষি জলবায়ু পৰিমণ্ডল কৃষিকাল (দিন হিচাপত) গুটিৰ চৰিত্ৰ ব্লাষ্টৰোগ প্ৰতিৰোধ শক্তি (আছে/নাই)
(1) পুছা ২-২১ ১,২,৩,৪,৬ ১১৫-১৩০ সৰু, মোটা নাই
(2) ৰাচী ২,৩,৪,৫ ১৩০-১৩৫ মজলীয়া, মিহি আছে
(3) ছকেট-৪ ১,২,৩,৪,৫,৬ ১২৫-১৩০ দীঘলীয়া, মিহি নাই
(4) আই আৰ-৫০ ১,২,৩,৫ ১১৫-১২৫ দীঘলীয়া, মিহি নাই
(5) গোবিন্দ ১,২,৫ ১১৫-১২৫ দীঘলীয়া, মিহি আছে
(6) ডি আৰ-৯১ (সুভদ্ৰা) ৪,৫ ১২০-১৩০ দীঘলীয়া, মোটা নাই
(7) আই আৰ-৩৬ ৩,৪,৫ ১২৫-১৩৫ দীঘলীয়া, মিহি আছে
(8) কাবেৰী ৪,৫ ১২০-১২৫ ছুটি, মোটা আছে
(9) কালচাৰ-১ ২,৩,৪,৫ ১০০-১০৫ দীঘলীয়া, মিহি আছে
(10) ৰত্না ১,৪,৫ ১২৫-১৩০ দীঘলীয়া, মিহি আছে
(11) কৃষ্ঞা ৩,৫ ১৩০-১৩৫ মজলীয়া  মিহি -
(12) জয়া ১,২,৩,৫,৬ ১৪০-১৪৫ দীঘলীয়া, মোটা -
(13) আই আৰ-৮ ২,৩,৫,৬ ১৪০-১৪৫ দীঘলীয়া, মোটা -
(14) লুইত ২,৩,৪,৫ ১০০-১০৫ দীঘলীয়া, মিহি আছে
(15) কপিলী ২,৩,৪,৫ ১০০-১০৫ দীঘলীয়া, মিহি আছে
(খ) ওখ জাত
(1) পাঞ্জা শালি ৩,৪ ১১৫-১২৫ নাই
(2) কৈজাপৰি ৯৫-১০৫ নাই
(3) লাউজুলি ১১৫-১২০ নাই
(4) হাচাকুম্ৰা ৮০-৮৫ - -

ব্লাষ্ট আক্ৰান্ত অঞ্চলত অনুমোদন জনোৱা হোৱা নাই৷

অৰ্দ্ধচাপৰ জাতৰ কৃষি কাল তিতাবৰ গবেষণা কেন্দ্ৰত পৰীক্ষা কৰি নিৰ্ণয় কৰা হৈছে৷ স্হানীয় জাতৰ কৃষি কাল আঞ্চলিক গবেষণা কেন্দ্ৰত পৰীক্ষা কৰি নিৰ্ণয় কৰা হৈছে ৷

মাটি নিৰ্বাচন

জলসিঞ্চনৰ সুবিধা থকা আলতীয়া আৰু মধ্যম আলতীয়া মাটি নিৰ্বাচন কৰিব৷

বীজ নিৰ্বাচন

বীজবোৰ নিৰ্মল পানীত ডুবাই হাতেৰে লৰাই দিয়ক৷ তেতিয়া ওপঙি উঠা বীজবোৰ আতৰাই লৈ, তলত ডুব যোৱা বীজবোৰ নিৰ্বাচন কৰিব৷

বীজতলীত বীজসিঁচা

ফেব্ৰুৱাৰীৰ মাজ ভাগত কঠীয়া তলীত বীজ সিঁচিব লাগে৷

বীজ শোধন

বৰোধানৰ সৈতে একে৷

কঠীয়া

(ক) কঠীয়াতলী প্ৰস্তুতি: কঠীয়া সিঁচিব খোজা মটিডৰা ভালদৰে বোকা কৰি লৈ ১০ মিটাৰ দীঘল আৰু ১.২৫ মিটাৰ বহল বীজতলী প্ৰস্তুত কৰিব লাগে৷ প্ৰতিটো বীজতলীৰ মাজত ৩০ ছে: মিটাৰ পাৰ্থক্য ৰাখিব৷

(খ) সাৰ প্ৰয়োগ: প্রত্যেকখন বীজতলীত ২০-৩০ কি:গ্রা: গোবৰ বা পচন সাৰ ,৮০ গ্রাম ইউৰিয়া ,৮০ গ্রাম একক চুপাৰ ফছফেট আৰু ৪০ গ্রাম পটাচ সাৰ প্রয়োগ কৰিব।

(গ) বীজৰ পৰিমাণ: প্ৰতিখন বীজতলীত ৬৫০ গ্ৰাম ৰ পৰা ১০০০ গ্ৰামলৈকে ভালদৰে অংকুৰিত হোৱা বীজ সিঁচিব ৷ এক হেক্টৰ মাটিত ৰোবৰ বাবে ৪০-৪৫ কিলোগ্ৰাম বীজৰ কঠীয়াৰ প্ৰয়োজন৷

(ঘ) বীজতলীত শস্যৰক্ষা: কঠীয়াত ব্লাষ্ট ৰোগৰ দাগ দেখা পালেই বেভিষ্টিন (কাৰ্বেনডেজাইম) ঔষধ প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ মিহলাই অথবা হিনোচান ঔষধ (এদিফেনফছ) প্ৰতি লিটাৰ পানীত ১ মিলি লিটাৰকৈ মিহলাই স্প্ৰে কৰিব৷

(ঙ) পানী যোগানও পৰিচালনা : বীজতলীৰ মাজৰ খালি গাঁতটোত পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে মাটিডৰাত আদ্রাতাৰ অভাৱ নঘটে । ইযাৰ উপৰিও বীজতলীৰ পৰা কঠীয়া উঠোৱাৰ আগে আগে ২-৩ চে:মি: পানী ২-৩ দিনৰ আগেয়ে ৰখাতো প্রয়োজন ।

  • ৰুটনট নিমাটোড আৰু মজাখোৱা পোকৰ আক্ৰমণৰ সম্ভাৱনা থাকিলে বীজ সিঁচাৰ ৬-৭ দিনৰ পিচত প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰামকৈ কাৰ্বোফুৰানৰ (ফুৰাডন ৩ জি) দানা প্ৰয়োগ কৰিব ৷ নাইবা প্ৰতি বৰ্গমিটাৰত ফোৰেট (থিমেট ১০ জি) বা ডিয়াজিনন (বাচুদিন ১০ জি) ১ গ্ৰামকৈ প্ৰয়োগ কৰিব লাগে ৷
  • বীজতলীত নিমাটোডৰ সমস্যা নেথাকিলে যিকোনো পোকৰ আক্ৰমণৰ বিৰুদ্ধে আৱশ্যক হলে তলত দিয়া তালিকা অনুসৰি যিকোনো এবিধ ঔষধ প্ৰয়োগ কৰিব ৷ সাধাৰণতে সকলোবোৰ পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সিঁচাৰ পৰা ৫-৭ দিনৰ পিচত ঔষধ প্ৰয়োগ কৰিব লাগে ৷

ঔষধৰ নাম
প্ৰতি বৰ্গ মিটাৰত মিলিলিটাৰ হিচাবত
ক্লৰপাইৰিফচ্
০.১০
খুইনালফচ্
০.১৫
মনক্ৰটফচ্
০.১২
ফচফমিদন
০.০৭
এন্দোচালফান
০.১৪

হস্তচালিত স্প্ৰেয়াৰত প্ৰতি ১০ বৰ্গমিটাৰত ৪০০ মিলিলিটাৰ মিশ্ৰণ

যন্ত্ৰচালিত স্প্ৰেয়াৰত প্ৰতি ১০ বৰ্গমিটাৰত ১০০ মিলিলিটাৰ মিশ্ৰণ

(চ) ৰোৱাৰ আগতে কঠীয়াৰ প্ৰাথমিক প্ৰতিৰোধক ব্যৱস্হা: মজাখোৱা পোক, গলমিজ আৰু চগাপোক দমনৰ বাবে, তুলি অনা কঠীয়াৰ পুলিবোৰৰ শিপাৰ অংশটো শতকৰা ১ ভাগ ইউৰিয়াৰ লগতে শতকৰা ০.০২ ভাগ শক্তিযুক্ত ক্লৰপাইৰিফচ্ ঔষধ ( ১ লিটাৰ পানীত ১ মি: লি: ) পানীত ৩ ঘন্টা সময় ডুবাই ৰাখিব৷

ইয়াৰ বিকল্প হিচাবে, কঠীয়াবোৰ তলীৰ পৰা তুলি অনাৰ ৫-৭ দিনৰ আগতে কাৰ্বফুৰাণ (ফুৰাদন ৩ জি) ঔষধ প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰামকৈ নাইবা ফৰেট (থিমেট ১০ জি) প্ৰতি বৰ্গমিটাৰত ১ গ্ৰামকৈ বা ডিয়াজিনন (বাচুদিন ১০ জি) প্ৰতি বৰ্গমিটাৰত ১ গ্ৰামকৈ প্ৰয়োগ কৰিব৷

জলসিঞ্চন

কঠীয়াতলী জেকাকৈ ৰাখিবলৈ মাজৰ খাল বোৰত পানী জমা কৰি ৰাখিব লাগে ৷ কঠীয়াবোৰ তুলি অনাৰ অগেয়ে কঠীয়াতলী ডুব যোৱাকৈ জলসিঞ্চন কৰিলে সহজতে কঠীয়া উঘালিব পৰা যায়৷

পথাৰ প্ৰস্তুতি

  • কঠীয়া ৰোৱাৰ ২১-২৪ দিনৰ আগতে মাটিডৰা এবাৰ জলসিঞ্চন কৰি লব৷ তাৰপিছত ভালদৰে হালবাই চহাই লব৷
  • কঠীয়া ৰোৱাৰ ১০-১২ দিনৰ অগতে দ্বিতীয়বাৰ জলসিঞ্চন কৰি লৈ তাৰপিছত হালবাই বোকা কৰি দিব ৷ মাটিডৰাৰ চাৰিওফালে থকা আলিবোৰ মেৰামতি কৰি লব ৷ দ্বিতীয়বাৰ হালবোৱাৰ পিছতেই আৰু এবাৰ জলসিঞ্চন কৰি মাটিডৰা পানীৰে ডুবাই ৰাখিব ৷
  • কঠীয়া ৰোৱাৰ আগে আগে শেষবাৰ বোকা কৰাৰ আগতেই এবাৰ জলসিঞ্চন কৰিব ৷ (প্ৰতিবাৰতে জলসিঞ্চনৰ গভীৰতা ৫+২ চেন্টিমিটাৰ ৷) অতিৰিক্ত পানী জমা হলে উলিয়াই দিয়াৰ ব্যৱস্হা কৰিব লাগে ৷

সাৰ প্ৰয়োগ

সাধাৰনভাৱে সাৰুৱা মাটিত ৰাসায়নিক সাৰৰ উপৰিও প্ৰতি হেক্টৰ মাটিত ১০ টনকৈ পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব৷

ৰাসায়নিক সাৰ

অৰ্দ্ধচাপৰ জাতৰ বাবে :
পুষ্টিৰ পৰিমাণ কি: গ্ৰাম/হেক্টৰ ৰাসায়নিক সাৰ কি: গ্ৰাম/হেক্টৰ   কি: গ্ৰাম/বিঘা
নাইট্ৰোজেন ৪০ ইউৰিয়া ৮৮ ১২
ফচফৰাচ ২০ একক চুপাৰ ফচফেট ১২৫ ১৭
পটাছ ২০ এম. অ’ পি ৩৩
ওখ জাতৰ বাবে :
নাইট্ৰোজেন ২০ ইউৰিয়া ৪৪
ফচফৰাচ ১০ একক চুপাৰ ফচফেট ৬২
পটাছ ১০ এম. অ’ পি ১৬
  • একক চুপাৰ ফচফেটৰ অভাৱত ওপৰত দিয়া নাইট্ৰোজেন  আৰু ফচফৰাচৰ অনুপাতত ডাই এমনিয়াম ফচফেট (ডি: এ: পি:) সাৰ প্ৰয়োগ কৰিব পৰা যায়৷
  • অসমৰ প্ৰায় সকলো বিলাক ধান উৎপাদন হোৱা অঞ্চলতেই উপৰোক্ত পৰিমাণৰ সাৰ ব্যৱহাৰ কৰিব পাৰি৷ অৱশ্যে সাৰ নথকা মাটি হলে সাৰৰ পৰিমাণ পতি হেক্টৰত নাইট্ৰোজেন  ৬০ কিলোগ্ৰাম, ফছফৰাচ ৩০ কিলোগ্ৰাম আৰু পটাছ ৩০ কিলোগ্ৰামলৈ বৃদ্ধি কৰিব পাৰি ৷ উপযুক্তভাৱে অমৃত বা দানাযুক্ত মিশ্ৰিত সাৰো প্ৰয়োগ  কৰিব পৰা যায়৷

সাৰ প্ৰয়োগৰ সময়

শেষৰ বাৰ পথাৰ বোকা কৰোঁতে প্ৰাথমিক সাৰ হিচাপে ইউৰিয়া সাৰৰ তিনিভাগৰ এভাগ, সমুদায় ফচফেট আৰু পটাছ প্ৰয়োগ কৰিব৷ ইউৰিয়া সাৰৰ দ্বিতীয় তিনিভাগৰ এভাগ পোখা মেলা সময়ত আৰু তৃতীয় তিনিভাগৰ এভাগ ফুল ধৰাৰ সময়ত প্ৰয়োগ কৰিব৷ ইয়াৰ লগে লগে বন-বাত নিৰাব ৷ কঠীয়া ৰোৱাৰ ২৫-৩৫ দিনৰ পিছত অৰ্থাৎ পোখা মেলি থকা সময়তে  নাইট্ৰোজেন দ্বিতীয় তিনিভাগৰ এভাগৰ লগতে ফছফেট সাৰো প্ৰয়োগ কৰিব পাৰি ৷

এজ’লাৰ প্ৰয়োগ : নাইট্ৰোজেন  যুক্ত সাৰৰ অনুপূৰক

নাইট্ৰোজেন  সাৰৰ অনুপূৰক হিচাপে এজ’লা প্ৰয়োগ কৰিব পাৰি ৷ মাটিডৰা শেষবাৰ বোকা কৰি লোৱাৰ ২-৩ সপ্তাহ আগেয়ে পথাৰত ৫-১০ চে: মি: পানী ৰাখি ৫০০ কিলো নতুন এজ’লা প্ৰয়োগ কৰিব ৷ এজ’লা প্ৰয়োগৰ সময়ত হেক্টৰে প্ৰতি ৮-১০ কিলোগ্ৰাম ফচফৰাচ সাৰ (একক চুপাৰ ফছফেট) প্ৰয়োগ কৰিব ৷ গতিকে কঠীয়া ৰোৱাৰ সময়ত এই পৰিমানৰ ফচফৰাচ সাৰ কমাই প্ৰয়োগ কৰিব৷

কঠীয়াবোৰ ৰোৱাৰ পিছতো পথাৰত আবদ্ধ হৈ থকা পানীত প্ৰতি হেক্টৰত ৫০০ কিলোগ্ৰামকৈ নতুন এজ’লা প্ৰয়োগ কৰিব পাৰি৷ কঠীয়া ৰোৱাৰ সময়ত অনুমোদিত পৰিমাণৰ ফচফৰাচ সাৰ প্ৰয়োগ কৰিলে, এজ’লা প্ৰয়োগৰ সময়ত আৰু ফচফৰাচ সাৰ প্ৰয়োগ কৰিব নালাগে৷ এজ’লা নিজে নিজে বৃদ্ধি হৈ পথাৰ ভৰি পৰিব ৷ এজ’লাৰ বৃদ্ধি দ্ৰুত গতিত কৰিবলৈ হলে পথাৰখনত ৫-১০ চে: মি; পানী ৰখাৰ ব্যৱস্হা কৰিব লাগে ৷ সাধাৰণতে ২ সপ্তাহমান পিছতে এজ’লা যথেষ্ট পৰিমাণে বৃদ্ধি হয় ৷ সেই সময়ত পানীবোৰ বাহিৰলৈ উলিয়াই এজ’লা মাটিৰ সৈতে মিহলাই দিব লাগে ৷ কিন্তু পানীৰ সোঁতত যাতে এজ’লা বাহিৰলৈ ওলাই যাব নোৱাৰে তাৰ বাবে সতৰ্ক হব৷ পথাৰডৰা পোকৰ দ্বাৰা আক্ৰান্ত নহবৰ বাবে এজ’লাবোৰ প্ৰয়োগ কৰাৰ আগেয়ে প্ৰতি কিলো এজলা ১ গ্ৰাম ফৰাডন ঔষধেৰে শোধন কৰি ২ ঘন্টা সময় পলিথিন কাগজেৰে ঢাকি থব লাগে ৷ ফলত পথাৰত এজ’লা সোনকালে বৃদ্ধি পাব ৷ তথাপি পথাৰত এজ’লা আক্ৰান্ত হোৱা দেখিলে প্ৰতি বৰ্গ  মিটাৰত ৩ গ্ৰামকৈ ফুৰাডন ৩ জি ঔষধৰ দানা ছটিয়াই দিব লাগে ৷ 
দঃ ঠাই বা পুখুৰী বা কৃত্ৰিম পুখুৰী আদিত এজ’লা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ তেনে এজ’লা মাটি প্ৰস্তুত কৰোঁতে হেক্টৰে প্ৰতি ৬ টনকৈ মাটিত মিহলাই দিব লাগে৷

এজ’লা প্ৰয়োগ কৰা বা মিহলাই দিয়া মাটিত নাইট্ৰোজেন  সাৰ শতকৰা ৫০ ভাগ কমাই দিব পাৰি ৷

কঠীয়া ৰোৱাৰ সময়

মাৰ্চৰ শেষ ভাগৰ ভিতৰত কঠীয়া ৰোৱা শেষ কৰিব লাগে৷

কঠীয়া ৰোৱা

৪-৫ চে: মি: দ প্ৰতিটো গাঁতত ২-৩ ডালকৈ কঠীয়া ৰুব লাগে ৷ অৰ্দ্ধ চাপৰ জাতৰ বাবে ২০ × ১৫ চে: মি: ব্যৱধানত আৰু ওখ স্হানীয় জাতৰ বাবে ২০ × ২০ চে: মি: ব্যৱধানত কঠীয়া ৰুব লাগে ৷

খালী  ঠাইত কঠীয়া ৰোপন: কঠীয়া ৰোৱাৰ ৭-১০ দিন পাচত মৰা কঠীয়াবোৰ উভালি নতুন কঠীয়া ৰুব লাগে৷

পানী নিয়ন্ত্ৰণ

কঠীয়া ৰোৱাৰ ২-৩ দিন পাচৰ পৰা ১০ চে: মি: গভীৰতাৰ পানী যোগানৰ ব্যৱস্হা কৰিব লাগে ৷ পানী শুকাই যোৱাৰ ৩ দিনৰ পাচত আকৌ ৫ চে: মি: গভীৰতাৰ পানী দিব লাগে ৷ এইদৰে পানী যোগানৰ ব্যৱস্হা খেতি চপোৱাৰ ৭-১০ দিন আগলৈকে কৰিব লাগে৷

বনবাৰ নিৰণি

কঠীয়া ৰোৱাৰ ২০ আৰু ৪০ দিনৰ পিছত দুবাৰ বনবাত  নিৰাই দিব লাগে ৷ তাৰ সলনি নাইট্ৰোজেন সাৰ টপদ্ৰেচিং কৰাৰ সময়ত উইদাৰ মাৰি দিলেও হয় ৷ ৰাসায়নিক প্ৰথাৰে বনবাত নিৰাবলৈ হলে বনবোৰ গজালি ওলাই ২-৩ পতিয়া হোৱা অৱস্হাত ২,৪-ডি নামৰ বন মৰা ঔষধ প্ৰতি হেক্টৰত ০.৭৫ কিলোগ্ৰাম বন-পাতত স্প্ৰে কৰিব লাগে ৷

পথাৰত শস্য সংৰক্ষণৰ ব্যৱস্হা

(ক) ধান গছত পোক পৰুৱাৰ উপদ্ৰৱৰ হাত সাৰিবলৈ অৰ্থনৈতিক ক্ষয়-ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ঔষধ প্ৰয়োগ কৰিব ৷ ১নং তালিকাত আৰ্থিক ক্ষয়-ক্ষতিৰ পৰিসীমা দিয়া হৈছে ৷ যিবোৰ পোক-পৰুৱাৰ ক্ষেত্ৰত আৰ্থিক পৰিসীমা দিয়া হোৱা নাই, সেইবোৰ পোকৰ উপদ্ৰৱ খেতি পথাৰত দেখাৰ লগে লগে নিয়ন্ত্ৰণ ব্যৱস্হা  লব ৷

(খ) ২নং তালিকাৰ অনুমেদন অনুযায়ী বিভিন্ন পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ঔষধ প্ৰয়োগ কৰিব ৷

ব্লাষ্ট বেমাৰ

পোখা মেলাৰ সময়ত (কাৰ্বেনডেজাইম) বেভিষ্টিন (প্ৰতি লিটাৰ পানীত ১ গ্ৰাম) ঔষধ স্প্ৰে কৰিব ৷ ইয়াৰ উপৰিও হিনোচান (এডিফেনফছ্ প্ৰতি লিটাৰ পানীত এক মিলিলিটাৰ) পুষ্প উদ্গমন আৰু গেৰ ওলোৱাৰ সময়ত মুঠতে দুবাৰ স্প্ৰে কৰিব ৷

পাতৰ চিৰাত হোৱা ব্লাইট (বৌখা চবকা পৰা) বেমাৰ

এই ৰোগ নিয়ন্ত্ৰণৰ বাবে বেভিষ্টিন (কাৰ্বেনডেজাইম) (প্ৰতি লিটাৰ পানীত ০.৫ গ্ৰাম) অতি উত্তম ঔষধ ৷ এই ঔষধ ২ বাৰ স্প্ৰে কৰিব ৷ প্ৰথমবাৰ বেমাৰৰ আৰম্ভনিত আৰু দ্বিতীয়বাৰ তাৰ  ১০ দিনৰ পিছত ৷ বিকল্প হিচাপে কন্টানা ৫ ইচি ২ মি: লি: ১ লিটাৰ পানীৰ হিচাপত মিলাই পাতত চটিয়াব পাৰে ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate