অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘেঁহু খেতিৰ উন্নত কৃষি পদ্ধতি

ধানৰ পিছতেই ঘেঁহু অসমৰ অন্য এক প্ৰধান খাদ্য শস্য। ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত এতিয়াও আমাৰ ৰাজ্যখন স্বাৱলম্বী হ’ব পৰা নাই যদিও উপযুক্ত অধিক উৎপাদনক্ষম জাতৰ ব্যৱহাৰ, জলসিঞ্চনৰ সুবিধা আৰু অন্যান্য কাৰিকৰী কৌশল অৱলম্বনৰ জৰিয়তে অসমৰ ঘেঁহু খেতি কৰা কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে। আজিৰ পৰা তিনিটা দশক আগেয়ে তুলনামূলকভাৱে নতুন শস্য হিচাপে অসমত আত্মপ্ৰকাশ কৰা ঘেঁহু খেতিয়ে সম্প্ৰতি ৰাজ্যখনত জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে।

জাত

ঘেঁহু খেতিৰ অধিক উৎপাদনৰ বাবে উপযুক্ত জাতৰ নিৰ্বাচন অতি প্ৰয়োজনীয়। উপযুক্ত জাত একোটাৰ সৈতে অধিক উৎপাদনৰ উপৰিও কৃষিকাল, বিভিন্ন বেমাৰ-আজাৰ, পোক-পৰুৱা আদিৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা গুণ আদি নিহিত হৈ থাকে। অসমৰ বাবে অনুমোদিত ঘেঁহুৰ বিভিন্ন জাতৰ চাৰিত্ৰিক বৈশিষ্ট্য এনেধৰণৰ:

জাত

কৃষিকাল

উৎপাদন (কুইন্টল/বিঘা)

 

বৰষুণ নিৰ্ভৰশীল

জলসিঞ্চিত

বৰষুণ নিৰ্ভৰশীল

জলসিঞ্চিত

সোনালিকা

১০২-১০৭

১১৫-১২০

২.৪-২.৬

৪.০-৪.৬

ইউ.পি-২৬২

১০৬-১১১

১২০-১২৫

২.৫-৩.৩

৪.০-৪.৬

কে-৭৪১০

১০৬-১১১

১২০-১২৫

২.২-২.৯

৪.০-৪.৬

ডব্লিউ-এইছ.-২৯১

১০৬-১১১

১২০-১২৫

২.৬-৩.৩

৪.০-৪.৬

*ডব্লিউ.এল.-৪১০

১২০-১২৫

-

২.৬-৩.৩

-

এইছ.ডি.আৰ.-৭৭

১১০-১১৫

-

২.৬-৩.৩

-

*পাৰ্বত্য অঞ্চলৰ বাবে অন্য উল্লেখিত জাতসমূহৰ উপৰিও ব্যৱহাৰ কৰিব পৰা যায়।

নতুন অনুমোদিত জাত:

জাত

বীজ সিঁচা সময়

কৃষিকাল (দিন)

উৎপাদন (কুইন্টল/বিঘা)

ডি.বি.ডব্লিউ-১৪

৫ নবেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ

১০০-১০৫ (জলসিঞ্চিত অৱস্থাত)

৪.০-৪.৬

এইচ.ইউ. ডব্লিউ-৪৬৮

৫ নবেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ

১০০-১১০ (জলসিঞ্চিত অৱস্থাত)

৩.৩-৪.০

 

মাটি প্ৰস্তুতি:

প্ৰচুৰ পৰিমাণে জৈৱ সাৰ থকা বালিচহীয়া পলসুৱা মাটি ঘেঁহু খেতিৰ বাবে উপযুক্ত। আলতীয়া মাটিত ঘেঁহু খেতি কৰা উচিত নহয়।

পথাৰ প্ৰস্তুতি

ঘেঁহু খেতিৰ বাবে প্ৰস্তুত কৰা মাটিডৰা ভালদৰে হালবাই মিহি কৰি লোৱা প্ৰয়োজন। মাটিৰ চপৰাবোৰ ভালদৰে লুটিয়াই হালবোৱা উচিত আৰু মাটিত যাতে কোনো ধৰণৰ ডাংৰ চপৰা বা আগতে কৰা খেতিৰ মূঢ়া বা বনবাত আদি ৰৈ নাযায় তাৰ প্ৰতি নজৰ দিব লাগে। বীজ সিঁচাৰ এমাহ আগেয়ে প্ৰথমবাৰ হালবোৱা ভাল। মাটিডৰা ৪-৫ বাৰ হালবাই মৈয়াই সমান কৰি ল’ব লাগে।

বীজ সিঁচা সময়

অসমৰ বিভিন্ন কৃষি জলবায়ু পৰিমণ্ডলৰ বাবে ঘেঁহু বীজ সিঁচাৰ সময় নিৰ্দিষ্ট কৰি দিয়া হৈছে। এই অনুসৰি ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ মধ্যমণ্ডল আৰু নামনি মণ্ডলত ৫ নবেম্বৰৰ পৰা ১৫ ডিচেম্বৰ পৰ্য্যন্ত, ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ উজনিমণ্ডল আৰু পাৰ্বত্য অঞ্চলত ৫ নবেম্বৰৰ ৩০ নবেম্বৰ পৰ্য্যন্ত আৰু উত্তৰ সমভূমি অঞ্চলত ৫ নবেম্বৰৰ পৰা ২০ নবেম্বৰ পৰ্য্যন্ত বীজ সিঁচাৰ সময় ধাৰ্য্য কৰা হৈছে। শদিয়া মহকুমাৰ বাবে অক্টোবৰ মাহৰ মাজভাগত ঘেঁহুৰ ‘সোনালিকা’ নামৰ জাতবিধ সিঁচাৰ উপযুক্ত সময়।

বীজ শোধন:

শস্যডৰাৰ পৰৱৰ্তী কালছোৱাত বিভিন্ন বেমাৰ-আজাৰ নহ’বলৈ সিঁচাৰ আগেয়ে ঘেঁহু বীজবোৰ শোধন কৰি লোৱা প্ৰয়োজন। খেতিডৰা শিপা আৰু গুৰি পঁচা বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতি কিলোগ্ৰাম ঘেঁহুবীজ ৩ গ্ৰাম কেপটান (কেপটাফ) নামৰ ভেঁকুৰনাশক দৰবেৰে শোধন কৰি ল’ব লাগে। লুজ-স্মাট বেমাৰৰ পৰা খেতিডৰা বচাবলৈ প্ৰতি কিলোগ্ৰাম ঘেঁহু বীজ ৩ গ্ৰাম কাৰ্বোক্সিন (ভিটাভক্স) নাইবা ৩ গ্ৰাম কাৰ্বেনডাজিম (বেভিষ্টিন)নামৰ দৰবেৰে শোধন কৰা প্ৰয়োজন।

বীজৰ পৰিমাণ, দূৰত্ব আৰু বীজ সিঁচা: বীজৰ আকাৰ, অংকুৰণ ক্ষমতা, বীজ সিঁচা সময় আৰু শস্যক্ৰমৰ ওপৰত বীজৰ পৰিমাণ নিৰ্ভৰ কৰে। প্ৰতিবিঘা কৃষিভূমিৰ বাবে ১৩.৩-১৬ কিলোগ্ৰাম বীজৰ প্ৰয়োজন। দুটা শাৰীৰ মাজত দূৰত্ব ২০ ছেন্টিমিটাৰ ৰখাৰ লগতে বীজবোৰ ৩-৫ ছেন্টিমিটাৰ গভীৰতাত সিঁচিব লাগে। এই গভীৰতা কেতিয়াও ৫ ছেন্টিমিটাৰতকৈ বেছি হোৱা উচিত নহয়। বীজ সিঁচাৰ পিছত মাটিডৰা দীঘে পথালিয়ে দুবাৰ মৈয়াই দিব লাগে।ইয়াৰ ফলত বীজবোৰৰ অংকুৰণ সোনকালে হোৱাৰ লগতে সুষম হয়।

সাৰ প্ৰয়োগ

বীজ সিঁচাৰ আগেয়ে সীৰলুত ১০ ছেন্টিমিটাৰ গভীৰতাত সাৰ প্ৰয়োগ কৰিব লাগে। সাৰখিনি মাটিত ভালদৰে মিহলাই ৫ ছেন্টিমিটাৰ মাটিৰে ঢাকি দিব লাগে। ইয়াৰ সলনি মাটিডৰা শেষৰবাৰ হালবোৱাৰ আগেয়ে সাৰখিনি চটিয়াইও প্ৰয়োগ কৰিব পাৰি।

বৰষুণ নিৰ্ভৰশীল অঞ্চলত কৰা প্ৰতিবিঘা ঘেঁহু খেতিৰ বাবে ১১.৫ কিলোগ্ৰাম ইউৰিয়া, ১৬.৬ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু ৪.৪ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন। ৰাসায়নিক সাৰৰ লগতে মাটিডৰাত যথেষ্ট পৰিমাণে পচন সাৰ প্ৰয়োগ কৰা উচিত।

জলসিঞ্চিত পদ্ধতিত কৰা ঘেঁহু খেতিৰ বাবে অসমৰ কেইখনমান কৃষি মহকুমাৰ ক্ষেত্ৰত অনুমোদিত ৰাসায়নিক সাৰৰ পৰিমাণ এনেধৰণৰ:

কোকৰাঝাৰ, চিডলি, ধুবুৰী, ৰঙিয়া, বৰপেটা, যোৰহাট আৰু গোলাঘাট কৃষি মহকুমাৰ বাবে প্ৰতিবিঘা ঘেঁহু খেতিত প্ৰয়োগ কৰিবলগীয়া ইউৰিয়া, একক চুপাৰ ফচফেট আৰু মিউৰিয়েট অৱ পটাছ সাৰৰ পৰিমাণ ক্ৰমে ২৩, ৩৮ আৰু ৯ কিলোগ্ৰাম। গোৱালপাৰা মানকাছাৰ, মঙলদৈ, মৰিগাঁও আদিৰ ক্ষেত্ৰত এই পৰিমাণ ক্ৰমে ১৭, ২৮ আৰু ৯ কিলোগ্ৰাম। তেজপুৰ আৰু বিশ্বনাশ চাৰিআলিৰ বাবে প্ৰয়োগ কৰিবলগীয়া ৰাসায়নিক সাৰৰ পৰিমাণ ক্ৰমে ২৩, ২৮ আৰু ৯ কিলোগ্ৰাম। একেদৰে গুৱাহাটী কৃষি মহকুমাৰ বাবে প্ৰয়োগ কৰিবলগীয়া ইউৰিয়া, একক চুপাৰ ফচফেট আৰু মিউৰিয়েট অৱ পটাছ সাৰৰ পৰিমাণ ক্ৰমে ২৩, ২৮ আৰু ৯ কিলোগ্ৰাম হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত এই পৰিমাণ ক্ৰমে ২৩, ৩৮ আৰু ৬.৬ কিলোগ্ৰাম। কাৰ্বি আংলং জিলাত উল্লেখিত সাৰ তিনিবিধ ক্ৰমে ২৩, ১৯ আৰু ৮ কিলোগ্ৰামকৈ প্ৰয়োগ কৰিবলৈ অনুমোদন জনোৱা হৈছে।

জলসিঞ্চিত পদ্ধতিৰ খেতিৰ বাবে মুঠ অনুমোদিত ইউৰিয়া সাৰৰ আধাভাগ আৰু একক চুপাৰ ফচফেট আৰু পটাছ সাৰৰ সমুদায় অংশ প্ৰাথমিক সাৰ হিচাপে আৰু বাকী থকা ইউৰিয়া ভাগ মুকুট শিপা ওলোৱাৰ সময়ত প্ৰথমটো জলসিঞ্চনৰ ঠিক আগে আগে প্ৰয়োগ কৰিব লাগে।

জলসিঞ্চন

  • শুকান মাটিৰ ক্ষেত্ৰত বীজ সিঁচাৰ ৩-৪ দিন আগেয়ে মাটিডৰাত এবাৰ জলসিঞ্চন কৰিলে বীজৰ অংকুৰণ সোনকালে আৰু সুষমভাৱে হয়।
  • অসমৰ প্ৰতিটো কৃষি জলবায়ু পৰিমণ্ডলৰ বাবে ৬ ছেন্টিমিটাৰ গভীৰতাৰ দুটা জলসিঞ্চনৰ প্ৰয়োজন।
  • বীজ সিঁচাৰ ২০-২৫ দিন পিছত মুকুট শিপা ওলোৱা অৱস্থাত প্ৰথমটো জলসিঞ্চন কৰিব লাগে।
  • বীজ সিঁচাৰ ৭০-৭৫ দিন পিছত গেৰ ধৰা অৱস্থা দ্বিতীয়টো জলসিঞ্চনৰ প্ৰয়োজন।
  • শিপা অঞ্চলৰ পৰা ৫০ ছেন্টিমিটাৰ গভীৰতাৰ ভিতৰত ভূ-গৰ্ভস্থ জলপৃষ্ঠ থাকিলে জলসিঞ্চন কৰাৰ প্ৰয়োজন নহয়।

অপতৃণ নিয়ন্ত্ৰণ

ঘেঁহু খেতিত দেখা দিয়া অপতৃণে গড় হিচাপে ৩৩ শতাংশ পৰ্য্যন্ত উৎপাদন হ্ৰাস কৰে। অপতৃণৰ প্ৰাদুৰ্ভাৱৰ ফলত ঘেঁহুৰ উৎপাদন ৫০ শতাংশতকৈ অধিক হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। ঘেঁহু গছবোৰ ৪-৫ পাতযুক্ত হ’লে বনবাত নিৰাই দিব লাগে। ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থাত বীজ সিঁচাৰ বাবে ৩০-৩৫ দিন পাছত এৰেল’ন, টোলকান বা গ্ৰামিন’ন প্ৰতি হেক্টৰ কৃষিভূমিৰ বাবে ০.৫-০.৭৫ কিলোগ্ৰাম কাৰ্য্যকৰী ক্ষমতাযুক্ত দৰৱ ৭০০ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিলে সুফল পোৱা যায়। বীজ সিঁচাৰ ২০ দিন পিছত চক্ৰাকাৰ কোৰেৰে দুটা শাৰীৰ মাজৰ বনবাত নিৰাই দিব লাগে।

শস্যৰক্ষা

  • খেতিডৰাত লুজস্মাট বেমাৰৰ লক্ষণ দেখাৰ লগে লগে আক্ৰান্ত গছবোৰ উভালি পেলাব লাগে।
  • চিট ব্লাইট আৰু পাতত দাগ পৰা বেমাৰৰ লক্ষণ দেখাৰ লগে লগে ডাইথেন জেদ-৭৮ বা ইন্দোফিল এম.৪৫ নামৰ দৰৱ ১৭০-২০০ গ্ৰাম ০.২৫ শতাংশ গাঢ়তাত ১০ দিনৰ অন্তৰে অন্তৰে প্ৰতিবিঘাৰ বাবে প্ৰয়োগ কৰিব লাগে।
  • উইচিৰিঙা, কুমটি, ৰঙা আৰু বগা পৰুৱাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ মালাথিয়ন ৫ শতাংশ গুড়ি ঔষধ ৪-৪.৬ কিলোগ্ৰাম প্ৰতিবিঘাত প্ৰয়োগ কৰিব লাগে।
  • মোৱা পোক আৰু মজাখোৱা পোকৰ আক্ৰমণ ঘটাৰ লগে লগে ০.০৫ শতাংশ গাঢ়তাৰ ৩০-৪০ মি:লি ফছফামিডন ১০০ ই.চি. নাইবা ০.১ শতাংশ গাঢ়তাৰ ১৩০-১৭০ মি:লি: মালাথিয়ন ৫০ ই.চি. দৰব প্ৰতিবিঘাত প্ৰয়োগ কৰিব লাগে।
  • এন্দুৰৰ উপদ্ৰৱৰ পৰা শস্যডৰা ৰক্ষা কৰিবলৈ প্ৰতিটো গাঁতত ১-২ টা চেলফ’ছ, কুইকফ’ছ টেবলেট প্ৰয়োগ কৰিব পাৰি। ইয়াৰ পৰিৱৰ্তে ৮০ গ্ৰাম আটা বা মাকৈৰ গুৰি, ১০০ গ্ৰাম গুড়, ৫ গ্ৰাম শুকান বা ভজা মাছ আৰু ৫ গ্ৰাম জিংক ফছফাইড একেলগে মিহলাই লাৰু কৰি এন্দুৰৰ উপস্থিতি থকা অঞ্চলত বিষাক্ত খাদ্য হিচাপে প্ৰয়োগ কৰিব লাগে।

শস্য চপোৱা:

ঘেঁহু পকাৰ লগে লগে ৰ’দ থকা দিনত খেতিডৰা চপাব লাগে।

বীজৰ বাবে ঘেঁহু সংৰক্ষণ:

  • বেমাৰ-আজাৰৰ পৰা মুক্ত শস্যক্ষেত্ৰৰ পৰা ঘেঁহু বীজ সংৰক্ষণ কৰিব লাগে।
  • সেমেকা গুটি নীজ হিচাপে সংৰক্ষণ কৰিব লাগে।
  • গুটিবোৰ ৪-৬ দিন বা তাতকৈও অধিক সময়ৰ ৰ’দাই গুটিৰ জলীয় বাষ্পৰ পৰিমাণ ১২ শতাংশতকৈ কমাই বীজৰ বাবে সংৰক্ষণ কৰিব লাগে।
  • ভঁৰাল ঘৰত দেখা দিয়া পোক পৰুৱা নিবাৰণৰ বাবে প্ৰতি কিলোগ্ৰাম ঘেঁহু বীজৰ বাবে ২.৫ গ্ৰাম মালাথিয়ন ৫ শতাংশ গুড়ি দৰৱ প্ৰয়োগ কৰিব লাগে।
  • ডাঠ পলিথিন মোনা, টানকৈ সাঁফৰ মাৰিব পৰা ধাতুৰ পাত্ৰ বা জুৰিয়া ডুলিত ঘেঁহু বীজ সংৰক্ষণ কৰিব লাগে। এইদৰে সংৰক্ষিত প্ৰতি কুইণ্টল ঘেঁহুৰ বীজৰ বাবে ৩ মি:লি ইথিলিন ডাইব্ৰ’মাইডৰ একোটা এম্পল প্ৰয়োগ কৰিব লাগে।
  • প্ৰয়োজনসাপেক্ষে বীজবোৰ মাজে মাজে ৰ’দাই থাকিব লাগে।

উৎস: কৃষি বিভাগ, অসম

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate