অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মগুমাহৰ খেতি

জাতসমূহ

জাত
কৃষি কাল (দিন)
উৎপাদন কুইন্টল/হেক্টৰত
প্ৰথম ছেই চিঙাৰ সময়
বেমাৰ আৰু পোকপৰুৱাৰ লগত প্ৰতিক্ৰিয়া
টি ৪৪
৬০-৭০
১০-১২
৬৫-৭০
হালধীয়া পৰা আৰু পাতত দাগ পৰা বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়
কপাৰ গাওঁ
৬০-৭০
৮-৯
৬৫-৭৫
,,
কে ৮৫১
৬০-৭০
১৪
৬০-৬৫
হালধীয়া পৰা আৰু পাতত দাগ পৰা বেমাৰৰ ক্ষেত্ৰত সহনশীল
এম এল ৫৬
৬৫-৭০
১০-১৪
,,
,,
পি আই এম এচ ১
,,
১০-১৪
,,
,,
এম এল ১৩১*
,,
১০-১৪
,,
,,

নতুনকৈ অনুমোদিত গ্রীষ্মকালীন মগুমাহৰ জাতসমূহ

জাত
কৃষি কাল (দিন)
উৎপাদন কুইন্টল/হেক্টৰত
কৃষি পৰিমণ্ডলৰবাবে অনুমোদিত
বেমাৰ আৰু পোকপৰুৱাৰ লগত প্ৰতিক্ৰিয়া
১.এচ-জি ১(প্রতাপ)
৬০-৭০
১২-১৪
বৰাক উপত্যাক বাহিৰে আন সকলো পৰিমণ্ডলৰ বাবে
পাতত দাগ পৰা বেমাৰ(Cercospora Leaf spot) আৰু হালধীয়া পৰা মজাইক বেমাৰ প্রতিহত কৰিব পৰা
২.এচ-জি ২১-৫
৬০-৭০
১২-১৪
বৰাক উপত্যাক বাহিৰে আন সকলো পৰিমণ্ডলৰ বাবে
পাতত দাগ পৰা বেমাৰ(Cercospora Leaf spot) আৰু হালধীয়া পৰা মজাইক বেমাৰ প্রতিহত কৰিব পৰা

এম এল ১৩১ জাতটোৰ বাহিৰে সকলো বোৰ জাত আটাইকেইটা কৃষি পৰিমণ্ডলৰ বাবে উপযুক্ত ৷ কিন্তু এম এল ১৩১ জাতটো অকল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ অঞ্চলৰ বাবেহে অনুমোদিত৷

মাটি নিৰ্বাচন

পানী আবদ্ধ নোহোৱা পলসুৱা মাটি এই খেতিৰ বাবে নিৰ্বাচন কৰিব লাগে ৷

মাটি প্ৰস্তুতি

২–৩ বাৰ ভালদৰে মাটি চহাই সমান কৰি লব লাগে ৷ মাটিডৰাৰ পৰা পানী সোনকালে ওলাই যাব পৰা ব্যৱস্হা কৰি লব লাগে ৷

বীজ সিঁচাৰ সময়

ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা মার্চ মাহৰ মাজভাগলৈকে

মধ্য ব্রক্ষপুত্র কৃষি পৰিমণ্ডলৰত মগুমাহ সিঁচাৰ সময় চেপ্তেম্বৰৰ প্রথমসপ্তাহলৈকে পিচুৱায় দিব পাৰে য'ত বীজবোৰ ৫০ গ্রাম /কি: গ্রাম বীজত পি এচ বি(PSB) জাতীয় বীজ শোধন নকৰিলেও হয় । নতুবা চেপ্তেম্বৰৰ দ্বিতীয় সপ্তাহলৈ পিছুৱাব পাৰে য'ত বীজবোৰ পি এচ বি জাতীয় বীজ শোধন ঔষধৰ শোধন কৰি লব লাগিব ।

সাৰ প্ৰয়োগ: হেক্টৰে প্ৰতি ৪-৫ টন পচন সাৰ নাইবা বিঘাই প্ৰতি  ৬ কুইন্টল পচন সাৰ প্ৰয়োগ কৰিব ৷

পুষ্টিৰ নাম আৰু পৰিমান
সাৰ
সাৰৰ প্ৰয়োজন
কি: গ্ৰাম/ হেক্টৰত
কি: গ্ৰাম/বিঘাত
(ক) ৰাইজ’বিয়ামৰ অবিহনে
নাইট্ৰোজেন ১৫ ইউৰীয়া
৩২
৪.৫
ফছফৰাছ ৩৫ একক চুপাৰ ফছফেট
২২০
৩০
পটাছ ০ মিউৰেট অৱ পটাছ
-
-
(খ) ৰাইজ’বিয়ামৰ সৈতে
নাইট্ৰোজেন ১০ ইউৰিয়া
২২
ফছফৰাছ ৩৫ একক চুপাৰ ফছফেট
২২০
৩০
পটাছ ০ মিউৰেট অৱ পটাছ
-
-

ব্রক্ষপুত্রৰ উত্তৰ পাৰ, ব্রক্ষপুত্রৰ উজনি অঞ্চল আৰু নামনি ব্রক্ষপুত্র অঞ্চলৰ বাবে ১৫:৩৫:১০ কি: গ্রাম /হেক্টৰ অনুপাতে নাইট্রজেন ফছফৰাচ আৰু পটাচ সাৰ অনুমোদিত কৰা হৈছে। মধ্য ব্যক্ষপুত্র উপত্যকাৰ বাবে ১৫ কি:গ্রাম /হেক্টৰ হিচাবত পটাচ সাৰ অনুমোদিত কৰা হৈছে ।

পচন সাৰ অথবা পাম জাত সাৰ প্রয়োগ কৰিলে সেই অনুপাতে নাইট্রজেন সাৰৰ প্রয়োগ কমায় দিব লাগে । (১ টন পাম জাত /পচন সাৰত ৫ কি:গ্রাম নাইট্রজেন সাৰ পোৱা যায়।

দাইএমোনিয়াম ফছফেট(DAP) সাৰ হেক্টৰ প্রতি ৭৫ কি :গ্রাম অথবা বিঘাই প্রতি ১০ কি :গ্রাম ইউৰীয়া আৰু একক চুপাৰ ফছফেট সাৰৰ অৱিহনে প্রয়োগ কৰিব পাৰে । যিবোৰ ঠাইত বীজবোৰ ৰাইজবিয়ামৰ দ্বাৰা শোধিত নহয় ।

চুণ প্ৰয়োগ: দ’লমাইট লাইম জাতীয় চুণ বিঘাই প্ৰতি ৬৫.৫ কি: গ্ৰামকৈ যি ঠাইত বিভিন্ন ধৰণৰ খেতি কৰা হৈছিল তাতহে প্ৰয়োগ কৰিব লাগে৷ এই চুণ প্ৰয়োগৰ বাবে অনুমানিক খৰছ হ’ব বিঘাই ৬৬.০০ টকা৷

ৰাইজ’বিয়ামৰ কালচাৰৰ দ্বাৰা বীজ শোধন: যি কোনো এবিধ ৰাইজ’বিয়ামৰ জাত বা সঁচ বীজশোধন কৰিবৰ বাবে প্ৰয়োগ কৰিব পাৰে৷ প্ৰতি ৩–৪ কি:গ্ৰাম বীজৰ বাবে ১৫০ গ্ৰাম ৰাইজ’বিয়ামৰ প্ৰয়োজন হ’ব৷ এই ৰাইজ’বিয়ামৰ প্ৰয়োগৰ সকলো নির্দেশাৱলী ৰাইজ’বিয়ামৰ পেকেটতে পাব৷

বীজৰ পৰিমান

জাত শাৰীকৈ বীজ সিঁচা চতিয়াই বীজ সিঁচা
কি: গ্ৰাম/হেক্টৰ
কি: গ্ৰাম/বিঘা
কি: গ্ৰাম/হেক্টৰ
কি: গ্ৰাম/বিঘা
এ এ ইউ ৩৪ আৰু 
এ এ ইউ ৩৯
২০-২৫
২.৭-৩.০
২৫.৫
৩.৩
অন্য জাতৰ বাবে
১৫-১৮
২.০-২.৫
২০-২২
২.৭-৩.০

ব্যৱধান

শাৰীৰ পৰা শাৰীলৈ  = ৩০ চে:মিটাৰ
গছৰ পৰা গছলৈ    = ১০ চে: মিটাৰ

পৰিচৰ্য্যা

বীজ সিঁচাৰ ২০-২৫ দিনৰ পিছত এবাৰ বনবাত বোৰ নিৰাই দিব লাগে ৷

শস্যৰক্ষা

বেমাৰ / পোকপৰুৱা
ভেঁকুৰ নাশক / কীটপতঙ্গ নাশক
পৰিমান প্ৰতিহেক্টৰত
গাঢ়তা
স্প্ৰেৰ ব্যৱধান
(ক) বেমাৰ
১ ৷ পাতত দাগ পৰা কপাৰ অক্সিক্লোৰাইড (ব্লাইটষ্ক ৫০/ ফাইট্  লেন/ ফাইক’প) ১.৮-২.০ কি: গ্ৰাম ৬০০ৰ পৰা ৭০০ লিটাৰ পানীত ০.৩ শতাংশ ৭-১০ দিন
নাইবা
কাৰবেনডিজিম(বেভিষ্টিন) ৩০০-৫০০ গ্ৰাম ৬০০-৭০০ লিটাৰ পানী প্ৰতি হেক্টৰত ০.০৫ শতাংশ ১২-১৫ দিন
২ ৷ ব্লাইটবেমাৰ বেভিষ্টিন ,, ,, ,,
৩ ৷ পাউদাৰি মিলডিও চালফেষ্ক/ থায়ডিট ১.০-১.৪ কি:গ্ৰাম ঔষধ ৫০০-৭০০ লিটাৰ পানী প্ৰতি হেক্টৰত ০.২ শতাংশ এবমাৰ পৰিলক্ষিত হোৱাৰ মাত্ৰকে
নাইবা
হেষ্কাসুল ২.৫-৩.৫ কি:গ্ৰাম ঔষধ প্ৰতি হেক্টৰত ০.৫ শতাংশ
(খ) পোক পৰুৱা
১ ৷ মোৱা পোক মালাথিয়ন ৫০ ইচি ১.০-১.৫ লিটাৰ ঔষধ ৫০০-৭০০লিটাৰ পানী প্ৰতি হেক্টৰত ০.১-০.১৫ শতাংশ যদি প্ৰয়োজন হয় বাৰে বাৰে প্ৰয়োগ কৰিব
২ ৷ ফুটি পোক ,, ,, ,, ,,
৩ ৷ গুৱৰোৱা পোক ,, ,, ,, ,,
৪ ৷ হোৱাইট ফ্লাই (হালধীয়া পৰা বেমাৰ নিয়ন্ত্ৰণৰ বাবে) ডায়মিথয়েট (ৰগৰ ৩০ ইচি) ২ মি: লিটাৰ প্ৰতি লিটাৰ পানীত ০.২ শতাংশ অঙ্কুৰিত হোৱা ১০ দিনৰ পিছত তাৰ পিছত ১৫ দিনৰ ব্যৱধানত
নাইবা
এন্দোচালকান (থায়োদেন ৩৫ ইচি) ,, ০.০৭শতাংশ ,,
৫ ৷ হেয়াৰি কেটাৰ (বিছা জাতীয় পোকৰ বাবে) ,, ,, ০.০৭ শতাংশ ,,


শস্য চপোৱা

যেতিয়া শস্যডৰাৰ শতকৰা ৭৫ শতাংশ ছেই ডাঠ ৰঙৰ হয় আৰু হেঁচা মাৰিলেই ছেইবোৰ ফাটি যায় ঠিক সেইখিনি সময়তেই শস্য চপোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ ২–৩ বাৰতেই পূৰঠ ছেইবোৰ চিঙি শেষ কৰিব লাগে ৷

ভৰালত হোৱা পোক-পৰুৱা নিয়ন্ত্রণ

ভালদৰে ৰ'দত শুকুৱা মগুমাহৰ বীজবোৰ ৩ গ্রাম /কি: গ্রাম পৰিমাণৰ জালুকৰ গুড়িত মিহলায় ফুটাপোকৰ আক্রান্ত কৰিব নোৱাৰাকৈ সংৰক্ষণ কৰিব পাৰি। এনেদৰে শোধন কৰা বীজবোৰ এটা পলিথিনৰ মোনাত ভৰায় আকৈ এইবেগটো অন্য এটা মৰাপাটৰ বেগত সুমুৱায় সংৰক্ষণ কৰিব পাৰে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate