অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰহৰৰ খেতি কেনেকৈ কৰা হয়?

জাঁত

কৃষি কাল

শস্য উৎপাদন (কুইণ্টল/হেক্টৰ)

বৈশিষ্ট্য

টি-২১

১৭০-২০০

১২-১৫

মধ্যমীয়া উচ্চতাৰ (১৭০-১৮৫ চে:)

টি-২১ সকলো পৰিমণ্ডলৰ বাবে অনুমোদিত।

বীজ সিঁচাৰ সময়: জুন-জুলাই মাহত বীজ সিঁচাৰ বাবে উত্তম।

মাটি: বালিচহীয়া, পলসুৱা মাটিৰ ৰহৰ খেতি ভাল হয়।

মাটি প্ৰস্তুতি: মাটিডৰা ৩-৫ বাৰ মান মাৰি মৈ দি সমান কৰি লৈ বনবাত নিৰাই ল’ব লাগে।

বীজৰ পৰিমাণ: ১২-১৫ কিলোগ্ৰাম/হেক্টৰ বা ১.৮-২.০ কিলোগ্ৰাম/বিঘা।

দূৰত্ব: শাৰীবদ্ধভাৱে কৰা খেতিত প্ৰতিটো শাৰীৰ মাজত ৭৫ চে:মি: দূৰত্ব আৰু প্ৰতি দুজোপা গছৰ মাজত ৩০ চে:মি: ব্যৱধান ৰাখিব লাগে।

চূণ প্ৰয়োগ: মাটিডৰা পৰীক্ষা কৰি মাটিৰ অল্মতা ৬ লৈ আনিবলৈ প্ৰয়োজন অনুসৰি কৃষিত ব্যৱহাৰিক চূণ সময়মতে প্ৰয়োগ কৰিব লাগে।

সাৰ প্ৰয়োগ: হেক্টৰে প্ৰতি ৪.৫ টন বা বিঘাই প্ৰতি ৬ কুইণ্টল পথৰুৱা সাৰ বা পচনসাৰ প্ৰয়োগ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰি।

ৰাইজোবিয়াম কালচাৰ প্ৰয়োগ নকৰা খেতিত

সাৰ

ৰাসায়নিক সাৰৰ পৰিমাণ

নাইট্ৰজেন-১৫

ইউৰিয়া

৩২

ফচফৰাচ-৪০

একক চুপাৰ ফচফেট

২২০

৩৫

পটাছ-০

মিউৰেট অৱ পটাছ

-

-

ৰাইজোবিয়াম কালচাৰ প্ৰয়োগ কৰা খেতিত

সাৰ

ৰাসায়নিক সাৰৰ পৰিমাণ

নাইট্ৰজেন-১০

ইউৰিয়া

২২

ফচফৰাচ-৪০

একক চুপাৰ ফচফেট

২৫০

৩৫

পটাছ-০

মিউৰেট অৱ পটাছ

-

-

 

প্ৰতিপালন: বীজ সিঁচাৰ ২০-২৫ দিনৰ পিছত এবাৰ বনবাত নিৰাব লাগে।

শস্যৰক্ষা: (ক)ৰোগ

ৰোগ

প্ৰতিকাৰ

১) মৰহি যোৱা ৰোগ পাত হালধীয়া ৰঙৰ হৈ লেৰেলি যায়, আক্ৰান্ত ঠাল লেৰেলি শুকাই যায়।

আক্ৰান্ত গছসমূহ উভালি দূৰৈত জ্বলাই দিব লাগে। ট্ৰাইক’ডাৰমা ভিৰিডি (২.৫ কি:গ্ৰাম/হেক্টৰ) প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব লাগে।

২) পাতত দাগ পৰা ৰোগ।

ব্লাইটক্স-৫০ বা ফাইটোলান প্ৰয়োগ কৰিব লাগে ১.৮-২.০০ কি:গ্ৰাম ৬০০-৭০০ লি: পানীত মিহলাই স্প্ৰে কৰিব লাগে, ৭-১০ দিনৰ ব্যৱধানত। বেভিষ্টিন ৩০০-৫০০ গ্ৰাম ৬০০-৭০০ লিটাৰ পানীত মিহলাই ১২-১৫ দিনৰ ব্যৱধান স্প্ৰে কৰিব লাগে।

শস্যৰক্ষা: খ) পোক পৰুৱা

ৰোগ

প্ৰতিকাৰ

১) মোৱা পোক

২) ছেই-ফুটা কৰা পোক/প’ড ব’ৰাৰ

৩) এপিয়ন ব’ৰাৰ

৪) জেচিড

৫) পাত মেৰোৱা পোক

মালাথিয়ান-৫০ ইচি ১.০-১.৫ লিটাৰ বা ফেনিট্ৰিথিয়ন ১.০-১.৫ লিটাৰ প্ৰতি ৫০০-৭০০ লিটাৰ পানীত মিহলাই প্ৰতি হেক্টৰত স্প্ৰে কৰিব লাগে। ছেই ফুটা কৰা পোক আৰু এপিয়ন ব’ৰাৰ বাবে ফুল ওলোৱাৰ পৰা ১৫ দিনৰ অন্তৰত/ব্যৱধানত তিনিবাৰ স্প্ৰে কৰিব লাগে। জেচিড, পাত মেৰ খোৱা পোক আদিৰ বাবে প্ৰয়োজন অনুসাৰে স্প্ৰে কৰিব লাগে।

খেতি চপোৱা: ছেইবোৰ পূৰঠ হ’লে আৰু সামান্য হেচিলেই মেল খালে চপাবৰ হয়। ২-৩ বাৰত খেতি চপাই শেষ কৰিব লাগে।

উৎপাদন

১২-১৫ কুইণ্টল/হেক্টৰ।

পাহাৰৰ এঢলীয়া (২০-২৫%) মাটিত মগু বা মাটি মাহ আৰু তিলখেতিৰ সৈতে মাজে মাজে ৰহৰ খেতিও কৰিব পাৰি। ৰহৰ গছ শাৰী পাতি ৰুব লাগে। তেনেকুৱা অৱস্থাত ১৫ কি:গ্ৰাম নাইট্ৰজেন আৰু ৪০ কি:গ্ৰাম ফচফৰাচ প্ৰতি হেক্টৰত সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচা সময় জুলাইৰ শেষৰ সপ্তাহৰ পৰা আগষ্টৰ প্ৰথম সপ্তাহত।

উৎস: কৃষি বিভাগ, অসম।

শেহতীয়া উন্নীতকৰণ: : 3/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate