শীতকাল বা জাৰ কালত ফুলৰ খেতি কৰা হয়। তাৰ ভিতৰত ঋতুভিত্তিক বা এক বর্ষীয় ফুলৰ পয়োভৰ বেছি। এই একবষীয় ফুল যেনে নাৰ্জী, কেলেন্দুলা, পেনিক্স, ফ্লক্স, কাৰনেশ্যন, পিটুনিয়া, নেচটাৰচিয়াম এন্টিহিনাম, লুপিন, চিনেৰিয়া, চেলভিয়া, ছুটি, চুলতান, ডালিয়া, হলিহক, ছুটি পী, গেজেনিয়া, কৰ্নফ্লাৱাৰ, কছমছ ইত্যাদি। এই ফুল শস্যবোৰ সদায় বীজৰ পৰা বংশ বিস্তাৰ কৰা হয়। অৱশ্যে ডালিয়া ফুলৰ বংশ বিস্তাৰ বীজৰ উপৰি কোমল ডাল কাটি আৰু শিপাত হোৱা আলুৰ পৰাও বংশবিস্তাৰ কৰিব পাৰি। আলুৰ পৰা আৰু ডাল কাটি বংশ বিস্তাৰ কৰিলে পুলি গজালে ফুলৰ ৰং, আকাৰ উজ্জ্বলতা ইত্যাদিকে ধৰি গুণগত মান অটুট থাকে। ফুলৰ প্ৰতিযোগিতা আদিত যোগদান কৰিবৰ বাবে এটা ফুলৰ শস্যৰ দুই বা তিনিপাহ একে বয়সৰ, একে আকাৰৰ, উচ্চতা, উজ্জ্বলতা, সতেজতা আদি উল্লেখনীয় দিশ। নাৰ্জী ফুলৰ পুলি বীজৰ পৰা কৰা হয় যদিও কেতিয়াবা কোমল ডালৰ পৰাও বংশ বিস্তাৰ কৰা হয়। শীতকালৰ বহুবৰ্ষীয় ফুল শস্য যেনে-ইন্দ্ৰমালতী বা ক্ৰাইচেনথিমাম, জাৰবেৰা, ৰজনীগন্ধা আদি ফুলৰ বংশ বিস্তাৰ ডাল কাটি, পোখা পুলি আৰু মাটিৰ তলৰ আলুৰ দ্বাৰা কৰা হয়। গতিকে ইহঁতৰ ফুল ফুলাৰ পাছতো ভালদৰে যতন ললেহে পাছৰ বছৰ এই ফুলৰ ভাল ফুলৰ মান পোৱা যায়। অন্যহাতে, গ্লেডিঅলাছ ফুলৰ গছৰ তলত হোৱা ঘূৰণীয়া ক্ৰম বা পিয়াজসদৃশ আলুৰ পৰা বংশ বিস্তাৰ কৰা হয়। গোলাপ ফুলৰ ডাল কাটি বা কলি কলম অৰ্থাৎ বাডিং কৰি বংশ বিস্তাৰ কৰা হয়। গোলাপ ফুলৰ ক্ষেত্ৰত পুৰণা ডালবোৰ আঘোণ-পুহ মাহত গুৰিৰ পৰা ৮-১০ চেণ্টিমিটাৰ ওপৰত কাটি দি গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাই যথেষ্ট পৰিমাণে পচন সাৰ বা পচা গোবৰ বা কেচুঁসাৰ প্রয়োগ কৰিব লাগে৷ ফুলৰ আকাৰ ডাঙৰ হ’বলৈ হ’লে অনুমোদিত হাৰত সুষম হাৰত ৰাসায়নিক সাৰ প্রয়োগ কৰিব লাগে। সাধাৰণতে নাইট্ৰজেন,ফছফৰাছ আৰু পটাছ সাৰ ১:২:১ অনুপাতত প্রয়োগ কৰিব লাগে। শীতকালত ফুলৰ খেতি কৰি নিজৰ বাগিচাখনত নানাৰঙৰ ফুলেৰে সুশোভিত কৰিবলৈ হ’লে পানী যোগানত গুৰুত্ব দিব লাগে। কাৰণ এই সময়ত বৰষুণ নহয়, বতৰ ফৰকাল হৈ থাকে। গতিকে সকলো ফুল গছত প্রতিদিনে এবাৰ পানী যোগান ধৰিব লাগে। পানী পুৱা ভাগত দিয়া হয় যদিও আবেলি পানী দিব পাৰিলে গছজোপা গোটেই ৰাতি সতেজ হৈ থাকে আৰু ৰ’দ নথকা বাবে মাটিৰ পানীভাগ বাষ্পীভূত হৈ নেযায়। ফুলৰ গুৰিৰ পৰা ১০-১৫ দিন ব্যৱধানত বনবাতবোৰ নিৰাব লাগে, গুৰিবোৰ খুচৰি দি গুৰিত মাটি চপাই দিব লাগে। ফুল গছত সাধাৰণতে সাৰতকৈ জৈৱিক সাৰ যেনে পচা গোৱৰ, পচন সাৰ বা কেঁচুসাৰ যথেষ্ট পৰিমাণে দিব লাগে৷ ফুলৰ প্ৰতিযোগিতাত উৎকৃষ্ট ফুলৰ মানৰ অংশ গ্ৰহণৰ দিশলৈ চাই কিছুমান ফুলত নিয়মানুপাতে ৰাসায়নিক সাৰ প্রয়োগ কৰিব লাগে। ইন্দ্ৰ মালতী বা ক্রাইচেনথিমাম ফুল যদি মাটিৰ টাবত ৰোপণ কৰা হয় তেন্তে প্ৰতিটো টাবত পুলি ঠন ধৰি উঠাৰ পাছত তিনি গ্রাম একক ছুপাৰ ফছফেট সাৰ প্রয়োগ কৰিলে ভাল আকাৰৰ ফুল পোৱা যায়। মাটিত ইন্দ্ৰমালতী ফুল ৰোপণ কৰিলে প্রতি বর্গমিটাৰত ৩০ গ্রাম একক ছুপাৰ ফছফেট পচা গোবৰৰ লগত মিহলাই প্রয়োগ কৰিব লাগে। ডালিয়া ফুল মাটিত ৰোপণ কৰিলে প্রতিজোপা গছৰ বাবে ৩০-৪০ গ্রাম একক ছুপাৰ ফছফেট সাৰ প্রয়োগ কৰিব লাগে। গ্লেডিঅ'লাছ ফুলৰ ক্ষেত্ৰত ইউৰিয়া এভাগ আৰু ছুপাৰ ফছফেট আৰু মিউৰেট অব পটাছ সাৰ দুভাগ দুভাগ অনুপাতত (১:২:২) প্রয়োগ কৰিব লাগে৷ ফুলৰ আকাৰ ডাঙৰ আৰু উজ্জ্বলতা আনিবৰ বাবে ইন্দ্ৰমালতী, ডালিয়া, গ্লেডিঅলাছ আদি ফুলৰ ক্ষেত্ৰত জুলীয়া জৈৱিক সাৰ প্রয়োগ কৰিব লাগে। ইয়াৰ বাবে এক কিল’গ্ৰাম কেঁচা গোবৰ, ১০০ গ্রাম সৰিয়হৰ খলিহৈ মিহলাই দহ লিটাৰ পানীত মিহলাই ১০ দিন গাপ দি থব লাগে। আৰু মাজে সময়ে মিশ্রণটো লৰাই থাকিব লাগে। দহ দিনৰ পাছত মিশ্রণটোৰ পৰা এক মগ মিশ্রণ আকৌ দহ মগ পানীৰ লগত মিহলাই ফুল গছৰ গুৰিত প্রয়োগ কৰি থাকিব লাগে। নাৰ্জী, কেলেণ্ডুলা, ফ্লক্স, শস্যত পচনসাৰ বা গোবৰ সাৰ বা কেঁচুসাৰ যথেষ্ট পৰিমাণে প্রয়োগ কৰিলে উন্নতমানৰ ফুল পোৱা যায়।
লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 7/14/2022