অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সেউজ গৃহত কৰা খেতিৰ সুবিধা

সেউজ গৃহত কৰা খেতিৰ সুবিধা

  • সেউজ গৃহৰ ভিতৰৰ খেতিডৰা খৰাং, বতাহ-ধুমুহা আদি প্ৰতিকূল বতৰৰ দ্বাৰা ক্ষতিগ্ৰস্থ নহয়।
  • উন্নত মানৰ শস্য বছৰজুৰি বা আবতৰীয়াভাৱে পাব পৰা যায়।
  • আবতৰীয়া বা আগতীয়াকৈ কৰা শাক-পাচলিৰ খেতিৰ জৰিয়তে অধিক লাভ পাব পৰা যায়।উদাহৰণস্বৰুপে অধিক বৰষুণৰ বাবে মুকলিভাৱে কৰিব নোৱাৰা বিলাহী, গ্লেডিঅ’লাছ আদিৰ খেতি জহকালত সেউজ গৃহৰ ভিতৰত কৰিব পৰা যায়। ঠিক তেনেকৈ বায়ুমণ্ডলত কম তাপমান থকাৰ বাবে জাৰকালি মুকলিভাৱে কৰিব নোৱাৰা তিয়হঁৰ খেতি সেউজ গৃহৰ ভিতৰত কৰিব পাৰি।
  • সেউজগৃহৰ ভিতৰত কৰা খেতিত বেমাৰ আজাৰ, পোক-পৰুৱা আদিৰ উপদ্ৰৱ মুকলিভাৱে কৰা খেতিতকৈ সাধাৰণতে কম হোৱা দেখা যায়।

 

অসমত সেউজ গৃহৰ প্ৰসাৰঃ

অসমত প্ৰযুক্তি অভিযান, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আদি বিভিন্ন আঁচনিৰ জৰিয়তে ৰাজসাহাজ্য দি চৰকাৰে কৃষকসকলক সেউজগৃহত খেতি কৰাৰ বাবে উৎসাহ জগাই আহিছে। শেহতীয়াভাৱে ২০১১-২০১২ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ‘চহৰগোটৰ শাক-পাচলিৰ বাবে ৰাষ্ট্ৰীয় প্ৰচেষ্টা’ (এন ভি আই ইউ চি) শীৰ্ষক আঁচনিৰ জৰিয়তে কৃষকসকলক বছৰজুৰি শাক-পাচলি উৎপাদন কৰিব পৰাকৈ সেউজ গৃহ নিৰ্মাণ কৰি দিয়া হৈছে। ভাৰতৰ অন্যান্য ৰাজ্যবোৰৰ লগতে অসমতো এই আঁচনি আৰম্ভ হৈছে।  ২০১১-২০১২ বৰ্ষত অসমত এই আঁচনিখনৰ জৰিয়তে প্ৰায় ৬০০ টা পলিহাউচ আৰু ৫৩০টা প্লাষ্টিকৰ ছাঁ দিয়া নেট হাউছ বনাই দিয়া হৈছে। কামৰূপ, মৰিগাঁও, নলবাৰী আৰু দৰং জিলাৰ কৃষকসকলে এই আঁচনিৰ অধীনত লাভ কৰা পলিহাউচৰ ভিতৰত শাক-পাচলিৰ উৎপাদন কৰি গুৱাহাটী মহানগৰবাসীসকলৰ শাক-পাচলিৰ চাহিদা পূৰণ কৰাৰ কামত ব্ৰতী হৈ পৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাঁহিকুছিত অৱস্থিত ‘সুনিৰ্দিষ্ট পাম উন্নয়ন কেন্দ্ৰ’ চমুকৈ ‘পি এফ ডি চি’ (প্ৰিচিছন ফাৰ্মিং ডেভেলপমেণ্ট চেণ্টাৰ) নামৰ স্ংস্থাটোৱে সেউজ গৃহত কৰা খেতিৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণাৰ কাম কৰি আছে।

 

উৎসঃ উদ্যান শস্য আৰু খাদ্য স্ংসাধন সঞ্চালকালয়, অসম

 

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate