অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ থলুৱা আলংকাৰিক মাছ আৰু ইয়াৰ সংৰক্ষণ

অসমৰ থলুৱা আলংকাৰিক মাছ আৰু ইয়াৰ সংৰক্ষণ

প্ৰাকৃতিক জলৰাশিৰে নদন-বদন আমাৰ ৰাজ্য। আমাৰ ৰাজ্যখন নৈ, বিল, জলাধাৰ, পুখুৰী, হৃদ, দ খেতিপথাৰ আদিৰে ভৰি আছে। আমাৰ ৰাজ্যখন মৎস্য আবাদীৰ ক্ষেত্ৰ্ত চহকী। ৰাজ্যখনত সিঁচৰিত হৈ থকা জলৰাশিত বহু থলুৱা মাছ উপলব্ধ হয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ ২৭৪ বিধ প্ৰজাতিৰ মাছৰ অধীনত ১০ টা বৰ্গ, ৩৮ টা গোত্ৰ, ১১৪ টা গণৰ মাছ আছে। ই ভাৰতৰ অলৱণ পানীৰ মাছৰ মুঠ প্ৰজাতিৰ সংখ্যাৰ প্ৰায় ৩৩ শতাংশ। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত-

*অসমত ২১৬ টা মাছৰ প্ৰজাতি পোৱাৰ বিপৰীতে

*অৰুনাচল প্ৰদেশত ১৬৭ টা,

*মেঘালয়ত ১৫৭ টা,

*ত্ৰিপুৰাত ১৩৪ টা,

*মণিপুৰত ১২১ টা,

*নগালেণ্ডত ৬৮ টা,

*মিজোৰামত ৪৮ টা আৰু

*ছিকিমত ২৯ টা প্ৰজাতিৰ মাছ পোৱা গৈছে।

অসমত পোৱা ২১৬ বিধ থলুৱা মাছৰ প্ৰজাতিৰ ভিতৰত প্ৰায় ১০০ বিধ প্ৰজাতিৰ মাছৰ আলংকাৰিক মূল্য আছে। ইয়াৰ কেইবাবিধো মাছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা আছে। অসমত পোৱা আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা থকা থলুৱা মাছকেইবিধ হ’ল-

*চিতল,

*কান্ধুলি,

*লাওপুঠি,

*চেলেকনা,

*বেডিছ(বৈজ্ঞানিক নাম বেডিছ বেণ্ডিলিচিছ),

*বেডিছ ছাক্ৰা,

*জেব্ৰা ফিছ,

*ডঁৰিকনা(ডেনিঅ’ একুইপিন্নেটাচ)- ইয়াৰ পাঁচট প্ৰজাতি ক্ৰমে-

*পখৰা ডঁৰিকনা(ডেনিঅ’ ডেনজিলা),

*সুন্দৰী ডঁৰিকনা(ডেনিঅ’ ডেবাৰিঅ),

*ক’লা ডঁৰিকনা(পাৰলুচিঅ’ছ’মা ডেনিক’নিয়াছ, ইছ’মাছ ডেনৰিকাছ),

*ক’লীয়াজাৰ,

*নান্দনি,

*ঘিলা চন্দা(ওষ্টিঅ’ব্ৰামা ক’টিঅ’, ওষ্টিঅ’ব্ৰামা ক’টিঅ’ কিউমা),

*চকৰি পুঠি(পুন্টিয়াছ কনক’নিয়াছ, পুন্টিয়াছ ফুটনিঅ’),

*জেলিয়াছ পুঠি,

*সৰু পুঠি,

*চকৰি পুঠি(পুন্টিয়াছ ছোফ’ৰ, পুন্টিয়াছ টিকট’),

*গেটু,

*পাহাৰী বটিয়া,

*বাঁহপতীয়া,

*সুন্দৰী মাছ(বাটাচিঅ’ বাটাচিঅ’, নাগ্ৰা টেনগাভা),

*তিনকতীয়া,

*কেয়াকটা,

*নাংৰা(নানগ্ৰা এছেমেনচিছ, নানগ্ৰা ভিৰডিছেনছ),

*শিঙৰা(মিষ্টাছ কেভাছিয়াছ, মিষ্টাছ টেংৰা, মিষ্টাছ ভিট্টেটাছ),

*ওপৰচকুৱা,

*চন্দা(চন্দা নামা, চিউডেমবাছিছ বেকুলিছ),

*ৰঙা চন্দা,

*ৰান্ধনী বেছা,

*গেদগেদী,

*খলিহনা,

*ৰঙা খলিহনা,

*ভেচেলি,

*কাঠ বেছা,

*গৰকা চেঙা,

*পখৰা চেঙা,

*পখৰা চেঙেলী,

*তোৰা,

*কাঁইটীয়া তোৰা,

*বামি আৰু

*গংগাটোপ।

এই মাছৰ সৰহভাগেই চাইপ্ৰিনিফৰমিছ আৰু পাৰচিফৰমিছ বৰ্গৰ অন্তৰ্ভূক্ত। চাইপ্ৰিনিফৰমিছ বৰ্গৰ চাপপ্ৰিনিডে গোত্ৰৰ মাছবোৰ(পুঠি, ডঁৰিকনা আদি) আকাৰত সৰু আৰু বেলেগ বেলেগ ৰঙৰ হয়। ইহঁতে প্ৰাকৃতিক আৰু পৰিপূৰক খাদ্য সহজতে গ্ৰহণ কৰে আৰু দেখিবলৈ শুৱনি বাবে ইহঁতৰ আলংকাৰিক মাছ হিচাপে বজাৰত চাহিদা আছে। এই থলুৱা মাছবোৰ বৰ্তমান আমাৰ মাজৰপৰা লাহে লাহে লুপ্ত হ’বলৈ ধৰিছে। ই বৰ চিন্তা কৰিবলগীয়া কথা।

১৯৯৭ চনত ৰাষ্ট্ৰীয় মৎস্য বংশগত সম্পদ ব্যুৰো তথা জু-আউটৰিচ্চ সংস্থাই যগ্মভাৱে আয়োজন কৰা কৰ্মশালাত ভাৰতবৰ্ষত বিস্তৃত হৈ থকা ৩২০ টা অলৱণ পানীৰ মাছৰ প্ৰজাতিৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত পোৱা ১০৫ টা প্ৰজাতিৰ মাছৰ ছটা প্ৰজাতি গুৰুতৰভাৱে সংকটাপন্ন, ৩১ টা প্ৰজাতি সংকটাপন্ন আৰু ৪৬ টা প্ৰজাতিৰ মাছ হননীয় বুলি ভাগ কৰিছে। এই ৮৩ টা প্ৰজাতিৰ মাছ ভাবুকিপ্ৰাপ্ত বুলি ১৯৯৭ চনৰ কৰ্মশালাত ঠাৱৰ কৰিছিল যদিও বৰ্তমান ই বহুগুণে বৃদ্ধি পাইছে।

অসমৰ জলৰাশিত পোৱা এই মাছবোৰ সংৰক্ষণ নকৰিলে অদূৰ ভৱিষ্যতে ইয়াক কিতাপৰ পাতত ছবি আকাৰত দেখিয়েই সন্তুষ্টি লাভ কৰিব লাগিব। সেয়ে সময় থাকোঁতেই চৰকাৰ তথা ৰাইজে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। থলুৱা মাছৰ প্ৰজাতিৰ সংৰক্ষণৰ বাবে আমি কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

*আমি আমাৰ মাজত থকা প্ৰাকৃতিক জলাশয়(হৃদ, বিল, পিটনি আদি)সমূহ ধ্বংস নকৰি, তাক মাছৰ আৱাসভূমি/বাসস্থান হিচাপে গঢ়ি তুলিব লাগিব। মাছৰ এই প্ৰাকৃতিক বাসস্থানসমূহ যাতে ধ্বংস কৰি মানুহৰ বাসস্থান কৰিব নোৱাৰে, তাৰ বাবে কঠোৰ আইন প্ৰয়োগ কৰিব লাগিব।

*আমাৰ নৈ, বিল, হৃদ আদিত বছৰে বছৰে পলস পৰি বাম হৈ গৈছে। গতিকে এই জলাশয়সমূহ খনন কৰি উপযুক্তভাৱে মাছৰ বাসস্থানৰূপে গঢ়ি তুলিব লাগিব।

*বিল, জলাশয় আদিত যাতে খৰালিও পৰ্যাপ্ত পানী থাকে, তাৰ সুব্যৱস্থা কৰিব লাগিব।

*বিল, জলাশয়সমূহ যাতে অলাগতিয়াল উদ্ভিদে ঢাকি ৰাখিব নোৱাৰে, তাৰবাবে সময়ে সময়ে চাফা কৰাৰ ব্যৱস্থা কৰিব লাগিব।

*বহু প্ৰজাতিৰ মাছে কণী এৰিবলৈ বা খাদ্যৰ সন্ধানত নৈৰ পাহাৰীয়া অংশৰপৰা সমতল স্থানলৈ বা নদীৰপৰা বিল, পথাৰ আদিলৈ গতি কৰে। সেয়েহে এনে কৰাৰ সময়ত যাতে কোনো বাধা নাপায়, তাৰ বাবে গুৰুত্ব দিব লাগিব।

*অসম মীন নীতি- ১৯৫৩, অসম মীন পোনা আইন- ২০০৫ আৰু অসম মীন পোনা নীতি- ২০১০ৰ প্ৰকৃত ব্যৱহাৰৰ জৰিয়তে মছৰ পোনাৰ গুণাগুণ তথা মাছৰ প্ৰজননৰ সময়ত গাভিনী মাছ যাতে মাৰিব নোৱাৰে, সেই কথাত গুৰুত্ব দিব লাগিব।

অসমত পোৱা এই থলুৱা মাছৰ প্ৰজাতিসমূহ দিনকদিনে কমি আহিছে, যিটো আমাৰ বাব শুভ লক্ষণ নহয়। অসমত পৰি থকা জলৰাশিৰ প্ৰকৃত ব্যৱহাৰ আৰু উন্নত প্ৰযুক্তি কৌশল প্ৰয়োগৰ দ্বাৰা মাছৰ উৎপাদন বঢ়াব পাৰি।

আমাৰ মাজত থকা এই থলুৱা মাছৰ সংৰক্ষণৰ বাবে কিছুমান প্ৰটেক্টেড জোন(Zone)ৰ সৃষ্টি কৰি, তাত হেৰাই যাব ধৰা মাছবোৰ উৎপাদনৰ জৰিয়তে মাছৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। এই প্ৰটেক্টেড জোনসমূহ বিভিন্ন ঠাইত ৰাখি, তাৰ জৰিয়তে মাছৰ প্ৰজাতিসমূহ সংৰক্ষণ কৰি মাছৰ সংখ্যা বৃদ্ধি তথা উৎপাদন বঢ়াবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। তেতিয়াহে অসম মাছেৰে ভৰি পৰিব।

আমিও মাছ অন্য ৰাজ্যলৈ ৰপ্তানি কৰিবলৈ সক্ষম হ’ম। আমাৰ ৰাজ্যত থকা বিভিন্ন জলৰাশিৰ লগত জড়িত হৈ থকা ব্যক্তি বা এন জি অ’ বা আত্মসহায়ক গোটসমূহে এইক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰি মাছৰ প্ৰজননৰ সময়ত মাছ ধ্বংস নকৰি তাক সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয়কৈ সুফল পোৱা যাব।

আমাৰ ৰাজ্যত পোৱা এই থলুৱা আলংকাৰিক মাছবোৰ উৎপাদনৰ জৰিয়তে ৰপ্তানি কৰিলে আমি যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰিবলৈ সক্ষম হ’ম। ইয়ে নিবনুৱা সমস্যা সমাধানতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। কথাতে কয়-

‘মাছৰ স্বাস্থ্য, মাছত ধন

অসম হ’ব নদন-বদন’।

লেখক: প্ৰতুল ডেকা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate