মাছ পালন এক লাভজনক ব্যৱসায়। অসমৰ প্ৰায় ৯৫ ভাগ মানুহৰ মাছ প্ৰিয় খাদ্য। আমাৰ ৰাজ্যখন জলসম্পদত চহকী যদিও মাছ উৎপাদনৰ দিশত আমি আজি পৰ্যন্ত স্বাৱলম্বী হ’ব পৰা নাই। ইয়াৰ বিভিন্ন কাৰণৰ ভিতৰত এটা হ’ল- মাছ পালনৰ আধুনিক কাৰিকৰী কৌশল সম্বন্ধে অজ্ঞতা। জলৰাশিৰ বৈশিষ্ট্য আৰু মাছৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন পদ্ধতিৰে মাছ পালন কৰিব পাৰি। সেইসমূহ হ’ল- বিস্তীৰ্ণ পদ্ধতি, অৰ্দ্ধগহন পদ্ধতি আৰু গাহন পদ্ধতি।
এই পদ্ধতিত বিল, হ্ৰদ আদিত মাছ পালনক অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াত পৰিপূৰক খাদ্য যোগান ধৰা নহয়। সাৰ দিয়া নহয়। মাছৰ সংখ্যাৰে কোনো নিৰিখ নাথাকে। মাছ পালনৰ কোনো সময়সীমা নাথাকে।
কেঁচা পুখুৰী, সৰ্বসাধাৰণৰ উপযোগী, কম মূলধন খৰচ কৰি কৰা পদ্ধতি। ইয়াত মাছৰ সংখ্যা জোখমতে দিয়া হয়। প্ৰাকৃতিক আৰু পৰিপূৰক খাদ্য যোগান নিয়মীয়া কৰা হয়। পুখুৰীত চূণ, সাৰ, গোবৰ আদি প্ৰয়োগ কৰা হয়।
এই পদ্ধতিত আধুনিক সা-সঁজুলি, উন্নত কাৰিকৰী কৌশল প্ৰয়োগ, অধিক মূলধন খৰচ কৰা হয়। ইয়াত কেইবা জাতৰ মাছৰ পোৱালি অতি উচ্চ হাৰত দিয়া হয়। অতি বেছি পুষ্টিদ্ৰব্য খাদ্য মাছক দিয়া হয়। পকী পুখুৰী, চৌবাচ্চা আদিত মাছ পালন কৰা হয়। পানীৰ অক্সিজেন বৃদ্ধিৰ বাবে যন্ত্ৰ ব্যৱহাৰ কৰা হয়।
ওপৰত আলোচনা কৰা তিনিটা পদ্ধতিৰ ভিতৰত অসমত প্ৰধানকৈ অৰ্দ্ধগহন পদ্ধতিৰ সহায়ত মাছ পালন কৰা হয়। অৰ্দ্ধগহন পদ্ধতিত আমি কেইবা প্ৰকাৰৰ মাছ একেলগে এটা পুখুৰীত মেলিব পাৰো। এনেদৰে পুখুৰীৰ প্ৰাকৃতিক খাদ্যৰ সদ্ব্যৱহাৰৰ উদ্দেশ্যে বিভিন্ন খাদ্যাভ্যাসযুক্ত মাছৰ প্ৰজাতিক একেলগে পালন কৰাকে সংমিশ্ৰিত পদ্ধতি বোলে। ইয়াত পানীকালি অতি কমেও ডেৰ কঠা হ’ব লাগে। ব্যৱসায়িক ভিত্তিত কৰিবলৈ হ’লে কমেও চাৰে তিনি কঠা হ’ব লাগে। আত্মসংস্থাপনৰ বাবে কমেও ২ বিঘা হ’ব লাগে।
মাছপালনৰ বাবে অৰ্দ্ধগহন পদ্ধতিত পুখুৰীটো মাছৰ উপযুক্ত কৰি ল’ব লাগে। গতিকে পুখুৰীত মাছ মেলাৰ আগেয়ে আমি তলত দিয়া কামখিনি কৰিব লাগে-
পুখুৰীটো সিঁচি ৰ’দত শুকুৱাই তলিৰ বোকা অপসাৰণ কৰিব লাগে। ১৫-৩০ চেন্টিমিটাৰ গভীৰতালৈ খান্দি বোকা উঠাই দিব লাগে। তাৰ পিছত আকৌ ১৫ চেন্টিমিটাৰলৈ কোৰ মাৰি বা হাল বাই তলিখন কোমল কৰিব লাগে।
পুখুৰীত যদি জলজ অপতৃণ থাকে, তাক নিবাৰণ কৰিব লাগে। কিয়নো, ই পুখুৰীৰ কেইবা ধৰণে ক্ষতিসাধন কৰিব পাৰে। অপতৃণই জলাশয়ৰ পুষ্টিদ্ৰব্য শোষণ কৰে। মাছৰ চলাচলত বাধা দিয়ে। মাছৰ ৰোগ সৃষ্টিত সহায় কৰে। মাছ ধৰাত অসুবিধা হয়। শেলুৱৈ জাতীয় অপতৃণই অপকাৰী পদাৰ্থ নিৰ্গত কৰি মাছৰ ক্ষতিসাধন কৰে।
দৈহিক পদ্ধতি:
মানুহে হাতেৰে উভালি জলজ অপতৃণ নিবাৰণ কৰে।
যান্ত্ৰিক পদ্ধতি:
দা, কটাৰী, লোৰে নিৰ্মিত আন যন্ত্ৰ ব্যৱহাৰ কৰি অপতৃণ নিবাৰণ কৰা হয়।
ৰাসায়নিক পদ্ধতি:
ৰাসায়নিক দ্ৰব্য যেনে- ২, ৪ ডি, এম’নিয়া, মনোইউৰণ, ডাই ইউৰণ আদি ব্যৱহাৰ কৰি অপতৃণ নিবাৰণ কৰা হয়। পৰাপক্ষত ৰাসায়নিক পদ্ধতি প্ৰয়োগ নকৰাই ভাল। বাকী দুই পদ্ধতিৰে অপতৃণ নিবাৰণ কৰিলে ভাল।
অপকাৰী মাছ নিবাৰণ:
যিবিলাক মাছৰ বৃদ্ধিৰ হাৰ কম আৰু খাদ্যৰ কাৰণে আন মাছৰ লগত প্ৰতিযোগিতা কৰে যেনে- পুঠি, ভেচেলি, গৰৈ, পাটীমুতূতা, ডঁৰিকনা, বৰালি, শ’ল, শাল আদি মাছ পুখুৰীৰপৰা উঠাই দিব লাগে। ইয়াক তলত দিয়া ধৰণে নিবাৰণ কৰিব পাৰি-
ব্যৱসায়িক দিশৰপৰা অলাগতিয়াল মাছসমূহ ২৫-৩০ পি পি এম হাৰত ব্লিচিং পাউডাৰ দি উঠাই দিব লাগে। এই পাউডাৰ দিলে ৩-৪ ঘন্টাৰ ভিতৰত সকলো মাছ মৰিব। বিষক্ৰিয়া ৭-৮ দিনলৈ থাকে। মাছ খোৱাৰ উপযোগী।
২০০-২৫০ পি পি এম হাৰ অৰ্থাৎ ১ হেক্টৰ পানীকালিৰ এক মিটাৰ গভীৰতাৰ এটা পুখুৰীত ২০০০-২৫০০ কিলোগ্ৰাম মহুৱাৰ খলিহৈ দিব লাগে। ইয়াক দিয়াৰ ৬-১০ ঘন্টাৰ ভিতৰত সকলো মাছ মৰিব। বিষক্ৰিয়া ১৫ দিনলৈ থাকে। এই মাছ খোৱাৰ উপযোগী।
৭৫-১০০ পি পি এম অৰ্থাৎ এক হেক্টৰ পানীকালিৰ এক মিটাৰ গভীৰতাৰ এটা পুখুৰীত ৭৫০-১০০০ কিলোগ্ৰাম চাহ গুটিৰ খলিহৈ দিব লাগে। ৬-১২ ঘন্টাৰ ভিতৰত সকলো মাছ মৰিব। বিষক্ৰিয়া ১০-১২ দিনলৈ থাকে। মাছ খোৱাৰ উপযোগী।
২০-২৫ পি পি এম হাৰত চিলিণ্ডাৰৰপৰা সংগ্ৰহ কৰা এম’নিয়া দিয়া হয়। ১২ ঘন্টাৰ ভিতৰত সকলো মাছ মৰিব। বিষক্ৰিয়া ৫-৬ সপ্তাহলৈ থাকে। মাছ খোৱাৰ উপযোগী।
বাৰে বাৰে জাল মাৰি অলাগতিয়াল মাছসমূহ উঠাই দিব লাগে। অলাগতিয়াল মাছসমূহ নিৰ্মূলকৰণৰ বাবে ওপৰত দিয়া পদ্ধতিসমূহৰ ভিতৰত শেষত দিয়া পদ্ধতি(ঘনাই জাল মৰা)টো কৰিলে বেছি ভাল।
পুখুৰীত সাধাৰণতে দুই প্ৰকাৰৰ চূণ ব্যৱহাৰ কৰা হয়- এগ্ৰিকালচাৰেল লাইম বা কৃষিত ব্যৱহৃত চূণ(CaCO3), কুইক লাইম বা পোৰা চূণ(CaO)।
প্ৰয়োগ পদ্ধতি: তিনিধৰণে পুখুৰীত চূণ প্ৰয়োগ কৰা হয়-
তলিত প্ৰয়োগ:
শুকান পাউডাৰ চূণ পুখুৰীৰ তলিত ছটিয়াই দি হাল বাই বা কোৰ মাৰি মিহলাই দিব লাগে।
পানীত প্ৰয়োগ:
আগদিনা নিশা জোখমতে চূণ পানীত মিহলি কৰি লৈ পিছদিনা পুৱা পানীত ছটিয়াই দিব লাগে।
নিৰ্গমন নলীত প্ৰয়োগ:
বাহিৰৰপৰা পুখুৰীলৈ পানী সোমোৱাৰ ব্যৱস্থা থাকিলে নিৰ্গমন নলীৰ মুখত চূণ প্ৰয়োগ কৰি পানী ভিতৰলৈ আহিব দিব লাগে।
পুখুৰীত প্ৰয়োগ কৰিব লগা চূণখিনি সমানে তিনিভাগ কৰি তাৰ এভাগ প্ৰথম কিস্তিত দিব লাগে। বাকী দুভাগ সমানে ১০টা ভাগ কৰি প্ৰতি মাহত এভাগকৈ দিব লাগে। মনত ৰখা উচিত যে চূণ লগে লগেই তিয়াই নিদি ঠাণ্ডা হোৱাৰ পিছতহে দিব লাগে।
সাৰ প্ৰয়োগ:
চূণ প্ৰয়োগৰ ৭-১০ দিন পিছত পুখুৰীত সাৰ প্ৰয়োগ কৰিব লাগে। পুখুৰীত সাৰ দিয়াৰ মুখ্য উদ্দেশ্য হ’ল পুখুৰীত উদ্ভিদ আৰু প্ৰাণী প্লৱকৰ বৃদ্ধি কৰা, কাৰণ এই প্ৰাণী আৰু উদ্ভিদ প্লৱক মাছে খাদ্য হিচাপে ব্যৱহাৰ কৰে। সাৰ দুই প্ৰকাৰৰ- জৈৱিক আৰু অজৈৱিক।
জৈৱিক সাৰ:
পুখুৰীত জৈৱিক সাৰ হিচাপে গৰুৰ গোবৰ ব্যৱহাৰ কৰা হয়। কেঁচা গোবৰ পুখুৰীৰ কাৰণে ভাল।
অজৈৱিক সাৰ:
ইউৰিয়া, ছিংগল ছুপাৰ ফছফেট অজৈৱিক সাৰ হিচাপে পুখুৰীত দিয়া হয়। জৈৱিক সাৰ দিয়াৰ ৭-১০ দিন পিছত অজৈৱিক সাৰ পুখুৰীত দিয়া হয়। পুখুৰীত সাৰ দিয়াৰ ১০-১৫ দিন পিছত পুখুৰীটো মাছ পালনৰ উপযুক্ত হয়।
ব্যৱসায়িক ভিত্তিত মাছ পালন কৰিবলৈ হ’লে আমি সদায় মাছৰ প্ৰজাতি বাছি লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। অসমত পানীৰ উৰ্বৰতা, পানীৰ উপলভ্যতা আৰু মাছৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি মাছ পালন কৰা হয়। মাছৰ পোনাসমূহ য’ৰ-ত’ৰপৰা সংগ্ৰহ কৰিব নালাগে। কিয়নো, মাছৰ পোনাৰ গুণাগুণৰ ওপৰত তাৰ বৃদ্ধিৰ হাৰ নিৰ্ভৰ কৰে। পুখুৰীত মেলিব লগা মাছসমূহ ১০-১৫ চেন্টিমিটাৰ দৈৰ্ঘ্যৰ হোৱা উচিত।
মাছৰ খাদ্য:
মাছৰ পোনা মেলাৰ পিছত পুখুৰীত পৰিপূৰক খাদ্য যোগান ধৰিব লাগে। পৰিপূৰক খাদ্য হিচাপে চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ সমপৰিমাণত(১:১) মিহলাই পুখুৰীত দিব লাগে। মাছৰ ওজনৰ ২-৩ শতাংশ হাৰত মাছক খাদ্য খুৱাব লাগে। আজিকালি বিভিন্ন ধৰণৰ পৰিপূৰক খাদ্য বজাৰত পোৱা যায়। তাৰ ভিতৰত বালিচন্দা, সূষমা আদি অন্যতম।
পৰিচালনা:
পুখুৰীত মাছৰ পোনা মেলাৰ পিছত যদি আমি পুখুৰীৰ উৎপাদকতাৰ ওপৰত মনোযোগ নিদিওঁ, তেনেহ’লে মাছৰ উৎপাদন যিমান পাব লাগে তাক পোৱা কনাযাব। সেয়েহে পুখুৰীৰ পানীৰ গুণাগুণৰ দিশটো আমি সদায় লক্ষ্য কৰিব লাগে। সময়মতে খাদ্য, চূণ, সাৰ আৰু মাছৰ স্বাস্থ্য পৰীক্ষা কৰি থাকিব লাগে। পুখুৰীত গৰু, ম’হ আৰু মানুহে গা ধুব নালাগে। যদি পুখুৰীৰ পানীত অত্যধিক সেউজীয়া শেলুৱৈ দেখা যায়, তেনেহ’লে লগে লগে পুখুৰীত সাৰ আৰু খাদ্য যোগান বন্ধ ৰাখিব লাগে। পুনৰ আগৰ অৱস্থালৈ আহিলে খাদ্য যোগান ধৰিব লাগে।
সময়মতে খাদ্য যোগান আৰু পৰিচালনা আদিত গুৰুত্ব দি মাছ খেতিক পেছা হিচাপে লৈ কামত আগবাঢ়িলে এই ব্যৱসায়ত লাভ কৰিব পৰা যায়।
লেখক:প্ৰতুল ডেকা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 6/17/2020