সংমিশ্রিত মীন পালন ব্যৱস্থাপনাত কমন কাৰ্প মাছৰ ভূমিকা অতিশয় গুৰুত্বপূর্ণ যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভৌগোলিক অসমতা, প্রতিযোগিতা, সহাৱস্থান আৰু আন বহুতো সন্তুলক কাৰকৰ ফলত বর্তমান সময়ত ইয়াৰ আশানুৰূপ বৃদ্ধি নোহোৱা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি পুখুৰীৰ নিম্নস্তৰত বসতি কৰা এইবিধ মাছৰ বন্ধ পানীত কম সময়ৰ ব্যৱধানতে পোনা জগোৱাৰ প্রবণতাৰ বাবে ব্যৱসায়িক মৎস্য উৎপাদনত ইয়াৰ পৰিপূৰক হিচাপে অন্যান্য প্রজাতিৰ মাছৰ প্রয়োজনীয়তা আহি পৰিছে। এনে এক প্রেক্ষাপটত কমন কাৰ্পৰ এবিধ অতি উন্নত জাত হিচাপে আমূৰ কাৰ্পে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। সাধাৰণ কমন কাৰ্প মাছবিধ ছমাহ বা তাতোকৈ কম সময়তেই বন্ধ পুখুৰীত প্রজননক্ষম হয়। এনেদৰে কম সময়ৰ ব্যৱধানত প্রজননক্ষম হোৱাৰ ফলত দেহৰ বৃদ্ধিত ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। সেয়েহে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন দেশৰ বৈজ্ঞানিকসকলে ৬ বছৰজুৰি কৰা বিস্তৃত গৱেষণাৰ অন্তত কমন কাৰ্প মাছবিধৰ পৰা এবিধ উন্নত জাত উদ্ভাৱন কৰিবলৈ সক্ষম হয়। এই আন্তর্জাতিক গৱেষণাত চাৰিখন ৰাষ্ট্র যেনে হাংগেৰী, ভিয়েটনাম, ইণ্ডোনেছিয়া আৰু ভাৰতবৰ্ষৰ পৰা সাধাৰণ কমন কাৰ্পৰ নমুনা সংগ্ৰহ কৰি তাক বিভিন্ন জৈৱ আনুবংশীয় প্রক্রিয়াৰ জৰিয়তে বিভিন্ন পৰিৱেশত পৰীক্ষা-নিৰীক্ষা চলাই 'আমূৰ কাৰ্প’ নামৰ জাতবিধ উদ্ভাৱন কৰা হয়।
আমূৰ কাৰ্পৰ উদ্ভাৱনী গৱেষণা প্রক্রিয়াত ভাৰতবৰ্ষৰ হৈ কর্ণাটক পশু আৰু মীন বিশ্ববিদ্যালয়ৰ বৰঙনি অতিশয় উল্লেখযোগ্য। বিশ্ববিদ্যালয় খনৰ নিয়ন্ত্ৰণতেই বর্তমান সময়ত এই জাতটোক সম্প্রসাৰিত কৰিবৰ বাবে সমগ্ৰ দেশজুৰি বিস্তুত কাৰ্যসূচী সম্পাদন কৰি অহা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে বৰাপানীস্থিত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ আঞ্চলিক কেন্দ্ৰত আমূৰ কাৰ্পৰ প্ৰাৰম্ভিক প্রজনন কৰি ইয়াৰ পোনা মীনপালকসকলৰ বাবে সুলভ কৰাৰ প্ৰয়াস চলাই অহা হৈছে। ইয়াৰ ফলতেই বর্তমান সময়ত আমূৰ কাৰ্পৰ পালন প্রক্রিয়াই সমগ্ৰ অসমজুৰি বিস্তৃতভাৱে সম্প্রসাৰিত হৈ মৎস্য উৎপাদনত এক নতুন সংযোজনৰ বাট মুকলি কৰিছে।
লিখক: বিৰাজ বিকাশ শৰ্মা, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 3/15/2020