সাধাৰণতে কমন কাৰ্পৰ প্ৰজনন ঋতু দুটা জানুৱাৰীৰ পৰা মাৰ্চ আৰু জুলাইৰ ছেপ্টেম্বৰ অক্টোবৰ।অসমত সাধাৰণতে প্ৰথমটো ঋতুত ব্যৱসায়ভিত্তিক কমন কাৰ্পৰ পোনা উৎপাদন কৰা হয়।এইখিনি সময়ত উৎপাদিত পোনাখিনি নিৰ্দিষ্ট প্ৰতিপালনৰ অন্তত এপ্ৰিল মাহত আঙুলি জোখলৈ পৰ্যবসিত হয় আৰু মীন পালনৰ কৰ্মপঞ্জী আৰম্ভ হোৱাৰ সময়ত কাৰ্পৰ আনকেইটা প্ৰজাতিৰ বছৰেকীয়া পোনাৰ লগত এই পোনাখিনি সংমিশ্ৰিত মীন পালনত মেলিব পাৰি।কমন কাৰ্পৰ বৈজ্ঞানিক নাম Cyprinus Carpio Linn ।১৯১৪ চনত শ্ৰীলংকাৰপৰা নীলাগিৰি পৰ্বতৰ উৎকামাণ্ড হ্ৰদলৈ এইবিধ প্ৰজাতি অনা হৈছিল।পৰৱৰ্তী সময়ত দেশৰ বিভিন্ন অংশৰ জলবায়ৱীয় পৰিৱেশৰ লগত মাছবিধ সুন্দৰকৈ খাপ খাই পৰে।এই মাছবিধৰ মুৰটো সৰু,দেহ দীঘল যদিও পিঠিখন অতি ধেনুভিৰীয়া হোৱা বাবে দেখাত থোপোকা।মুখখন বহল।ইহঁতৰ দুযোৰ দাড়ি থাকে।পাখি ৰঙচুৱা আৰু গোলাপী আভাযুক্ত।কমন কাৰ্প লেডাৰ কাৰ্প,মিৰৰ কাৰ্প আৰু স্কেল কাৰ্প নামেৰে তিনিবিধ।তাৰে তৃতীয়টো আমাৰ ইয়াত বহুলভাৱে পালন কৰা হয়।সাধাৰণতে পুখুৰীত নিয়ন্ত্ৰিত পদ্ধতিৰে বা হাপা পদ্ধতিৰে কমন কাৰ্পৰ পোনা উৎপাদন কৰা হয় যদিও আৰিষ্ট প্ৰজননৰ জৰিয়তেও পোনা উৎপাদন কৰিব পাৰি।কমন কাৰ্পে পুখুৰীৰ স্বাভাৱিক বন্ধ পানীত প্ৰজনন কৰে।অৱশ্যে ব্যৱসায়িক ভিত্তিত কৰিবলৈ নিয়ন্ত্ৰিত পদ্ধতিৰে প্ৰজনন কৰা হয়।এটা ডাঙৰ পুখুৰী (০.২ হেক্টৰৰ ওচৰা উচৰি)আৰু দুটা সৰু পুখুৰী (০.২৫ হেক্টৰৰ পৰা ০.৫ হেক্টৰ )থকা পাম এখনৰ পৰাই অনায়াসে ব্যৱসায়িক ভিত্তিত কমন কাৰ্প পোনা উৎপাদন কৰিব পাৰি।বছৰটোত কিমান পোনা উৎপাদন কৰিব সেই লক্ষ্য নিৰ্দ্ধাৰণ কৰি প্ৰজননৰ বাবে মাছখিনি সাজু কৰি ৰাখিব লাগে।ধৰক ১০০ জনী মাইকী মাছক প্ৰজননৰ বাবে লক্ষ্য হিচাপে ল’লে ১৩০ জনী মাইকী মাছ আৰু ২৬০ টামান মতা মাছ সাজু কৰিব লাগিব।কমন কাৰ্প মাছ ৫-৬ মাহমানতে প্ৰজননক্ষম হয় যদিও প্ৰজননৰ বাবে মাছৰ বয়স কমেও এবছৰ আৰু গড় ওজন মাইকী মাছৰ দুই কিলোগ্ৰাম আৰু মতা মাছৰ এক কিলোগ্ৰাম হোৱাটো উত্তম।ডিচেম্বৰ-জানুৱাৰীত প্ৰজনন কৰিবলগীয়া মাছখিনি ছেপ্টেম্বৰ-অক্টোবৰত পৃথক কৰি গাভিনী মাছ প্ৰতিপালন পুখুৰীত বেলেগকৈ ৰাখি পৰিচৰ্যা কৰিব লাগে।প্ৰজননক্ষম মাছৰ প্ৰতিপালন আৰু পৰিচৰ্যা আন কাৰ্পৰ দৰে একে।কিন্তু মনত ৰাখিব লাগিব,তেনে পুখুৰীত যাতে কোনো কাৰণতে জলজ উদ্ভিদ বা অপতৃণ নাথাকে।মতা কমন কাৰ্প সাধাৰণতে ক্ষীণ আৰু আটিল।প্ৰজনন ঋতুত ইহঁতৰ আকৃতি সলনি নহয়।পায়ুছিদ্ৰ ক্ষুদ্ৰ গাঁত সদৃশ।পেটত মৃদু হেঁচা পালে বগা পনীয়া দ্ৰব্য নিগৰে।মাইকীৰ ক্ষেত্ৰত পেটতো ওফন্দি থাকে।পায়ু ৰঙচুৱা অথবা কমলা ৰঙৰ,উখহা আৰু বৰ্হিমুখী।পেটত হেঁচা পৰিলে কণী নিৰ্গত হয়।
আগতে মীন বিজ্ঞানৰ বিধিনুযায়ী প্ৰস্তুত কৰি লোৱা পুখুৰীত এক তৃতীয়াংশ মেটেকাৰে (দীঘল শিপামুক্ত)আবৃত কৰি ১:২ হাৰত মাইকী আৰু মতা প্ৰজননক্ষম মাছ মেলিব লাগে।একঠা জলকালিৰ সৰু পুখুৰীত ২৫-৩০ টামান মাইকী আৰু ৫০-৬০ টা মতা মাছ মেলিব লাগে।উপয়ুক্ত পৰিৱেশ পালে মাছখিনিয়ে পিছদিনাই কণী পাৰে।কেতিয়াবা অৱশ্যে ৪৮-৭২ ঘণ্টা সময় পৰ্যন্ত লাগিব পাৰে।সাধাৰণতে পুৱতি নিশাৰপৰা পুৱাৰ সময়লৈ কমন কাৰ্পে কণী পাৰে।এই সময়ত মাছখিনিয়ে অস্বাভাৱিক শব্দ কৰে।কণীখিনি আঠাযুক্ত সেয়েহে মেটেকা বা আন জলজ উদ্ভিদ যেনে-নাজা,হাইড্ৰিলা আদিত লাগি ধৰে।নিষিক্ত কণীৰ ৰং হালধীয়া আৰু উজ্জ্বল।আনহাতে,অনিযিক্তবোৰৰ ৰং বগা,এইবোৰ সোণকালে নষ্ট হৈ যায়।হাপা পদ্ধতিৰে প্ৰজননৰ বাবে ডাঙৰ পুখুৰীত বাঁহৰ খুঁটি পুতি শাৰী শাৰীকৈ প্ৰজনন হাপা স্থাপন কৰা হয়।উল্লেখ্য যে হাপা সুতা বা নাইলেনেৰে তৈয়াৰী আঁঠুৱা সদৃশ এবিধ সজুঁলি।ইয়াৰ এখন মুখৰ বাদে বাকীবোৰ বন্ধ থাকে।অৱশ্যে বেছিভাগ ক্ষেত্ৰতে হাপা দুই তৰপ বিশিষ্ট।হাপাবোৰ পুখুৰীৰ বেদিকাৰ পৰা কমেও ৩০ ছেণ্টিমিটাৰ ওপৰত আৰু পানীপৃষ্ঠৰ পৰা কমেও ১০ ছেপ্টিমিটাৰ ওলাই থাকিব লাগে।পোনতে হাপাবোৰত মাইকী মাছৰ মুঠ ওজনৰ দুগুণ ওজন পৰিমাণৰ মেটেকা দি প্ৰতিটো হাপাত ৪ -৫ জনী মাইকী আৰু ৮-১০ তা প্ৰজননক্ষম মতা মাছ মেলিব লাগে।
মেটেকাত লাগি থকা কণীবোৰ মেটেকাসহ আন এটা পুখুৰীত স্থাপন কৰা হাপা নাইবা সৰু নাৰ্ছাৰী পুখুৰীলৈ স্থানান্তৰ কৰিব লাগে।পানীৰ উষ্ণতাৰ ওপৰত ভিত্তি কৰি ২-৫ দিনৰ ভিতৰত কণী ফুটি ভ্ৰুণ পোনা উৎপাদন হয়।মেটেকাখিনি আঁতৰাই এইবাৰ ভ্ৰুণ পোনাবোৰ পৃথক কৰিব লাগে।কণীৰ পৰা ওলোৱাৰ ৭২ ঘণ্টা সময়লৈ মাছ পোনাৰ মুখাংসৰ বিকাশ নঘটে।এই সময়ছোৱাত বুকুত ওলমি থকা কুহুম কোষৰ পৰা ইহঁতে পুষ্টিৰ যোগান পায়।তাৰ পিছত ভ্ৰুণপোনাখিনি সংগ্ৰহ কৰি বিক্ৰী বা যাৱতীয় প্ৰতিপালন কৰিব পাৰি।
কমন কাৰ্পৰ পোনা উৎপাদন কৌশল অতি সৰল আৰু যথেষ্ট লাভজনক।কমন কাৰ্পৰ পোনা উৎপাদন কৰি স্বনিয়োজন প্ৰশস্ত কৰা সম্ভৱ।
লেখক:ড° ধ্ৰুৱজ্যোতি শৰ্মা (দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 11/22/2021