অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুচিয়া পালনেৰে স্বনিয়োজনৰ নিদৰ্শন :

কুচিয়া পালনেৰে স্বনিয়োজনৰ নিদৰ্শন :

 

কুচিয়া পালনৰ বিজ্ঞানভিত্তিক কৰ্মপঞ্জী এতিয়াও (Package of Practice)সৰলীকৃত আৰু মানকৃত হৈ অনুমোদিত পৰ্যায়লৈ অহা নাই, তৎসত্ত্বেও বিজ্ঞানীমহলে নিৰৱচ্ছিন্ন প্ৰচেষ্টা অক্ষুণ্ণ ৰাখিছে। কুচিয়া মাছৰ আবিষ্ট প্ৰজননেৰে কৃত্ৰিমভাৱে পোনা উৎপাদনো ব্যৱসায়িক ভিত্তিত আজিকোপতি সহজলভ্য হোৱা নাই। ইয়াৰ মাজতো অৱশ্যে নিজস্ব অভিজ্ঞতাৰ ভিত্তিত পৰীক্ষামুলকভাৱে দুই-এজন মীন পালকে কুচিয়া পালনত কিছু আশাৰ ৰেঙণি সঞ্চাৰ কৰিবলৈ সক্ষম হোৱাটো শুভ লক্ষণ। অসম মুলুকৰে তেনে এজন প্ৰগতিশীল মীন পালক বাক্সা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ পুখুৰীপাৰ গাঁৱৰ পুৱাৰাম বড়োৰ নাম প্ৰথমতে ল’বই লাগিব। চৰকাৰী চাকৰি এৰি মাটি আৰু পানীৰ দুৰ্বাৰ আকৰ্ষণত আত্মপ্ৰত্যয়ৰে মীন পালন আৰম্ভ কৰি ১৯৮৭ চনৰ পৰা আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰা পুৱাৰাম আজি ৰাজ্যৰ অগ্ৰণী মীন পালকসকলৰ অন্যতম প্ৰতিষ্ঠিত নাম। দুখ-দুৰ্দশা আৰু কাৰুণ্যৰে ভৰা এক অমানিশাৰ মায়াজালৰ মাজত দিনমজুৰি, আনৰ ঘৰত গোলামি খাটি জীৱন আৰম্ভ কৰা পৱাৰামৰ আজিৰ উত্তৰণ আন এখন উপন্যাসোপম কাহিনী। ক’বই লাগিব নিজ চেষ্টা, উদ্যম, অধ্যৱসায় আৰু মীন পালনৰ যোগাত্মকতাই এই অমানিশাৰ পাচতে পুৱাৰামৰ বাবে অপেক্ষা কৰোৱাইছিল এটা ৰঙীন প্ৰভাতৰ ফেঁহুজালি। সেয়ে আজি মুঠ ৮ হেক্টৰ জলকালিবিশিষ্ট তিনিখন বহুমুখী মীন পামেৰে পুৱাৰাম এখন বিশাল মীন সাম্ৰাজ্যৰ অধিপতি। মন কৰিবলগীয়া যে মীন পালনৰ বিভিন্ন কৌশল যেনে সংমিশ্ৰিত মীন পালন, সমন্বিত গাহৰি আৰু মীন পালন, সমন্বিত মীন আৰু উদ্যান শস্য, সমন্বিত ধান আৰু মীন পালন, পোনা প্ৰতিপালন, কেঁচুসাৰ উৎপাদন আদি সকলো পুৱাৰামৰ পামত বিদ্যমান। এই সকলোখিনি অভিজ্ঞতাৰ মেটমৰা সম্ভাবৰ আধাৰত পুৱাৰামে চিন্তা কৰিলে কুচিয়া পালনৰ। এইক্ষেত্ৰত যাৱতীয় দিহা-পৰামৰ্শৰ বাবে পুৱাৰামে বৰ্তমান বাক্সা জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰ কাষ চাপে। যদিও কোনো অনুমোদিত পালন  প্ৰক্ৰিয়া নাই, তথাপি পুৱাৰামক সহায় কৰিবলৈ তেওঁ উজান দিলে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ মীন শিক্ষা প্ৰতিষ্ঠান মুম্বাইৰ কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ সুবাদতে খাটনিয়াৰে নিজস্ব পৰিক্ৰমাৰ আধাৰত দেশৰ মীন বিজ্ঞানী মহলৰ লগত এই সম্পৰ্কীয় বাৰ্তালাপেৰে কিছু দিহা আহৰণ কৰে। সুদীৰ্ঘ দিন ‘বিটিচি’ অঞ্চলত কাম কৰাৰ আধাৰত তেওঁ কুচিয়াৰ জৈৱিক অনুকুলতাৰ কিছু তথ্য সংগ্ৰহ কৰে আৰু পুৱাৰামৰ সুদীৰ্ঘ কুৰি বছৰৰ মীন পালনৰ অভিজ্ঞতা এই সকলো মিলি আৰম্ভ হ’ল পৰীক্ষামুলক কুচিয়া পালনৰ প্ৰস্তুতি। প্ৰস্তুত কৰে ২.৭ মিটাৰ বহল আৰু ৯ মিটাৰ দীঘল তিনি কোঠালবিশিষ্ট পকী টেংক। প্ৰতিটো কোঠালিৰ গভীৰতা আৰু জল গভীৰতা সুকীয়া সুকীয়া। মাজৰ বেৰকেইখন  নিমজ্জিত অৱস্থাত থাকে আৰু বেৰখন কুচিয়া চলাচল কৰিব পৰা পকী ফুটাবিশিষ্ট। টেংকটোত পানী (মাটিৰ তলৰ টেংক) সোমাব আৰু ওলাবলৈ আগম নলী আৰু নিৰ্গমণ নলীৰো ব্যৱস্থা আছে। টেংক প্ৰস্তুত কৰাৰ পাচতো প্ৰতিটো কোঠালিতে উচ্চ হিউমাছবিশিষ্ট মাটি, পচা মেটেকা আদি বিভিন্ন তদনুৰুপ সামগ্ৰীৰে বেদিকাখন সাজু কৰা হয়। তাৰ পাচত লাহে লাহে পানী ভৰাই কুচিয়া পালনৰ বাবে আগবঢ়া হয়। যিহেতু কুচিয়াৰ পোনা আবিষ্ট প্ৰজননৰ দ্বাৰা সহজলভ্য হোৱা নাই সেয়ে প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰাৰ বাহিৰে আন গত্যন্তৰ নাই। পুৱাৰামৰ মতে এইটো বিশেষ কোনো অসুবিধাৰ ভিতৰত 9নপৰে। কাৰণ পুৱাৰামে জানে কোন সময়ত কোনবোৰ অঞ্চলৰ গাতত কুচিয়াৰ পোনা পোৱা যায়। তেওঁ জনোৱা মতে মে’-জুন মাহৰ সেই বিশেষ অঞ্চলৰ গাঁতবোৰত এটা মতা আৰু এটা মাইকী যোৰা বান্ধি থাকে। মাইকীবোৰৰ পায়ুছিদ্ৰ গোলাকৃতি আৰু ডাঙৰ হোৱাৰ উপৰি পিঠিডোখৰ অকণমান তিনিকোণীয়া ।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা (জীৱিকা)

 

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate