অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্ৰমাৎ জনপ্ৰিয় হৈছে জৈৱিক পদ্ধতিৰে মীন পালন

ক্ৰমাৎ জনপ্ৰিয় হৈছে জৈৱিক পদ্ধতিৰে মীন পালন

সমগ্ৰ বিশ্বতে অতি শেহতীয়াকৈ জনগণৰ খাদ্য উৎপাদন আৰু গ্ৰহণৰ ক্ষেত্ৰত ন ন ধাৰণাৰ উদ্ভৱ হৈছে। মান সংযোজন আৰু ৰুচি ব্যঞ্জনৰ লগে লগে স্বাস্থ্যৰ দিশটোৱেও অতি গুৰুত্ব সহকাৰে আত্মপ্ৰকাশ কৰিছে। ফলত কিছুদিন আগলৈ পোষকতা কৰা বিভিন্ন প্ৰক্ৰিয়া আৰু কৰ্মপদ্ধতিত নতুন নতুন দিশৰ সমাহাৰ ঘটিছে। এনে এক প্ৰেক্ষাপটত সমগ্ৰ বিশ্বতে খাদ্য উৎপাদনৰ দিশত জৈৱিক পদ্ধতিৰ বিশেষভাৱে পোষকতা কৰা হৈছে। কৃষিখণ্ডত জৈৱিক পদ্ধতিৰ ফচল দ্ৰুতগতিত জনপ্ৰিয় হৈছে। ক্ৰেতাই চৰা দাম দি হ’লেও জৈৱিকভাৱে উৎপাদিত সামগ্ৰী ক্ৰয়ত অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে। বিশ্ব খাদ্য সংস্থাৰ শেহতীয়া পৰিসংখ্যায়ো প্ৰমাণ কৰে যে বিশেষকৈ উন্নত দেশসমূহত কেঁচা সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত জৈৱিক পদ্ধতিৰে উৎপাদিত ফচলৰ চাহিদা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কৃষিখণ্ডত এই ধাৰণাটিৰ আত্মপ্ৰকাশ অতি সবলভাৱে মন কৰা হৈছে। ২০০২ চনত কেৱল ইউৰোপ আৰু আমেৰিকাত ২৩ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ জৈৱিক খাদ্য শস্য বিপণন হৈছিল। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি উন্নত মানৰ স্বাস্থ্যসন্মত ফচলৰ উৎপাদনেই হৈছে জৈৱিক পদ্ধতিৰ ইতিবাচক ভূমিকা। এই পদ্ধতিৰে উৎপাদিত খাদ্য যথেষ্ট স্বাস্থ্যসন্মত আৰু উৎপাদন প্ৰক্ৰিয়াই পৰিৱেশৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নেপেলায়। ভাৰতবৰ্ষত পৰম্পৰাগত কৃষি পদ্ধতি জৈৱিক দৃষ্টিভংগীৰ আধাৰতেই প্ৰতিষ্ঠিত যদিও শতিকাৰ ৬০ ৰ দশকত চাহিদাৰ লগত সংগতি ৰাখি খাদ্য উৎপাদন কৰিবলৈ যাওঁতে ৰাসায়নিক পদ্ধতি অৱলম্বন কৰা হয়। তথাকথিত ‘সেউজ বিপ্লৱ’ৰ নামত তেতিয়াই কৃষিকাৰ্য্যত বিভিন্ন ৰাসায়নিক সামগ্ৰী, যেনে- কীটনাশক, অপতৃণ নাশক, এন্টিবায়’টিক, হৰ’মন, বৰ্ণসংকৰ আদিৰ আগমন ঘটিল। অতি সোনকালে খাদ্য উৎপাদনত দেশ স্বাৱলম্বী হ’ল যদিও আজি এইসমূহৰ প্ৰয়োগ আৰু ব্যৱহাৰ সম্পৰ্কে ন ন প্ৰশ্নৰ উদয় হৈছে।

জৈৱিক পদ্ধতিৰে জলসংবৰ্দ্ধন মুখ্যত: মীনপালন আমাৰ দেশত এতিয়াও অতি চালুকীয়া অৱস্থাত আছে। কিন্তু সাম্প্ৰতিক ধাৰা বিবেচনা কৰিলে অদূৰ ভৱিষ্যতে জলসংবৰ্দ্ধনত জৈৱিক পদ্ধতিৰ প্ৰয়োগ তথা জৈৱিক পদ্ধতিৰ মৎস্য উৎপাদনৰ গুৰুত্ব বৃদ্ধি পোৱাটো খাটাং। আন আন খাদ্যৰ লগতে জলসংবৰ্দ্ধনৰ পৰা উৎপাদিত খাদ্যতো ক্ৰেতাই বিচাৰে অপ্ৰদূষিত উৎপাদনস্থল। কিয়নো এনে উৎপাদনস্থলত স্বাস্থ্যৰ বাবে অপকাৰী কোনো ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট ৰৈ যোৱাৰ সম্ভাৱনা নাথাকে। এয়া সম্ভৱ হ’লে মাটি, পানী তথা জল পৰিস্থিতিৰ কোনো অপকাৰ নোহোৱাকৈ ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰাকৃতিক ভাৰসাম্য অক্ষুণ্ণ ৰাখি আমাৰ জলসম্পদৰ পৰা অৰ্থোপাৰ্জনৰ নিশ্চিত ব্যৱস্থা হয়। নিতান্তই আশানুৰূপভাৱে সম্প্ৰতি আন্ত:ৰাষ্ট্ৰীয় মৎস্য বজাৰত জৈৱিক ব্যৱস্থাৰে উৎপাদিত মাছে যথেষ্ট উচ্চ দাম পাবলৈ সক্ষম হৈছে। দেশীয় বজাৰতো তেনে এক প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। ভাৰতৰ মূল মহানগৰী কেইবাখনতো ভালেকেইটা বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে নিজস্ব বিপণন কেন্দ্ৰত জৈৱিক পদ্ধতিৰে উৎপাদিত মাছৰ বিক্ৰী আৰম্ভ কৰিছে। বিশ্বৰ প্ৰেক্ষাপটত দেখা গৈছে যে বিগত দশকৰ তুলনাত চলিত দশকৰ মাজভাগলৈ ডেনমাৰ্ক, ছুইডেন আদি ইউৰোপীয় দেশত বেছি সংখ্যক ক্ৰেতাৰ পচন্দ হৈছে জৈৱিক পদ্ধতিৰে উৎপাদিত মাছ আৰু এই মাছৰ পৰা উৎপাদিত সামগ্ৰী। সমগ্ৰ ইউৰোপকে ধৰি জাপান আৰু আন আন এছীয় দেশসমূহতো এই প্ৰৱণতা বৃদ্ধি পোৱা দেখা গৈছে। এনে এক পটভূমিত আমাৰ মীনপালকসকলেও জৈৱিক পদ্ধতিৰে মাছৰ খেতি কৰাৰ কথা চিন্তা কৰাৰ সময় সমাগত বুলি ক’ব পাৰি।

ইতিমধ্যে আমাৰ দেশত এই সম্পৰ্কীয় কুচ-কাৱাজ আৰম্ভ হোৱাটো শুভ লক্ষণ। ২০০৭ চনত অন্ধ্ৰপ্ৰদেশ আৰু কেৰালাত মেছাৰ্ছ ব্লু-ইউ নামৰ কাৰিকৰী পৰামৰ্শদাতা সংস্থাটিৰ তত্বাৱধানত জৈৱিক পদ্ধতিৰে মৎস্য পালন প্ৰকল্প আৰম্ভ হৈছে। যিহেতু জৈৱিক পদ্ধতিৰে উৎপাদিত সামগ্ৰীত অনুমোদিত সংস্থাৰ মানপত্ৰৰ প্ৰয়োজন সেয়েহে এইক্ষেত্ৰত জড়িত হৈ আছে কেৰালাৰ ইণ্ডোকাৰ্ট। অতি আনন্দৰ কথা যে ২০০৮ চনৰ পহিলা নৱেম্বৰত কেৰালাত দেশৰ প্ৰথমটো জৈৱিক পদ্ধতিৰে উৎপাদিত মিছামাছৰ ফচল চপোৱা হৈছে।

এইখিনিতে আন্ত:ৰাষ্ট্ৰীয় জৈৱিক কৃষি সংস্থাৰ নাম অনুযায়ী জৈৱিক মীন পালনৰ মূল কথাকেইটা জনাই থ’ব বিচাৰো। সেই সূত্ৰকেইটা হ’ল- পৰিৱেশ আৰু জল পৰিস্থিতিগত প্ৰভাৱৰ ওপৰত নজৰ দিয়া, উৎপাদিত ফচল জৈৱিক উপায়েৰে সংৰক্ষণ কৰা, হৰম’ন, এন্টিবায়টিক আদিৰ প্ৰয়োগ ব্যতিৰেকে প্ৰাকৃতিক প্ৰজননৰ পোষকতা কৰা মাছৰ পৰা বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুতকৰণ তথা সামগ্ৰিকভাৱে মীন পালনত জেনেটিক প্ৰযুক্তিৰ প্ৰয়োগ বাৰণ কৰা, নিৰ্দিষ্ট নিয়মানুযায়ী পুখুৰীত পোনাৰ ঘনত্ব নিয়ন্ত্ৰণ কৰা, মাছৰ বাবে কৃত্ৰিম আৰু পৰিপূৰক খাদ্য প্ৰস্তুতকৰণত নিৰ্দিষ্ট বিধি-বিধান মানি চলা, ৰাসায়নিক তথা অজৈৱিক পদ্ধতিৰে তৈয়াৰ কৰা কীটনাশক আৰু অপতৃণনাশকৰ প্ৰয়োগ বাৰণ কৰা, পুখুৰীত বাতন যন্ত্ৰ আদিৰ ব্যৱহাৰ নিৰ্দিষ্ট বিধি-ব্যৱস্থাৰ জৰিয়তেহে প্ৰয়োগ কৰা, ৰোগ প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ ক্ষেত্ৰত বনৌষধিক প্ৰাধান্য দিয়া ইত্যাদি।

জৈৱিক উপায়েৰে মীনপালনৰ কৌশল আমাৰ ৰাজ্যখনৰ পটভূমিত বিশেষ গ্ৰহণযোগ্য বুলি ভবাৰ থল আছে। কিয়নো আমাৰ বেছিভাগ মীনপালকে পৰম্পৰাগতভাৱে কৰি অহা মীনপালনৰেই ই এক শৃংখলাবদ্ধ, সুনিৰ্দিষ্ট আৰু প্ৰায়োগিক ৰূপ। ৰাজ্যৰ প্ৰগতিশীল মীনপালকসকলে এই দিশত চিন্তা কৰি আগবাঢ়িব লাগে। কেইবাটাও বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে বৃহৎ পৰিসৰৰ পাম খুলি জৈৱিক মীনপালন প্ৰকল্প আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই সংস্থাসমূহে কেইবাখনো বছা বছা মহানগৰীত চলোৱা জৰীপৰ এইটো জানিব পৰা গৈছে যে বেছিভাগ ক্ৰেতাই জৈৱিকভাৱে উৎপাদিত ফচলৰ প্ৰতি বৰ সচেতন নহয় যদিও জৈৱিকভাৱে উৎপাদিত মাছ আৰু কৃষি সামগ্ৰী থাওকতে উপলব্ধ হ’লে চৰা দাম দি ক্ৰয় কৰিবলৈও প্ৰস্তুত। বৃহৎ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান, অৰ্থাৎ মলসমূহে এই সম্পৰ্কীয় প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে। বিষয়টো আমি সকলোৱে চিন্তা কৰি চোৱা উচতি। বিভাগ, গৱেষণা প্ৰতিষ্ঠান, মীন মহাবিদ্যালয়, কৃষক-বিজ্ঞানী, চৰকাৰী বিষয়া, ব্যৱসায়িক প্ৰতিষ্ঠান আদি সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত আমি নিশ্চয় এই দিশত যুগান্তৰৰ সূচনা কৰিব পাৰিম।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate