অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্লাছজাৰ হেচ্ছাৰীৰ দ্বাৰা পোনা উৎপাদনঃ

গ্লাছজাৰ হেচ্ছাৰীৰ দ্বাৰা পোনা উৎপাদনঃ

 

এই হেচ্ছাৰীৰ তিনিটা ভাগ থাকে আৰু সেইবোৰ হ’ল ৫০০০-১০,০০০ লিটাৰ পানী ধৰা উত্তোলিত জলধাৰা, কণী ৰাখিবৰ বাবে প্ৰায় ৬.৩৫ লিটাৰ পানী ধৰা ২০-২৪ টামান গ্লাছেৰে নিৰ্মিত জাৰ আৰু দুটা পকীৰ চৌবাচ্ছা, যত দুটাকৈ হাপা ৰাখি স্পনবোৰ একত্ৰিত কৰি ৰাখিব পাৰি।

জলধাৰাটো ওখ স্থানত স্থাপন কৰি ইয়াৰ কাষতে নলী-নাদ বহুৱাই বা পুখুৰীৰ পৰা পাম্পেৰে জলধাৰালৈ পানী তোলা হয়। জলধাৰাৰ পানী ৩২ মিঃ মিজি আই বা পি ভি চি পাইপেৰে ভিতৰলৈ আনি তাৰ পৰা ২০-২৫ মিঃ মিঃ শাখা নলীৰে ১ মিটাৰ ওখ চাঙত শাৰী শাৰীকৈ সজাই থোৱা চুঙাবোৰৰ তলৰ সংযোগ স্থলত লগাই দিব লাগে। গ্লাছজাৰটো ৬.৩৫ লিটাৰ পানী ধৰা এটা পাত্ৰ আৰু তলৰ পিনে জোঙা হয়। এনেকুৱা ২০-২৪ টা চুঙা শাৰী শাৰীকৈ ক্লেম্পৰ সহায়ত পাতি লোৱা হয়। তলৰ পিনেৰে পানী সোমাই ওপৰৰ কটা ঘাটেৰে পানী ওলাই যাব পাৰে। এতিয়া চুঙাবোৰ এনেকৈ সজোৱা হয় যাতে আটাইবোৰ চুঙাৰ পৰা পানীবোৰ এখন নাওৰাত পৰি তাৰ পৰা আকৌ কাষতে থকা পকা চৌবাচ্ছালৈ যাব পাৰে। পকী চৌবাচ্ছাৰ আকাৰ হ’ল ২৪০ ছেঃ মিঃ x ২১০ ছেঃ মিঃ x ১০০ ছেঃ মিঃ। চৌবাচ্ছাৰ ওপৰত হাপা তৰিব পৰাকৈ আঙঠি লগোৱা থাকে আৰু প্ৰতি চৌবাচ্ছাত চাৰিটাকৈ পানীৰ চাবুৰি লগোৱা থাকে। প্ৰত্যেক জাৰত ২৫,০০০টাকৈ কণী দি তলৰ পাইপবোৰ খুলি দিলে জাৰটোৰ ভিতৰত এটা পানীৰ সোঁতৰ সৃষ্টি হ’ব আৰু চাব লাগিব যাতে পানীৰ সোঁত প্ৰতি মিনিটত এক মিটাৰৰ বেছি নহয়। অন্যথাই ওপৰৰ কটা ঘাটেৰে কণীবোৰ ওলাই যাব। পানীৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি ১৪-১৫ ঘণ্টাৰ মূৰত কণীবোৰ ফুটি ওলাব আৰু পোনাবোৰ চুঙাৰ মুখৰ কটা ঘাটেৰে ওলাই আহি নাওৰাৰে চৌবাচ্ছাটোত পাতি থোৱা হাপাত পৰিব। হাপাত তিনিদিন ৰখাৰ পাছত স্পনবোৰ বিক্ৰী অথবা নাৰ্ছাৰী পুখুৰীলৈ স্থানান্তৰ কৰা হয়।

(উৎসঃ অসমীয়া খবৰ)।

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate