অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণঃ

থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণঃ

থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণ কিদৰে কৰিব-

 

শেহতীয়াকৈ অসম চৰকাৰে থলুৱা প্ৰজাতিৰ মাছৰ বিলুপ্তপ্ৰায় অৱস্থালৈ লক্ষ্য ৰাখি থলুৱা মাছৰ বৈজ্ঞানিক সংৰক্ষণ আঁচনিৰ কথা বাজেটত ঘোষণা কৰিছে। থলুৱা মাছৰ সংৰক্ষণ আঁচনিৰ বাবে অসম চৰকাৰে ৯.৩৬ কোটি ব্যয় কৰিব। প্ৰাক্ আৰম্ভণিতে ২০১৭-১৮ বৰ্ষৰ বাবে অসম চৰকাৰে ২ কোটি টকাৰ আবণ্টন দিছে। এই আঁচনিৰ অন্তৰ্গত থলুৱা মাছৰ সুৰক্ষাৰ বাবে জিন বেংকৰ স্থাপন কৰাৰ কথা উল্লেখ কৰিছে। প্ৰথমতে উল্লেখ কৰিব বিচাৰিছোঁ যে জিন বেংকৰ স্থাপনৰ যোগেদি থলুৱা মাছৰ সংৰক্ষণ ফলপ্ৰসূ হ’ব বুলি আমাৰ মনে নধৰে। কিয়নো ইতিমধ্যে গুৱাহাটীত জিন বেংক আছে আৰু কিমান সফলতা লাভ কৰিছে এয়া সকলোৰে বাবে জ্ঞাত। শেহতীয়াকৈ অসম চৰকাৰে থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণৰ প্ৰতি গুৰুত্ব দিয়া বাতৰি অসমবাসীৰ বাবে নিশ্চয় ই এক ইতিবাচক বাৰ্তা। কাৰণ পূৰ্বতে মৎস্য উৎপাদনৰ বাবে এনে পদক্ষেপ লোৱা দেখা পোৱা নাযায়।

থলুৱা মাছৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা-

 

সাধাৰণতে অসম নৈ-উপনৈ, খাল-বিল, জলাশয়-পিটনি, জান-জুৰি, পুখুৰীসমূহত মাছ উৎপাদনেৰে অতি চহকী ৰাজ্য। অসমৰ এই জলসম্পদবোৰ অত্যন্ত উৎপাদনক্ষমশীলতা আৰু মাছ পালনৰ বাবে এক উপযুক্ত পৰিৱেশ। উত্তৰ-পূৰ্বাঞ্চলক অলৱণ পানীৰ মাছৰ জৈৱ-বৈচিত্ৰ্যৰ উষ্ণ ঠাই হিচাপে বিবেচিত কৰা হয়। উত্তৰ-পূৰ্বাঞ্চল বহু প্ৰজাতিৰ মাছৰ বাসস্থল। অসমত ২১৭ বিধ প্ৰজাতিৰ মাছ পোৱা যায়। মৎস্য পালনে অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশ্বৰ পাঁচশ মিলিয়ন লোক পোনপটীয়াকৈ মৎস্য পালনৰ লগত জড়িত হৈ আছে। মাছে বিশ্বৰ তিনি মিলিয়ন লোকক প্ৰয়োজনীয় পুষ্টিকৰ দ্ৰব্য যোগান ধৰি আহিছে। মাংসজাতীয় প্ৰ’টিন হিচাপে বিশ্বৰ ৫০ শতাংশ লোকক যোগান ধৰি আহিছে। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ভৱিষ্যতে মৎস্য উৎপাদনে পুষ্টিহীনতা আৰু ভোকাতুৰ দূৰীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ভাৰতবৰ্ষৰ থলুৱা প্ৰজাতিৰ মাছবোৰ আলংকাৰিক হিচাপে বিদেশলৈ চালান যায়। বিশ্বত প্ৰায় ৯ বিলিয়ন ডলাৰৰ আলংকাৰিক মাছৰ ব্যৱসায় কৰে। আটাইতকৈ ডাঙৰ কথা হ’ল যে অসমৰ থলুৱা প্ৰজাতিৰ মাছবোৰ বিদেশত আলংকাৰিক মাছ হিচাপে চাহিদা বহুত বেছি। আলংকাৰিক মাছৰ ৰপ্তানি ব্যৱসায়ত উত্তৰ-পূব ভাৰতৰ অৱদান বহুত বেছি। কিন্তু আমাৰ মৎস্যপালকৰ অজ্ঞাতে অসমৰ থলুৱা প্ৰজাতিৰ মাছবোৰ ভাৰতীয় ক’লা বজাৰত কলকাতা হৈ ছিংগাপুৰ পায়গৈ। বহু মৎস্যপালকে আমাৰ থলুৱা প্ৰজাতিৰ মাছৰ আলংকাৰিক মূল্যৰ কথা নাজানে বা গম নাপায়। গতিকে এনে সময়ত থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে-

 

আমাৰ অসমত থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণৰ প্ৰতি থকা হেলা মনোভাবৰ বাবে আমাৰ নৈ-উপনৈ, বিল-জলাশয়ৰ পৰা বহু প্ৰজাতিৰ থলুৱা মাছ বিলুপ্ত হয়। সাগৰীয় অঞ্চলত জলজ প্ৰাণীৰ সংৰক্ষণৰ বাবে কিছুমান অঞ্চল সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। ঠিক তেনেদৰে থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণৰ বাবে কিছুমান অঞ্চল মাছৰ জৈৱ-বৈচিত্ৰ্য অঞ্চল হিচাপে চিনাক্তকৰণ কৰি সংৰক্ষণ কৰিব লাগিব।

থলুৱা প্ৰজাতিৰ মাছৰ সংৰক্ষণৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ-

 

  • মাছৰ প্ৰাকৃতিক আৱাসস্থলসমূহ বাছি উলিওৱা আৰু ভাৰসাম্য ৰক্ষা কৰা।
  • বিলুপ্ত আৰু বিলুপ্তপ্ৰায় থলুৱা প্ৰজাতিৰ মাছৰ চিনাক্তকৰণ আৰু এইবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। এনেক্ষেত্ৰত স্থানীয় মৎস্যপালকসকলে সহায় লোৱাটো প্ৰয়োজনীয়।
  • কোনবিধ প্ৰজাতিৰ মাছ ক’ত বেছিকৈ উপলব্ধ, তাক নিৰ্ধাৰণ কৰি উলিওৱা আৰু এইবোৰ অঞ্চল সংৰক্ষণ কৰা।
  • প্ৰয়োজনতকৈ বেছি পৰিমাণত মাছ ধৰাটো বন্ধ কৰিব লাগিব।
  • যেতিয়াই তেতিয়াই মাছ ধৰা বন্ধ কৰিব লাগিব।
  • মাছৰ প্ৰজননৰ সময়ত গাভিনী মাছ ধৰাটো নিষেধ কৰিব লাগিব।
  • কণী থকা মাছ বজাৰত মুকলিকৈ বিক্ৰী কৰাটো বন্ধ কৰিব লাগিব।
  • বিশেষকৈ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে মাছ ধৰা বন্ধ কৰিব লাগে। কাৰণ এয়া মাছৰ প্ৰজননৰ সময়।
  • পোনা মাছ ধৰাত বাধা আৰোপ কৰিব লাগিব।
  • ইণ্ডিয়ান মেজৰ কাৰ্প বা বিদেশী প্ৰজাতিৰ মাছৰ পোনা উৎপাদনৰ বাহিৰেও মৎস্যপালকসকলে থলুৱা প্ৰজাতিৰ প্ৰাকৃতিক আৰু কৃত্ৰিম প্ৰজননত গুৰুত্ব দিয়ক।
  • বিল-জলাশয়, নৈ-উপনৈ য’ত থলুৱা প্ৰজাতিৰ মাছ উপলব্ধ, এনে ঠাইত প্ৰয়োজনীয় পৰিমাণতকৈ বিদেশী প্ৰজাতিৰ মাছ নেমেলিব। কিয়নো বিদেশী প্ৰজাতিৰ লগত আমাৰ থলুৱা প্ৰজাতিৰ মাছে প্ৰতিযোগিতা চলাব নোৱাৰে। এনে প্ৰজাতিৰ মাছে খাদ্য, ঠাই আৰু বংশবৃদ্ধিৰ প্ৰতিযোগিতা চলায়। লাহে লাহে বিদেশী প্ৰজাতিৰ মাছৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে অতি দ্ৰুত হাৰত থলুৱা মাছৰ সংখ্যা কমি যায়। ফলত কিছু বছৰৰ ভিতৰতে এই ঠাইৰ পৰা থলুৱা প্ৰজাতিৰ মাছ বিলুপ্ত হৈ যায়।
  • দিনক দিনে নৈ, খাল-বিল আদিত প্ৰদূষণৰ মাত্ৰা বাঢ়ি যোৱা দেখা গৈছে। গতিকে জল প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগিব। এইবোৰ সম্পদ সংৰক্ষণৰ বাবে অসম চৰকাৰে উপযুক্ত আইনো প্ৰণয়ন কৰিব লাগিব।
  • আমাৰ অসমত খৰালি কালত নৈ-উপনৈ, খাল-বিল আদিৰ পানী শুকাই যায়। আনহাতে, খেতিপথাৰৰ বাবে খেতিয়কে এনে পানীৰ উৎসৰ ওপৰত নিৰ্ভৰশীল। গতিকে আমি সদায়েই চকু দিয়া উচিত যে প্ৰয়োজনতকৈ বেছি পৰিমাণত পানী বাহিৰলৈ ওলাই যাব নোৱাৰে।
  • জলবিদ্যুৎ প্ৰকল্প আৰু নদীবান্ধৰ নিৰ্মাণৰ কাম দিনক দিনে বাঢ়িছে। এনেবোৰ প্ৰকল্পই মাছৰ প্ৰাকৃতিক প্ৰজননত বাধা প্ৰদান কৰে। বিভিন্ন প্ৰজাতিৰ মাছে খাদ্য আৰু প্ৰজননৰ বাবে বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰে। গতিকে এনে প্ৰকল্প নিৰ্মাণ কৰোঁতে চাব লাগে যাতে মাছৰ প্ৰব্ৰজনৰ বাবে উপযুক্ত পথ থাকে।
  • আলংকাৰিক আৰু থলুৱা প্ৰজাতিৰ মাছৰ প্ৰাকৃতিক প্ৰজননত গুৰুত্ব দিয়া উচিত।
  • বিভিন্ন উৎসৱ, পূজা-পাৰ্বণৰ প্ৰতিমা, মূৰ্তি আদি নৈ, বিলত পেলোৱাটো বন্ধ কৰিব লাগিব।
  • জাতীয় উৎসৱ বা পৰম্পৰাৰ নামত জধে-মধে মাছ ধৰা সংস্কৃতি পৰিত্যাগ কৰিব লাগিব।
  • নৈ-উপনৈত প্ৰাকৃতিকভাৱে উপলব্ধ পৈণত আৰু ডাঙৰ মাছবোৰ ধৰাত বাধা-নিষেধ কৰিব লাগিব।
  • কল-কাৰখানা বা খেতিপথাৰৰ পৰা অহা বিভিন্ন আৱৰ্জনা নৈ, উপনৈ, বিল-জলাশয়ত পেলোৱা কাৰ্য বন্ধ কৰিব লাগিব।

(উৎসঃ আমাৰ অসম, লীলাকান্ত পায়েং)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate