অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পোনা মেলাৰ আগেয়ে মীনপালকৰ জানিবলগীয়া

পোনা মেলাৰ আগেয়ে মীনপালকৰ জানিবলগীয়া

পুখুৰী বা যিকোনো মীনপালন ক্ষেত্ৰত পোনা মেলাৰ আগেয়ে পোনাখিনি চিনি পোৱাটো একান্তই বাঞ্ছনীয়। বহু সময়ত বহু মীনপালকৰ অজ্ঞতা বা অৱহেলাৰ বাবে সঠিক প্ৰজাতিৰ পৰিৱৰ্তে অসাধু পোনা বিক্ৰেতাসকলে অসংগত আৰু অপালনীয় বিভিন্ন প্ৰজাতিৰ পোনা কৌশলেৰে বিক্ৰী কৰে। ফলস্বৰূপে মূৰকত মীন পালকজন বঞ্চিত হয় আশানুৰূপ উৎপাদনৰপৰা। আশানুৰূপ মীন উৎপাদনৰ অন্যতম পূৰ্বচৰ্ত হ’ল সঠিক জোখৰ সঠিক প্ৰজাতিৰ পোনা সঠিক সময়ত উপলভ্য হোৱা। অৱশ্যে পোনাখিনি গুণগত মানৰ হ’বই লাগিব। তদুপৰি নিৰ্দ্দিষ্ট নিৰিখ তথা হিচাপত পালন কৰিবলগীয়া প্ৰজাতিসমূহ মেলিব লাগিব। এনে হিচাপ-নিকাচত ভুল হ’লেও ইপসিত ফল পোৱাটো সম্ভৱ নহয়। এনে সমস্যাবোৰ কিন্তু উলাই কৰিব পৰা বিধৰ নহয়। অসাধু পোনা বিক্ৰেতাৰ ছলাহী কথাত ভোল গৈ এক বুজনসংখ্যক মীনপালকৰ লটি-ঘটি হোৱাটো নতুন কথা নহয়। সেয়েহে সূক্ষ্ম পৰ্যৱেক্ষণৰ জৰিয়তে মীনপালকসকল নিৰ্ভৰযোগ্যতা সন্দৰ্ভত আশ্বস্ত হ’ব লাগিব। মাছৰ আকৃতি, পাখিৰ সংখ্যা, মুখৰ আকৃতি, বৰণ, ওঁঠৰ বিশেষত্ব আদি বাহ্যিক লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি পোনা অৱস্থাত প্ৰজাতিটি চিনিব পাৰি। অন্তত: আমি পালনৰ বাবে সচৰাচৰ অনুমোদন জনোৱা ছটা প্ৰজাতিৰ(তিনিটা দেশীয় মূলৰ আৰু তিনিটা বিদেশী মূলৰ)পোনা ভালদৰে চিনি পাব লাগিব। ইয়াত এইকেইটা প্ৰজাতি সহজতে চিনি পোৱাৰ কেইটিমান উপায় উল্লেখ কৰা হ’ল-

ৰৌ

দীঘলীয়া গঠন। মুখখন একেবাৰে সন্মুখৰ কিছু নিম্ন ভাগত অৱস্থিত। মুখত এযোৰ ক্ষুদ্ৰ দাঢ়ি আছে। ওঁঠ অংশ মঙহাল আৰু কিছু কোঁচখোৱা। বক্ষভাগ পৃষ্ঠভাগতকৈ বহল। বাকলিৰ সোঁমাজত ৰঙচুৱা ফোঁট থাকে। মাছটো পিঠিৰ ফালে নীলাভ আৰু বক্ষৰ ফালে ক্ৰমাৎ ৰূপালী। পাৰ্শ্বীয় ৰেখাত ৪০-৪২ টা বাকলি আৰু পাৰ্শ্বীয় ৰেখা আৰু পাৰ্শ্বীয় পাখিৰ মাজত ৬ শাৰীমান বাকলি থাকে। পৃষ্ঠীয় পাখিত ১৫-১৬ ডাল অক্ষ থাকে। ইয়াৰ বৈজ্ঞানিক নাম Labeo rohita।

বাহু

মূৰটো অপেক্ষাকৃতভাৱে ডাঙৰ, গাটো থোপোকা। ওপৰ পাৰি ওঁঠ নাই কিন্তু তলৰ পাৰি ওঁঠ বহল আৰু কোঁচযুক্ত। দাঢ়ি নাথাকে। গাটো কিছু চেপেটা আকৃতিৰ। বৰণ পিঠিৰ ফালে ধোঁৱা বৰণীয়া আৰু বক্ষৰ ফালে ৰূপালী। পৃষ্ঠীয় পাখি ডাঙৰ আৰু ১৭-১৯ ডাল অক্ষ থাকে। পাৰ্শ্বীয় ৰেখা আৰু পাৰ্শ্বীয় পাখিৰ মাজত ৪-৫ শাৰী বাকলি থাকে। ইয়াৰ বৈজ্ঞানিক নাম Catla catla।

মিৰিকা

মাছটো দীঘলীয়া, ক্ষীণকায় আৰু অলপ জোঙা। ৰৌ মাছৰ লগত কিছু একে যদিও মুখখন বহল, ওঁঠটো পাতল আৰু কোঁচযুক্ত নহয়। মাছটিৰ পিঠিৰ ফালৰ বৰণ বাদামী আৰু বক্ষৰ ফালে ক্ৰমাৎ ৰূপালী। পাখিৰ বৰণ ঈষৎ কমলা। পৃষ্ঠীয় পাখিত ১৫-১৬ ডাল অক্ষ থাকে। পাৰ্শ্বীয় ৰেখা আৰু পাৰ্শ্বীয় পাখিৰ মাছত ৫.৫-৬ শাৰী বাকলিৰ লগতে পাৰ্শ্বীয় ৰেখাত ৪০-৪৫ টা বাকলি থাকে। বৈজ্ঞানিক নাম Cirrhinus mrigala।

ছিলভাৰ কাৰ্প

আকৃতি ধেনুভিৰীয়া পিঠিৰ, কিছু চেপেটা, মুখখন জোঙা আৰু উৰ্দ্ধমুখী। বাকলিবোৰ ঈষৎ ৰূপালী বৰণৰ আৰু তুলনামূলকভাৱে সৰু। বৈজ্ঞানিক নাম Hypophthalmicthys molitrix।

গ্ৰাছ কাৰ্প

দেহটো দীঘল আৰু কিছু গোলাকৃতিৰ। মূৰটো বহল। গাৰ বৰণ কিছু মাটিয়া তথা সেউজবুলীয়া। পাখি গাঢ় মাটিয়া ৰঙৰ। পৃষ্ঠীয় পাখিত ৭-৯ ডাল অক্ষ থাকে। পৃষ্ঠীয় পাখি পুচ্ছ পাখিৰ ওপৰত অৱস্থিত। মুখত দুপাৰি দাঁতসদৃশ শক্তিশালী গ্ৰসনীদন্ত আছে। বৈজ্ঞানিক নাম Ctenopharyngodon idella।

কমন কাৰ্প

এইবিধ মাছৰ গাটো থোপোকা, পিঠি ধেনুভিৰীয়া, মুখখন জোঙা আৰু কিছু ওলাই অহা। বক্ষ ভাগ বহল। পাখিত ১৭-২১ ডাল অক্ষ থাকে। পৃষ্ঠীয় আৰু গুহ্য পাখিত দাঁতযুক্ত অক্ষ থাকে। মাছটিৰ মুখত দুযোৰ স্পষ্ট দাঢ়ি দেখা যায়। সচৰাচৰ আমাৰ ইয়াত সততে পোৱা মাছবিধৰ বৈজ্ঞানিক নাম Cyprinus carpio var communis।

উক্ত ছয়বিধ মাছৰ সংমিশ্ৰণেই আটাইতকৈ উত্তম সংমিশ্ৰণ বুলি বিবেচনা কৰা হয়। ইয়াৰ প্ৰথম তিনিটা ভাৰতীয় মূলৰ মাছ আৰু পিছৰ তিনিটা বিদেশী মূলৰ মাছ। এইসমূহ মাছ এটা আনটোৰ সংগত প্ৰজাতি। ইহঁতে এটাই আনটোক অপকাৰতো নকৰেই বৰং প্ৰত্যক্ষ বা পৰোক্ষভাৱে এটাই আনটোক সহায়হে কৰে। এই ধৰণৰ সংমিশ্ৰণত প্ৰতিটো প্ৰজাতিৰে আশানুৰূপ বাঢ়ন সম্ভৱপৰ হয়। উক্ত ছয়বিধ মাছৰ উপৰি কুঢ়ি, মালি, ভাঙোন, জাভাপুঠি, মাগুৰ, মিছামাছ আদিও সংমিশ্ৰিত মীন পালনত পালন কৰিব পাৰি। অৱশ্যে পোনা মেলাৰ হাৰ বা সংমিশ্ৰণৰ হাৰ প্ৰতিটো ক্ষেত্ৰতে কিছু সুকীয়া হ’ব। যেনে- দুটা কুঢ়ি বা মালি মাছৰ পোনা মেলিব খুজিলে এটা মিৰিকা পোনা কমাই দিব লাগিব। এই মাছকেইটাও আমাৰ মীনপালকৰ চিনাকি মাছ। বিশেষকৈ পোনাৰ উপলভ্যতা থাকিলে কুঢ়ি মাছৰ পোনা মেলি অধিক লাভৱান হ’ব পাৰিব। কুঢ়ি মাছৰ বৈজ্ঞানিক নাম Labeo gonius। ইয়াৰ গাটো দীঘল, পিঠি সামান্য ধেনুভিৰীয়া, মুখখন সৰু আৰু ওঁঠটো কোঁচযুক্ত। বাকলিবোৰ সৰু সৰু আৰু সামান্য কজলা ৰঙৰ। দুযোৰ চুটি দাঢ়ি থাকে। পাৰ্শ্বীয় ৰেখাত ৭৪-৮৪ ডাল বাকলি আৰু পাৰ্শ্বীয় পাখি আৰু পাৰ্শ্বীয় ৰেখাৰ মাজত ১০-১৩ শাৰী বাকলি থাকে। পৃষ্ঠীয় পাখিত ১৬-১৮ ডাল অক্ষ থাকে। বৰ্তমান আমাৰ ৰাজ্যখনত ৩৯১ টা মীন পোনা উৎপাদন কেন্দ্ৰ আৰু প্ৰায় ৪০০ জন হাপা পোনা উৎপাদকৰ প্ৰচেষ্টাত ৫,৬০০ নিযুত ফ্ৰাইপোনা উৎপাদন হয়। এইখিনি পোনা গুণগত মানেৰে উৎপাদিত হোৱাটো সকলোৰে কাম্য। সেয়েহে পোনা ক্ৰয় কৰাৰ লগতে বিভাগীয় অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন সম্পৰ্কে নিশ্চিত হৈ লোৱা উচিত।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate