মূল পৃষ্ঠা / কৃষি / মীণ পালন / পুখুৰীৰ পানী শুকাই নাযাবলৈ বিজ্ঞানসন্মত ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুখুৰীৰ পানী শুকাই নাযাবলৈ বিজ্ঞানসন্মত ব্যৱস্থা

পুখুৰীৰ পানী শুকাই নাযাবলৈ বিজ্ঞানসন্মত ব্যৱস্থাৰ বিষয়ে লিখা হৈছে ।

 

অসমত মীনপালকসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ ভিতৰত জলাশয়বোৰৰ পানী সোনকালে শুকাই যোৱাটো এটা প্ৰধান সমস্যা হিচাপে দেখা গৈছে । সাধাৰণতে মাটিত বালিৰ পৰিমাণ অধিক থাকিলে অথবা জলাশয়ৰ ওচৰে-পাঁজৰে নদী-নিজৰা থাকিলে পানী নিৰ্ধাৰণ হয় আৰু জলাশয়ৰ পানী শুকাই যায় । জলাশয়ত যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ প্ৰয়োগ কৰি পানী শুকাই যোৱা কিছু পৰিমাণে ৰোধ কৰিব পাৰি যদিও উপযুক্ত সময়ত সঠিক পৰিমাণৰ জৈৱিক সাৰৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয় । শেহতীয়াকৈ ‘পিভিচ জিঅ’মেমব্ৰেন’ নামৰ পাতল পলিমেৰিক পদাৰ্থৰে বনোৱা প্লাষ্টিকৰ জৰিয়তে জলাশয়ৰ পানী নিৰ্ধাৰণ ৰোধ কৰাটো সম্ভৱ হৈ উঠিছে । উল্লেখ্য যে বিজ্ঞানসন্মত মীনপালনৰ বাবে পুখুৰীৰ গভীৰতা ২-২.৫ মিটাৰ যথেষ্ট । কিন্তু অভিজ্ঞতাৰ পৰা দেখা গৈছে যে ২.-২.৫ মিটাৰ গভীৰতাত খৰালি ১.০ মিটাৰো পানী নাথাকে, ফলস্বৰুপে মীনপালন তথা অধিক মাছ উৎপাদন ব্যাহত হয় । পুখুৰীত গভীৰতা বেছি কৰিবলৈ খৰচৰ পৰিমাণ বাঢ়ে । গতিকে অন্তত: ২.০ মিটৰ পানী ৰাখিবলৈ পুখুৰীৰ তলিখনত পিভিচি জিঅ’মেমব্ৰেন বহুৱাই ল’ব পাৰি । বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা ১০ মি:মি: ডাঠ এই জিঅ’মেমব্ৰেন পাঁচ বছৰলৈ নষ্ট নোহোৱাকৈ থাকে আৰু কোনো ৰাসায়নিক বিক্ৰিয়া তথা পাৰ্শ্বক্ৰিয়া নাই বুলি প্ৰমাণিত হৈছে । ভাৰতৰ কেইবাখনো ৰাজ্যত মীনপালকসকলে পুখুৰী বেছি দকৈ নাখান্দি তলি আৰু পাৰত পিভিচি জিঅ’মেমব্ৰেন ব্যৱহাৰ কৰি উপকৃত হৈছে। যিহেতু আমাৰ ৰাজ্যতো পুখুৰী খন্দাৰ খৰচ দিনকদিনে বাঢ়ি আহিছে, গতিকে নিৰ্দিষ্ট হিচাপত পুখুৰীত পানী ৰাখিবলৈ পিভিচি জিঅ’মেমব্ৰেন সংস্থাপিত কৰি লাভৱান হ’ব পাৰে ।

উৎস :- অসমীয়া খবৰ

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top