অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰমা কলবাৰীৰ প্ৰগতিশীল মীনপালক সঞ্জয় ডেকা বড়ো

বৰমা কলবাৰীৰ প্ৰগতিশীল মীনপালক সঞ্জয় ডেকা বড়ো

বৰমাৰ সমীপৱৰ্তী কলবাৰি খাৰুৱাজান গাঁৱৰ ডেৰকুৰি বসন্ত গৰকা শিক্ষিত প্ৰগতিশীল মীনপালকজনৰ নাম সঞ্জয় ডেকা বড়ো। বি টি এ ডি ৰ অন্তৰ্গত তুলনামূলকভাৱে অনগ্ৰসৰ অঞ্চলটিত নিষ্ঠা, একাগ্ৰতা আৰু হৃদয়ৰ তাগিদাৰে মীন পালন কৰি ডেকাজনে ৰাজ্যবাসীলৈ আগবঢ়াইছে এক অনুকৰণীয় চানেকী। সুখৰ কথা যে এই চানেকীৰ মাৰ্গদৰ্শনেৰে উদ্ভাসিত হৈ অঞ্চলটোত প্ৰশস্ত হৈছে নীল বিপ্লৱৰ জয়যাত্ৰা। স্থানীয় শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে সঞ্জয়ে দেখুৱাই দিয়া সোণসেৰীয়া বাটেৰে বাট বুলি পাইছে আত্মসংস্থাপনৰ সুগম পথ। সঞ্জয়ে প্ৰমাণ কৰি দিছে প্ৰবল ইচ্ছা শক্তি আৰু দুৰন্ত ইতিবাচক মানসিকতাই যিকোনো অসম্ভৱকো সম্ভৱ কৰি তোলে। এইখিনিকে সমল হিচাপে লৈ মীন পালনৰ জৰিয়তে তেনেই চালুকীয়া অৱস্থাৰ পৰা ধৰাতেই সৰগ ৰচিবলৈ সক্ষম হৈছে অঞ্চলবাসীৰ নয়নৰ মণি সঞ্জয় ডেকা বড়োৱে। কৃষিজীৱি পৰিয়ালৰ সন্তান সঞ্জয়ৰ পিতৃয়ে প্ৰান্তীয় কৃষিকৰ্মৰ যোগেদি পৰিয়ালটো পোহপাল দিছিল। ক্ৰমবৰ্দ্ধমান মূল্যবৃদ্ধিৰ পৰিণতিত লাহে লাহে এইদৰে ঘৰ চলোৱাটো হৈ পৰিল কষ্টসাধ্য। সৰুৰেপৰা প্ৰগতিশীল চিন্তা-চৰ্চাৰ বাহক সঞ্জয়ে সততে চিন্তা কৰিছিল আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ চৰম উন্মেষৰ যুগত এনেকৈ আৰু নোৱাৰি। কিবা এটা সন্তোষজনক উপাৰ্জনমুখী কাম কৰিবই লাগিব। ১৯৯৪ চনত ককাকৰ সম্পত্তিৰ ভাগ বাটোৱাৰা হ’লত সঞ্জয়হঁতৰ ভাগত পৰিল মুঠ ৩৭ বিঘা মাটি। তাৰে বেছিখিনিয়েই কৃষিকৰ্মৰ বাবে অনুপযোগী দ ভূমি। গতিকে যি হয় হ’ব বুলি ভাবি সঞ্জয়ে মন মেলিলে মীন পালনৰ প্ৰতি। স্মৰ্তব্য যে তেতিয়ালৈ যুৱকজনৰ মীন পালন সম্পৰ্কে নাছিল কোনো কাৰিকৰী আৰু বিজ্ঞানসন্মত জ্ঞান আৰু ধ্যান ধাৰণা। যুৱকজনে বৰমালৈ ওলাই গ’লে সংগ্ৰহ কৰা কাকত-পত্ৰ আলোচনীৰ পৰা মীনপালন সম্পৰ্কে ইতিমধ্যে অৱগত হৈছিল কিছু। এই সকলোখিনিকে ভৰসা কৰি প্ৰথম পৰ্য্যায়ত চাৰি বিঘা দ মাটি মীনপামলৈ ৰূপান্তৰ কৰি আৰম্ভ কৰে মীনপালন। মীনপালন মানে কেৱল পোনা মেলা আৰু মাজে মধ্যে কেতিয়াবা খাদ্য আদি প্ৰয়োগ কৰা। ইয়াত নাছিল কোনো বিজ্ঞানসন্মত দৃষ্টিভংগী তথা বিজ্ঞানসন্মত কৰ্মপঞ্জী। অৱশ্যে সঞ্জয়ৰ অনুসন্ধিৎসু মনটো এনেই বহি নাথাকিল। অহৰহ চলি থাকিল উদ্ভাৱনী চিন্তাৰে বিভিন্ন পৰীক্ষা-নিৰীক্ষা। প্ৰথম বছৰতে লাভ পালে ৩০ হাজাৰ টকা। সেই সময়ত এই অংকটো বৰ সৰু নাছিল। কিয়নো তেতিয়াৰ বজাৰত ৰৌ, বাহু মাছৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত ৩৫ টকা আৰু চিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প আদিৰ কিলোগ্ৰামত ১৫ টকা। প্ৰথম বছৰৰ এই সফলতাই সঞ্জয়ক বাৰুকৈয়ে উৎসাহিত কৰি তোলে। সঞ্জয়ৰ নিজৰ ভাষাৰেই- ‘এয়া মোৰ বাবে আছিল তেনেই অপ্ৰত্যাশিত। মোক বহুত শিকালে। তদুপৰি মোক দিলে বিশ্বাস, উৎসাহ আৰু আগবাঢ়ি যোৱাৰ প্ৰেৰণা’। তাৰ পিছত আৰু সঞ্জয়ে পিছলৈ উভতি চোৱা নাই। প্ৰতি বছৰে লাভৰ ধন বিনিয়োগ কৰি সমান্তৰালভাৱে ভূমি ক্ৰয় আৰু পাম সম্প্ৰসাৰণৰ কাম চলাই থাকিল। এনেতে ২০০০ চনত সঞ্জয়ে লগ পায় মীন পালনৰ বিভিন্ন কাম-কাজৰ সম্যক বিজ্ঞানসন্মত ধাৰণাৰে পুষ্ট হৰি ৰাজবংশীক। ৰাজবংশীয়ে সঞ্জয়ক নলবাৰীলৈ নি মীন পালনৰ কাম-কাজ আৰু অভিজ্ঞতাৰে পুষ্ট এটা বেচৰকাৰী সংস্থাৰ লগত পৰিচয় কৰাই দিয়ে। সঞ্জয়ৰ উৎসাহ আৰু আগ্ৰহ দেখি সংস্থাটোৱে সঞ্জয়ক মীন পালনৰ বিভিন্ন বিধি-বিধান, যেনে-প্ৰজাতি সংমিশ্ৰণ, পাম প্ৰস্তুতকৰণ, চূণ-সাৰ-খাদ্য প্ৰয়োগৰ বিধি-নিৰিখ, বেমাৰ প্ৰতিকাৰ আৰু প্ৰতিষেধক আদি বিষয়ক যাৱতীয় জ্ঞান দিয়ে। সেই জ্ঞান অৰ্জনেৰে অচিৰেই সঞ্জয় কাৰিকৰীভাৱে যথেষ্ট সমৃদ্ধ হ’ল। সঞ্জয়ে জনোৱা মতে, পৰৱৰ্তী সময়ত এইখিনি প্ৰয়োগৰ ফলত উৎপাদনৰ পৰিমাণ দুগুণলৈ বাঢ়িল। এইবাৰ সঞ্জয়ে অঞ্চলটোত গুণগত মানৰ মীন পোনাৰ অভাৱৰ সমস্যাটি জোৰা মাৰিবলৈ পোনা প্ৰতিপালন আৰম্ভ কৰিবলৈ মন মেলিলে। এইবাৰো দিহা-পৰামৰ্শৰে সহায় কৰিবলৈ আগবাঢ়ি আহে হৰি ৰাজবংশী। যেনে চিন্তা, তেনে কাম। প্ৰয়োজনীয় হিচাপৰ পোনা প্ৰতিপালন পুখুৰী আৰু যাৱতীয় আন্ত:গাঁথনি প্ৰস্তুত কৰি ল’লে সঞ্জয়ে। নিজ পৰ্য্যবেক্ষণত পোনা উৎপাদন কেন্দ্ৰৰ পৰা ভ্ৰূণ পোনা আনি আঙুলি জোখৰ কৰি বিক্ৰী কৰিবলৈ ল’লে। অঞ্চলটোত গুণগত মানৰ পোনা উপলব্ধ হোৱাৰ লগতে পোনা পৰিবহনৰ সমস্যাটোৰো যতি পৰিল। তদুপৰি সঞ্জয়ো অৰ্থনৈতিকভাৱে যথেষ্ট লাভৱান হ’ল। মীন পালনেৰে অবিৰত যাত্ৰা আৰম্ভ কৰা সঞ্জয় আজি এখন প্ৰায় ৪০ বিঘা জলকালিৰে সমৃদ্ধ বিশাল মীনপামৰ গৰাকী। বছৰেকত পামখনৰ পৰা উপাৰ্জন হয় সাত লাখমান টকা। বৰ্তমান পামখনৰ কাৰিকৰী পৰামৰ্শদাতা হিচাপে জড়িত হৈ আছে বাক্সাৰ মীন সম্প্ৰসাৰণ বিষয়া বিপুল খাটনিয়াৰ। খাটনিয়াৰৰ দিহামৰ্মে সঞ্জয়ে মীনপামত সমন্বিতভাৱে উদ্যান শস্য আৰু পশুধন পালনৰ সংযোজন ঘটাইছে। এইবোৰে অৱধাৰিতভাৱে বৃদ্ধি কৰিছে পামখনৰ আয়। তদুপৰি সঞ্জয়ৰ পামত দহজন স্থানীয় শিক্ষিত যুৱকে প্ৰত্যক্ষভাৱে বিভিন্নজনে পাইছে কৰ্মসংস্থাপন। সঞ্জয়ৰ কামৰ পৌণিক ক্ৰিয়াৰ সুবাসে কলবাৰী-খাৰুৱাজানৰ উপৰি পাৰ্শ্বৱৰ্তী বাদুলিপাৰা, চিঙৰাপাৰা, ওদালবাৰী, নাকটিপাৰা আদি গাঁৱৰ শতাধিক শিক্ষিত যুৱক-যুৱতীক মীনপালনলৈ আকৰ্ষিত কৰি নিয়োগ সম্ভাৱনীয়তাৰ দিহা দিবলৈ সক্ষম হৈছে। ভৱিষ্যতে সঞ্জয়ৰ অলৱণীয় জলৰ মিছামাছ পালন আৰু নিজাববীয়াকৈ এটা মীন পোনা উৎপাদন কেন্দ্ৰ স্থাপন কৰাৰ মন আছে। সঞ্জয় ডেকা বড়ো বৰ্তমানৰ নিবনুৱা সমস্যাৰ পৰিপ্ৰেক্ষিতত এক অনুকৰণীয় আদৰ্শ। পত্নী আৰু এটি পুত্ৰ সন্তানৰে সঞ্জয় এটা সুখী পৰিয়ালৰ গৰাকী।

লিখক: ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate