অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাছৰ ‘মহামাৰী ঘাঁ ৰোগ’

Image result for Epizootic Ulcerative Syndrome

আন প্ৰানীৰ দৰে মাছৰো বহু ধৰণৰ ৰোগ হোৱা দেখা যায়৷ ইয়াৰ ভিতৰত মাছৰ “মহামাৰী ঘাঁ লগা ৰোগ” চমুকৈ ইংৰাজীত EUS অন্যতম৷ ই এক সংক্ৰামক ৰোগ৷ পুখুৰীত এবাৰ দেখা দিলে সহজতে মাছক ৰক্ষা কৰিব পৰা নাযায়৷ ফলত মীন পালক সকলে বহু লোকচানৰ সন্মুখীন হব লগা হয়৷ সেয়ে মীনপালক সকলে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ অলপ সতৰ্কতা অৱলম্বন কৰা উচিত৷ পুখুৰীত ৰোগ দেখা দিলে নিৰাময়ৰ বাবে কি যত্ন লোৱা উচিত তাকে মীনপালক সকলক জনাবলৈ ইয়াত প্ৰয়াস কৰা হৈছে৷

ৰোগৰ ইতিহাস

১৯৭২ চনত পোন প্ৰথমে অষ্ট্ৰেলিয়াৰ কেতবোৰ জলাশয়ত এই ৰোগ দেখা দিছিলে ৷ ১৯৮৮ চনৰ মে’ মাহৰ প্ৰথমে ভাৰতবৰ্ষৰ ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ মুকলি জলাশয় বোৰত দেখা দিয়ে৷ পিছত ক্ৰমে ভাৰতবৰ্ষৰ প্ৰায় ৰাজ্যলৈ বিয়পি আনকি আবদ্ধ জলাশয় তথা পুখুৰী আদিতো এই ৰোগৰ প্ৰভাৱ পৰে ৷

ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়

উত্তৰ পূব ভাৰতত বিশেষকৈ অসম মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গত শীতকালত হোৱা দেখা যায় ৷  দক্ষিণ ভাৰতত বাৰিষাৰ পিছত জুলাই আগষ্ট আৰু নম্বেবৰ-ডিচেম্বৰ মাহত এই ৰোগ হোৱা দেখা যায় ৷

ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা মাছ

Image result for epizootic ulcerative syndrome treatment

অলুনীয়া পানী (Freshwater)  আৰু লুণীয়া পানীৰ (Brackishwater) প্ৰায়বোৰ মাছেই এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় ৷ অসমৰ মুকলি জলাশয়ত থকা সকলো প্ৰকাৰৰ মাছেই আক্ৰান্ত হোৱা দেখা যায়৷ প্ৰধানকৈ পুখুৰীত থকা অলাগতিয়াল মাছ শাল, শ’ল, গৰৈ, ছেঙেলি, পুঠি, মোৱা, টোৰা আদি থাকিলে প্ৰথমতে ইহঁতৰ গাত হোৱা দেখা যায় ৷ পিছতহে মিৰিকা, ৰৌ, বাহু, কুঁৰহী, মালি, চিলভাৰ কাৰ্প, কমন কাৰ্প আদি মাছৰ গাত হোৱা দেখা যায়৷

ৰোগৰ লক্ষণ

প্ৰথমতে মাছৰ  মূৰটোৰ পিছৰ গা অংশত বা গাটোৰ দুয়োকাষে পাতল তেজৰ টোপোলা লাগি থকা যেন দেখি৷ টোপোলাবোৰ পিছত বহল হয় আৰু গাৰ অন্য ভাগলৈ বিয়পি টেমুনা আঁকাৰৰ হয়৷  আনহাতে টেমুনাৰ তলৰ ফালৰ বাকলিবোৰ কোমল হৈ পৰে৷ শেষত টেমুনাবোৰ ফাঁটি তেজ পুজবোৰ ওলাই ঘাঁৰ সৃষ্টি কৰে৷ বাকলিবোৰ এৰাই ঘাঁ বোৰ দ' গাতহৈ হাড় বা কাইটবোৰ ওলাই পৰে আৰু তেতিয়াই মাছবোৰ মৰিবলৈ আৰম্ভ কৰে৷ এই ৰোগক Epizootic Ulcerative Syndrome চমুতে EUS  বা ‘মহামাৰী ঘাঁ লগা ৰোগ’ বুলি কোৱা হয়৷ তাৰোপৰি পুখুৰীত এইৰোগ দেখা দিলে মাছবোৰৰ চলন-ফুৰণ সলনি হয় আৰু পানীৰ ওপৰিভাগলৈ শ্বাস প্ৰশ্বাস লোৱা দেখা যায়৷

বৰ্ত্তমান সময়লৈকে ৰোগৰ প্ৰকৃত কাৰণ জনা হোৱা নাই ৷ তথাপি বহু দেশৰ মীন বৈজ্ঞানিকে ইয়াক ভেকুঁৰজনিত (Fungal Disease) বেমাৰ বুলিহে একমতত উপনীত হৈছে ৷ এই বেমাৰৰ লগত অন্য বীজাণুবোৰৰো সহযোগ দেখা যায় ৷ তাৰপোৰি পৰিবেশ আৰু পানীৰ গুণা-গুণৰো প্ৰভাৱো নুই কৰিব নোৱাৰি ৷

ল’বলগা সৱধানতা

ক) সঠিক সংখ্যাৰ মাছ পুখুৰীত মজুত কৰিব লাগে৷

খ) সঠিক পৰিমাণৰ উপযুক্ত খাদ্য যোগান ধৰিব লাগে৷

গ) অলাগতিয়াল মাছ গৰৈ, শাল, শ’ল, ছেঙেলি, মোৱা, পুঠি, টোৰা আদি মাছ পালন পুখুৰীৰ পৰা আঁতৰাই ৰাখিব লাগে৷

ঘ) পালন পুখুৰীৰ লগত বাহিৰা জলাশয়ৰ কোনো সংযোগ ৰাখিব নালাগে৷

ঙ) শীতকাল পৰাৰ আগে আগে পুখুৰীত চূণ ব্যৱহাৰ কৰি পানীখিনি ক্ষাৰকীয় অৱস্হাত ৰাখিব লাগে ৷

চ) মাজে সময়ে পুখুৰীৰ পানীত পটাছ দি থাকিব লাগে৷

ছ) শীতকালত সঘনাই জাল মাৰিব নালাগে৷

জ) আনৰ পুখুৰীত ব্যৱহাৰ কৰা জাল বা সৰঞ্জাম ব্যৱহাৰ কৰিব নালাগে বা কৰিলেও পটাছ পানীত ডুবাই ৰ’দত শুকাই লৈহে ব্যৱহাৰ কৰিব লাগে৷

ঝ) মাজে সময়ে বিশেষকৈ শীতকালৰ সময়ছোৱাত পুখুৰীত থকা মাছৰ চলন-ফুৰন আৰু মাছৰ স্বাস্হ্যৰ বুজ ল’ব লাগে ৷

ঞ) বেমাৰ দেখা পোৱাৰ লগে লগে নিৰাময়ৰ ব্যৱস্হা লব লাগে ৷

ট) পুখুৰীত চূণ আৰু ঔষধ প্ৰয়োগৰ দিনটোত মাছক খাদ্য দিব নালাগে ৷

আগতীয়াকৈ লব লগা ব্যৱস্হা

ৰোগত আক্ৰান্ত হোৱা পুখুৰীটো সৰু হলে সম্পূৰ্ণৰূপে সিঁচি ৰ’দত শুকাই চূণগুড়ি ছটিয়াই হাল বাই দিব লাগে ৷ ইয়াৰ ২-৩ দিনমান পিছত পানী ভৰাই নতুনকৈ প্ৰস্তুত কৰি মাছপোনা এৰি পালন কৰিব লাগে৷  ৰোগত আক্ৰান্ত হোৱা পুখুৰীটো যদি সিঁচিব নোৱাৰি পুখুৰীত থকা আটাইবোৰ মাছ উঠাই দিব লাগে আৰু পিছত চূণ আৰু পটাছ প্ৰয়োগ কৰি নতুনকৈ মাছপোনা এৰি পালন কৰিব লাগে৷

শীতকাল আৰম্ভ হোৱাৰ আগে আগে তলত উল্লেখ কৰা আগতীয়াকৈ ল’ব লগা ব্যৱস্হাৰ যিকোনো যিকোনো এটাৰ ব্যৱস্হা নিজৰ সুবিধামতে পুখুৰীত প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয়৷

ক) চূণ আৰু পটাছৰ প্ৰয়োগ: শীতকাল (চেপ্তেম্বৰ – অক্টোবৰ) আৰম্ভহোৱাৰ আগতে প্ৰতিবিঘা পানী কালিত চূণ ১০-১৫ কি: গ্ৰা: আৰু পটাছ ৪-৫ মিলিগ্ৰাম প্ৰতিলিটাৰ পানী হিচাবত পুখুৰীত দিব লাগে৷ বা

খ) চুক্ৰিনা ডব্লিউএচ (Sukrina W.S.): শীতকাল (চেপ্তেম্বৰ – অক্টোবৰ) আৰম্ভ হোৱাৰ আগতে প্ৰতিবিঘা পানী কালিত চূণ ১০- ১৫ কি: গ্ৰা: ব্যৱহাৰ কৰি চুক্ৰিনা ডব্লিউ এচ ৫০০ মিলিলিটাৰ অলপ পানীত মিহলাই পুখুৰীৰ পানীত ছটিয়াই ঢৌ খেলিব লাগে ৷

ৰোগ নিয়ন্ত্ৰণৰ ব্যৱস্থা

আগতীয়াকৈ ব্যৱস্হা ল’লেও পুখুৰীত ৰোগ হোৱা দেখা যায় ৷ সেয়েহে ৰোগৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি তলত দিয়া ব্যৱস্হা সমূহৰ যিকোনো এটা ব্যৱস্হা সমূহৰ যিকোনো এটা ব্যৱস্হা উপযুক্ত সময়ত গ্ৰহণ কৰি নিয়ন্ত্ৰণ কৰিব লাগে ৷ ইয়াৰ উপৰিও এন্টিবায়টিক (অক্সিটেট্ৰাচাইক্লিন বা ইৰিথ্ৰমাইচিন বা টেৰামাইচিন পাউদাৰ; ভেটেনাৰী গ্ৰেড) ৬০-১০০ মিলিগ্ৰাম প্ৰতি কি: গ্ৰা: মাছৰ খাদ্যৰ লগত মিহলাই ৭-১০ দিনলৈকে খাবলৈ দিব লাগে ৷

১ ৷ চূণ আৰু পটাছ প্ৰযোগ: পানীৰ পিএইচৰ (pH) ওপৰত নিৰ্ভৰ কৰি চূণ ৩০-৯০ কি: গ্ৰা: প্ৰতিবিঘা পানীকালিত দিব লাগে আৰু লগতে পটাছ ৪-৫ মিলিগ্ৰাম প্ৰতিলিটাৰ পানীত পুখুৰীত দিব লাগে বা পটাছ ১০ মিলিগ্ৰাম প্ৰতিলিটাৰ পানী হিচাবত প্ৰয়োজনীয় পৰিমাণৰ পানীলৈ পটাছ মিহলাই ৰোগী মাছক ১০-১৫ মিনিটমান সময় ডুবাই ৰাখি পুখুৰীত এৰি দিব লাগে ৷

২ ৷ নিমখ প্ৰয়োগ: নিমখ ৮-১০ কি: গ্ৰা: প্ৰতিবিঘা পানী কালি হিচাপত পুখুৰীত ছটিয়াই দিব লাগে বা ৩-৪ শতাংশৰ প্ৰয়োজনীয় নিমখ পানী তৈয়াৰ কৰি পুখুৰীৰ পাৰতে বেমাৰ হোৱা মাছক ডুবাইদি তৎক্ষণাত পুখুৰীত এৰিব লাগে ৷ নিমখ পানীত মাছক বেছি সময় ৰাখিলে মাছ মৰি যায়৷

৩ ৷ হালধি  আৰু চূণ প্ৰয়োগ: হালধি (কেচা আৰু গুড়ি) ১: ১০ অনুপাতত অৰ্থাৎ ১ কি: গ্ৰা: হালধি ১০ কি: গ্ৰা: চূণৰ লগত মিহলি কৰি প্ৰতিবিঘা পুখুৰীত পানী ছটিয়াই ঢৌ খেলি দিব লাগে ৷ অৱশ্যে সমানে দুভাগ কৰি প্ৰথম ভাগ দিয়াৰ ৭ দিন পিছত দ্বিতীয় ভাগ দিলে ভাল ফল পোৱা যায়৷

৪ ৷ ব্লিচিং পাউদাৰ প্ৰয়োগ: প্ৰতিবিঘা পানীকালিত চূণ ১০-১২ কি: গ্ৰা: পূখুৰীত দিব লাগে আৰু ইয়াৰ ৭ দিন পিচত ১ পি পি এম ব্লিচিং পাউদাৰ পুখুৰীৰ পানীত দিব লাগে৷

৫ ৷ চিফাক্স প্ৰয়োগ: প্ৰতিবিঘা পানীকালিত চিফাক্স ২০০ মিলিলিটাৰ পানীত মিহলাই পুখুৰীটোৰ উপৰিভাগত ছটিয়াই ঢৌ খেলি দিব লাগে ৷

৬ ৷ চুক্ৰিনা ডব্লিউ এচ প্ৰয়োগ: প্ৰতিবিঘা পানীকালিত চূণ ১০-১২ কি: গ্ৰা: দিব লাগে, পিছত চুক্ৰিনা ডব্লিউ এচ ৫০০ মিলিলিটাৰ অলপ পানীত মিহলি কৰি পুখুৰীৰ পানবীৰ উপৰিভাগত ছটিয়াই ঢৌ খেলি দিব লাগে ৷ প্ৰথম বাৰ দিয়াৰ ১৫ দিন পিছত আকৌ ৫০০ মিলিলিটাৰ চুক্ৰিনা ডব্লিউ এচ একেদৰে পুখুৰীত দিব লাগে৷

বি: দ্ৰ:

ক) ৰোগ দেখা দিয়াৰ লগে লগে নিয়ন্ত্ৰণ কৰাটো জটিল৷ সেয়ে মীন কাৰিকৰী বিষয়াৰ পৰামৰ্শ লোৱা উচিত৷

খ) চূণ সদায় পানীৰ পি এইচৰ (pH) ওপৰত নিৰ্ভৰ কৰি প্ৰয়োগ কৰাটো ভাল, অৱশ্যে ৰোগাক্ৰান্ত পুখুৰীত অলপ বেছিকৈ প্ৰয়োগ কৰিব পাৰি৷

গ)  আটাইবোৰ দেশী-বিদেশী পালিত মাছৰ ভিতৰত মিৰিকা মাছ এই ৰোগৰ দ্বাৰা খোব আক্ৰান্ত হয়৷ সেয়ে আক্ৰান্ত হোৱা পুখুৰীত মিৰিকা মাছ এৰিব নালাগে যেতিয়ালৈকে পুখুৰীত মাছৰ প্ৰভাৱ নকমে৷

ঘ) ৰোগ দেখা দিয়া সম্ভাৱনা থকা পুখুৰীত শীতকাল আৰম্ভ হোৱাৰ আগতে ডাঙৰ হোৱা মাছবোৰ উঠাই বিক্ৰী কৰি সম সংখ্যক সৰু মাছেৰে পুখুৰী মজুত কৰিব লাগে৷

ঙ) পানীৰ পৰিমাণ: পুখুৰীৰ দৈৰ্ঘ্য, প্ৰস্হ আৰু গভীৰতাক মিটাৰত জোখ লৈ ইহঁতৰ পূৰণফলক ১০০০ ৰে পূৰণ কৰিলে পূখুৰীত কিমান লিটাৰ পানী আছে সহজতে জানিব পাৰি ৷ অৰ্থাৎ (দৈৰ্ঘ্য মি: x প্ৰস্হ মি: x গভীৰতা মি: ) x ১০০০ লিটাৰ৷

চ) ঔষধ পোৱাৰ ঠিকনা

১ ৷ চূণ, নিমখ, হালধি: সাধাৰণতে ব্যৱহাৰিত হোৱা সামগ্ৰী সমূহ বজাৰৰ সকলো ঠাইত পোৱা যায় ৷

২ ৷ পটাছ (পটাছিয়াম পাৰমেংগানেট): কৃষি সামগ্ৰী বিক্ৰী কৰা দোকান সমূহৰ পোৱা যায় ৷

৩ ৷ ব্লিচিং পাউদাৰ : সাধাৰণতে ব্যৱহাৰ কৰা সামগ্ৰী, কৃষিজাত সামগ্ৰী বিক্ৰী কৰা দোকান সমূহত পোৱা যায় ৷

৪ ৷ এন্টিবায়’টিক : টেট্ৰাচাইক্লিন হাইড্ৰক্সইড, ইৰিথ্ৰমাইচিন, টেৰামাইচিন (ভেটেনাৰী গ্ৰেড) পাউদাৰ সকলো ঔষধৰ দোকানত পোৱা যায় ৷

৫ ৷ চিফাক্স, চুক্ৰিনা ডব্লিউএচ: চহৰত কোম্পানীৰ দ্বাৰা অনুমোদিত মাছৰ অন্যান্য সামগ্ৰী সমূহ বিক্ৰী কৰা ব্যৱসায়ীৰ ওচৰত পোৱা যায় ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate