অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাছৰ উৎপাদন, সংৰক্ষণ আৰু মীন আইন

মাছৰ উৎপাদন, সংৰক্ষণ আৰু মীন আইন

 

ৰঙৰ উৎসৱ ৰঙালী বিহুত সকলোৰে মন-প্ৰাণ ৰঙেৰে ভৰি পৰিছে। তেনেদৰে নৈ, বিল, পুখুৰী, আদিও পানীৰে উপচি পৰিছে। বৰদৈচিলাৰ আগমনত গা-গছে পাত সলোৱাৰ দৰে প্ৰকৃতিৰ এই বিনন্দীয় সৃষ্টিত নতুন পানী পাই গাভিনী মাছবিলাকেও নৈত কণী এৰিবলৈ আৰম্ভ কৰিছে। মাছপোনা ব্যৱসায়িসকলে মাছপোনা সংগ্ৰহ কৰিবৰ বাবে সাজু হৈছে। মীনপালকসকলেও পুখুৰী প্ৰস্তুত কৰি মাছপোনা মেলাৰ বাবে উপযোগী কৰি লৈছে। আমাৰ মীনপালকসকলে মাছপোনা মেলাৰ সময়ত যাতে ঠগ খাব লগা নহয়, তাৰ বাবে

আমাৰ মীনপালকসকলে মাছৰ পোনা চিনাক্তকৰণৰ কেইটামান কৌশল তলত বৰ্ণনা কৰা হ’ল -

ৰৌ:

ৰৌ মাছৰ পোনা চিনাক্তকৰণৰ সহজ কৌশলটো হ’ল ইয়াৰ পুচ্ছবৃন্তত এটা ক’লা ৰঙৰ ফোট থাকে, অলপ ভালদৰে লক্ষ্য কৰিলে দেখা যাব যে ৰৌ মাছৰ তলৰ ওঁঠটো কোঁচ খোৱা। আনহাতে, শৰীৰটো দীঘলীয়া।

বাহু:

আমাৰ মীনপালকসকলে সহজতে চিনি উলিয়াব পৰা মাছবিধ হ’ল বাহু। বাহু মাছৰ মূৰ তথা মুখখন ডাঙৰ।

মিৰিকা:

মিৰিকা মাছৰ চিনাক্তকৰণৰ ক্ষেত্ৰত প্ৰথম লক্ষ্য কৰিব লগা দিশটো হ’ল ইয়াৰ ওঁঠ। যদি ওঁঠ কোঁচ খোৱা নহয় আৰু পুচ্ছবৃন্ত বা ফিছাত এটা ক’লা চতুষ্কোণী দাগ দেখা পোৱা যায়, তেনেহ’লে মীনপালকসকলে সেইটো মিৰিকাৰ পোৱালি বুলি থিৰাং কৰিব পাৰি।

গ্ৰাছ কাৰ্প:

দেখাত ৰৌৰ পোৱালিৰ নিচিনা। মূৰটো অলপ সৰু। ওঁঠ কোঁচ খোৱা নহয়। পুচ্ছবৃন্তত কোনো ক’লা দাগ নাথাকে।

চিলভাৰ কাৰ্প:

এইবিধ মাছৰ পোনা চেপেটা আকৃতিৰ মাছপোনাৰ বাকলি একেবাৰে সৰু। অইন মাছৰ তুলনাত ই বহল হোৱা বাবে, মীনপালকসকলে ইয়াক সহজতে চিনাক্ত কৰিব পাৰে।

কমন কাৰ্প:

আমাৰ প্ৰায়ভাগ মীনপালকে এই মাছবিধ চিনিব পাৰে। এইবিধ মাছপোনা চিনাক্তকৰণৰ সহজ উপায় হ’ল- ইয়াৰ মুখ খৰ গাহৰিৰ মুখৰ দৰে। সৰু অৱস্থাতে ইয়াৰ পেটটো ওলাই থকা হয়।

গতিকে আমি এনেদৰে মাছৰ পোনা চিনাক্ত কৰি লৈ আমাৰ পুখুৰীত প্ৰকৃত গুণসম্পন্ন মাছপোনা মেলাৰ ব্যৱস্থা কৰিব লাগে। উদ্বেগৰ বিষয় যে আজি আমাৰ কিছুমান দুষ্কৃতিপৰায়ণ লোকে ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ নিমিত্তে অকালতে মাছ মাৰি ধ্বংস কৰে। ফলত এসময়ত নদন-বদন হৈ থকা অসমৰ জলাশয়সমূহত আজি মাছ নোহোৱা হৈ পৰিছে। বিজ্ঞানীসকলে কৰা সমীক্ষা মতে, অসমত ২১৭ বিধ প্ৰজাতিৰ মাছ আছিল।

কিন্তু আজি এই প্ৰজাতিসমূহৰ প্ৰায় ২৫ বিধ লুপ্ত হ’বলৈ ধৰিছে। তাৰ ভিতৰত অতি সোৱাদযুক্ত স্বদেশী মাছ- চেনিপুঠি, পাভ, শিঙৰা, এলেং আদি প্ৰধান। তদুপৰি যিকেইবিধ মাছ আছে, তাৰ সংখ্যাও দিনকদিনে কমি আহিছে। এই নিবন্ধকাৰে চলোৱা এক সমীক্ষাত এই কথাটো প্ৰতীয়মান হৈছিল যে উজনি অসমৰ কেইখনমান জিলাত চেনিপুঠি, পাভ, শিঙৰা, এলেং মাছ পোৱাৰ বিপৰীতে বহুকেইখন জিলাত তাৰ সংখ্যা আশংকাজনকভাৱে কমি আহিছে। অসমত মাছৰ সংখ্যা দিনকদিনে কমি অহাৰ বিভিন্ন কাৰণ আছে, তাৰ ভিতৰত মানুহে সৃষ্টি কৰা অসুবিধাই বেছি। আমাৰ নৈ, বিল, পুখুৰী, জলাশয় আদিত জধে-মধে জাল মৰা, গেছ-বিহ দি মাছ মৰা, মাছৰ কণী পাৰিবৰ সময়ত জালেৰে মাছ মাৰি বিক্ৰী কৰা, অতি ঘন জাল ব্যৱহাৰ কৰি মাছৰ একেবাৰে সৰু পোৱালি উঠাই নষ্ট কৰা, মাছৰ বসতিপূৰ্ণ ঠাই ধ্বংস কৰা, মাছে কণী পৰা ঠাই ধ্বংস কৰা আৰু বিভিন্ন ধৰণৰ প্ৰদূষণেই মাছৰ সংখ্যা নিম্নগামী হোৱাৰ মূল কাৰণ।

পুখুৰী বা জলাশয়ত বিহ দি মাছ মৰাৰ ফলত আমাৰ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। আমাৰ মানুহে আনৰ অনিষ্ট কৰিবলৈ গৈ পুখুৰী, জলাশয়ত বিহ দিয়াৰ ফলত পুখুৰীৰ উৎপাদিকা গুণ হ্ৰাস পায়। তদুপৰি বিহ দিয়াৰ ফলত তাৰ পানী বহুদিনলৈ ব্যৱহাৰৰ অনুপযোগী হৈ থাকে, লগতে সেই পানীত থকা সৰু-ডাঙৰ সকলো মাছ মৰাৰ উপৰি প্ৰাকৃতিক প্ৰদূষণৰ সৃষ্টিও কৰে। যাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হয়। এনেদৰে বিভিন্ন কাৰণৰ বাবে আমাৰ দেশত মাছৰ সংখ্যা কমি গৈছে। চৰকাৰে মাছৰ সংখ্যা কমি যোৱা, মাছৰ প্ৰজননৰ সময়ত নৈ, বিল আদিত মাছ ধৰা বন্ধ কৰে যদিও আমি তাক পালন নকৰো বাবে বৰ্তমানলৈকে এই আইন উপযুক্তভাৱে প্ৰয়োগ কৰিব পৰা হোৱা নাই। অসমৰ সামগ্ৰিক মীন উৎপাদন বৃদ্ধিৰ বাবে আমি প্ৰত্যেকে ভাৰতীয় মীন আইন-১৮৯৭ৰ ধাৰাসমূহ মানি চলিব লাগিব।

সমাজ এখনৰ উন্নতি হ’ব লাগিলে সমাজৰ প্ৰত্যেকজন মানুহৰ অৰিহণা থাকিব লাগিব। চৰকাৰে আইন প্ৰণয়ন কৰিলেও যদি আমি সেই আইন পালন নকৰোঁ, তেনেহ’লে কোনো লাভ নহ’ব। অসম মীন আইন-২০০৫ আৰু অসম ফিছ ছীড এক্ট-২০১০ৰ প্ৰকৃত ৰূপায়ণ হ’লেহে আমাৰ ৰাজ্যখনত প্ৰকৃততে সুনীল বিপ্লৱৰ সূচনা হ’ব।

তলত ভাৰতীয় মীন আইন-১৮৯৭ৰ ধাৰাসমূহ দিয়া হ’ল -

*এক এপ্ৰিলৰপৰা ১৫ জুলাই পৰ্যন্ত ৭ ছেন্টিমিটাৰ/ ১৪ ছেন্টিমিটাৰ(২.৭ ইঞ্চি/৫.৫ ইঞ্চি)তকৈ কম বৰ্গৰ বেবজাল, মহাজাল, ফাঁচিজাল বা অন্য প্ৰকাৰৰ কোনো জাল কোনো ঘোষিত মীনমহল বা জলাশয়ত মৰা নিষেধ।

*১ ছেন্টিমিটাৰ/ ২ ছেন্টিমিটাৰ বৰ্গৰ যিকোনো মসাৰীজাল বছৰৰ যিকোনো সময়তে ব্যৱহাৰ কৰা নিষেধ।

*এক এপ্ৰিলৰপৰা ১৪ জুলাই পৰ্যন্ত মাছৰ প্ৰজননৰ সময়ছোৱাত ৰৌ, বাহু, মিৰিকা, চিতল, ক’লীয়াজৰা, কুঢ়ি আদিৰ গাভিনী মাছ কোনো মীন মহলত ধৰা নিষেধ।

*এক আগষ্টৰ পৰা ৩১ অক্টোবৰ পৰ্যন্ত ৰৌ, বাহু, মিৰিকা, চিতল, কলীয়াজৰা, কুঢ়ি আদি মাছৰ ১০ ছেন্টিমিটাৰ(৩.৯ ইঞ্চি) দৈৰ্ঘ্যৰ কম পোনা খোৱাৰ বাবে বিক্ৰী কৰা নিষেধ। যদি নৈ, বিল, জলাশয়ত এনেধৰণৰ মাছ ধৰে, তেনেহ’লে মীন বিভাগৰ লগত যোগাযোগ কৰি তাক মীন মহলত জীৱন্ত অৱস্থাত মেলাৰ ব্যৱস্থা কৰিব লাগে।

*এক মে’ৰ পৰা ১৪ জুলাই পৰ্যন্ত কোনো নদী, বিল বা মীন মহলত ৭ বৰ্গছেন্টিমিতাৰ(২.৭ বৰ্গইঞ্চি)ৰ কোনো ধৰণৰ বাঁহেৰে নিৰ্মাণ কৰা মাছ ধৰাৰ সঁজুলি ব্যৱহাৰ কৰিব নোৱাৰিব।

উল্লিখিতিত নিয়মসমূহ ভংগ কৰা লোক বা ভাৰতীয় মীন আইন-১৮৯৭(১) ধাৰা মতে দণ্ডাধীশ, আৰক্ষী বিষয়া বা মীন উন্নয়ন বিষয়া বা তাৰ ওপৰৰ বিষয়াই গ্ৰেপ্তাৰ কৰাৰ উপৰি বিধি অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

তদুপৰি আমাৰ স্থানীয় মাছসমূহ সংৰক্ষণ তথা ৰক্ষা কৰাৰ বাবে থাইলেণ্ড মাগুৰ, তিলাপিয়া, বিগহেড কাৰ্প আদি মাছসমূহৰ প্ৰজনন বা পালন আমাৰ পুখুৰী বা মীন মহলত কৰাৰপৰা বিৰত থাকিব লাগিব। এনেধৰণৰ মাছ যদি আমাৰ প্ৰাকৃতিক জলাশয়ত প্ৰৱেশ কৰে, তেনেহ’লে আমাৰ স্থানীয় মাছ সম্পূৰ্ণৰূপে লোপ পাব। গতিকে আমাৰ মীনপালকসকলে এইক্ষেত্ৰত মনোনিৱেশ কৰা অতি দৰকাৰ।

অসমৰ জলাশয়ত আজি মাছৰ সংখ্যা কমি যোৱাৰ বিভিন্ন কাৰণৰ ভিতৰত মীন আইন সম্পৰ্কে আমাৰ লোকসকলৰ অজ্ঞতাও এক কাৰণ। চৰকাৰে এইক্ষেত্ৰত বিভিন্ন সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে যদিও ৰাইজ যদি সজাগ নহয়, তেনেহ’লে মীন আইনৰ প্ৰকৃত ৰূপায়ণ সম্ভৱ নহয়।

ৰাইজে মাছ পালন তথা মীন আইনৰ সদ্ব্যৱহাৰ কৰি কোনো দুষ্কৃতিকাৰীয়ে যদি লুকাই চুৰকৈ মাছ মৰা বন্ধৰ সময়তো মাছ মাৰি কণীযুক্ত মাছ বিক্ৰী কৰে, তেনেহ’লে ততালিকে ওচৰৰ মীন উন্নয়ন বিষয়া তথা আৰক্ষী চকীত খবৰ দিব লাগিব। মীন বিভাগৰ প্ৰত্যেক জিলাতে থকা জিলা মীন উন্নয়ন বিষয়া কাৰ্যালয়ত থকা বিষয়াক অৱগত কৰি সকলোৱে মাছক সংৰক্ষণ তথা মাছৰ প্ৰজাতি ধ্বংস কৰাৰ পৰা বিৰত থাকিবলৈ মাৰবান্ধি থিয় দিলে নিশ্চয়কৈ সুফল পোৱা যাব।

মনত ৰাখিব- ‘ৰাইজে নখ জোকাৰিলে নৈ বয়’, গতিকে আমি আমাৰ প্ৰাকৃতিক জলাশয়ত যদি বছৰেকত অতি কমেও চাৰি মাহ প্ৰজননৰ সময়খিনিত মাছ নামাৰো, তেনেহ’লে পৰিৱৰ্তনখিনি গম পোৱা যাব।

সকলোৱে একেলগে মাছৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিলে আমাৰ লুপ্ত হ’ব খোজা মাছৰ প্ৰজাতিসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ম। আহক, এই বছৰতেই আমি এই পণ কৰোঁ- এক পৰিৱৰ্তনৰ বাবে।

লেখক: প্ৰতুল ডেকা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate