অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাছৰ পৰজীৱীজনিত ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ :

মাছৰ পৰজীৱীজনিত ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ :

 

মাছ, বীজাণু আৰু পৰিৱেশৰ প্ৰাকৃতিক ভাৰসাম্যতাৰ অভাৱতেই মাছৰ দেহত কিছুমান পৰজীৱীয়ে ৰোগৰ সৃষ্টি কৰে। যি জলৰাশিত মাছ পালন কৰা হয়, সেই জলৰাশিয়েই প্ৰাকৃতিকভাৱে বহুতো পৰজীৱীৰো আবাসস্থল, আনকি মাছৰ দেহতো এনে বহু পৰজীৱীয়ে আশ্ৰয় লৈ থাকে। প্ৰাকৃতিক ভাৰসাম্যতা হেৰুৱালেই মাছ দুৰ্বল হৈ পৰে আৰু তেনে অৱস্থাতেই এই পৰজীৱীবোৰ আক্ৰমণাত্মক হৈ পৰে। মাছত থকা এনে পৰজীৱীবোৰে অনুকূল পৰিৱেশৰ সুযোগ গ্ৰহণ কৰি প্ৰজননক্ষম হয় আৰু আৱাদ বৃদ্ধি কৰে। অত্যাধিক পৰজীৱীৰ আক্ৰমণৰ ফলত মাছে প্ৰতিৰোধ ক্ষমতা হেৰুৱাই পেলাই আৰু বহুসময়ত মৃত্যু মুখত পৰিব পাৰে। পৰজীৱীৰ আক্ৰমণৰ ফলত মাছত বহু ধৰণৰ ৰোগে গা কৰি উঠে।

অসমৰ পৰিস্থিতিত মাছত হোৱা বিভিন্ন পৰজীৱীজনিত ৰোগ আৰু তাৰ প্ৰতিকাৰসমূহৰ এক চমু আভাস তলত আগবঢ়োৱা হ’ল।

১)বগা দাগ পৰা ৰোগ(White Spot Disease):

এই ৰোগত আক্ৰান্ত মাছৰ গাৰ উপৰিভাগত, জলক্লোমত আৰু পাখিত সৰু সৰু কিছুমান বগা দাগ দেখা যায়। মাছৰ গাৰ উপৰিভাগ চুই চালে খহতা যেন অনুভৱ হয় আৰু মাছবোৰে গাটো খহতা ঠাইত ঘহিবলৈ চেষ্টা কৰে। ২ শতাংশ নিমখ পানীত ৭ দিন আক্ৰান্ত মাছবোৰক গা ধুৱাই এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

২)মাছৰ ছাল আৰু জলক্লোমৰ কৃমিৰোগ(Skin & Gill Flukes):

এই ৰোগ প্ৰধানতঃ দুই প্ৰকাৰৰ। এবিধ মাছৰ গাৰ বাহিৰ অংশত আৰু আনবিধে জলক্লোমত আক্ৰমণ কৰে। মাছৰ গাৰ সাধাৰণ স্বচ্চতা কমি আহে আৰু জলক্লোমত থকাবোৰে জলক্লোমৰ ৰঙা বৰণ মুগালৈ পৰিৱৰ্তন কৰে। ক্ৰমাৎ মাছৰ বাকলিবোৰ কোমল হৈ এৰি আহে আৰু জলক্লোমৰ কাৰ্যক্ষমতা কমি যায়। পানীত নিমখ(২ শতাংশ) মিশ্ৰণ কৰি মাছক অলপ সময় ডুবাই ৰাখি পিছত পুখুৰীত এৰিব লাগে নতুবা ২৫ মিলিমিটাৰ ফৰ্মেলিন প্ৰতিলিটাৰ পানী হিচাপত পুখুৰীত ব্যৱহাৰ কৰিও এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

৩)পেটত হোৱা কৃমি ৰোগ(Ligulosis):

এইবিধি পৰজীৱী প্ৰাণীপৱক খাদ্যৰ দ্বাৰা মাছৰ পেটত প্ৰৱেশ কৰে আৰু মাছৰ কাৰ্য ক্ষমতা কমাই দিয়ে। মাছৰ গাৰ বৰণ ক’লা হয়, পেটটো উফন্দি উঠে আৰু খাদ্যৰ প্ৰতি অনীহা প্ৰকাশ কৰে।

এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ মাছ ভক্ষণ কৰা চৰাই পুখুৰীৰ পানীত প্ৰৱেশ নিষিদ্ধ কৰাৰ ব্যৱস্থা ল’ব লাগে।

৪)হাকোটা পেলু লগা ৰোগ(Anchor Worm Disease):

এইবিধ ৰোগত পৰজীৱীবিধ মাছৰ গাৰ মূৰ ভাগৰপৰা অথবা জলক্লোমৰপৰা হুক লগাৰ নিচিনাকৈ কোলমি থাকে। বগা পৰজীৱীবিধ মাছৰ গা অংশত ঘাঁৰ নিচিনা অৱস্থাত দেখা যায়।

হাকোটা পেলু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ ২-৩ শতাংশ নিমখ পানী তৈয়াৰ কৰি ৰুগীয়া মাছক ডুবাই দি তৎক্ষণাত উঠাই আনি পুখুৰীত এৰিব লাগে আৰু ৪ মিলিগ্ৰাম পটাছ প্ৰতিলিটাৰ পানী হিচাপত পুখুৰীত প্ৰয়োগ কৰিব লাগে অথবা ১ গ্ৰাম হাইটেক পাউদাৰ ১ কিলোগ্ৰাম খাদ্যত মিহলি কৰি ৪ দিনলৈকে মাছক খাবলৈ দিব লাগে।

৫)মাছৰ জোক লগা ৰোগ(Fish Leeches):

এই পৰজীৱীবিধ মাছৰ গা ভাগত লাগি থাকে। আৰু লাগি থকা স্থানসমূহ ৰঙা পৰা আৰু তেজ নিগৰি থকা দেখা যায়।

আক্ৰান্ত মাছক লাইচ’ল ২ মিলিগ্ৰাম প্ৰতিলিটাৰ পানীত মিহলি কৰি ১০-১৫ মিনিট গা ধুৱাই এৰি দিব লাগে।

৬)মাছৰ ওৰণি ৰোগ(Fish Louse Disease):

এই ৰোগত আক্ৰান্ত মাছৰ বাকলিবোৰৰ মাজত বিশেষকৈ পাখিবোৰৰ পিছপিনে মানুহৰ ওকণিৰ নিচিনা গাখীৰ বৰণৰ সৰু সৰু পোক লাগি থাকে, লাগি থকা ঠাইবোৰত ৰঙা তেজৰ দাগ স্পষ্ট হৈ থাকে। মাছবোৰ অধিকভাৱে আক্ৰান্ত হ’লে জাকপাতি পানীৰ ওপৰলৈ উঠি জঁপিয়াবলৈ আৰম্ভ কৰে। গাত ঘাঁৰ সৃষ্টি হয় আৰু মৰিবলৈ আৰম্ভ কৰে। মূৰটো ডাঙৰ হৈ গাটো চিঁয়া হৈ যায়।

৩-৫ শতাংশ নিমখ পানী তৈয়াৰ কৰি ৰুগীয়া মাছক ডুবাই তৎক্ষণাত উঠাই আনি পুখুৰীত এৰিব লাগে বা গেমাস্কিন ১ মিলিগ্ৰাম প্ৰতিলিটাৰ পানী হিচাপত পুখুৰীত প্ৰয়োগ কৰিব পাৰি। তাৰোপৰি ৪ মিলিগ্ৰাম পটাছ প্ৰতিলিটাৰ পানী হিচাপত পুখুৰীত দিব পাৰি অথবা ৪০ মিলিলিটাৰ ‘ক্লিনাৰ’ পানীত মিহলি কৰি প্ৰতিবিঘা পানী কালিত ছটিয়াই ঢৌ খেলি দিব লাগে।

মাছৰ যিকোনো ধৰণৰ ৰোগৰ ক্ষেত্ৰত মীন পালকসকলে ৰহাস্থিত মীন মহাবিদ্যালয়ত চলি থকা ‘জলজ প্ৰাণীৰ ৰোগ নিৰীক্ষণৰ ৰাষ্ট্ৰীয় প্ৰকল্প’ৰ অধীনত কাৰিকৰী জ্ঞানৰ সুবিধা গ্ৰহণ কৰিব পাৰে। জনসাধাৰণক প্ৰত্যক্ষ বা পৰোক্ষভাৱে মাছৰ বিভিন্ন ৰোগৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াৰ প্ৰতিকাৰ আৰু নিৰাময় ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় মৎস্য আনুবংশিক সংসাধন সংস্থা, লক্ষ্ণৌৰ উদ্যোগত তথা বিভিন্ন ৰাজ্যৰ সহযোগত সৰ্বভাৰতীয় পৰ্যায়ত এই আঁচনিখন ৰূপায়িত হৈ আছে। এই আঁচনিখনে ভাৰতবৰ্ষত মুঠ ১৬ খন ৰাজ্য তথা ২৪ খন প্ৰতিষ্ঠানৰ সহযোগত কাৰ্য ৰূপায়িত কৰি আহিছে। ইয়াৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মীন মহাবিদ্যালয়, ৰহাৰ উদ্যোগত ৫ খন জিলা ক্ৰমে মৰিগাওঁ, নগাঁও, গোলাঘাট, শোণিতপুৰ আৰু লক্ষীমপুৰক সামৰি মাছৰ বিভিন্ন ৰোগৰ ওপৰত অধ্যয়ন, পৰ্যবেক্ষণ তথা প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। ২০১৩-১৪ বৰ্ষৰ পৰা শুভাৰম্ভ হোৱা এই আঁচনিখন পাঁচ বছৰৰ অৰ্থাৎ ২০১৮-১৯ বৰ্ষলৈ ৰূপায়িত হৈ থাকিলে। ইয়াৰ অন্তৰ্গত উল্লেখিত ৫ খন জিলাৰ মীন পালকসকলে প্ৰত্যক্ষভাৱে তথ্য বাকী জিলাসমূহেও পৰোক্ষভাৱে উপকৃত হ’ব পাৰিব। ইয়াৰ অধীনত মীন পালকসকলে মাছৰ বিভিন্ন বেমাৰ-আজাৰ সম্পৰ্কে অৱগত হোৱাৰ লগে লগে এই প্ৰকল্পৰ মুখ্য পৰিদৰ্শক তথা মীন মহাবিদ্যালয়ৰ অধ্যাপক ড° বিনোদ কলিতা, দূৰভাষ +91 9864244477ৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি সবিশেষ জানিব পাৰিব আৰু উপকৃত হ’ব পাৰিব। প্ৰয়োজন সাপেক্ষে মীন পালকসকলে বেমাৰ বহনকাৰী মাছ মীন মহাবিদ্যালয়, ৰহাৰ পৰীক্ষাগাৰলৈ লৈ আহিও উপযুক্ত নিৰাময় ব্যৱস্থা গ্ৰ্হণ কৰিব পাৰিব। ইয়াৰ বাবে তেখেতসকলৰ নুন্যতম যাৱতীয় পৰিবহনৰ খৰছো বিভাগীয় কৰ্তৃপক্ষই বহন কৰিব।

ৰাষ্ট্ৰীয় মৎস্য আনুবংশিক সংসাধন সংস্থা, লক্ষ্ণৌৰ উদ্যোগত তথাৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদ, হায়দৰাবাদৰ আৰ্থিক সাহায্যত ‘জলজ প্ৰাণীৰ ৰোগ নিৰীক্ষণৰ ৰাষ্ট্ৰীয় প্ৰকল্প’।

উৎস: মীন মহাবিদ্যালয়(ৰহা, নগাঁও, অসম)

 

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate