আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাৰ ব্যৱহাৰ ভাৰতত বহু পুৰণি। মানুহ বা জন্তুৰ ৰোগ নিৰাময়ত ইয়াৰ ব্যৱহাৰ অতীজৰেপৰা হৈ আহিছে। কিন্তু মাছৰ ৰোগ নিৰাময়ত ইয়াৰ ব্যৱহাৰ খুবেই নতুন। অন্য জীৱ-জন্তুৰ ৰোগ নিৰাময়ত বনৌষধ ব্যৱহাৰ কৰাৰ লেখীয়াকৈ মাছৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো এই বন দৰৱ ব্যৱহাৰ কৰি সুফল পোৱা যায়। মীন বিজ্ঞানীসকলে বহু পৰীক্ষা-নিৰীক্ষা কৰি মত পোষণ কৰিছে যে মাছৰ ৰোগ যেনে- মাছৰ ঘা, মহামাৰী (ই ইউ এছ), মিক্স’ব’লিয়াচিচ, গাইৰোডেকটাল’চিচ, আৰ্গুল’চিচ, ট্ৰাইক’ডিন’চিচ আদি ৰোগ অতি সহজে বন দৰৱ ব্যৱহাৰ কৰি নিৰ্মূল কৰিব পৰা যায়। আমাৰ সততে ব্যৱহাৰ কৰা, ওচৰতে পোৱা নিম, আদা, হালধি, পিয়াঁজ আদি ব্যৱহাৰৰ দ্বাৰা মাছৰ অতি জটিল ৰোগো সহজতে নিৰাময় কৰিব পৰা যায়।
এই বনৌষধ ব্যৱহাৰৰ যথেষ্ট সুবিধাও আছে-
ভাৰতৰ বহু ৰাজ্যত মাছৰ ৰোগ নিৰ্মূল কৰিবৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হৈছে। যদিও আজিকোপতি তাৰ প্ৰচাৰ নোহোৱা বাবে অসমৰ দৰে ৰাজ্যত তাৰ ব্যৱহাৰ হোৱা নাই।
শীতকালত মাছৰ ৰোগৰ ক্ষেত্ৰত স্পৰ্শকাতৰ সময়। এই কালছোৱাত মাছৰ দেহত ৰোগ দেখা দিয়াৰ প্ৰাবল্য বহু বেছি বাবে সময়মতে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে মীনপালকসকল লোকচানৰ সন্মুখীন হ’ব লগা হয়। আমি এই নিবন্ধত মাছৰ দেহত দেখা দিয়া বিভিন্ন ৰোগ বনৌষধ ব্যৱহাৰ কৰি কেনেকৈ নিৰ্মূল কৰিব পাৰি তাক পাঠকসকলক অৱগত কৰিব খুজিছো।
ইংৰাজীত ইপিজুটিক আলচাৰেটিভ ছিনড্ৰ’ম (সংক্ষেপতে ই ইউ এছ) নামে জনা যায়। এই ৰোগবিধ হ’লে একে সময়তে একে প্ৰজাতিৰ সকলো মাছ আক্ৰান্ত হয়। এই ৰোগবিধ হ’লে প্ৰথমতে মাছৰ দেহত ৰঙা দাগ পৰে। পিছত এই দাগ ঘালৈ ৰূপান্তৰিত হয়। সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে মীনপালকসকল লোকচানৰ সন্মূখীন হ’ব ল’গা হয়। এই ৰোগবিধ শীতকালত হয় বাবে এই সময়ত পুখুৰীত সঘনাই জাল মাৰিব নালাগে। জাল মাৰিলেও জালবোৰ পটাছ পানীত ডুবাই ব্যৱহাৰ কৰিব লাগে। যদি জাল মৰাৰ পিছত মাছ পুনৰ পুখুৰীত মেলা হয়, তেনেহ’লে মাছবোৰ পটাছ পানীত ডুবাই মেলিব লাগে। পুখুৰীৰ পানীত চূণ, সাৰ, গোবৰ আদি নিয়ম মতে দি থাকিলে এই ৰোগবিধ হোৱাৰ প্ৰৱণতা কম হয়। মাছৰ এই ভয়াবহ ৰোগবিধ সম্পূৰ্ণৰূপে বনৌষধ ব্যৱহাৰ কৰি নিৰ্মূল কৰিব পাৰি। এই ৰোগবিধৰ বাবে বনৌষধ হিচাপে হালধিগুৰি ব্যৱহাৰ কৰা হয়। এক হেক্টৰ অৰ্থাৎ ৭-৫ বিঘা পানীকালীৰ বাবে ১০ কিলোগ্ৰাম হালধি গুৰিৰ লগত ১০০ কিলোগ্ৰাম চূণ মিহলি কৰিব লাগে।
প্ৰস্তুতিঃ
জোখমতে চূণ লৈ তাক পানীত গুলি ল’ব লাগে। চূণ পানী মিশ্ৰণখিনি ঠাণ্ডা হোৱাৰ পিছত তাত হালধি গুৰি মিহলি কৰি ভালদৰে লৰাব লাগে। এনেদৰে এনিশা ৰাখি পাছদিনা পুখুৰীৰ পানীত ছটিয়াই দিব লাগে।
প্ৰয়োগঃ
মিশ্ৰণটো দুটা সমভাগত ভগাই এটা ভাগ দিয়াৰ ৫-৭ দিনৰ অন্তৰত আনটো ভাগ প্ৰয়োগ কৰিব লাগে।
মিক্স’ব’লাচ নামৰ এবিধ আদ্যপ্ৰাণীৰ আক্ৰমণৰ বাবে দেখা দিয়া ৰোগবিধ হ’ল মিক্স’বলিঅ’চিচ। এই ৰোগবিধ প্ৰধানকৈ বহু মাছৰ ফ্ৰাই আৰু ফিংগাৰলিঙত হোৱা দেখা যায়। এই জলক্লোম গঠন হোৱা চিষ্টৰ বাবে মাছে উশাহ-নিশাহত পোৱা বাধাৰ বাবে মৃত্যুমুখত পৰে। এই ৰোগবিধ নিৰ্মূলকৰণৰ বাবে বনৌষধ হিচাপে নহৰু ব্যৱহাৰ কৰা হয়। এক হেক্টৰ পানীকালিৰ বাবে ১০ কিলোগ্ৰাম নহৰু আৰু ১০০ কিলোগ্ৰাম নিমখ মিহলি কৰিব লাগে।
প্ৰস্তুতিঃ
জোখমতে নহৰু পিচি তাক নিমখ পানীত মিহলাই পুখুৰীত ছটিয়াই দিব লাগে।
প্ৰয়োগঃ
গোটেইখিনি মিশ্ৰণ এবাৰতে পুখুৰীৰ পানীত মিহলাই পুখুৰীত ছটিয়াই দিব লাগে। ১৫-২০ দিনৰ ভিতৰত ৰোগবিধ আৰোগ্য হোৱা দেখা যায়।
আৰ্গুল’চিচ নামৰ এবিধ ওকনিৰ বাবে এইবিধ ৰোগ হয়। মাছৰ দেহত খালী চকুৰে দেখা এই ওকনিৰ বাবে মাছৰ বাকলি সৰে। প্ৰথমতে ৰঙা দাগ পৰে আৰু পিছত ইয়ে ঘালৈ ৰূপান্তৰিত হৈ মাছৰ মৃত্যু ঘটাব পাৰে। ৰৌ মাছত খুব বেছিকৈ এই ৰোগ হোৱা দেখা যায়। এই ৰোগবিধ হ’লে মাছে পুখুৰীত থকা জেং আদিত গা ঘহায়। এই ৰোগবিধ নিৰাময়ৰ বাবে বনৌষধ হিচাপে পিঁয়াজ ব্যৱহাৰ কৰা হয়। ৩ শতাংশ হাৰত পিঁয়াজ পিচি লৈ তাক নিমখৰ দ্ৰ্ৱত মিহলাই কৰা মিশ্ৰণত আক্ৰান্ত মাছ ২-৩ মিনিট ডুবাই পুনৰ পুখুৰীত মেলিব লাগে। এইদৰে প্ৰয়োগ কৰিলে সুফল পোৱা যায়। অৱশ্যে এই মিশ্ৰ্ণ পুখুৰীতো প্ৰয়োগ কৰিব পৰা যায়।
এই ৰোগবিধ আদ্যপ্ৰাণীজনিত ৰোগ। এইবিধ ৰোগৰ বাবে মাছৰ গাত মুগা বৰণৰ ফুটফুটীয়া দাগ পৰে, পাখি ছিন্ন হয়। মাছ অস্থিৰ হৈ পুখুৰীত ঘুমুটিয়াই ফুৰে। এই ৰোগবিধ নিৰ্মূলৰ বাবে বনৌষধ হিচাপে নহৰু ব্যৱহাৰ কৰা হয়। ১ পি পি এম নহৰু আৰু ১০ পি পি এম ছডিয়াম ক্ল’ৰাইড মিহলি কৰি পুখুৰীত ছটিয়াই দিলে সুফল পোৱা যায়।
ই কৃমিজনিত ৰোগ। ইয়াৰ বাবে মাছৰ গা শেতা পৰে, জলক্লোমৰ ৰং মটীয়া হয়, জলক্লোম পিছত খহি পৰে আৰু গাত ঘা হয়। এই ৰোগবিধ আমাৰ জলাশয়ত কম দেখা যায় যদিও এই এবিধ মাৰাত্মক ৰোগ। এই ৰোগবিধ নিৰ্মূলৰ বাবে বনৌষধ হিচাপে নহৰু ব্যৱহাৰ কৰা হয়। ০.৫ পি পি এম নহৰু আৰু ১০ পি পি এম হাৰত ছডিয়াম ক্ল’ৰাইড মিহলি কৰি চিকিৎসা কৰিলে সুফল পোৱা যায়।
মাছৰ ৰোগ চিনাক্তকৰণৰ পিছত যদি আমি এনেদৰে বনৌষধ ব্যৱহাৰ কৰি চিকিৎসা কৰো, তেনেহ’লে নিশ্চয়কৈ সুফল পাব পৰা যাব। যিহেতু আন ৰাসায়নিক দ্ৰব্যৰ দাম বহুত বেছি আৰু তাৰ জোখমতে প্ৰয়োগ নহ’লে বিপৰীত ক্ৰিয়াহে হ’ব পাৰে, সেয়ে এইক্ষেত্ৰত বন দৰৱ ব্যৱহাৰ কৰাই শ্ৰেয়। বন দৰৱৰ প্ৰয়োগৰ পৰিমাণ কম-বেছি হ’লে পানীৰ গুণাগুণত ইয়াৰ তেনে কোনো প্ৰভাৱ নপৰে আৰু অতি কম খৰচত আমি ৰোগ নিৰাময় কৰিব পাৰো।
মাছৰ ৰোগ হোৱাৰ পিছত চিকিৎসা কৰি ভাল কৰাতকৈ এই ৰোগ পুখুৰীত নোহোৱাকৈ ৰখাত গুৰুত্ব দিব লাগে। কিয়নো মাছৰ ৰোগে দেখা দিয়াৰ পিছত তাৰ প্ৰতিকাৰত পলম হ’লে আমি লোকচান ভৰিব লগা হয়। গতিকে পুখুৰীত মাছৰ ৰোগ নোহোৱাকৈ ৰখাৰ বাবে বিশেষকৈ মাহে মাহে চূণ দিয়াটো মীনপালকসকলে এক নিত্য নৈমিত্তিক কাৰ্য হিচাপে গ্ৰহণ কৰিব লাগে। শীত কালত মাছৰ ৰোগ হোৱাৰ প্ৰৱণতা বেছি। সেই বাবে শীতকাল অহাৰ আগে আগে অৰ্থাৎ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত পুখুৰীত মাহেকীয়া কিস্তিৰ চূণৰ লগত হালধি গুৰি মিহলাই প্ৰয়োগ কৰিলে সুফল পোৱা যায়। আমাৰ মীনপালকসকলে ৰাসায়নিক দ্ৰব্যৰ পৰিৱৰ্তে এই সহজলভ্য বন দৰৱ প্ৰয়োগৰ দ্বাৰা পুখুৰীত দেখা দিয়া মাছৰ ৰোগসমূহ নিৰ্মূল কৰাৰ উপৰি এই বন দৰৱ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু সুস্থ-সবল মাছ উৎপাদন কৰি ৰাজ্যখনৰ অৰ্থনীতিত প্ৰভুত অৰিহণা যোগাব পাৰে।
লিখকঃ প্ৰতুল ডেকা, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/17/2020