অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীন পোনা পৰিবহণ :

মীন পোনা পৰিবহণ :

 

মাছ পোনা পৰিবহণ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। সাধাৰণতে মীন পোনা পৰিবহণৰ বাবে বজাৰত উপলব্ধ পলিথিন বেগত ১০-১২ লিটাৰ পানীত ৫০,০০০টা ভ্ৰূণ পোনা অক্সিজেন দি ১০-১২ ঘন্টালৈকে পৰিবহণ কৰিব পাৰি। ফ্ৰাই আৰু ফিংগাৰলিং পোনা পৰিবহণ কৰোঁতে সাৱধান হ’বলগীয়া বিষয়টো হ’ল মাছৰ মল-মূত্ৰ। পৰিবহণ কালত এই মল-মূত্ৰই পানী প্ৰদূষিত কৰে। আগদিনাই মাছ পোনাখিনি ধৰি সিহঁতক একো খাব নিদিয়াকৈ ৰাখিব লাগে যাতে সিহঁতৰ পেটত কোনো মল-মূত্ৰ নাথাকে। এনে ব্যৱস্থাক কণ্ডিচনিং কৰা বুলি কোৱা হয়। পলিথিনৰ পেকেটত অতি সহজেই ১০-১২ ঘন্টা মীন পোনা পৰিবহণ কৰিব পাৰি। পোনা পৰিবহণৰ সময়ত যাতে পলিথিনৰ পেকেটতো সুৰক্ষিত হৈ থাকে তালৈ মনোযোগ দিয়া উচিত। ফ্ৰাই আকৃতিৰ পোনা প্ৰতি ১০ লিটাৰ পানীত ১,০০০-২,০০০ টা আৰু ফিংগাৰলিং পোনা প্ৰতি ১০ লিটাৰ পানীত ১০০-২০০ টা পৰিবহণ কৰিব পাৰি। সাধাৰণতে পুৱাৰ ভাগত উষ্ণতা কম হৈ থকা অৱস্থাত মাছৰ পোনা পৰিবহণ কৰি পোনাৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পৰা যায়।

আজিকালি মিনি ট্ৰাকত ঘূৰণীয়া ডুলিত পলিথিন পাৰি মাছ পোনা পৰিবহণ কৰা দেখা যায়। এনে পাত্ৰত পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বঢ়াবলৈ পানীখিনি লৰাই থকা হয়। বৰষুণৰ সময়ত এই পদ্ধতিত মাছ পোনা পৰিবহণ সুচল যদিও উষ্ণতা বৃদ্ধি হ’লে এই পদ্ধতিত মাছ পোনা পৰিবহণত অসুবিধা আহি পৰে।

সাধাৰণতে মুক্ত পৰিবহণ প্ৰক্ৰিয়া আৰু বন্ধ পৰিবহণ প্ৰক্ৰিয়াৰ জৰিয়তে মাছ পোনা পৰিবহণ কৰা হয়।

মুক্ত পৰিবহণ প্ৰক্ৰিয়া -

পুৰণি কালত মাছ পোনা মুক্ত পৰিবহণৰ বাবে মাটিৰে তৈয়াৰী ডাঙৰ হান্দি ব্যৱহাৰ কৰা হৈছিল। কিন্তু মাটিৰ হান্দি ভাঙি যোৱাৰ সম্ভাৱনা অধিক বাবে ইয়াৰ ঠাইত এতিয়া এলুমিনিয়ামৰ পাত্ৰই স্থান লৈছে। ২০-২৫ লিটাৰ পানী ধাৰণ ক্ষমতাসম্পন্ন এই এলুমিনিয়ামৰ পাত্ৰত ১,০০০-৫,০০০ টা ফ্ৰাই পোনা কম সময়ৰ বাবে চাইকেলৰ সহায়ত পৰিবহণ কৰিব পৰা যায়। চাইকেলৰ জোকাৰণিৰ ফলত পাত্ৰৰ পৰা জঁপিয়াই ওলাই নাযাবৰ বাবে মুখত সেৰেঙা কাপোৰ বান্ধি দিব লাগে।

মৰি যোৱা মাছৰ পোনাবোৰ চেকনিৰে মাজে মাজে আঁতৰ কৰিব লাগে আৰু পাত্ৰৰ পানী আংশিকভাৱে সলনি কৰি থাকিব লাগে। আজিকালি অধিকসংখ্যক মাছ পোনা একেলগে পৰিবহণ কৰিবৰ বাবে প্লাষ্টিক বা একেলগে পৰিবহণ কৰিবৰ বাবে প্লাষ্টিক বা তিৰ্পালেৰে তৈয়াৰী বিভিন্ন জোখৰ কৃত্ৰিম জলাধাৰেৰে ট্ৰেক্টৰ অথবা ট্ৰাকৰ সহায়ত পোনা পৰিবহণ কৰা হয়। পৰিবহণৰ সময়ত পানীপৃষ্ঠ হাতেৰে লৰাই থাকি দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি কৰিব পৰা যায়। এনে প্ৰক্ৰিয়াৰে প্ৰায় ১২ ঘন্টাপৰ্যন্ত মাছ পোনা পৰিবহণ কৰিব পাৰি। দুৰণিবটীয়া পৰিবহণৰ সময়ত জিৰণি লওঁতে বাচনবোৰ ছাঁ পৰা ঠাইত ৰাখিব লাগে।

বন্ধ পৰিবহণ প্ৰক্ৰিয়া -

এই প্ৰক্ৰিয়াৰ দ্বাৰা মাছৰ পোনা মুখ বন্ধ প্লাষ্টিকৰ বেগত পৰিবহণ কৰা হয়। ১৮ লিটাৰ পানী ধাৰণ ক্ষমতাযুক্ত ভিনাইল ক্ল’ৰাইড প্লাষ্টিকেৰে তৈয়াৰী ৪৮ চেঃমিঃ*৪৬ চেঃমিঃ জোখৰ বেগত ৩ ভাগৰ ২ অংশ পৰিষ্কাৰ পানী ভৰাই তলৰ নিৰিখ অনুসাৰে পোনা পৰিবহণ কৰিব লাগে।

বেছি দূৰত্বলৈ মাছ পোনা পৰিবহণৰ বাবে কিছুমান অচেতক ঔষধ প্ৰয়োগ কৰা হয়। এইক্ষেত্ৰত সৰ্বব্যৱহৃত অচেতক ঔষধবিধ হ’ল MS-222।   এই অচেতক ঔষধবিধ ১:১০,০০০ৰ ১:৩০,০০০ অনুপাতত(ঔষধঃপানী) প্ৰয়োগ কৰিব লাগে। অচেতক ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতালানি হ’ল-

ক)পৰিবহণৰ এদিন আগতে পৰিপূৰক খাদ্য যোগান বন্ধ কৰি কণ্ডিচনিং প্ৰক্ৰিয়া কৰাটো বাঞ্ছনীয়।

খ)পৰিষ্কাৰ পানীহে ব্যৱহাৰ কৰা উচিত।

গ)পৰিবহণৰ বাবে অকল স্বাস্থ্যৱান মাছ পোনা নিৰ্বাচন কৰিলে সুফল পোৱা যায়।

ঘ)প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিলে এইবোৰ ছিদ্ৰহীন হোৱা উচিত।

ঙ)মাছ পোনা কঢ়িয়াই নিয়া বেগ বা পাত্ৰবোৰ ৰ’দৰ তাপ আৰু অধিক উষ্ণতাৰ পৰা ৰক্ষা কৰাটো আৱশ্যক।

চ)অচেতক ঔষধ প্ৰয়োগ কৰা মাছ পোনাবোৰ সম্পূৰ্ণ চেতনা ঘূৰি অহাৰ পাছতহে পুখুৰীত মেলিব লাগে যাতে এইবোৰ নিজে নিজে ওলাই যাব পাৰে।

পোনা পৰিবহণৰ সময়ত পলিথিন পেকেটৰ পানীৰ উষ্ণতা আৰু মেলিব লগা উৎসৰ পানীৰ উষ্ণতাৰ পাৰ্থক্য ৫ ডিগ্ৰী চেলছিয়াছ বা ততোধিক হ’লে মাছ পোনাৰ মৃত্যু হ’ব পাৰে। পানীৰ উষ্ণতাৰ পাৰ্থক্য ন্যূনতম কৰিবলৈ পলিথিনৰ পেকেটবোৰ কিছুসময় পুখুৰীত ওপঙাই ৰাখিব লাগে যাতে মাছ পোনাবোৰ সহজে পানীৰ উষ্ণতাৰ তাৰতম্যৰ লগত মিলি যাব পাৰে।

পোনাৰ আকাৰ হিচাপ

পোনাৰ নিৰিখ

গড়

(চেঃমিঃ)

(প্ৰতি বেগ)

(প্ৰতি বেগ)

১০০০-১০,০০০

৫,৫০০

৫০০-৫০০০

২২০০

২০০-১০০০

৬০০

২০০-৫০০

৩৩০

৭৫-৩০০

২২৫

৫০-২২৫

৮০

২৫-৫০

৪০

 

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate