অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীন পালন প্ৰযুক্তি

মীন পালন প্ৰযুক্তি

1) ঘৰুৱা ব্যৱহাৰ অথবা ব্যৱসায়ৰ বাবে প্ৰতিপালন কৰি মাছ উৎপাদন কৰাকেই মীন পালন বোলা হয়৷

(2) মীন পালনৰ জৰিয়তে মাটি আৰু পানীৰ উচিত ব্যৱহাৰ কৰিব পাৰি ৷

(3) পৰিয়ালৰ পৰিপুষ্টিৰ বাবে মাছ এবিধ সুস্বাদু উপযুক্ত খাদ্য ৷
(4) সৰু পৰিয়ালে নিজে মাছ খোৱাৰ উপৰিও অতিৰিক্ত মাছখিনি বজাৰত বিক্ৰী কৰি পৰিয়ালৰ আয় বঢ়াব পাৰি ৷

5) ব্যৱসায়িক ভিত্তিত মীন পালন কৰি জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰিব পাৰি৷

(6) অন্যান্য কৃষি কৰ্মৰ তুলনাত মীন পালন সহজ যদিও নতুন সকলৰ বাবে জটিল ৷ মাছ পানীৰ তলত থকা বাবে পাৰৰ পৰা পুখুৰীত পালন কৰা মাছৰ অৱস্থা অনুমান কৰাটো সহজ নহয় ৷ সেয়েহে মীন পালনৰ বাবে  দক্ষতাৰ প্ৰয়োজন হয়৷

(7) মীন পালন কৰিবলৈ হলে  প্ৰযুক্তিগত জ্ঞান আৰু দক্ষতাৰ  আহৰণ কৰি লোৱা উচিত ৷ মাছক ‘ব্ৰেইন ফুদ’  অৰ্থাৎ মগজুৰ খাদ্য বুলি কোৱা হয় ৷ মাছত ওমেগা-৩ ফ্যাটি এচিদ থাকে ৷ ই এবিধ মহৌষধ ৷  ভাইৰাচ জনিত ৰোগ আৰু কেন্সাৰৰ লগতে অন্যান্য বহুতো ৰোগ ই প্ৰতিৰোধ কৰিব পাৰে আৰু ৰক্ত সঞ্চালন তথা হৃদ যন্ত্ৰ সম্বন্ধীয় সকলো ৰোগ নিয়ন্ত্ৰন কৰে ৷ এই বিধ ফ্যাটি এচিদ প্ৰধানত: মাছত পোৱা যায় ৷ ই মানুহৰ শাৰীৰিক বৃদ্ধিও  নিয়ন্ত্ৰণ কৰে৷

8) মীন পালনৰ বাবে এটি পুখুৰী বা উপযুক্ত জলাশয়ৰ প্ৰয়োজন ৷ পুখুৰীটোৰ নিৰ্মাণৰ বাবে উপযুক্ত মাটিৰ লগতে যাৱতীয় সামগ্ৰীৰ প্ৰয়োজন৷ পুখুৰী খননৰ পিচত মীন পালনৰ বাবে পানী, মাছ পোণা, খাদ্য,  সাৰ আৰু চূণৰ প্ৰয়োজন ৷

(9) পুখুৰী নিৰ্মাণ কৰিবলৈ আৰু পৰিচালনা কৰিবলৈ সময়ৰ প্ৰয়োজন ৷

 

10)ডাঙৰ জলাশয়ত আৱেষ্টনী সাজিও মীন পালন কৰিব পাৰি৷

11)পুৰণি পুখুৰী মেৰামতি কৰিও মীন পালন কৰিব পাৰি৷

12)মীন পালনৰ বাবে ওচৰৰ মীন পালন কেন্দ্ৰ নাইবা মীন সম্প্ৰসাৰণ বিষয়াৰ সহায় লব ৷

13)মীন কাৰিকৰী সেৱা ব্যৱস্থা নাথাকিলে ব্যক্তিগত ভাবে কৌশল আৰু দক্ষতা অৰ্জন কৰি লব লাগিব ৷

14) মাটিৰ গুণাগুণ আৰু পুখুৰী খননৰ বিষয়ে সবিশেষ জানিব লাগিব৷

15) কি মাছ পালন কৰিব ? মাছ পোণা কেনেদৰে মেলিব ? কি খাদ্য কেনে-দৰে খুৱাব ? ইত্যাদিৰ বিষয়ে সবিশেষ জানিব লাগিব ৷


16) মাছ পালন  কৰা পুখুৰীটোৰ  পৰিচালনাৰ বিষয়ে জানিব লাগিব ৷ কেনেদৰে পানী সিচিঁব,  মাছ ধৰিব, ইত্যাদি কথাও জানিব লাগিব৷

 

17) এডৰা উপযুক্ত মাটি বাচি লব লাগিব ৷

18) অন্য কৃষি কৰ্ম বা ঔদ্যোগিক ব্যৱহাৰৰ উপযোগী মাটিত পুখুৰী খন্দিব নেলাগে৷

19) এঢলীয়া মাটি পুখুৰীৰ বাবে বেছি উপযোগী ৷ এনেকুৱা মাটিত কম খৰছতে পুখুৰী খান্দিব পাৰি ৷ তাৰোপৰি এনে পুখুৰীৰ পানী উলিয়াই দিবলৈ সহজ ৷

বান পীড়িত অঞ্চলত পুখুৰী খান্দিব নেলাগে ৷

পাহাৰৰ থিয়গড়াত পুখুৰী খান্দিব নেলাগে ৷

পুখুৰীৰ স্থান সদায় ৰ’দ ঘাই হব লাগে ৷ পৰা পক্ষত পুখুৰীটো ঘৰৰ ওচৰত হব লাগে ৷ তেনে পুখুৰী চোৱা-চিতা কৰিবলৈ সহজ হয় ৷

পুখুৰীটোত পানীৰ অভাৱ হব নেলাগিব৷ অতি খৰাং দিনত পুখুৰীৰ পানী শুকাই যাব পাৰে ৷ তেনে স্থানত পানী যোগানৰ বাবে সুবিধা থাকিলে ভাল৷

বাহিৰৰ পৰা যোগান ধৰা পানী দুৰ্গন্ধযুক্ত, লেতেৰা বা ৰং যুক্ত হোৱা অনুচিত ৷

পুখুৰীত বাহিৰৰ পানী যাতে সোমাব নোৱাৰে তাৰ প্ৰতি সাৱধান হব লাগে৷ পুখুৰীত যোগান ধৰা পানীৰ লগত যাতে অবাঞ্চিত মাছ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷

বালিচঁহীয়া মাটি পুখুৰীৰ বাবে উপযুক্ত নহয়৷ এনে মাটিৰ পুখুৰীত পানী নেথাকে৷

বালিচঁহীয়া মাটিৰ পুখুৰীৰ পাৰ সোনকালে খহে ৷আলতীয়া মাটি পুখুৰীৰ বাবে  উপযোগী ৷ মাটিত বোকাৰ পৰিমাণ যিমানে বেছি হয়, পুখুৰীৰ পানী ধাৰণ ক্ষমতা সিমানে  বেছি হয় ৷

আলতীয়া মাটিৰ পুখুৰীৰ পাৰ বেছি মজবুত হয় ৷

খন্দাৰ আগতে মাটি ডৰাৰ উপযুক্ততা পৰীক্ষা কৰি লব লাগে ৷ মাটিৰ পানী ধাৰণ ক্ষমতা নিশ্চিত নকৰাকৈ পুখুৰী খন্দা উচিত নহয়৷

এই পৰীক্ষা অতি সহজতে নিজেও কৰিব পাৰি৷ মাটি অলপ হাতত লৈ এটা লাড়ু তৈয়াৰ কৰি  লাড়ুটো ওপৰলৈ দলিয়াই পুনৰ হাতেৰে ধৰিব লাগে৷ বালিৰ পৰিমাণ বেছি থাকিলে লাড়ুটো ভাঙি যায়৷ নেভাঙিলে মাটিডৰা পুখুৰীৰ বাবে উপযুক্ত হব পাৰে৷ নিশ্চিত হবলৈ আন এটা পৰীক্ষাৰ কৰাৰ দৰকাৰ৷

ককাঁলৰ সমান দঃ কৈ গাঁত এটা খান্দি ৰাতিপুৱা গাঁতটো সম্পূৰ্ণ হোৱাকৈ পানী ঢালিব লাগে৷

আবেলি সময়ত কিছু পানী শুকাই যাব ৷

আবেলি সময়ত গাঁতটো পুনৰ পানীৰে পূৰাই দিব লাগে ৷

পিচদিনা ৰাতিপুৱালৈ  গাঁতটোত পানী থাকিলে  নিশ্চিত হব পাৰি যে মাটি ডৰাৰ পানী সাধাৰণ ক্ষমতা অতি উচ্চ আৰু পুখুৰীৰ বাবে উপযোগী ৷ পানী সাধাৰণ ক্ষমতা সন্তোষজনক হ'লেহে পুখুৰীৰ বাবে  মাটিডৰা নিৰ্বাচন কৰিব লাগে

FAOৰ মতে মাছৰ শাৰীৰিক বৃদ্ধিৰ বাবে পুখুৰীটোৰ পানী কালি অতি কমেও  ৩০০ বৰ্গ মিটাৰ হোৱা উচিত ৷ সেয়েহে, ৩০০ বৰ্গ মিটাৰতকৈ বেছি পানী কালিৰ পুখুৰীতহে মীন পালন কৰিব লাগে ৷ অসমৰ বাবে প্ৰস্তুত কৰা পেকেজ মতে পুখুৰীটোৰ কালি (পাৰ সহ) অতি  বেছি ৪৫০ বৰ্গ মিটাৰ হব লাগে ৷  এনেকুৱা পুখুৰীত মীন পালন কৰি নিজৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰিও অতিৰিক্ত মাছ খিনি বিক্ৰী কৰি  উপাৰ্জন বৃদ্ধি কৰিব পাৰি ৷ দীঘ আৰু প্ৰস্হৰ পূৰণ ফলকেই কালি বোলা হয় ৷ ২০ মি: দীঘল ২০ মি: বহল পুখুৰী এটাৰ পানীকালি ৪০০ বৰ্গ মিটাৰ ৷

পুখুৰীটো আয়তাকৃতি বা বৰ্গাকৃতিৰ হব লাগে ৷ এনে পুখুৰী খান্দিবলৈ সহজ আৰু পৰিচালনাও সহজ ৷ মাটিৰ আকৃতি অনুসৰি পুখুৰী বিভিন্ন আকৃতিৰ হব পাৰে ৷ পুখুৰীৰ আকাৰ  পৰাপক্ষত, আয়তাকৃতি অথবা বৰ্গাকৃতিৰ কৰিবলৈ যত্ন কৰা উচিত ৷

২০ মি: X ২০ মি: পানী কালিৰ পুখুৰী এটা নিৰ্মাণ কৰিবলৈ, প্ৰথমতে ২৬ মি: X ২৬ মি: বৰ্গক্ষেত্ৰ এটা জুখি লৈ চাৰিও চুকত চাৰিটা খুটি মাৰি লব লাগে ৷ খুটি চাৰিটা এডাল ট’ন সূতাৰে  সংলগ্ন কৰি পাৰৰ বাহিৰ ফালটো চিহ্নিত কৰি লব লাগে ৷

খুটিৰ ভিতৰৰ অংশৰ সকলো গছ-গছনি আদি কাটি মাটি ডৰা পৰিষ্কাৰ কৰি লব লাগে ৷

ওপৰৰ ২০ ছে: মি: মাটি খান্দি আঁতৰাই বেলেগে থুপাই ৰাখিব লাগে ৷ এই মাটি খিনি পিচত পাৰৰ ওপৰত দিব পাৰি ৷

এতিয়া ২৬ মি: X ২৬ মি: বৰ্গ ক্ষেত্ৰটোৰ ভিতৰত এটা ২০ মি: X ২০ মি: বৰ্গক্ষেত্ৰ চিহ্নিত কৰি খুটি মাৰি লব লাগে ৷ খুটি চাৰিটা টন সূতাৰে সংলগ্ন কৰি পাৰৰ ভিতৰ ফালটো চিহ্নিত কৰিব লাগে ৷

পুখুৰীৰ বাম ফালে থকা পাৰৰ তলি খন অতি কমেও ১ মি: বহল হব লাগে ৷

দ ফালৰ পাৰৰ তলি খন অতি কমেও ২ মি: বহল হব লাগে ৷

দ্বিতীয় বৰ্গ ক্ষেত্ৰৰ ভিতৰত তৃতীয় ক্ষেত্ৰ এটা চিহ্নিত কৰিব লাগে ৷ এই ক্ষেত্ৰটো ১৮ মি: X ১৭ মি: আকাৰৰ হব লাগে ৷ এই ক্ষেত্ৰই পাৰ কেইটাৰ তলি কৰ পৰা আৰম্ভ হব তাকে সূচায় ৷

আটাইকেইটা ক্ষেত্ৰ যাতে সূতাৰে সঠিক ভাবে সংলগ্ন কৰা থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷

ইয়াৰ পিচত তৃতীয় ক্ষেত্ৰৰ পৰা মাটি খান্দি পাৰ বান্ধিব লাগে ৷

পুখুৰীৰ তলিৰ ঢালৰ অনুপাত ৰক্ষা কৰিবলৈ  বাম অংশত ২০ ছে: মি: আৰু দ' অংশত তুলনামূলক ক্ৰমান্বয়ে দ' কৈ খান্দিব লাগে ৷ আটাইতকৈ দ' অংশত ৩০ ছে: মি: দ' হব লাগে ৷

পুখুৰী খান্দোতে পোৱা মাটি ২৬ মি: X ২৬ মি: আৰু ২০ মি: X ২০ মি: ক্ষেত্ৰৰ মাজৰ অংশত জমা কৰি পাৰ বান্ধিবলৈ ব্যৱহাৰ কৰিব লাগে ৷

মাটি খান্দোতে গছৰ শিপা পালে তাক আঁতৰাই পেলাব লাগে ৷

পাৰৰ মাটি আঠুৰ সমান ওখ হলে মাটিত ধুৰ্মুচ মাৰিব লাগে ৷ গধূৰ তক্তা, বা গছৰ টুকুৰাৰে ধুৰ্মূচ মাৰিব পাৰি ৷

পুখুৰী খান্দোতে ওপৰ অংশৰ পৰা তলৰ অংশলৈ ঢাল ৰাখিব লাগে ৷ ঢাল ২ : ১ হোৱা উচিত ৷

উচ্চ অংশত পুনৰ ২০ ছে: মি: আৰু নিম্ন অংশত ৩০ ছে: মি: খান্দিব লাগে ৷

পুনৰ উচ্চ অংশত ২০ ছে: মি: আৰু নিম্ন অংশত ৩০ ছে: মি: খান্দিব লাগে ৷ খনন কৰি পোৱা মাটি পাৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব লাগে ৷

পুখুৰী খননৰ কাম শেষ হোৱাৰ পিচত পাৰটো সমান আৰু মিহি কৰি প্ৰকৃত আকাৰ দিব লাগে ৷

পাৰটোৰ ভিতৰ ফালৰ ঢাল বাহিৰ ফালৰ ঢালতকৈ বেছি হোৱা উচিত ৷

পখুৰীৰ পাৰটোৰ উপৰি ভাগৰ প্ৰস্হ ১.৫ মিটাৰ হব লাগে ৷

পুখুৰীৰ তলি খন খলা-বমা আৰু টান হোৱা উচিত নহয় ৷

আগতে খান্দি থুপাই ৰখা উপৰুৱা মাটি খিনি পাৰটোৰ ওপৰত আৰু বাহিৰ ফালে দি মিলাই দিব লাগে ৷ পাৰটোত কাৰ্পেট ঘাঁহ ৰুই খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব লাগে ৷

পাৰৰ উপৰি ভাগৰ পৰা পুখুৰীৰ গভীৰতা বাম অংশত কমেও . মিটাৰ আৰু অংশত . মিটাৰ হোৱা উচিত

মীন পালনৰ বাবে ২০ মি: X ৩০ মি: , ২০ মি X ৫০ মি: অথবা ৩০ মি: X ৫০ মি: আকাৰৰ পুখুৰীও খান্দিব পাৰি এইবোৰ পুখুৰীৰ ক্ষেত্ৰতো পাৰৰ উপৰি ভাগৰ প্ৰস্থ . মিটাৰ হব লাগে আকাৰ ডাঙৰ হোৱাৰ কাৰণে পুখুৰীত পানীৰ পৰিমাণ বেছি হব সেয়েহে পাৰটোৰ তলি খন শক্তিশালী হোৱা উচিত

এনে পুখুৰীৰ ক্ষেত্ৰত বাম অংশত . মি: আৰু অংশত . মি: খান্দিব লাগে

যি বোৰ ঠাইত উষ্ণতা ২০০ চেলছিয়াচতকৈ কমি যায় তেনে ঠাইত পুখুৰীৰ গভীৰতা ২.১ – ২.৫ মিটাৰ হব লাগে ৷ দ' অংশত পানী তুলনামূলক ভাবে গৰম হৈ থাকে ৷ ওচৰা ওচৰিকৈ খন্দা পুখুৰীৰ ক্ষেত্ৰত দুটা পুখুৰীৰ মাজৰ পাৰটোৰ উপৰি ভাগৰ প্ৰস্থ ১ মি: পৰা ১.৫ মিটাৰ হব লাগে ৷

খৰালি কালতে পুখুৰী খন্দা কাম শেষ কৰি বৰষুণলৈ অপেক্ষা কৰিব লাগে ৷

প্ৰকৃততে বিশ্বৰ অন্যান্য দেশ সমূহত বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি মীন পালনৰ আঁচনি লোৱা নহয় ৷ অসমত বৰষুণ প্ৰায় নিশ্চিত আৰু গড়ে প্ৰায় ১২০ ছে: মি: বৰষুণ হয় ৷ গতিকে অসমত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি মীন পালন কৰিব পাৰি ৷

মাৰ্চৰ শেষৰ পৰা অসমত বৰষুণ আৰম্ভ হয় আৰু কম বেছি পৰিমাণে  চেপ্তেম্বৰলৈকে বৰষুণ হৈ থাকে ৷

এপ্ৰিলত পুখুৰীত পানী হয় আৰু জলপৃষ্ঠ বাঢ়িবলৈ আৰম্ভ কৰে ৷ এপ্ৰিলৰ শেষত বা মে’ৰ আৰম্ভণিতে পুখুৰী পানীৰে পৰিপূৰ্ণ হয় ৷

অসমৰ মাটি আৰু পানী আম্লিক ৷ সেয়েহে চূণ প্ৰয়োগ কৰি পানীৰ অম্লতা নিয়ন্ত্ৰণ কৰিব লাগে ৷ প্ৰতি বৰ্গ মি: পানী কালিৰ বাবে বছৰি ০.২১৫ কি: গ্ৰা: (২১৫ গ্ৰা: ) কৃষিত ব্যৱহৃত চূণৰ প্ৰয়োজন ৷ ২০ মি: X ২০ মি: (৪০০ বৰ্গ মি: ) পুখুৰী এটাৰ বাবে বছৰি ৮৬ কি: গ্ৰা: (৪০০ বৰ্গ মি: X ০.২১৫ কি: গ্ৰা: ) চূণৰ প্ৰয়োজন হব ৷

বছৰটোৰ বাবে প্ৰয়োজনীয় মুঠ চূণৰ তিনি ভাগৰ এভাগ পুখুৰীৰ তলিত পানী হোৱাৰ আগতে প্ৰয়োগ কৰিব লাগে ৷ বাকী দুভাগ ১১টা সমান কিস্তিত মাহে মাহে প্ৰয়োগ কৰিব লাগে ৷ ২০ মিটাৰ X ২০ মিটাৰ (৪০০ বৰ্গ মিটাৰ) পুখুৰীটোত পানী হোৱাৰ আগতে ২৮.৫ কি: গ্ৰা: চূণপ্ৰয়োগ কৰিব লাগে ৷

পুখুৰীত বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰিব পাৰি ৷ উদ্ভিদ আৰু জন্তুৰ আৱৰ্জনাৰ পঁচন সাৰ জন্তুৰ মল উদ্ভিদজাত সামগ্ৰীৰ পঁচন সাৰ ৷

উদ্ভিদজাত সামগ্ৰীৰ পঁচন সাৰ তৈয়াৰ কৰিবলৈ হলে,  ঘাঁহ, টুকুৰা টুকুৰকৈ কটা পাত আৰু অন্যান্য  উদ্ভিদজাত সামগ্ৰীৰ তৰপে তৰপে জাপি এটি  দ’ম তৈয়াৰ কৰিব লাগে ৷ এই সামগ্ৰী বোৰৰ লগত সামান্য পৰিমাণে উপৰুৱা মাটিও মিহলাব লাগে ৷ গোটেই দ’মটো পানীৰে জীপাল কৰি দিব লাগে ৷

পুখুৰীত সাৰ প্ৰয়োগৰ বাবে FAO ই এটা নতুন প্ৰযুক্তিৰ অনুমোদন কৰিছে ৷ এই প্ৰযুক্তি গ্ৰাম্যাঞ্চলৰ বাবে অতি প্ৰযোজ্য৷

প্ৰখৰ ৰ’দ আৰু বৰষুণ নপৰাকৈ এখন চালি তৈয়াৰ কৰি লব লাগে ৷ চালি খনৰ তলত তৰপে তৰপে আৱৰ্জনা জাপি এটি দ’ম তৈয়াৰ কৰিব লাগে ৷  প্ৰথম তৰপটো ঘাঁহ নাইবা শুকান পাতেৰে দিব লাগে ৷ প্ৰথম তৰপটোৰ লগত সামান্য পৰিমাণৰ উপৰুৱা মাটিও মিহলাই দিব লাগে ৷ প্ৰথমটো তৰপত পানী ছটিয়াই জীপাল কৰি দিব লাগে৷

দ্বিতীয় তৰপটোত জন্তুৰ আৱৰ্জনা দিব লাগে৷ জন্তুৰ মল-মূত্ৰৰ লগতো সামান্য পৰিমাণে উপৰুৱা মাটি মিহলাই দিব লাগে ৷ একে দৰে পানীও ছটিয়াই দিব লাগে৷

গৰু, ছাগলী, গাহৰি, কুকুৰা, হাঁহ আদিৰ মল পঁচন সাৰৰ দ’মত দিব পাৰি ৷

জন্তুৰ মল-মূত্ৰৰ সলনি বেয়া ফল, ঘৰুৱা আৱৰ্জনা, ছাঁই, আদিও দিব পাৰি ৷
তাৰপিচত তৃতীয় তৰপটো ঘাঁহ আৰু শুকান পাতৰ আৰু চতুৰ্থ তৰপটো জন্তুৰ আৱৰ্জনাৰে দিব লাগে ৷ এনেদৰে এটা বৃহৎ দ’ম নোহোৱালৈকে তৰপে তৰপে আৱৰ্জনা জাপি থাকিব লাগে ৷ দ’মটোত পানী ছটিয়াই জীপাল কৰি ৰাখিব লাগে ৷
দ’মটো পঁচিবলৈ প্ৰায় এমাহ অপেক্ষা কৰিব লাগে ৷ দ’মটোত সময়ে সময়ে পানী ছটিয়াই থকা উচিত ৷
দ’মটোৰ তলৰ পৰা পঁচন সাৰ সংগ্ৰহ কৰি পুখুৰীত প্ৰয়োগ কৰিব পাৰি ৷ দ’মটোৰ ওপৰত নতুন তৰপ জমা কৰি সাৰৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি ৷
প্ৰতি সপ্তাহতে দ’মটোত এটা এটা নতুন তৰপ জমা কৰিব লাগে ৷
পুখুৰীৰ এটা চুকত বাঁহ নাইবা কাঠেৰে ক্ৰিব বা ৰেক তৈয়াৰ কৰি লব লাগে ৷ বাঁহৰ ডলা আৰিও এই ৰেক তৈয়াৰ কৰিব পাৰি ৷ ক্ৰিব খন আগুৰি এটি বাঁহৰ গঁড়াল সাজিব লাগে ৷ সাৰ সদায় ক্ৰিবতহে প্ৰয়োগ কৰিব লাগে ৷
৫০০ বৰ্গমিটাৰতকৈ ডাঙৰ পুখুৰীত দুটা ক্ৰিবৰ প্ৰয়োজন৷
ক্ৰিব খন পানীৰ ৬০ ছে: তলত আৰিব লাগে৷ ক্ৰিব খন পূৰাকৈ সাৰ প্ৰয়োগ কৰিব লাগে ৷ প্ৰতি ১০০ বৰ্গ মি: পানী কালিৰ বাবে ১০ কি: গ্ৰা: সাৰ পয়োগ কৰা উচিত৷
জীৱ-জন্তুৰ মলৰ ক্ষেত্ৰত প্ৰতি বৰ্গ মি: ৰ ববে প্ৰতি সপ্তাহত -

২-৩ কি: গ্ৰা: কুকুৰাৰ মল, বা

৮-১০ কি: গ্ৰা: গাহৰিৰ মল, নাইবা

১০-১৫ কি: গ্ৰা: গৰুৰ গোৱৰ ৷

কোনো এবিধ জন্তুৰ মল পৰ্যাপ্ত নহলে বেলেগ বেলেগ জন্তুৰ মল মিহলাই প্ৰয়োগ কৰিব পাৰি৷
এভাগ কুকুৰাৰ মল, দুভাগ গাহৰিৰ মল আৰু তিনিভাগ গোৱৰ মিহলাই এই সাৰ প্ৰস্তুত কৰিব পাৰি৷ এই সাৰ প্ৰতি ১০০ বৰ্গ মিটাৰত প্ৰতি সপ্তাহত ১০ কি: গ্ৰা: প্ৰয়োগ কৰিব লাগে৷
জন্তুৰ মল-মূত্ৰ অৰ্থাৎ জৈৱিক সাৰ প্ৰয়োগ কৰিলে ২–৩ দিনৰ পিচতেই পুখুৰীৰ পানী সেউজীয়া হৈ উঠে৷ উদ্ভিদজাত সামগ্ৰীৰ পঁচন সাৰ প্ৰয়োগ কৰিলে পানী সেউজীয়া হৈ উঠিবলৈ এসপ্তাহ বা ততোধিক সময়ৰ প্ৰয়োজন হয় ৷

পানীৰ সেউজীয়া ৰঙে পুখুৰীত প্ৰাকৃতিক খাদ্যৰ প্ৰাচুৰ্যতা সূচায়৷ পানী সম্পূৰ্ণ সেউজীয়া হবলৈ এসপ্তাহৰ প্ৰয়োজন৷ ফাইট’প্লেংকটনৰ বাবে পানীৰ ৰং সেউজীয়া হয়৷ ফাইট’প্লেংকটনৰ ওপৰত ভিত্তি কৰি জুপ্লেংকটনৰ সৃষ্টি হয় ৷
এটা সৰু পৰীক্ষাৰ দ্বাৰা পানীৰ উৎপাদকতা নিৰ্ণয় কৰিব পাৰি ৷ হাত খন কিলাকূটিলৈকে পুখুৰীৰ পানীত ডুবাই দিলে পানীৰ তলত আঙুলিৰ মূৰ বোৰ যদি কোনোমতেহে ওপৰৰ পৰা দেখা যায় অথবা দেখ-নেদেখ হয়, তেতিয়া বুজিব লাগিব পানী উৎপাদনশীল হৈ উঠিছে ৷
আশানুৰূপ উৎপাদন পাবলৈ হলে আগতীয়াকৈ উৎকৃষ্ট মানৰ পোণাৰ ব্যৱস্হা কৰি থব লাগে৷
সংমিশ্ৰিত কাৰ্প পালনত ৰৌ, বাহু, মিৰিকা, চিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প আৰু কমন কাৰ্প মাছ একেটা পুখুৰীতে একে লগে পালন কৰা হয়৷
সংমিশ্ৰিত কাৰ্প পালনৰ ক্ষেত্ৰত ৰৌ, বাহু, আৰু মিৰিকা মাছৰ যোৱা বছৰ উৎপাদন কৰি এই বছৰলৈ নাৰ্চাৰীত পুহি ৰখা পোণাহে ডাঙৰ পুখুৰীত মেলিব লাগে ৷
প্ৰতি দুই বৰ্গ মিটাৰ পানী কালিৰ বাবে এটা মাছ পোনাৰ প্ৰয়োজন ৷
এটা ২০ মিটাৰ X ২০ মিটাৰ পুখুৰীৰ বাবে ২০০ পোণাৰ (৪০০ বৰ্গ মিটাৰ , ২ X ২০০) প্ৰয়োজন হয়৷
মাছৰ পোনাৰ সংখ্যা নিৰ্দ্ধাৰণ কৰাৰ পিচত আটাইকেইবিধ মাছৰ পোনা অনুমোদিত হাৰত পুখুৰীত মেলিব লাগে ৷ চিলভাৰ কাৰ্প আৰু গ্ৰাছ কাৰ্প মাছ বাকী কেইবিধ পোনা মেলাৰ এমাহ পিছতহে মেলিব লাগে৷

(1)

চিলভাৰ কাৰ্প

২০%

(2)

বাহু

১৫%

 

(3)

ৰৌ

১৫%

 

(4)

গ্ৰাছ কাৰ্প

১০%

 

(5)

মিৰিকা

২০%

 

(6)

কমন কাৰ্প

২০%

 

এই ছয় বিধ মাছৰ বাহু আৰু চিলভাৰ কাৰ্প পানীৰ ওপৰৰ স্তৰত, ৰৌ মধ্যম স্তৰত, মিৰিকা আৰু কমন কাৰ্প নিম্ন স্তৰত থাকে ৷ গ্ৰাছ কাৰ্প পুখুৰীৰ আটাইকেইটা স্তৰতে থাকে৷
সময় মতে উপযুক্ত পোনা পোৱাটো সহজ নহয় ৷ পালেও তাৰ পৰিবহন কষ্ট সাধ্য আৰু ব্যয় বহুল৷
নিজে পোনাৰ প্ৰতিপালন কৰিবলৈ হলে এটি নাৰ্চাৰী পুখুৰীৰ প্ৰয়োজন ৷ পুৰণি সৰু পুখুৰী নাৰ্চাৰী পুখুৰী হিচাবে ব্যৱহাৰ কৰিব পাৰি অথবা নাৰ্চাৰী পুখুৰী এটা নতুনকৈ খান্দি লবলাগে ৷ এনে পুখুৰীৰ গভীৰতা কম হোৱা উচিত ৷
নাৰ্চাৰী পুখুৰীটো ডাঙৰ পুখুৰী খন্দাৰ দৰে একে নিয়মেৰে খান্দি লব পাৰি৷
ডাঙৰ পুখুৰীৰ ওচৰতে নাৰ্চাৰী পুখুৰীটো নিৰ্মাণ কৰিলে বেছি সুবিধাজনক হয় ৷ এনে ক্ষেত্ৰত তিনিটা নতুন পাৰ নিৰ্মাণ কৰিলেই হয়
নাৰ্চাৰী পুখুৰীটো ডাঙৰ পুখুৰীৰ ওচৰতে হলে পোনাৰ পৰিবহন এৰাই চলিব পাৰি৷

নাৰ্চাৰী পুখুৰীটোও ডাঙৰ পুখুৰীৰ নিচিনাকৈ প্ৰস্তুত কৰি লব লাগে৷ তাৰ পিচত হেচ্ছাৰীৰ পৰা স্প’ন আনি নাৰ্চাৰীত মেলিব লাগে৷

এটা ১০ মি: X ১০ মি: নাৰ্চাৰী পুখুৰীত ৬০,০০০ স্প’ন মেলিব লাগে৷ ৰৌ, বাহু আৰু মিৰিকা মাছৰ পোনাহে আগৰ বছৰৰ পৰা পুহি ৰখাৰ প্ৰয়োজন ৷ বাকী তিনিবিধ মাছৰ নতুন পোনা সময় মতে পোৱা যায়৷ ৰৌ মাছৰ ৩০%, বাহু মাছৰ ৩০% আৰু মিৰিকা মাছৰ ৪০% স্প’ন  নাৰ্চাৰীত মেলিব লাগে৷

পুখুৰীত জন্মা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্ভিদ কনিকা আৰু অতি ক্ষুদ্ৰ প্ৰাণী সমূহ পোনা মাছৰ প্ৰাকৃতিক খাদ্য ৷ এই উদ্ভিদ কনিকা সমূহৰ বাবে পুখুৰীৰ পানীৰ ৰং সেউজীয়া হয়৷

ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্ভিদ কনিকা সমূহক ফাইট’প্লেংকটন বুলি কোৱা হয়৷ ফাইট’প্লেংকটনৰ বৃদ্ধিৰ বাবে পুখুৰীত সাৰ প্ৰয়োগ কৰা হয়৷ ফাইট’প্লেংকটনবোৰ খালী চকুৰে দেখা নেযায় ৷

পুখুৰীত জন্মা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী সমূহক জুপ্লেংকটন বোলা হয় ৷ জুপ্লেংকটনৰ সংখ্যা নিৰ্ভৰ কৰে ফাইট’প্লেংকটনৰ বৃদ্ধিৰ ওপৰত৷

প্ৰাকৃতিক খাদ্য সম্ভাৰ বৃদ্ধি কৰিবলৈ পুখুৰীত নিয়মিত ভাবে সাৰ প্ৰয়োগ কৰা উচিত৷

মাছৰ ঘনত্ব অধিক হোৱা বাবে প্ৰাকৃতিক খাদ্যই পুখুৰীটোৰ সকলোবোৰ মাছৰ বাবে পৰ্যাপ্ত নহয় ৷ সেয়েহে বাহিৰৰ পৰাও খাদ্য যোগান ধৰা উচিত ৷

মাছক যোগান ধৰা খাদ্য সুষম হোৱা উচিত ৷ অৰ্থাৎ, মাছৰ বাবে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য, যেনে – প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট (শৰ্কৰা), ফ্যাট (স্নেহ পদাৰ্থ), মিনাৰেল  (মনিক) আৰু ভিটামিন সন্তুলিত মাত্ৰাত থকা উচিত৷

অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন গৱেষণা কেন্দ্ৰত উৎপাদন কৰা ‘সুষমা’ নামৰ খাদ্যত এই সকলোবোৰ পুষ্টিদ্ৰব্য সুষম মাত্ৰাত থাকে ৷ সেয়েহে ‘সুষমা’ খাদ্য খুৱাই সুফল পাৱা যায় ৷

পোনা মাছৰ খাদ্য পুখুৰীত ছটিয়াই দিব লাগে ৷ মাছ পোনা যিমানে ডাঙৰ হব সিমানে বেছি খাদ্য খাব৷ পোনাবোৰক নিয়ন্ত্ৰিত মাত্ৰাতহে খাদ্য যোগান ধৰা উচিত ৷

মাৰ্চ-এপ্ৰিল মাহত এই পোনাবোৰ মূল পুখুৰীত মেলাৰ উপযোগী হয়৷ পুখুৰীত মেলিবলৈ পোনাৰ দৈৰ্ঘ্য অতি কমেও ১০ ছে: মি: হোৱা উচিত৷ তাতকৈ সৰু পোনা মূল পুখুৰীত মেলা উচিত নহয়৷

ছাইন জালেৰে পুখুৰীৰ পোনা ধৰিব লাগে৷ জালখনৰ পাঁহৰ আকাৰ ১ ছে: মি: হব লাগে যাতে সৰু পোনা বোৰ ওলাই যাব পাৰে৷

পোনা ধৰা জালৰ পাঁহ বোৰ গাঁঠি বিহীন হব লাগে৷ গাঁঠি থকা জালেৰে ধৰিলে পোনা বোৰে দুখ পায় আৰু বিভিন্ন ৰোগৰ বীজানুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভৱনা থাকে৷

পোণা মাছৰ দেহ অতি আলসুৱা আৰু সংবেদনশীল ৷ সেয়েহে পৰিবহনৰ সময়ত অতি সাৱধানতা অৱলম্বন কৰা  উচিত৷

ওচৰৰ নাৰ্চাৰীৰ পৰা মাছ পোণা প্লাষ্টিকৰ বাকেটত পৰিবহন কৰিব পাৰি ৷ বাকেটত ঢাকনি থকা উচিত৷ দূৰৰ পৰা পৰিবহন কৰিবলৈ হলে প্লাষ্টিক বেগত অক্সিজেন গেছ দি পোণা পৰিবহন কৰিব লাগে ৷ মাটিৰ পাত্ৰতো তিতা কাপোৰেৰে ঢাকি পোণা পৰিবহন কৰিব পাৰি ৷ উন্তা বেছি হলে এই পদ্ধতিত পৰিবহন কৰি ভাল ফল পোৱা যায়

পোণা পৰিবহন কৰোতে পৰিস্কাৰ পানী ব্যৱহাৰ কৰিব লাগে ৷ পানীৰ প্ৰদূষণৰ ফলত মাছ পোণাৰ ক্ষতি হব পাৰে৷ পোণাৰ পাত্ৰ সদায় ছাঁত ৰখা উচিত ৷ পৰিবহনৰ সময়ত পানীৰ  উষ্ণতা বাঢ়িলে পোনাৰ ক্ষতি হব পাৰে৷

প্লাষ্টিক বেগত পোণা পৰিবহন কৰিলে বেগ বোৰ বাকচ বা কাৰ্টনত সুমুৱাইহে পৰিবহন কৰিব লাগে ৷ এনেদৰে পৰিবহন কৰিলে পোনা বোৰ সুৰক্ষিত অৱস্থাত থাকে ৷

দূৰ ঠাইৰ পৰা পোণা পৰিবহন কৰিবলগীয়া হলে পোনাবোৰ আগদিনাই ধৰি খাদ্য নিদিয়াকৈ ২৪ ঘন্টা ৰাখিব লাগে, যাতে পেট সম্পূৰ্ণ খালী হয় ৷ কাৰণ পৰিবহনৰ সময়ত মাছৰ মলে পানী প্ৰদূষিত কৰে ৷ তাৰ ফলত মাছ পোণাৰ অনিষ্ট হয় ৷

মাছৰ পোণা পোনে পোনে পুখুৰীত মেলি দিয়া উচিত নহয় ৷ কাৰণ, পৰিবহন কৰা পাত্ৰৰ পানীৰ উন্তা আৰু পুখুৰীৰ পানীৰ উন্তাৰ পাৰ্থক্য থকা বাবে তাৰতম্য সহ্য কৰিব নোৱাৰি মাছ পোণা মৃত্যু মুখত পৰে৷ নমৰিলেও পোণাবোৰ বেমাৰৰ প্ৰতি সুগ্ৰাহ্য হৈ উঠে ৷

পোণা পৰিবহন কৰা পাত্ৰটো নোখোলাকৈ পুখুৰীৰ পানীত থৈ দিব লাগে ৷ পাত্ৰৰ ভিতৰৰ পানীৰ উষ্ণতা আৰু পুখুৰীৰ পানীৰ উষ্ণতা একে হলে পোণা বোৰ নিজে নিজে ওলাই যাব বিচাৰে ৷ তেতিয়াহে পাত্ৰটো খুলি দিব লাগে ৷ মাছ পোণাবোৰক নিজে নিজে ওলাই যাব দিয়া উচিত ৷

পুখুৰীটো জলজ অপতৃণৰ পৰা মুক্ত  কৰি ৰখা উচিত ৷

পুখুৰীৰ পাৰকেইটাৰ ওপৰত নজৰ ৰাখিব লাগে ৷ চাব  লাগে যাতে  ধোন্দহৈ বা পাৰ ভাঙি পানী ওলাই যাব নোৱাৰে ৷

ৰাই, ভেকুলী, এন্দুৰ-নিগনি আৰু সাপৰ প্ৰতি চকু ৰাখিব লাগে ৷

গৰু-ম’হ আদি ডাঙৰ জন্তুক পুখুৰীৰ পাৰত উঠিবলৈ দিয়া উচিত নহয়

ছাগলী, ভেড়া আদি সৰু সৰু জন্তু পাৰত চৰিলেও বিশেষ ক্ষতি নহয়৷ এনে জন্তু পুখুৰীৰ পাৰত চৰিবলৈ দি অপতৃণ নিয়ন্ত্ৰন কৰিব পাৰি৷

পুখুৰীত গা-ধোৱা, কাপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা আদি কাম কৰা উচিত নহয়৷

পুখুৰীৰ পাৰত ডাঙৰ গছৰ পুলি ৰুব নেলাগে ৷ পাৰত যদি কোনো মূল্যবান গছ ইতিমধ্যে আছেই তেনেহলে তাৰ ডাল কাটিব লাগে ৷ চাব লাগে যাতে গছে পুখুৰীৰ পানীত ৰ’দ পৰাত বাধাৰ সৃষ্টি নকৰে৷ ৰ’দ নপৰিলে পুখুৰীত ফাইট’প্লেংকটনৰ জন্ম নহয় ৷

মাছৰ শাৰীৰিক বৃদ্ধি আৰু প্ৰজনন তন্ত্ৰৰ উন্নয়নৰ বাবে উপযুক্ত খাদ্যৰ প্ৰয়োজন ৷

প্ৰাকৃতিক খাদ্য উৎপাদনৰ বাবে পুখুৰীত নিয়মিত ভাবে সাৰ প্ৰয়োগ কৰিব লাগে ৷

মাছৰ আশানুৰূপ বৃদ্ধিৰ বাবে প্ৰাকৃতিক খাদ্যৰ উপৰিও বাহিৰৰ পৰাও খাদ্য যোগান ধৰাৰ প্ৰয়োজন ৷ মাছক সুষম খাদ্যহে যোগান ধৰিব লাগে ৷

মাছৰ খাদ্য পুখুৰীত ছটিয়াই দিব পাৰি ৷ কিন্তু মাছক কিমান খাদ্যৰ প্ৰয়োজন বাহিৰৰ পৰা অনুমান কৰা টান ৷ সেয়েহে সুক্ষ্ম ভাবে পৰ্য্যবেক্ষণ কৰা উচিত ৷ খাদ্য খিনি মাছে খাইছে নে পুখুৰীৰ তলিত পৰি নষ্ট হৈ গৈছে সেয়া   আপাতত: ভাবে নিৰ্দ্ধাৰণ কৰাটো সহজ নহয় ৷

মাছ যিমানে ডাঙৰ হৈ আহে সিমানে বেছি খাদ্যৰ প্ৰয়োজন ৷ গতিকে প্ৰতি দিনে কিমান খাদ্য যোগান ধৰিব লাগে সেইটো নিৰূপন কৰাটো অতি কঠিন

খাদ্যৰ পৰিমাণ বেছি হলে তলিত জমা হৈ পানী প্ৰদূষিত কৰিব পাৰে ৷ তেনে অৱস্থাত মাছৰ বিভিন্ন বেমাৰ আজাৰ হব পাৰে ৷ আনকি বৃহৎ হাৰত মাছৰ মৃত্যুও হব পাৰে ৷ মাছৰ মৃত্যু নহলেও মাছৰ গাত মটিয়া গোন্ধ সৃষ্টি হব পাৰে ৷

সেয়েহে মাছৰ খাদ্য বেগ ফিডিং পদ্ধতিত যোগান ধৰিব লাগে ৷ পুখুৰীৰ বাম অংশত এটা খুটি পুটি খুটিটোত খাদ্যৰ বেগটো আৰি দিব লাগে ৷ বেগটো পানী পৃষ্ঠৰ পৰা ৩০ ছে: মি: তলত থাকিব লাগে ৷

খাদ্যৰ বেগটো পৰ্য্যবেক্ষণ কৰিব লাগে ৷ খাদ্য খিনি কম দিনত খাই শেষ কৰি পেলালে পিচৰ বাৰত খাদ্যৰ পৰিমাণ বঢ়াই দিব লাগে ৷

পুখুৰীত প্ৰয়োগ কৰা খাদ্যৰ হিচাব ৰখাটো অতি প্ৰয়োজনীয় ৷

মাছ ডাঙৰ হৈ অহাৰ লগে লগে পানীত দ্ৰৱীভূত অক্সিজেনৰ নাটনি হৈ আহে ৷ ডাৱঁৰীয়া বতৰত আৰু সূৰ্যোদয়ৰ আগে আগে পানীত দ্ৰৱীভূত অক্সিজেনৰ নাটনি বেছি হয় ৷

দ্ৰৱীভূত অক্সিজেনৰ নাটনিৰ সময়ত খাদ্য যোগান ধৰা উচিত নহয় ৷ সেই সময়ত খাদ্য যোগান ধৰিলে দ্ৰৱীভূত অক্সিজেনৰ নাটনি বেছি প্ৰকট হব পাৰে আৰু মাছৰ মৃত্যু হব পাৰে ৷

দ্ৰৱীভূত অক্সিজেনৰ নাটনি হলে পুখুৰীৰ মাছ জল পৃষ্ঠলৈ উঠি আহে আৰু বায়ু মণ্ডলৰ পৰা অক্সিজেন গ্ৰহন কৰিবলৈ যত্ন কৰে ৷ এনে অৱস্থাত বায়ু যোগান যন্ত্ৰ  বা এৰেটৰ সহায়ত পুখুৰীত অক্সিজেন যোগান ধৰা হয়৷ এৰেটৰ নাথাকিলে পানী সিঁচা মেছিন চলাই পুখুৰীৰ পানী পুখুৰীতে পেলাব লাগে ৷ এনে কৰিলে সাময়িক ভাবে এই সমস্যাৰ সমাধান হয় ৷

পিচত জাল মাৰি পুখুৰীৰ মাছৰ সংখ্যা কমাব লাগে ৷

সকলো প্ৰাণীৰ দৰে মাছৰো বিভিন্ন বেমাৰ আজাৰ হব পাৰে ৷ তাৰ প্ৰতি যত্ন লব লাগে ৷

বাহু মাছৰ চকুৰ ৰোগ: এবিধ বেক্টেৰিয়া (Aeromonas liquefaciens) এই ৰোগৰ কাৰণ ৷ মাছৰ চকু, চকুৰ নাৰ্ভ, মস্তিস্ক আৰু কৰ্ণিয়া আক্ৰান্ত হয় ৷ চকুৰ মণিটো পঁচি যায় আৰু মাছৰ মৃত্যু হয় পুখুৰীত ০.১ পিপিএম পটাছিয়াম পাৰমাংগেনেট প্ৰয়োগ কৰিব লাগে ৷ তাৰ অলপ পিচতে  ৩০০ পিপিএম চূণ প্ৰয়োগ কৰিব লাগে ৷

ঘাঁ হোৱা ৰোগ: এৰোম’নাচ আৰু চিউড’ম’নাচ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ গাত ঘাঁ হয়, চকু  আৰু পেট ফুলে ৷ ০.৫ পিপিএম পটাছিয়াম পাৰমাংগেনেটেৰে পুখুৰীটো বীজানু মুক্ত কৰিব লাগে ৷ ছালফাডিয়াজিন ১০০ মি: গ্ৰা: /কি: গ্ৰা: নাইবা টেৰামাইছিন ৭৫-৮০ মি: গ্ৰা: /কি: গ্ৰা: হিচাবত খাদ্যৰ লগত মিহলাই ১০ – ১২ দিন খুৱাব লাগে ৷

কলুমনাৰিছ: ফ্লেভ’ বেক্টেৰিয়াম কলুমনাৰিচি (Flavobacterium columnarisi) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ মাছৰ গাত ঠায়ে ঠায়ে বগা বগাকৈ উখহি উঠে ৷ চাৰিওফালে ৰঙচুৱা দাগ থাকে ৷ পিচলৈ তেজ বিৰিঙে ৷ ৫০০ পিপিএম পটাছিয়াম পাৰমাংগেনেটে দ্ৰৱনত মাছবোৰ এটা এটাকৈ ডুবাই এৰি দিব লাগে ৷

ড্ৰ’পচী: এৰোম’নাচ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ বাকলিৰ গুৰি বোৰ উখহি উঠে ৷ বাকলি বোৰ ওলাই অহা যেন লাগে আৰু গুৰিত পানী জমা হয় ৷ ঘাঁ হয় ৷ পেট আৰু চকু ফুলে ৷ ১ পিপিএম পটাছিয়াম পাৰমাংগেনেটেৰে পুখুৰীটো বীজানু মুক্ত কৰিব লাগে ৷ ৫ পিপিএম  পটাছিয়াম পাৰমাংগেনেটে দ্ৰৱনত মাছবোৰ এটা এটাকৈ ডুবাই এৰি দিব লাগে ৷

চেপ্ৰ’লেগনিয়াচিছ: চেপ্ৰ’লেগনিয়া পেৰাচাইটিকা (Saprolegnia parasitica) নামৰ এবিধ ভেঁকুৰে এই ৰোগ সৃষ্টি কৰে ৷ মাছৰ গাত কপাহৰ থুপৰ দৰে ম’ল্ড দেখা যায় ৷ এই ভেঁকুৰ বোৰ মাছৰ মাংসপেশীত প্ৰৱেশ কৰে আৰু মাংস পেশী বোৰ পঁচাই পেলায় ৷ ৩-৪% নিমখ পানীৰে মাছ বোৰক ধুৱাই (bath treatment) দিব লাগে অথবা ১৬০ পিপিএম  পটাছিয়াম পাৰমাংগেনেট দ্ৰৱনত ৫ দিন বাথ ট্ৰিটমেন্ট অথবা ১-২ পিপিএম মেলাছাইট গ্ৰীন দ্ৰৱনত ৩০ মিনিট বাথ ট্ৰিটমেন্ট অথবা পুখুৰীটোত ২০ পিপিএম হাৰত ফৰ্মেলিন প্ৰয়োগ কৰিব লাগে ৷

ব্ৰাংকিওমাইঅ’চিছ বা গিল ৰ’ট: ব্ৰাংকিওমাইচেছ দেমিগ্ৰানচি (Branchiomyces demigransi) নামৰ এবিধ ভেঁকুৰে এই ৰোগ সৃষ্টি কৰে ৷ মাছৰ ফুলৰ ৰক্ত শিৰাত এই ভেঁকুৰে আক্ৰমণ কৰে ফলত ফিলামেন্টবোৰ পঁচি সৰি যায় ৷ আৰম্ভণিতে ফুলবোৰ শেঁতা মূগা বৰণৰ হয় ৷ ৫০-১০০ কি: গ্ৰা: /হেক্টৰ (৬.৭ – ১৩.৪ কি: গ্ৰা: /বিঘা) হিচাবত পোৰা চূণ প্ৰয়োগ কৰিব লাগে ৷

ইকথিঅ’ফথিৰিয়াচিছ:   ইকথিঅ’ফথিৰিয়াছ মাল্টিফিলিছ নামৰ আদ্যপ্ৰাণীয়ে এই বিধ ৰোগ সৃষ্টি কৰে ৷ ছাল, পাখি আৰু কাণত বগা বগা কিছুমান স্প’ৰ দেখা যায় ৷ মাছে টান বস্তুত গা ঘঁহায় ৷ ১ : ৫০০০ হাৰত ফৰ্মেলিন আৰু পানী মিহলাই সেই দ্ৰৱনত ১ ঘন্টাকৈ ৭-১০ দিন নাইবা ২% নিমখ পানীত ৭-১০ দিন ১ ঘন্টাকৈ বাথ ট্ৰিটমেন্ট দিব লাগে ৷ ২০০ কি: গ্ৰা: /হেক্টৰ (২৬.৭ কি: গ্ৰা: /বিঘা) হিচাবত পুখুৰীত পোৰা চূণ প্ৰয়োগ কৰিব লাগে ৷

ট্ৰাইক’ডিনিয়াচিছ: ট্ৰাইক’ডিনিয়া ৰেটিকূ-লেটা আৰু ট্ৰাইক’ডি-নিয়া নেগ্ৰেই নামৰ দুবিধ আদ্যপ্ৰাণীয়ে এই ৰোগ সৃষ্টি কৰে ৷ ছাল আৰু ফুলত এই বীজানুৱে আক্ৰমণ কৰে ৷ ২-৩% নিমখ পানীত বা ৪ পিপিএম পটাছিয়াম পাৰমাংগেনেট দ্ৰৱনত ৫-১০ মিনিট সময় বাথট্ৰিটমেন্ট দিব লাগে ৷ পুখুৰীটো ২৫ পিপিএম ফৰ্মেলিন দি বীজানুমুক্ত কৰিব লাগে ৷

হোৱাইট গিল স্প’ট ৰোগ: থেন’হেলেনাছ কাটলি, মিক্স’ব’লাছকাটলি, মিক্স’ব’লাছ  হোচাদূৰ্গেনচিছ আৰু মিক্স’ব’লাছ বেঙ্গলেনচিছ নামৰ আদ্যপ্ৰাণীয়ে এই ৰোগ সৃষ্টি কৰে ৷ মাছ দূৰ্বল হয়, ক্ষীনাই, বাকলি থিয়  হয়,পিচলৈ বাকলি সৰে আৰু মাছটো বিবৰ্ণ হয় ৷ মাছৰ সংখ্যা কমাব লাগে ৷ প্ৰতি কি: গ্ৰা: খাদ্যৰ লগত ১ গ্ৰা: ইষ্ট মিহলাই দিব লাগে ৷ তাৰোপৰি, ২-৩% নিমখ পানীত বাথ ট্ৰিটমেন্ট দিব লাগে ৷

ডেক্টাইল’গাইৰ’চিছ আৰু গাইৰ’ডেক্টাইল’চিছ: ডেক্টাইল’গাইৰাছ আৰু গাইৰ’ডেক্টাইলাছ নামৰ দুবিধ কৃমিয়ে এই ৰোগ সৃষ্টি কৰে ৷ ফুল, চাল আৰু পাখিত এই ৰোগ হয় ৷ আক্ৰান্ত ঠাইৰ পৰা শ্লেস্মা নি:সৰণ হয় ৷ ৩-৫% নিমখ পানীত মাছ বোৰ ৫-১০ মিনিট ডুবাই এৰি দিব লাগে অথবা ১০০ পিপিএম ফৰ্মেলিনত বাথ ট্ৰিটমেন্ট দিব লাগে ৷ পুখুৰীটো ২৫ পিপিএম ফৰ্মেলিনেৰে বীজানুমুক্ত কৰিব লাগে ৷

ডিপ্ল’ষ্ট’মিয়াচিছ: ডিপ্ল’ষ্ট’মাম  পিগমেন্টেই    (Diplostomum  pig-mentatai) নামৰ এবিধ ক্ৰিমিৰ বাবে মাছৰ চকুত এই ৰোগ হয় ৷ মাছ অন্ধ হয় ৷ পুখুৰীৰ পৰা শামূক নিৰ্মূল কৰাটো এক মাত্ৰ উপায়৷

আৰ্গুল’চিছ: আৰ্গুলাছ নামৰ এবিধ ওকনিয়ে এই ৰোগ সৃষ্টি কৰে ৷ মূৰ, বাকলি আৰু পাখিত ওকনি বোৰ দেখা যায় ৷ পুখুৰীটো সিঁচি দিব লাগে ৷ মাছ খিনি আৰোগ্য কৰিবলৈ ৫ পিপিএম পটাছিয়াম পাৰমাংগেনেট দ্ৰৱনত মাছবোৰ ডুবাই এৰি দিব লাগে ৷ প্ৰতিসপ্তাহত ৩৫ মি: লি: /হেক্টামিটাৰ হিচাবত তিনিবাৰ বুট’ক্স নামৰ ঔষধ প্ৰয়োগ কৰিব লাগে ৷

ই. ইউ. এচ:   এৰোম’নাছ হাড্ৰফিলা (Aeromonas hydrophila), এৰোম’নাছ চ’ৰ্বিয়া (A. sorbia) নামৰ দুবিধ বেক্টেৰিয়া আৰু আফান’মাইচেছ ইনভাডানচ (Aphanomyces invadans) এবিধ ভেঁকুৰে এই ৰোগ সৃষ্টি কৰে ৷ ডাঙৰ ডাঙৰ ৰঙা দাগ দেখা দিয়ে ৷ ঘাঁ হৈ দেহৰ মাংস উৱঁলি যায় ৷ পোৰা চূণ ২০০ কি: গ্ৰা: /হেক্টৰ (২৬.৭ কি: গ্ৰা: /বিঘা) অথবা ০.১ পিপিএম চিফাক্স (CIFAX) প্ৰয়োগ কৰিব লাগে ৷

বেক্টেৰিয়েল এন্টেৰাইটিচ: এৰোম’নাচ পাংকটাতা (Aeromonas punctata) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ গাত ৰঙা দাগ দেখা দিয়ে, পায়ু উখহে, পেট ফুলে, আৰু আভোক হয় ৷ ব্লিছিং পাউডাৰ আৰু পোৰা চূণ প্ৰয়োগ কৰি পুখুৰীটো বীজানুমুক্ত কৰিব লাগে ৷

এৰিথ্ৰ’ডাৰ্মা: চিউড’ম’নাচ ফ্লুৰ’চেন্স (Pseudomonas fluorescens) নামৰ  বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ দেহৰ পৰা তেজ ওলায়, আৰু গা ফুলে ৷ পাখি পঁচে, বাকলি সৰে ৷ পোনা পৰিবহনৰ সময়ত আৰু মেলোতে দুখ পালে এই বেমাৰ হব পাৰে ৷ ব্লিছিং পাউডাৰেৰে পুখুৰীটো বীজানু মুক্ত কৰিব লাগে ৷

এন্টেৰিক ৰেড মাউথ দিজিজ: য়েৰচিনিয়া ৰুকেৰি (Yersinia ruckeri) নামৰ বেক্টেৰিয়াই এই ৰোগ সৃষ্টি কৰে ৷ ওঁঠ ফুলে আৰু ছিগি যায়, কাণ ৰঙা হয়, পাখিৰ গুৰি ৰঙা হয় ৷ চালফামেৰাজিন বাওক্সিটেট্ৰাচাইক্লিনৰ বাথ ট্ৰিটমেন্ট দিব লাগে ৷

কাৰ্প প’ক্স: হাৰ্পিচ ভাইৰাচৰ বাবে কমন কাৰ্প মাছৰ এই ৰোগ হয় ৷ দেহত ধোৱা বগা-বৰণীয়া ১-২ মি: মি: আকাৰৰ দাগ দেখা যায় ৷ পিচলৈ গোটেই দেহ আগুৰি পেলায় ৷ মাছৰ দেহত কেলছিয়ামৰ পৰিমাণ কমি যায় ৷ ফিছা খন বেকা কৰি মূৰত লগাই দিব পৰা অৱস্থা প্ৰাপ্ত হয় ৷ আক্ৰান্ত মাছ বোৰ পুখুৰীৰ পৰা আঁতৰাব লাগে ৷

প্ৰথম পাচ মাহৰ ভিতৰত পুখুৰীৰ এটা মাছো ধৰা উচিত নহয় ৷ পাচ মাহৰ পিচৰ পৰা ডাঙৰ মাছ বোৰ ধৰা আৰম্ভ কৰিব লাগে ৷

যেতিয়া পুখুৰীৰ সকলো বোৰ মাছ আশা কৰা মতে ডাঙৰ হয় (১.০ - ১.২ কি: গ্ৰা: ) তেতিয়া সকলোবোৰ মাছ ধৰিব লাগে ৷ জানুৱাৰী -ফেব্ৰুৱাৰী মাতহ প্ৰায়বোৰ মাছেই ১ কি: গ্ৰা: ওজন প্ৰাপ্ত হয়

মাছ ৰাতিপুৱাৰ ভাগতহে ধৰা উচিত ৷ পুখুৰী সিঁচি মাছ ধৰাটো আটাইতকৈ সহজ উপায় ৷ আংশিক ভাবে মাছ ধৰিবলৈ হলে পানী সিঁচাটো সমিচীন নহয় ৷ পানী নিসিঁচাকৈও পুখুৰীৰ মাছ ধৰিব পাৰি ৷

টনা জাল বা ছাইন জাল ব্যৱহাৰ কৰি পানী নিসিঁচাকৈও পুখুৰীৰ মাছ ধৰিব পাৰি ৷

ডাঙৰ মাছ ধৰিবলৈ ছাইন জালৰ পাঁহবোৰ ৩.০ – ৩.৫ ছে: মি: আকাৰৰ হব লাগে ৷ এনে আকাৰৰ পাঁহৰ মাজেদি সৰু মাছ বোৰ ওলাই  যাব পাৰে আৰু ডাঙৰ মাছবোৰ জালৰ  ভিতৰত ৰৈ যায় ৷

টনা জাল বা ছাইন জালেৰে পুখুৰীত মাছ ধৰিবলৈ কেবাজনো মানুহৰ প্ৰয়োজন হয় ৷ পুখুৰীৰ দ' অংশত জালৰ গুলি লগোৱা ৰচি ডাল সাৱধানে বহুৱাই লব লাগে ৷

কম সংখ্যক মাছ ধৰিবলৈ হলে খেৱালী বা টঙি জালো ব্যৱহাৰ কৰিব পাৰি ৷

পুখুৰীৰ আধা পানী সিঁচি লৈ টনা জাল বা ছাইন জাল মাৰি সকলোবোৰ মাছ ধৰিব পাৰি ৷ এই পদ্ধতিত জালৰ পাঁহৰ আকাৰ ১ ছে: মি: হব লাগে ৷ তেতিয়াহেসৰু ডাঙৰ সকলো মাছ ধৰিব পাৰি ৷

পুখুৰীৰ পানী সম্পূৰ্ণৰূপে সিঁচিও মাছ ধৰিব পাৰি ৷ পুখুৰীৰ তলিৰ গেদ আঁতৰাবলগীয়া হলে এই পদ্ধতি অৱলম্বন কৰা উচিত ৷

পুখুৰীৰ পৰা ধৰা মাছ বোৰ পৰাপক্ষত পৰিস্কাৰ অৱস্হাত ৰাখিব লাগে ৷ বোকা লাগি থাকিলে মাছ সোনকালে নষ্ট হয় ৷

পানী সিঁচা পুখুৰীটোত খোৱা বা বিক্ৰী কৰাৰ অনুপযোগী সৰু সৰু মাছো থাকিব পাৰে ৷ তেনেকুৱা মাছ বোৰ আগতে ধৰি নাৰ্চাৰী পুখুৰীত (যদিআছে ) থোৱাৰ ব্যৱস্হা কৰিব লাগে ৷

নাৰ্চাৰী পুখুৰী নাথাকিলে তেনেকুৱা মাছবোৰ অন্য মীন পালকক পোনা হিচাবে বিক্ৰী কৰাৰ ব্যৱস্হা কৰিব লাগে ৷ এনেকুৱা মাছ বোৰৰ পৰাহে অধিক উৎপাদন পোৱা যায় ৷ সেয়েহে এই বোৰ মাছৰ বিশেষ যত্ন লোৱা উচিত ৷

নাৰ্চাৰী পুখুৰী নাথাকিলেও, এনেকুৱা সৰু মাছ বোৰ ৰাখিবলৈ এটা সৰু পুখুৰী খান্দি লব পাৰি ৷ পুখুৰীটোৰ আকাৰ ৩ মি: X ৩ মি:    আৰু গভীৰতা ৪০ ছে: মি: হব লাগে ৷ এই গভীৰতা পোণা মাছৰ বাবে অনুকূল নহয় ৷ সেয়েহে পুখুৰীটোত ছাঁৰ ব্যৱস্হা কৰিব লাগে ৷ পানী যোগানৰ সুবিধা থকা ঠাইতহে এনেকুৱা পুখুৰী খান্দিব লাগে ৷

অতি কম সময়ৰ বাবেহে এনে পুখুৰীত মাছ পোণা ৰাখিব পাৰি ৷ সৰু পুখুৰীত পোণা মাছবোৰ থোৱাৰ পিচতহে ডাঙৰ মাছ বোৰ ধৰিবলৈ আৰম্ভ কৰিব লাগে ৷

মাছ ধৰা শেষ হলে সৰু মাছ বোৰ অন্য পুখুৰীত মেলা বা বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে ৷

মাছ, পশুধন (হাঁহ, পাৰ, গৰু, ছাগলী) আৰু গছ-গছনি, শাক-পাছলী, সকলোৰে জীৱন চক্ৰ আৰু বাঢ়ন প্ৰক্ৰিয়াৰ লগতে উৎপাদনৰ হাৰো বেলেগ বেলেগ ৷ সেয়েহে এবিধ আন বিধৰ সহায়ক হয় ৷

গ্ৰামীন অসমীয়া মানুহৰ ঘৰৰ লগতে বাৰী এখনো থাকেই ৷ সামগ্ৰীক অৰ্থত ঘৰখন বুলিলে, বাৰীৰ গছ-গছনি, শাকনিৰ শাক, গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰা, গাহৰি আদি সকলোকে বুজা যায় ৷

এই উপাদান সমূহৰ মাজত সন্তুলিত সমন্বয় ৰক্ষা কৰিব পাৰিলে আৰ্থিক দিশত পৰিয়ালটোৰ যথেষ্ট সকাহ হয় ৷

অসমৰ বাৰী পদ্ধতি প্ৰকৃতাৰ্থত সমন্বিত কৃষি পদ্ধতি ৷ এই পদ্ধতিত এটা বিভিন্ন আৱৰ্জনা আন এটা উপাদানৰ বাবে সম্পদ হিচাবে ব্যৱহাৰ হয় ৷

ঘৰ খনত কেইটামান হাঁহ থাকিলে কণীৰ উৎপাদন পোৱাৰ উপৰিও আন কেবা দিশতো লাভৱান  হব পাৰি ৷ হাঁহে পেলনীয়া খাদ্য, শস্য, আদি খাই বাৰীখন পৰিস্কাৰ কৰি ৰাখে ৷ হাঁহৰ বাবে পানী অত্যাৱশ্যকীয় ৷ মাছ পোহা পুখুৰীটোত হাঁহে সাতোঁৰাৰ উপৰিও পুখুৰীৰ শামুক, পুনী, পোক পৰুৱা আদি খায় ৷ হাঁহে খাদ্য পোৱাৰ উপৰিও পুখুৰীটো পৰিস্কাৰ হৈ থাকে ৷ হাঁহে সাতোঁৰাৰ ফলত পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি পায় ৷ তাৰোপৰি হাঁহৰ মল এবিধ ভাল সাৰ ৷

ঘৰ খনত কেইটামান কণী পৰা কুকুৰা থাকিলে কম পৰিমাণে হলেও প্ৰতিদিনে নগদ ধন হাতলৈ আহে ৷ তাৰোপৰি কুকুৰাৰ মল উৎকৃষ্ট সাৰ ৷

নগদ ধন উপাৰ্জনৰ বাবে গাহৰি অতি ভাল পোহনীয়া জন্তু ৷ পূৰ্ব পৰিকল্পিত ভাবে এটা বা দুটা গাহৰিও পুহি ৰাখিলে প্ৰয়োজনৰ সময়ত ভাল উপাৰ্জন পোৱা যায় ৷ ঘৰৰ আৱৰ্জনা, পেলনীয়া খাদ্য আৰু সামান্য পৰিমানৰ সুষম খাদ্য যোগান ধৰি গাহৰি পালন কৰিব পাৰি ৷ গাহৰিৰ গোৱৰ উৎকৃষ্ট সাৰ ৷

গাই এজনী পৰিয়াল এটাৰ বাবে অতি আৱশ্যকীয় ৷ গাখীৰ আৰু গোৱৰৰ বাবে প্ৰতিটো পৰিয়ালে গাই এজনী ৰখা উচিত ৷

পোহনীয়া জীৱ-জন্তুৰ গঁড়াল পুখুৰীৰ ওচৰতে হলে, পুখুৰীৰ ওচৰতে পঁচন সাৰ তৈয়াৰ কৰিব পৰা যায় ৷

মীন পালন পুখুৰীৰ লগতে পাঁচটা হাঁহো পোহা উচিত ৷ লাহে লাহে দহটা কুকুৰাও পুহিব লাগে ৷ পুখুৰীৰ পাৰতে দুটা গাহৰিও ৰাখিব পাৰিলে ভাল ৷ গাই এজনী পোহাটো নিশ্চিত কৰা উচিত ৷

পুখুৰীটোৰ পাৰতে বিলাহী, বীন, বেঙেনা আদি পাচঁলিৰ খেতিও কৰিব পাৰি ৷ এই খেতিয়ে ঘৰ খনৰ বাবে প্ৰয়োজনীয় পাচঁলি যোগান ধৰাৰ উপৰিও ফাৰ্ম খনৰ সৌন্দৰ্য বৰ্দ্ধন কৰে ৷

এনে পদ্ধতিত মাছ, পশুধন আৰু শাকনিকে ধৰি বাৰী খন অতি কম পৰিশ্ৰমতে পৰিচালনা কৰিব পাৰি ৷

মীন পালন কৰিবলৈ হলে প্ৰথমতে এখন বাজেট তৈয়াৰ কৰিব লাগে ৷ বাজেত তৈয়াৰ কৰিবলৈ প্ৰথমতে খৰছৰ শিতান বোৰ ঠিক কৰিব লাগে ৷ শিতান অনুসৰি প্ৰতিটো বস্তু বা সামগ্ৰীৰ নাম আৰু পৰিমাণ লিখি লব লাগে ৷ প্ৰতিটো বস্তুৰ বৰ্তমানৰ বজাৰ মূল্য অনুসৰি আনুমানিক দাম লিখি লব লাগে ৷ শেষত আটাইবোৰৰ মূল্য যোগ কৰিব লাগে ৷ এয়াই হ’ল আমি ৰূপায়ন কৰিব খোজা মীন পালন আঁচনি খনৰ খৰছৰ বাজেট ৷

দ্বিতীয় পৰ্যায়ত সাম্ভাব্য আয়ৰ শিতান বোৰ লিখি লব লাগে ৷ প্ৰতিটো সামগ্ৰীৰ সাম্ভাব্য বিক্ৰি মূল্য লিখি লব লাগে ৷ তাৰ পিচত প্ৰতিটো সামগ্ৰীৰ পৰা হব লগীয়া আয়ৰ হিচাব কৰিব লাগে ৷

সাম্ভাব্য খৰছৰ হিচাৱ (৪০০ বৰ্গ মিটাৰ পুখুৰী)

খৰছৰ শিতান পৰিমাণ মূল্যৰ হাৰ মুঠখৰছ (টকা)
চূণ ৮৬ কি: গ্ৰ্ৰা ১২ ট: /কি: ১০৩২.০০
পচঁন সাৰ ২০৮০ কি: গ্ৰা: ১ ট: /কি: ২০৮০.০০
মাছৰ পোনা ২২০ টা ৩ ট: /কি: ৬৬০.০০
খাদ্য ২২০ কি: গ্ৰা: ১৫ ট: /কি: ৩৩০০.০০
জাল মৰা - - ৫০০.০০
মুঠ খৰছ ৭৫৭২.০০

এতিয়া আশা কৰা সকলোবোৰ আয় যোগ কৰিব লাগে ৷

সাম্ভাব্য খৰছৰ হিচাৱ (৪০০ বৰ্গ মিটাৰ পুখুৰী)

সামগ্ৰী পৰিমাণ মূল্যৰ হাৰ মুঠখৰছ (টকা)
চূণ ৮৬ কি: গ্ৰ্ৰা ১২ ট: /কি: ১০৩২.০০
পচঁন সাৰ ২০৮০ কি: গ্ৰা: ১ ট: /কি: ২০৮০.০০
মাছৰ পোনা ২২০ টা ৩ ট: /কি: ৬৬০.০০
খাদ্য ২২০ কি: গ্ৰা: ১৫ ট: /কি: ৩৩০০.০০
জাল মৰা - - ৫০০.০০
মুঠ খৰছ ৭৫৭২.০০

সাম্ভাব্য খৰছ আৰু আয়ৰ  আনুমানিক হিচাব পোৱাৰ পিচত বেলেন্সশ্বিট তৈয়াৰ কৰিব লাগে ৷ মুঠ আয়ৰ পৰা মুঠ খৰছ বিয়োগ কৰিলে মুঠ লাভৰ হিচাব পোৱা যায় ৷

লাভ = আয় – বিনিয়োগ = ১২০০০.০০ – ৭৫৭২.০০ = ৪৪২৮.০০ = ৫৮.৪৮%

সাম্ভাব্য বিনিয়োগ, আয়, লাভালাভ আৰু অন্যান্য সংশ্লিষ্ট বিষয় সমূহ বিবেচনা কৰি মীন পালনৰ সিদ্ধান্ত গ্ৰহন কৰিব লাগে ৷ পৰিয়ালৰ সকলোৰে সহায় সহযোগ পালেহে যি কোনো কামতে সফলতা লাভ কৰিব পৰা যায় ৷

সুস্থিৰ সিদ্ধান্ত এটা গ্ৰহনৰ পিচতহে আঁচনি ৰূপায়নৰ বাবে আগবাঢ়িব লাগে ৷ আঁচনি   প্ৰতিটো প্ৰযুক্তিগত দিশৰ প্ৰতি সুম্ম দৃষ্টি ৰাখিব লাগে ৷  প্ৰযুক্তিগত দিশত হোৱা সৰু ভুলৰ বাবে উৎপাদন প্ৰক্ৰিয়া বাধা গ্ৰস্ত হব পাৰে ৷

আঁচনি ৰূপায়নৰ কাম আৰম্ভ কৰাৰ লগে লগে হিচাপ-নিকাচৰ বহী এখনৰো ব্যৱস্থা কৰিব লাগে ৷ বহী খনত তাৰিখ মতে সকলো ব্যয় আৰু আয়ৰ লগতে দৰকাৰী পৰ্যবেক্ষণবোৰ লিখি থব লাগে ৷

টকা খৰছ কৰি সম্পন্ন কৰিব লগীয়া প্ৰতিটো কাম তাৰিখ সহ লিখি থব লাগে ৷ প্ৰতিটো কামৰ বিপৰীতে খৰছৰ পৰিমাণ লিখিব লাগে ৷ মাহৰ শেষত মাহটোত হোৱা মুঠ খৰছ যোগ কৰি মাহটোৰ খৰছ হিচাব কৰিব লাগে ৷ ইয়াকেই ক্যাচ আউট ফ্লো বোলা হয় ৷

প্ৰতি দিনৰ উৎপাদিত সামগ্ৰীৰ হিচাব সঠিক পৰিমাণ উল্লেখ কৰি তাৰিখ সহ লিখি ৰাখিব লাগে ৷ বিক্ৰী কৰি পোৱা টকাৰ পৰিমাণ প্ৰতি তাৰিখ আৰু সামগ্ৰীৰ বিপৰীতে লিখি থব লাগে ৷ বিক্ৰী নকৰি ঘৰত ব্যৱহাৰ কৰিলেও বজাৰ মূল্য অনুসৰি হিচাব লিখি থব লাগে ৷ বছৰৰ শেষত জমা থকা সামগ্ৰী সমূহৰ আনুমানিক পৰিমাণ আৰু মূল্য হিচাব কৰি উলিয়াব লাগে ৷ ইয়াকেই ক্যাচ ইনফ্লো বোলা হয় ৷

মাহেকীয়া ক্যাচ ফ্লো শ্বিট

এপ্ৰিল

মে

জুন

জুলাই

আগষ্ট

চেপ্তে

অক্ট’

নৱে

ডিচে

জানু

ফেব্ৰু

ইন ফ্লো

১৫০০

১৬০০

১৬০০

১৬০০

১৮০০

৬৯০০

আউট

১২৩০

৩৭১

৪১৪

৪৭৩

৪৭৩

৫০৫

৫৯৫

৯৫০

৯৫০

৯৫০

৯৫০

নেট

-১২৩০

-৩৭১

-৪১৪

-৪৭৩

-৪৭৩

৯৯৫

১০০৫

৮৬৭

৬৫০

৮৫০

২৯৫০

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 11/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate