দূষিত পৰিৱেশ, উপযুক্ত খাদ্যৰ অভাৱ আৰু বিভিন্ন বীজাণুৰ আক্ৰমণৰ ফলত পানীত বাস কৰা বিভিন্ন প্ৰাণী মুলত: মাছ আদি বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাটো প্ৰায়েই নিত্য নৈমিত্তিক ঘটনা| তদুপৰি আন কিছুমান বিশেষ কাৰণ ইয়াৰ লগত জড়িত হৈ থাকে| সেইবোৰ হ’ল পৰজীৱৰ আক্ৰমণ আৰু তাৰ পৰা সৃষ্টি হ’ব পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ বেমাৰ| পানীত বিভিন্ন প্ৰকাৰৰ পৰজীৱী জীৱই বাস কৰে, যেনে-পানীত থকা পোক, ওকণি, জোক ইত্যাদি| তদুপৰি অন্য এক পৰজীৱি মাছ, যাৰ দ্বাৰা পানীৰ ওপৰ তৰপত থকা অতিকে পৰিচিত চন্দা মাছ| চন্দা মাছ অসমৰ নদী, বিল, খাল, পুখুৰী, জলাহ, পিটনি আদি সকলোতে প্ৰচুৰ পৰিমাণে পোৱা যায়| এইবিধ মাছ খোৱাৰ উপযোগী, কিন্তু পাখিত লাগি থকা দীঘল তীক্ষ্ণ কাঁইটৰ কাৰণে ইয়াৰ মূল্য তুলনামূলকভাৱে আন মাছতকৈ কম| এইবিধ মাছক তাহানিৰ দিনৰ পৰাই মৎস্য পালনৰ এক পৰজীৱি বুলি আখ্যা দিয়া হৈ আহিছে| কিয়নো এই মাছবিধে আন মাছক ভক্ষণ কৰে| এই মাছবোৰ মাংসভোজী আৰু ই পানীৰ পোক-পতংগ, শামুক, কেঁচু ইত্যাদিৰ লগতে মাছ যেনেদৰে গৰৈ, চেঙেলী, তাৰ উপৰি আন মাছৰ পোৱালি খায় বুলি গম পোৱা গৈছে| এই মাছবিধে মৎস্য পালনত বিশেষ ধৰণে ক্ষতি সাধন কৰে বুলিও অপবাদ আছে| বাৰিষা বানপানীৰ সময়ত এই মাছবিধে পুখুৰীত সোমায় আৰু অত্যধিক বাৰে বাৰে হোৱা প্ৰজননৰ ফলত দীৰ্ঘহাৰত পোৱালিৰ জন্ম হয়| ফলস্বৰুপে ই পুখুৰী, জলাশয় আদিত ভৰি পৰে| এই মাছৰ অত্যধিক বৃদ্ধিয়ে পুখুৰীৰ অন্য লাগতিয়াল মাছবোৰৰ যথেষ্ট ক্ষতিসাধন কৰে| সাধাৰণতে পুখুৰীৰ ওপৰ তৰপত থকা মাছ যেনে-ছিলভাৰ কাৰ্পত এই পৰজীৱি মাছটোৱে ভয়ানক ৰুপত ক্ষতিসাধন কৰে| এই পৰজীৱি চন্দা আছে ছিলভাৰ কাৰ্পৰ বাকলি খাই মাছৰ গাত ঘাঁহৰ লেখিয়া অৱস্থাৰ সৃষ্টি কৰে| এনেস্থলত মাছটোৱে ফিচাখন ওপৰত আৰু মূৰটো তল কৰি গা জোকাৰি জোকাৰি পানীৰ ওপৰ ভাগত দৌৰি ফুৰে| গোটেই ছিলভাৰ কাৰ্প মাছবোৰে ফিচা তিমি মাছৰ জাকে সাঁতুৰি থকা যেন দেখা যায়| এনেকুৱা অৱস্থাত মাছবোৰে খাদ্য খোৱা বন্ধ কৰি দিয়ে| পৰজীৱি মাছে যাতে মুখত আৰু ফুলত সোমাই মাছটোৰ মুখ্য অংগত ক্ষতিসাধন কৰিব নোৱাৰে, সেয়ে ফিচাখন ওপৰফালে কৰি গাটো জোকাৰি থাকে| বেছি বছৰলৈ নিসিঁচা পুখুৰী বা জলাশয়ত এইটো সমস্যা সঘনাই পৰিলক্ষিত হয়| এনেকুৱা অৱস্থাত এই পৰজীৱি চন্দা মাছবোৰক পুখুৰীৰ পৰা আঁতৰোৱাতো অত্যন্ত গুৰুত্বপূৰ্ণ| সেই গতিকে এনেকুৱা হ’লে ঘন জালেৰে বহুবাৰ জাল মাৰি এই পৰজীৱি মাছবোৰ আঁতৰ কৰিব লাগে| লগতে যিবোৰ মাছৰ গাত ঘাঁহৰ সৃষ্টি হৈছে, সেই মাছবোৰ অন্য বীজাণুৰ দ্বাৰা আক্ৰমণিত নহ’বলৈ ২-৩ মি:গ্ৰাম লিটাৰ হাৰত পটাছ পানীত প্ৰায় ১৫-২০ মিনিট ৰাখিলে (পানীত হাপাত দি) ভৱিষ্যতলৈ হ’ব পৰা বিপদৰ পৰা নিৰাময় কৰি ৰাখিব পাৰি|
১) অতিকমেও ৩ বছৰৰ মূৰে মূৰে পুখুৰীটো সিঁচি পুখুৰীৰ তলিখন ৰ’দত শুকুৱাব লাগে|
২) বানপানীৰ সময়ত পুখুৰীত বহিৰাগত মাছ সোমাব নোৱাৰাকৈ জালেৰে ভালদৰে বেৰ দিব লাগে|
৩) পুখুৰীত যদি অবাঞ্ছিত চন্দাৰ লেখিয়া মাছৰ আৱিৰ্ভাৱ হয়, তেন্তে পুখুৰীত মাংসহাৰী মাছ এৰি দিব লাগে| যেনে- চিতল, কান্দুলি ইত্যাদি|
৪) পুখুৰীত প্ৰত্যেক মাছে কমেও দুবাৰকৈ মাছ জালেৰে মাৰি মাছৰ স্বাস্থ্য তথা পানীৰ অৱস্থাৰ পৰীক্ষা কৰিব লাগে|
৫) পুখুৰীত এনেকুৱা ধৰণৰ পৰজীৱি মাছক নিয়ন্ত্ৰণ কৰিবলৈ পানীত ৰাসায়নিক দ্ৰব্য যেনে- ব্লিছিং পাউদাৰ প্ৰতি হেক্টৰ জলকালিত ২৫০-৩০০ কেজি হাৰত ৪-৫ ঘণ্টাৰ বাবে প্ৰয়োগ কৰিব লাগে| ফলত প্ৰয়োগ কৰাৰ প্ৰায় ৪ ঘণ্টা পিছতে মাছবোৰ ওপঙিবলৈ আৰম্ভ হয় অৰু তেনেক্ষণত মাছবোৰ উঠাই পেলাব লাগে| এই মাছবোৰ খোৱাৰ উপযোগী, কিন্তু এই ৰাসায়নিক দ্ৰব্যৰ বিষক্ৰিয়া প্ৰায় ৭-১০ দিনলৈ থাকে| সেইবাবে পানী পৰীক্ষা কৰিহে তাত মাছ এৰি দিব লাগে|
লেখক:- জ্যোতিস্মিতা ঠাকুৰীয়া
উৎস:-নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 3/5/2020