অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীন পালনেৰে জড়িত এক প্ৰাসংগিক বিষয়:পুখুৰীৰ পানী খোৱাৰ উপযোগীনে?

মীন পালনেৰে জড়িত এক প্ৰাসংগিক বিষয়:পুখুৰীৰ পানী খোৱাৰ উপযোগীনে?

সম্প্ৰতি পুখুৰীত মাছ পোনা মেলাৰ সময় পাৰ হওঁ হওঁ। যিসকল মীনপালকে এতিয়াও পোনা মেলা নাই সেইসকলে পুখুৰীৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি পুখুৰীটোত অধিক হাৰত মাছ পোনা মেলি তাক অহা বছৰ ফেব্ৰুৱাৰী মাহত কেৰিড অভাৰ ছীড হিচাপে বিক্ৰী কৰি অধিক টকা উপাৰ্জনৰ ব্যৱস্থা কৰিব পাৰে। কিয়নো অসমৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহত মাছ পোনা উভৈনদী নহয়। লগতে আমাক লগা ধৰণৰ (১০-১৫ ছে:মি: দৈৰ্ঘ্যৰ পোনা) মাছ পোনা সেই সময়ত পোৱাটো বৰ কঠিন। গতিকে বৰ্তমান আমাৰ প্ৰস্তুত হৈ থকা পুখুৰীটোত এক লাখ হেক্টৰ পানী কালিত ৰৌ, বাহু, মিৰিকা আৰু গ্ৰাছ কাৰ্প মেলি তাক মাছৰ মুঠ ওজনৰ ০.৫ শতাংশ হাৰত খাদ্য যোগান ধৰিব লাগে। এই ক্ষেত্ৰত কমন কাৰ্প আৰু ছিলভাৰ কাৰ্প মেলাৰ প্ৰয়োজন নাই, কাৰণ সেই সময়ত এই দুবিধ মাছৰ পোনা পোৱা যায়। মাছ যিহেতু এবছৰীয়া খেতি গতিকে আমি এইবছৰ ফেব্ৰুৱাৰী মাহত পালন কৰিলে অহা বছৰ ফেব্ৰুৱাৰী মাহৰ আগে আগে অৰ্থাৎ মাঘ বিহুত তাক বিক্ৰী কৰিব পাৰো। এবছৰত মাছৰ বৃদ্ধি ১-১.৫ কি:গ্ৰা:লৈ হয়। এনে ওজনৰ মাছসমূহ আমি বিক্ৰী কৰি দিব লাগে। যিমান সংখ্যক এনে মাছ বিক্ৰী কৰা হয়, সমসংখ্যক মাছ পুনৰ পুখুৰীত মেলিব লাগে। এনে ধৰণে আমি কৰিলে আমাৰ লাভৰ পৰিমাণ বাঢ়ে আৰু পামখনৰ সামগ্ৰিক উন্নয়নত ই বিপুল বৰঙনি যোগায়। গতিকে সময় থাকোতে আমাৰ মীনপালকসকলে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি অহা বছৰৰ বাবে পুখুৰীত মাছ পোনা এতিয়াৰ পৰাই ৰাখি মাছৰ উৎপাদন বৃদ্ধি কৰিব লাগে। যিসকল মীন পালকে ইতিমধ্যে মাছ পোনা পুখুৰীত মেলিলে সেইসকলে উপযুক্ত হাৰত পুখুৰীত সাৰ, গোবৰ, খাদ্য আৰু চূণ ব্যৱহাৰ কৰক। পুখুৰীৰ উৎপাদিকা গুণ বৃদ্ধিৰ বাবে আৰু পুখুৰীত যাতে প্ৰাকৃতিক খাদ্যৰ নাটনি নহয়, তাৰবাবে আমি সদায় সচেতন হোৱা উচিত। পুখুৰীত গোবৰ, ইউৰিয়া আদি সাৰ মাহেকীয়া কিস্তিত দি থাকিলে প্ৰাকৃতিক খাদ্য উভৈনদী হৈ থাকে। এই প্ৰাকৃতিক খাদ্যই মাছৰ শ্ৰীবৃদ্ধিত যথেষ্ট বৰঙনি যোগায়। পুখুৰীত মাহেকীয়া কিস্তিত চূণ দিয়াটো অতি দৰকাৰ। চূণে পুখুৰীৰ পানী পৰিষ্কাৰ কৰাৰ উপৰি আম্লিক গুণ নাশ কৰি তাক ক্ষাৰকীয় অৱস্থাত ৰাখে, যিটো মাছৰ বাবে উপযোগী। প্ৰায়ে আমাৰ মনত উদয় হোৱা এটা বিষয় হ’ল পুখুৰীৰ পানী খোৱাৰ উপযোগী হয়নে? আমাৰ অসমৰ সমাজ ব্যৱস্থাত এতিয়াও বহু গাঁৱলীয়া লোকে পুখুৰীৰ পানী খায়। অসমৰ আৰ্থিক অৱস্থা তথা বিভিন্ন ঠাইৰ পানীত আইৰণৰ মাত্ৰা বেছি হোৱা বাবে বহু ঠাইত পুখুৰীৰ পানী মানুহে খায়। পৰিৱেশ বিজ্ঞানীসকলে পুখুৰীৰ পানী খোৱাৰ উপযোগী নহয় বুলি কৈছে। তেওঁলোকে পানীক চাৰিটা ভাগ কৰিছে। সেইকেইটা হ’ল-

(১) ‘এ’ লেভেল: এইবিধ হ’ল ডিষ্টিলড ৱাটাৰ, যিটো পৰীক্ষাগাৰত ব্যৱহাৰ হয়।

(২) ‘বি’ লেভেল: এইবিধ হ’ল ট্ৰিটমেণ্টযুক্ত খোৱা পানী।

(৩) ‘চি’ লেভেল: এইবিধ পানী হ’ল খোৱাপানী কিন্তু ট্ৰিটমেণ্টযুক্ত নহয়।

(৪) ‘ডি’ লেভেল: পুখুৰী, জলাহ আদিৰ পানী, যি পানী খোৱাৰ উপযোগী নহয়।

পুখুৰীৰ পানী খোৱাৰ অনুপযোগী কিয়নো আমি সাধাৰণতে মাছ পালন কৰিবলৈ হ’লে তাত উদ্ভিদ প্লৱক আৰু প্ৰাণী প্লৱকৰ বৃদ্ধিৰ বাবে সাৰ (ইউৰিয়া, একক ছুপাৰ ফচফেট) আৰু গোবৰ দিওঁ। এই প্লৱকসমূহ বৃদ্ধি হোৱা পানী খোৱাৰ উপযোগী নহয়। তদুপৰি পুখুৰীত মাছ পালন কৰিলে কেতিয়াবা মাছত বেমাৰে দেখা দিব পাৰে। মাছৰ গাত দেখা দিয়া বেমাৰ নিৰ্মূলকৰণৰ উদ্দেশ্যে আমি বিভিন্ন ৰাসায়নিক ঔষধ পুখুৰীৰ পানীত ব্যৱহাৰ কৰিব লাগে। এই ৰাসায়নিক দ্ৰব্যসমূহৰ উপস্থিতিৰ বাবে আমি সাধাৰণতে খোৱাৰ কাৰণে ব্যৱহাৰ কৰা পানীত থাকিবলগীয়া উপাদানসমূহ নষ্ট হোৱাৰ যথেষ্ট অৱকাশ থাকি যায়। সেয়েহে এই পানী খোৱাৰ ফলত আমাৰ শৰীৰত লগে লগে আক্ৰমণ নকৰিলেও লাহে লাহে ইয়াৰ আক্ৰমণৰ ফলত এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হ’ব পাৰে। গতিকে মাছ পালন কৰা পুখুৰীৰ পানী যথাসম্ভৱ নোখোৱাই শ্ৰেয়। যদি অইন কোনো বিকল্প ব্যৱস্থা নাথাকে, তেনেহ’লে পুখুৰীৰ পানী গৰম কৰি বালি ফিল্টাৰত ফিল্টাৰ কৰি পুনৰ গৰম কৰি ঠাণ্ডা কৰি খাব লাগে। কিন্তু সদায় ইমান দীঘলীয়া এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ অপাৰগ হ’ব পাৰে। সেয়ে যি পুখুৰীৰ পানী খোৱাৰ বাবে ব্যৱহাৰ কৰে সেই পুখুৰীত অকল চূণ দিব লাগে, খাদ্য দিলেও খুব কম মাত্ৰাত প্ৰয়োগ কৰিব লাগে। তলত দিয়া তালিকাত খোৱা পানীত থাকিবলগা বিভিন্ন মৌলৰ (physical and chemical) নিৰিখ দিয়া হৈছে।

সোৱাদ আৰু গোন্ধ

বেয়া গোন্ধ আৰু সোৱাদ নথকা পানী গ্ৰহণযোগ্য নহয়।

মুঠ পানীত দ্ৰৱীভূত হৈ থকা কঠিন বস্তু

৫০০ মি:গ্ৰা:/লিটাৰ হ’ব লাগে।

ক্ল’ৰাইড (cl হিচাপে)

২০০ মি:গ্ৰা:/লিটাৰ।

ফ্ল’ৰাইড (F হিচাপে)

১.০ মি:গ্ৰা:/লিটাৰ, ইয়াতকৈ বেছি হ’লে বেয়া।

কেলচিয়াম (Ca হিচাপে)

৭৫ মি:গ্ৰা:/লিটাৰ।

আইৰণ (Fe হিচাপে)

০.১ মি:গ্ৰা:/লিটাৰ।

কপাৰ (Cu হিচাপে)

০.০৫মি:গ্ৰা:/লিটাৰ।

ফিন’লিক যৌগ (ফিনল হিচাপে)

০.০০১ মি:গ্ৰা:/লিটাৰ।

বিষাক্ত পদাৰ্থ

আৰ্চেনিক (As হিচাপে)

০.০৪ মি:গ্ৰা:/লিটাৰ গ্ৰহণযোগ্য যদিও ই নাথাকিলেই ভাল।

ক্ৰ’মিয়াম (Cr হিচাপে)

০.০৫ মি:গ্ৰা:/লিটাৰ গ্ৰহণযোগ্য যদিও ই নাথাকিলেই ভাল।

লিড (Pb হিচাপে)

০.১ মি:গ্ৰা:/লিটাৰ গ্ৰহণযোগ্য কিন্তু নাথাকিলে ভাল।

মাৰ্কাৰী হাইড্ৰ’কাৰ্বন (মুঠ Hg হিচাপে)

০.০০১ মি:গ্ৰা:/লিটাৰ।

পি এইচ

৭.০-৮.৫

মুঠ কঠিনতা (CaCo3 হিচাপে)

২০০ মি:গ্ৰা:/লিটাৰ।

নাইট্ৰেট (No3 হিচাপে)

৪৫ মি:গ্ৰা:/লিটাৰ, নাথাকিলে ভাল।

মেগনেছিয়াম (Mg হিচাপে)

৩০ মি:গ্ৰা:/লিটাৰ।

মেংগানিজ (Mn হিচাপে)

০.০৫ মি:গ্ৰা:/লিটাৰ।

জিংক (Zn হিচাপে)

১৫.০ মি:গ্ৰা:/লিটাৰ, নাথাকিলে ভাল।

কেড্‌মিয়াম (Cd হিচাপে)

০.২ মি:গ্ৰা:/লিটাৰ।

চায়েনাইড (Cn হিচাপে)

০.০১ মি:গ্ৰা:/লিটাৰ, নাথাকিলে ভাল।

চেলিনিয়াম (Sc হিচাপে)

০.০৫ মি:গ্ৰা:/লিটাৰ, নাথাকিলে ভাল।

তালিকাত উল্লেখ কৰা পদাৰ্থসমূহ নিৰিখ অনুযায়ী পানীত থাকিলে সেই পানী খোৱাৰ উপযোগী। অন্যথা তাক খাব নালাগে। অসমৰ কেইখনমান জিলাত খোৱাপানীত ফ্ল’ৰাইডৰ পৰিমাণ বেছি পোৱা বাবে তাৰ লোকসকলৰ দেহত বিভিন্ন ৰোগে দেখা দিয়াৰ কথা আমি বাতৰি কাকতযোগে পঢ়ি থাকো। গতিকে পানীৰ গুণাগুণসমূহ জনস্বাস্থ্য বিভাগত পৰীক্ষা কৰি লৈ খোৱাৰ উপযোগী কৰি ল’ব লাগে। সাধাৰণতে আমি মাছ পালন কৰা পুখুৰীৰ পানীত প্ৰতি ঘনমিটাৰত ১০-২০ মিলিলিটাৰ প্লৱক থকা উচিত। তদুপৰি তলত দিয়া মতে পানীৰ আন ধৰ্মসমূহ থকা উচিত-

পি এইচ: ৭.৫-৮.৫

আবিলতা: ২০ পি পি এমতকৈ কম (২০ মি:গ্ৰা: প্ৰতি লিটাৰ)

কঠিনতা: ২০ পি পি এমতকৈ বেছি (২০ মি:গ্ৰা:/লিটাৰ)

দ্ৰৱীভূত অম্লজান: ৫-১০ মিলিগ্ৰাম প্ৰতি লিটাৰ

কাৰ্বন-ডাই-অক্সাইড: ১.৫ মি:গ্ৰা:/লিটাৰ

নাইট্ৰেট: ০.২-০.৫ মি:গ্ৰা:/লিটাৰ

ফছফেট: ০.২-০.৫ মি:গ্ৰা:/লিটাৰ

উষ্ণতা: ২৬.০-৩২.০ চেণ্টিগ্ৰেড

গতিকে মীনপালকসকলে নিজৰ পুখুৰীটো মাছ পালনৰ উপযোগী কৰি ৰাখিবলৈ আৰু ওপৰত দিয়া ধৰণে পানীৰ গুণাগুণসমূহ ঠিকমতে ৰাখিবৰ বাবে চূণ, গোবৰ, সাৰ আৰু খাদ্য দি থাকিব লাগে। মীনপালকসকলে মাছক খেতি হিচাপে ধৰি তাৰ বাবে কৰণীয়খিনি নিয়মমতে কৰিলে নিশ্চয়কৈ লাভৱান হ’ব পাৰিব। কিবা অসুবিধা পালে ওচৰৰ মীন বিভাগৰ লগত আলোচনা কৰি তাক সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগে।

লেখক: প্ৰতুল ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate