মীন পালনৰ বাবে পুখুৰী কেনেধৰণৰ হ’ব লাগে তাৰ এটা বিশদ জ্ঞান মীনপালক মাত্ৰেই থাকিব লাগে। আজি বিজ্ঞানৰ যুগত মীন পালন পদ্ধতিয়ে সুকীয়া প্ৰযুক্তি বিদ্যাৰ স্বীকৃতি লাভ কৰাটো উল্লেখযোগ্য ঘটনা। সেয়ে মীন পালন পদ্ধতিৰ উন্নয়ন আৰু অধিক উৎপাদন লাভৰ উদ্দেশ্যে বিজ্ঞানভিত্তিক কৌশলসমূহো আয়ত্ত কৰি লোৱা উচিত।
মাছ পালনৰ বাবে প্ৰথমেই আৱশ্যক হয় একখণ্ড জলাশয় যি খণ্ড জলাশয়ত গোটেই বছৰজুৰি পানী থাকে আৰু খৰালী কালত অন্তত: এক মিটাৰ দ থকা দৰকাৰ। তদুপৰি এই জলাশয় বানপানীৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত, চাৰিওপাৰ থকা, বাহিৰৰপৰা পানী সোমাব নোৱাৰা আৰু ভিতৰৰ পানীও ওলাই যাব নোৱাৰা হ’ব লাগে।
বালিচহীয়া মাটি মীন পালনৰ বাবে অনুপযুক্ত। সেইদৰে নৈৰ দাঁতিকাষত পুখুৰী থকাটো বাঞ্ছনীয় নহয়। কাৰণ, বাৰিষা নৈৰ পানী বঢ়াৰ লগে লগে পুখুৰীৰ পানীভাগো বাঢ়ি আহিব আৰু খৰালিত নৈ শুকায় যোৱাৰ লগে লগে নৈৰ গভীৰতাৰ লগত একে গভীৰতাত থাকিব। আনহাতে, মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা নাই।
দ-আঠালেতীয়া আহল-বহল, পানী ধৰি ৰাখিব পৰা ক্ষমতা থকা আৰু উৰ্বৰা শক্তি থকা মাটিয়েই পুখুৰীৰ বাবে আৱশ্যক বুলি বিবেচিত হয়। সেইদৰে পুখুৰী খান্দিবলৈ হ’লেও দ ঠাই নিৰ্বাচন কৰি পলসুৱা(উৰ্বৰা শক্তি বেছি থকা) সম্পূৰ্ণ ৰ’দ পৰা ঠাইকেই নিৰ্বাচন কৰিব লাগে। আকৌ পুখুৰীৰ আকৃতি বিভিন্ন ধৰণৰ হ’ব পাৰে যদিও আয়তাকাৰ, পূৱা-পশ্চিমা পুখুৰী বেছি সুবিধাজনক। আয়তাকাৰ পুখুৰীৰ জলপৃষ্ঠত বতাহৰ ক্ৰিয়া বেছি হোৱা বাবে দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি হয়। এনে পুখুৰীত মাছ চলাচলৰ বাবে বেছি ঠাই পোৱাৰ উপৰি দীঘলীয়া কম প্ৰস্থৰ এনে পুখুৰীত জাল টানিবলৈও সুবিধা হয়। সেয়ে পুখুৰী এটাৰ প্ৰস্থ আৰু দৈৰ্ঘ্য ক্ৰমে ০.১ হেক্টৰতকৈ কম আৰু ২.০ হেক্টৰতকৈ অধিক হ’ব নালাগে। সেইদৰে পুখুৰীৰ গভীৰতা ১.৫ মিটাৰৰ পৰা ২ মিটাৰৰ ভিতৰত হ’ব লাগে। পুখুৰীৰ পাৰকেইটা আহল-বহল আৰু মজবুত হ’ব লাগে। প্ৰতি একক উচ্চতাৰ বাবে অনুভূতিক অক্ষ বৃদ্ধিৰ অনুপাতক পাৰৰ কাষৰ ঢাল বোলা হয়। কাষৰ ঢাল পুখুৰীৰ ভিতৰফালে ১:২ আৰু বাহিৰফালে ১:১ হোৱা উচিত। সেইদৰে উপৰিভাগৰ প্ৰস্থ উচ্চতাৰ সমান হোৱা বাঞ্ছনীয়। উচ্চতা কম হ’লেও প্ৰস্থ এক মিটাৰতকৈ হ্ৰাস কৰা অনুচিত।
পুখুৰীত নিৰ্দিষ্ট সীমাত পানী ৰখাৰ উদ্দেশ্য পাৰৰ মাজেদি নিৰ্গম নলী স্থাপন কৰিব লাগে। যাতে বাহিৰৰ ফালে সামান্য হেলনীয়া হয়। নলীৰ দুয়োফালৰ মুখ সৰু সৰু ফুটাৰ জালিকাৰে বন্ধ কৰি ৰাখিব লাগে। পাৰকেইটাত চাপৰ উদ্যান শস্যৰ খেতি কৰিব পাৰি। অন্য নহ’লেও ঘাঁহৰ খেতি কৰিব পাৰি। পশুৰ খাদ্য হোৱাৰ উপৰি ঘাঁহে খহনীয়া ৰোধ কৰে আৰু পাৰটো দীৰ্ঘস্থায়ী হয়।
লেখক-দুলু কুমাৰ বৈদ্য
শেহতীয়া উন্নীতকৰণ: : 1/19/2023