অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীন পালনৰ সমান্তৰালভাৱে শামুক পালন

মীন পালনৰ সমান্তৰালভাৱে শামুক পালন

বৰ্তমান সময়ত কৃষিভিত্তিক কাম-কাজখিনি সমন্বিত পাম পদ্ধতিৰে অধিক উতপাদন ক্ষম কৰিবলৈ বিভিন্ন-পৰীক্ষা-নিৰীক্ষা চলি আছে। এই ক্ষেত্ৰত ৰাজ্যৰ চুকে কোনে সিঁচৰিত হৈ থকা বহুতো প্ৰগতিশীল মীনপালকৰ চিন্তা-চৰ্চাকো গুৰুত্ব সহকাৰে গ্ৰহণ কৰাটো অতি প্ৰয়োজন্নীয়। তেওঁলোকৰ উদ্ভাৱনী চিন্তাৰ উন্মেষে কঢ়িয়াই আনিছে বিভিন্ন ন ন আশাৰ বতৰা। বিজ্ঞানীসকলে এই কথাবোৰ পুংখানুপুংখভাৱে অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষা কৰি সৰলীকৃত আৰু মানকৃত কৰাটো সময়ৰ আহ্বান। সেউজ বিপ্লৱৰ জনক ড০ এম এছ স্বামীনাথৰ মতে, আঞ্চলিক বৈষম্য আৰু নগৰমুখী প্ৰব্ৰজন ৰোধ কৰি কৃষিক্ষেত্ৰত অধিক নিয়োগ সৃষ্টিৰ বাবে কৃষিক বাণ্যিজিক স্তৰলৈ উন্নীত কৰাটো অতি প্ৰয়োজন। একেটা সুৰতেই সুৰ মিলাই কৃষি বিজ্ঞানীদ্বয় পিংগালী আৰু ৰজগ্ৰান্টেও কৃষিক বাণিজ্যিক স্তৰলৈ উন্নীত কৰাৰ বাবে গুণিতক পাম পদ্ধতিৰ পোষকতা কৰিছে। অৰ্থাৎ কৃষিৰ একাধিক কৌশল সমন্বিতভাৱে ৰূপায়ণ কৰাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে।

তেনে এক উদ্ভাৱনী কৌশলৰ সুবাসেৰে মীন পালনৰ সৈতে শামুক পালন কৰি লাভান্বিত হৈছে বাক্সা জিলাৰ নাওকটাৰ প্ৰগতিশীল মীনপালক মুকুল শৰণীয়াই। অঞ্চলটোত শামুকৰ চাহিদা আৰু জনপ্ৰিয়তাৰ দিশটোলৈ লক্ষ্য ৰাখি বিশেষ প্ৰজাতিৰ এবিধ শামুক সংগ্ৰহ কৰি মীন পালনৰ লগত একেলগে পালন কৰিছে মুকুলে। মুকুল আৰু তেওঁৰ কাৰিকৰী পৰামৰ্শদাতা মীন সম্প্ৰসাৰণ বিষয়া বিপুল খাটনিয়াৰে জনোৱা মৰ্মে, মীনৰ সমান্তৰালভাৱে শামুক পালনত তেওঁলোকৰ অসুবিধাতো হোৱাই নাই, বৰং শামুকৰ উৎপাদনখিনি উপৰঞ্চিভাৱেহে আহিছে। তদুপৰি শামুকৰ বাবে কোনো পৰিচৰ্য্যাৰ প্ৰয়োজন নাই। এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শামুকখিনি পুখুৰীৰ পৰা উঠালেই হয়। শামুক উঠোৱাৰ পৰা বিক্ৰী কৰালৈ কামখিনি মুকুলৰ মাকে চোৱাচিতা কৰে। সেই ধনখিনিও মাকৰ। তাত মুকুলে হাত নিদিয়ে।

পূব নাওকটা গাঁৱৰ চফল ডেকা মুকুল শৰণীয়াই প্ৰমাণ কৰি দিছে যে ইচ্ছা, একাগ্ৰতা আৰু অধ্যাৱসায়েৰে কৰ্মত আগবাঢ়িলে সফলতা অৱশ্যম্ভাৱী। মুকুলৰ মতে, এইখিনি আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ লগত যদি উদ্ভাৱনী চিন্তাৰ সমাহাৰ ঘটে, তেন্তে প্ৰক্ৰিয়াটো হৈ পৰে অতি মসৃণ। দুখ আৰু কাৰুণ্যৰে ভৰা মুকুলৰ শৈশৱ আছিল আন দহজনতকৈ ব্যতিক্ৰম। সমনীয়াই পখিলা খেদাৰ বয়সত পৰিস্থিতিৰ তাগিদাত মুকুল জড়িত হৈছিল। ওদালগুৰিৰ অন্যতম বাটকটীয়া মীনপালক ধৰ্মেশ্বৰ ৰাভাৰ মীনপামত। আজি ৰাজ্যৰ অন্যতম প্ৰতিষ্ঠিত মীনপালক ৰাভা ওদালগুৰি জিলাৰ মীন উন্নয়নৰ অন্যতম মাৰ্গদৰ্শক। ওদালগুৰিত বিজ্ঞানসন্মত মীন পালন আৰু গুণগতমানৰ মীন পোনা উৎপাদনৰ প্ৰথমে সূচনা কৰিছিল ধৰ্মেশ্বৰ ৰাভাই। ৰাভাৰ পামত মীন পালনৰ আদিপাঠ শিকা বহুতেই আজি প্ৰতিষ্ঠিত মীনপালক। ৰাভাই কিমানক যে মীন পালনলৈ আকৰ্ষিত কৰি হাতে-কামে শিকাই স্ব-নিয়োজনৰ পথ দেখুৱাইছে তাৰ কোনো লেখ-জোখ নাই। মুকুল শৰণীয়াও তাৰেই অন্যতম। এনে এক পটভূমিত ১৯৯৫ চনৰ ঘৰৰে ডেৰ কঠা জলকালিৰ পুখুৰীটোত ৰাভাৰ পৰা ভ্ৰূণ পোনা আনি পোনা প্ৰতিপালনৰ কাম আৰম্ভ কৰে মুকুলে। প্ৰথম প্ৰচেষ্টাতে তেওঁ লাভ কৰে আশাতীত সফলতা। মুকুল অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাৰ লগতে স্থানীয় জনসাধাৰণেও ঘৰৰ ওচৰতে থাওকতে গুণগত মানৰ আঙুলিজোখৰ পোনাৰ যোগান পাই লাভান্বিত হ’ল। ধৰ্মেশ্বৰ গুৰুৰ তত্বাৱধানত কাম অব্যাহত ৰাখি মুকুলে আৰু পাছলৈ ঘূৰি চাব লগা হোৱা নাই। প্ৰতি বছৰে লভ্যাংশৰ ধন বিনিয়োগ কৰি ন ন ভূমি ক্ৰয় আৰু পুখুৰী খান্দি গ’ল মুকুলে। বৰ্তমান বিভিন্ন জোখৰ পুখুৰীসহ মুকুলৰ মীন পামৰ মুঠ জলকালি প্ৰায় দহ বিঘা।

পৰৱৰ্তী সময়ত কাৰিকৰী পৰামৰ্শদাতা বিপুল খাটনিয়াৰ লগত আলোচনা কৰি এটা গোটৰ পুখুৰীত মুকুলে সংযোজন কৰে শামুক। ইতিমধ্যে উল্লেখ কৰা হৈছে যে এই শামুকবিধৰ খাদ্য হিচাপে চাহিদা অতি বেছি। বজাৰ দৰো আশাব্যঞ্জক। তদুপৰি ই মীন পালনত নেপেলায় কোনো নেতিবাচক প্ৰভাৱ। পুখুৰীৰ প্ৰাকৃতিক পৰিৱেশতো ই প্ৰজনন কৰে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে শামুকৰ বাবে কোনো উপৰঞ্চি পৰিচালনা আৰু পৰিপূৰক খাদ্য যোগানৰ প্ৰয়োজন নহয়। মুকুলৰ কাম-কাজৰ অগ্ৰগতি দেখি খাটনিয়াৰৰ বিশেষ উদ্যোগত ২০১২ চনত বিভাগে তেওঁলৈ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অন্তৰ্গত কম ব্যয়সাধা পোনা উৎপাদন কেন্দ্ৰ এটাৰ অনুমোদন দিয়ে। এই কেন্দ্ৰত অতি সন্তোষজনকভাৱে পোনা উৎপাদন সম্ভৱ হৈছে। মুকুলৰ লগতে স্থানীয় মীনপালকসকলো লাভান্বিত হৈছে কেন্দ্ৰটোৰ পৰা। বৰ্তমান মুকুল মীন পালনৰ কৌশল ৰূপায়নৰ লগত জড়িত হৈ আছে। এই সকলোৰে বছৰেকত হাতত থাকে প্ৰায় পাঁচ লাখ টকা। দুবেল-দুমুঠিৰ বাবে হাহাকাৰ কৰি জীৱন সংগ্ৰাম আৰম্ভ কৰা মুকুল আজি অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক প্ৰশস্ত কৰিছে। মুকুলে অৱশ্যে পাৰ্য্যমানে তেওঁলোকক সহযোগিতা আগবঢ়াবলৈ কেতিয়াও কাৰ্পণ্য কৰা নাই। আপুনিও এবাৰ মুকুলৰ লগত বাৰ্তালাপ কৰি বা তেওঁৰ পাম পৰিদৰ্শনেৰে বিশদ তথ্য আহৰণ কৰিব পাৰে।

লেখক: ধ্ৰুৱজ্যোতি শৰ্মা, মীন বিষয়া, মীন সঞ্চালকালয়।

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate