অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৎস্য পালনৰ সমজুৱা হাতপুথি

মৎস্য পালনৰ সমজুৱা হাতপুথি

প্ৰস্তাৱনাঃ

অসম চৰকাৰৰ মীন বিভাগে ২০০৪-০৫ চনৰপৰা অসমৰ ২৪ খন সমতল জিলাত অসম কৃষি সামৰ্থবৰ্দ্ধন প্ৰকল্প অথবা চমুকৈ এ, এ, চি পি ৰূপায়ন কৰি আহিছে। প্ৰকল্পটো ৰূপায়ন কৰাত মৎস্য উৎপাদনকাৰী সম্প্ৰদায় সমূহক সমূহীয়া গোটৰ দ্বাৰা জড়িত কৰা হৈছে। এই সমূহীয়া গোটবোৰ যেনে উমৈহতীয়া স্বত্ব গোট, চমুকৈ চি, আই, জি সমজুৱা পুখুৰী গোট, চমুকৈ চি, টি, জি আৰু বিল উন্নয়ন সমিতি, চমুকৈ বি, ডি, চি ৰ জৰিয়তে উন্নয়ন প্ৰক্ৰিয়াত জড়িত হয়। বিভিন্ন বেচৰকাৰী সংগঠন অথবা চমুকৈ এন, জি, অ সমূহকো সমজুৱা গোটবোৰৰ প্ৰশিক্ষণ, অনুপ্ৰেৰণা প্ৰদান অদিৰ দ্বাৰা ক্ষমতা বৰ্দ্ধনৰ বাবে জড়িত কৰা হৈছে।

এন, জি, অ সমূহৰ দায়িত্ব সমূহ হ’লঃ

  • মীন পালকৰ মাজত সজাগতা সৃষ্টি কৰি তেওঁলোকক মীন উন্নয়নৰ বাবে অনুপ্ৰাণিত কৰা।
  • প্ৰকল্পটোৰ প্ৰয়োজন অনুসাৰে মীন পালকৰ সামাজিক দিশৰ গুণ বিচাৰ কৰা।
  • মীন পালনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনা-বেছা প্ৰক্ৰিয়া, হিচাপ-নিকাছ আৰু নথি-পত্ৰ সংৰক্ষণৰ বাবে মীন পালকসকলৰ প্ৰ্শিক্ষণৰ ব্যৱস্থা কৰা।
  • সমূহ মীন পালনৰ লগত জড়িত লোকক একগোট কৰা আৰু মীন পালনৰ বাবে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰা।
  • গোট সমূহৰ সমজুৱা কৰ্মশক্তি গঠন কৰা।
  • বিত্তীয় পৰ্য্যবেক্ষণত জিলা মীন উন্নয়ন বিষয়াক সহায় কৰা আৰু গোটসমূহৰ পৰা সময়মতে বিল/ভাউচাৰ আদি সংগ্ৰহ কৰাটো নিশ্চিত কৰা।

চি, আই, জি/চি টি, জি আৰু বি, ডি, চি বোৰৰ গাঁথনিঃ

চি, আই, জি, হ’ল ৮ৰ পৰা ২০ জন মীনপালকৰ এক গোট। আনহাতে চি, টি, জি হ’ল ১০-১৫ জনীয়া এটা এটা গোট ব সমষ্টি। ঠিক একেদৰে বি, ডি, চি হ’ল কোনো এখন বিলৰ ওচৰে-পাজৰে থকা গাঁৱত বাস কৰা ২০ৰ পৰা ৫০০ মানুহৰ এক সমষ্টি। বিলখনৰ সঠিক ব্যৱহাৰৰ বাবেই বি. ডি. চি. গঠন হয় আৰু বি. ডি. চি.ৰ সদস্য সংখ্যা বিলৰ আয়তন/বিস্তৃতি আৰু বিলৰ ওচৰে-পাজৰে থকা গাওঁ/গাওঁবাসীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। মীন পালনক মুখ্য কৰ্ম হিচাপে গ্ৰহণ কৰি জীৱনৰ মানদণ্ড উন্নত কৰাই হৈছে এই গোটসমূহৰ মূল লক্ষ্য।

চি, আই, জি/চি টি, জি আৰু বি, ডি, চি সমূহৰ পৰিচালনাঃ

  • চি. আই. জি আৰু চি. টি. জিৰ ক্ষেত্ৰত তিনিজন গোটৰ সদস্যক ক্ৰমান্নয়ে সভাপতি, সম্পাদক আৰু ধনভৰালীৰূপে লৈ এখন কাৰ্য্যবাহী সমিতি গঠন কৰা হয়। এই সমিতিখনে মীন পালনৰ সকলোবোৰ কাৰ্য্য সম্পাদন তথা পৰিচালনা কৰে।
  • বি. ডি. চি. ৰ ক্ষেত্ৰত গোটৰ পাঁচজন সদস্যক লৈ সকলোবোৰ কাৰ্য্য সম্পাদন তথা পৰিচালনা কৰাৰ বাবে এখন কাৰ্য্যবাহী সমিতি গঠন কৰা হয়। এই সমিতিখনৰ সদস্যসকল হ’ল ক্ৰমান্বয়ে সভাপতি, সম্পাদক, ধনভৰালী আৰু দুজন অতিৰিক্ত কাৰ্য্যবাহী সদস্য।
  • চি. আই. জি, চি. টি. জি আৰু বি. ডি. চি.ৰ কাৰ্য্যবাহী সমিতিত অনুমোদিত এন. জি. অ.’ৰ মীন ক্ষেত্ৰ সমন্বয়ৰক্ষী আৰু বিভাগৰ মীন সম্প্ৰসাৰণ বিষয়া ইত্যাদি আপোনা-আপুনি স্থায়ী সদস্য মনোনিত হয়।
  • গোটসমূহত কমেও এগৰাকী মহিলা প্ৰতিনিধি থাকিব লাগিব। অৱশ্যে গোটবোৰত ৩৩শতাংশ মহিলা সদস্য থকা উচিত।
  • কাৰ্য্যবাহী সমিতি ৰ সদস্যৰ নিৰ্বাচন গোটৰ সাধাৰণ সমিতিয়ে হাত দাঙি প্ৰদান কৰা ভোটৰ জৰিয়তে কৰিব পাৰিব। চি. আই. জি, চি. টি. জি আৰু বি. ডি. চি.ৰ কাৰ্য্যবাহী সমিতিখন এবছৰৰ বাবে নিৰ্বাচিত হ’ব।
  • কাৰ্য্যবাহী সমিতিৰ এবছৰীয়া কাৰ্য্যকাল আশানুৰূপভাৱে সম্পাদন হ’লেও সমিতিৰ সদস্যপদৰ বাবে গোটৰ আন সদস্যসকলকো পৰ্য্যায়ক্ৰমে নিৰ্বাচন কৰিব লাগে। ইয়াৰ বাবে প্ৰতি বছৰে সমিতিৰ অন্ততঃ দুই-তৃতীয়াংশ সদস্য সলনি কৰিব লাগে। যদিহে কাৰ্য্যবাহী সমিতিয়ে কোনোধৰণৰ কাৰ্য্য সম্পাদনাৰ খেলি-মেলি কৰে, তেনেহ’লে গোটৰ সাধাৰণ সমিতিয়ে কাৰ্য্যবাহী সমিতিৰ কাৰ্য্যকাল শেষ হোৱাৰ আগতেই এখন নতুন কাৰ্য্যবাহী সমিতি গঠন কৰিব। অৱশ্যে এই গোটেই প্ৰক্ৰিয়াটো চি. আই. জি, অথবা চি. টি. জি.ৰ মুখ্য ৰেজিষ্টাৰত বিস্তৃতভাৱে লিপিবদ্ধ কৰিব।
  • কাৰ্য্যবাহী সমিতিয়ে নিয়মীয়াকৈ মাহেকত দুবাৰকৈ অথবা নূন্যতম এবাৰকৈ বৈঠকত মিলিত হ’ব।
  • সমূহীয়া গোটৰ সৰ্বাঙ্গীন পৰিচালনাৰ বাবে প্ৰয়োজনীয় আৰু যথাযথ সিদ্ধান্ত লোৱাৰ অধিকাৰ এই কাৰ্য্যবাহী কমিটিৰ হাতত থাকিব। অৱশ্যে গোটৰ সাধাৰণ সমস্য, জিলা মীন উন্নয়ন বিষয়া অথবা অনুমোদিত বেচৰকাৰী সংগঠনে দাবী কৰিলে বিক্ষেষ ক্ষেত্ৰত কাৰ্য্যবাহী সমিতিয়ে সাধাৰণ সমিতিৰ বৈঠক আহ্বান কৰিব পাৰে। তেনেক্ষেত্ৰত এনে বৈঠকত সমূহীয়া গোটৰ সকলো সদস্য উপস্থিত থাকিব লাগিব লাগিব। জিলা/মহকুমা মীন বিষয়াক বিশেষ অতিথি/নিমন্ত্ৰিত অতিথি হিচাবে এই বৈঠকত আমন্ত্ৰণ কৰিব পাৰিব। অৱশ্যে, এই নিমন্ত্ৰণ পত্ৰত বৈঠকৰ স্থান, সময়, আলোচ্য বিষয়ৰ কথা উল্লেখ থকা দৰকাৰ।
  • নিম্নোক্ত কাৰণত কাৰ্য্যবাহী সমিতিয়ে গোটৰ সদস্যৰ সভাপদ বাতিল কৰিব পাৰিব।

যেনে-

(ক) মাহেকীয়া বৈঠকত প্ৰায়ে অনুপস্থিত থাকিলে

(খ) মাহেকীয়া বৰঙণি আদায় নিদিলে

(গ) মীন পালনত প্ৰতিকূল মৎস্যকৰ্ষণ প্ৰক্ৰিয়াৰ পৰিবেশ সৃষ্টি

(ঘ) মীন পালন আইন ভংগ কৰিলে

(ঙ) স্বইচ্ছাই সদস্যপদ খাৰিজ কৰিলে। সদস্যৰ সদস্যপদ খাৰিজ কৰিলে এনে কৰাৰ ৩ দিনৰ     ভিতৰত পৰিচালনা সমিতিয়ে জিলা মীন উন্নয়ন বিষয়াক বিষয়টো লিখিতৰুপে জনাব।

  • চি. আই. জি/চি. টি. জি/বি. ডি. চি.ৰ পৰিচালনাৰ বাবে গঠন কৰা কাৰ্য্যবাহী সমিতিয়ে সামাজিক সণ্ঢালনিকৰণৰো দায়িত্ব ল’ব লাগিব। ইয়াক তলত অনুচ্ছেদ ৬ত বিষদভাৱে উল্লেখ কৰা হৈছে।
  • গোটৰ সাধাৰণ সমিতিঃ-

গোটৰ কাৰ্যনিৰ্বাহকও সমূহ সদস্য সমন্বিতে লৈ সাধাৰণ সমিতি গঠন কৰা হয়। এই সমিতিখনৰ বৈঠক প্ৰতিমাহে নিয়মিত ভাবে অথবা সদস্যসকলে উমৈহতীয়াকৈ সিদ্ধান্ত লৈ অনুষ্ঠিত কৰিব লাগে। অৱশ্যে সাধাৰণ সমিতিয়ে বছৰত নূন্যতম দুখন বৈঠক অনুষ্ঠিত কৰা উচিত। সাধাৰণ সমিতিৰ বৈঠক আহ্বান কৰাৰ দায়িত্ব কাৰ্য্যবাহী সমিতিৰ। বৈঠকত সাধাৰণ সমিতিৰ ৮০ শতাংশ সদস্য উপস্থিত থাকিলে কোৰাম পূৰ্ণ হ’ব। সাধাৰণ তাৰিখ, সময়, স্থান আৰু বিষয়বস্তু সন্নিবিষ্ট কৰি পৰিচালনা সমিতিৰ সম্পাদক আৰু সভাপতিয়ে সদস্যসকললৈ আগতীয়াকৈ লিখিত সূচনাপত্ৰ প্ৰেৰণ কৰিব। বৈঠকত উপস্থিত থকাৰ অনুৰোধ কৰি এই পত্ৰৰ প্ৰতিলিপি জিলা মীন উন্নয়ন বিষয়া আৰু অনুমোদিত বেচৰকাৰী বিষয়াৰ বিষয়ে পৰিষ্কাৰকৈ উল্লেখ থাকিব লাগিব।

  • বৈঠকত আলোকিত বিষয়ৰ মূল কথা যেনেঃ- কামৰ আবণ্টন, কিনা-বেছি আৰু বৈঠকত লোৱা সিদ্ধান্ত আদি সঠিকভাৱে গোটৰ মুখ্য ৰেজিষ্টাৰত লিপিবদ্ধ কৰিব। বৈঠকত সদস্যৰ উপস্থিতিৰ প্ৰমাণ লিপিবদ্ধ কৰিব আৰু সদস্যসকলৰ উপস্থিতিৰ স্বাক্ষৰ ৰাখিব। মূলতঃ সকলো বৈঠকত সাৰাংশ কাৰ্য্যবাহী সমিতিয়ে নিয়মীয়াকৈ লিপিবদ্ধ কৰিব।

চি. আই. জি, চি. টি. জি আৰু বি. ডি. চি.ৰ পৰিচালনাৰ বাবে সমজুৱা সমিতি

  • প্ৰতিটো চি. আই. জি, চি. টি. জি আৰু বি. ডি. চি.ৰ এখন তিনিজনীয়া সমজুৱা নিৰীক্ষণ সমিতি থাকিব। এই সমিতিৰ সদস্য সাধাৰণ সমিতিয়ে হাত দাঙি প্ৰদান কৰা ভোটৰ জৰিয়তে নিৰ্বাচন কৰিব পাৰিব। এই নিৰ্বাচন প্ৰক্ৰিয়াটো অৱশ্যে গোটৰ মুখ্য ৰেজিষ্টাৰত লিপিবদ্ধ কৰিব লাগিব।
  • এচ. এ. চিত এগৰাকী মহিলা সদস্য থাকিব লাগিব। এচ. এ. চি য়ে গোটৰ সকলো ধৰণৰ কিনা-বেচা আৰু খৰচৰ নিৰীক্ষণ কৰিব। কোনো পৰিস্থিতিতে পৰিচালনা সমিতিৰ সদস্য/সদস্যসকল এই সমজুৱা নিৰীক্ষণ সমিতিৰ সদস্য হ’ব নোৱাৰিব।
  • এচ, এ, চি ৰ মূল কাম হ’ল কাৰ্য্যবাহী সমিতিৰ কাম-কাজ পৰ্য্যবেক্ষণ কৰা আৰু পুখুৰীৰ প্ৰয়োজনীয় অসামৰিক কামৰ তথা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ সময়ত মিতব্যয়ীতা, ফল প্ৰসূতা, সমান সুযোগ তথা স্বচ্ছতাৰ নীতি যথাযথভাৱে পালন কৰা হৈছেনে নিশ্চিত কৰা। এচ। এ। চিৰ গুৰুত্বপূৰ্ণ দায়িত্বসমূহৰ মাজত কাৰ্য্যবাহী সমিতিয়ে স্বচ্ছতা আৰু সামাজিক সণ্ঢালনিকৰণ মানি চলিছেনে নাই সেয়াও চালি জাৰি চাব পাৰি।

সমজুৱা গোট আৰু গোটৰ সদস্যসকলৰ কৰ্ত্তব্য আৰু দায়িত্বঃ

  • মীন বিভাগ আৰু এন. এন. জি অ’ই যুটীয়াভাৱে আয়োজন কৰা পি. আৰ. এ. সজাগতামূলক আৰু ফৰ্ম বিতৰণৰ কাৰ্যসূচীত ভাগ ল’ব লাগিব যাতে সম্ভাৱনাময় হিতাধিকাৰীক চিনাক্তকৰণ আৰু মনোনয়ন কৰিব পাৰি।
  • নিয়মানুসাৰে সমূহীয়া গোট গঠন প্ৰক্ৰিয়াত বিভাগক আৰু এন. জি. অ’ক সকলো ফালৰ পৰা সহায় সহযোগিতা কৰিব।
  • কাৰ্য্যবাহী সমিতিৰ সভাপতি আৰু সম্পাদকে যিকোনো এক ৰাষ্ট্ৰীয়কৃত অথবা সূচীত বেঙ্কত এটা যুটীয়া একাউণ্ট খুলিব।
  • এ. এ. চি. পি. আৰ্হি মতে প্ৰকল্পটোৰ সঠিক ৰূপায়নৰ বাবে জিলা মীন উন্নয়ন বিষয়াৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিব আৰু জিলা মীন উন্নয়ন বিষয়াক গোটৰ বেঙ্কৰ একাউণ্টৰ নম্বৰ জমা দিব।
  • প্ৰকল্পৰ প্ৰয়োজন অনুসৰি মীন পালকৰ খৰচৰ বিনিয়োগ ৰূপে শ্ৰম দান কৰিব অথবা সম অনুপাতে টকা জমা দিব। জমা হোৱা টকা গোটৰ বেঙ্ক একাউণ্টত জমা ৰাখিব।
  • মৎস্য সামগ্ৰী কিনা, কাম আৰু সেৱা ক্ৰয় ইত্যাদি যাতে মীন বিভাগে, এ.এ.চি.পি ৰ বাবে নিৰ্দ্ধাৰণ কৰি দিয়া নিয়মানুযায়ী/কাৰ্য্যপদ্ধতি অনুযায়ী হয়, সেয়া নিশ্চিত কৰিব।
  • সমূহীয়া গোটৰ সভাপতি আৰু সম্পাদকে নিয়মীয়াকৈ প্ৰকল্পৰ ৰুপায়ণৰ তদাৰক কৰিব। এই ক্ষেত্ৰত মৎস্য সামগ্ৰী কিনা প্ৰক্ৰিয়াত বিশেষ নজৰ দিব আৰু প্ৰকল্প ৰূপায়নৰ বিভিন্ন ক্ষেত্ৰত প্ৰমাণ স্বৰূপ ফটোগ্ৰাফ ৰাখিব।
  • ক্ষেত্ৰ নিৰীক্ষণৰ বাবে অহা তত্ত্বাৱধায়ক কাৰিকৰী উপদেশ/নিৰ্দেশ পালন কৰিব।
  • যিকোনো বিসংগতি বা অনিয়ম দেখিলে গোটৰ তত্ত্বাৱধায়ক বা অনুমোদিত বা অনুমোদিত এন. জি. অ’ৰ নজৰলৈ অনাৰ দয়িত্ব থাকিব।
  • প্ৰকল্পৰ কাম যাতে প্ৰকল্পৰ পূৰ্বনিৰ্দ্ধাৰিত বৈশিষ্ট অনুযায়ী তথা প্ৰকল্পৰ নিৰ্দেশনা অনুসৰি হয় সেয়া নিশ্চিতি কৰিব।
  • যিমান অনুদান প্ৰাপ্ত হয় সিমানখিনি ধনৰ বিস্তৃত ব্যৱহাৰ প্ৰমাণপত্ৰ জমা দিব। এই কাম এ. এ. চি. পি. ৰ নিয়ম অনুসাৰে আৰু অনুমোদিত এন. জি. অ’ তথা মীন বিভাগৰ উপদেশ মতে কৰিব।
  • বিনিয়োগৰ সামগ্ৰী ক্ৰয় কৰাৰ সময়ত অথবা অসামৰিক কামত যাতে ধনৰ অপব্যৱহাৰ নহয় সেয়া নিশ্চিত কৰিব।
  • বিনিয়োগৰ সামগ্ৰী ক্ৰয় কৰাৰ সময়ত এনে সামগ্ৰী ক্ৰয় কৰাৰ বাবদ প্ৰয়োজনীয় কৰ আদায় দিব।

সামাজিক সণ্ঢালনিকৰণ

জাননী ফলক সণ্ঢালনিকৰণঃ

  • পৰিকল্পনা/আঁচনি অনুমোদনঃ অনুমোদিত পৰিকল্পনা বা আঁচনিখন গাওঁ সমূহীয়া গোটৰ কাৰ্য্যালয়ত সকলো সময়তে চকুত পৰাকৈ আঁৰি থ’ব লাগে। আঁচনিখনৰ প্ৰতিটো উপাংশৰ আনুমানিক খৰচ উল্লেখ কৰিব লাগে।
  • সামগ্ৰী কিনা-বেছাৰ সণ্ঢালনিকৰণঃ

পুখুৰীত মাছ উৎপাদনৰ বাবে ব্যৱহৃত সামগ্ৰী যেনে- চূণ, ইউৰিয়া, চিংগুল চুপাৰ ফছফেট, মাছৰ পোৱালী অথবা মাছৰ খাদ্য ইত্যাদিৰ কিনা দৰ, শ্ৰমিকৰ মজুৰি, চিমেন্টৰ মোনাৰ দাম আৰু এইবোৰ ক’ৰ পৰা কিনা হৈছে ইত্যাদি কথাবোৰ সকলোৱে জানিব পৰাকৈ জাননী ফলকত আঁৰি থ’ব লাগে।

  • বিত্তীয় সণ্ঢালনিকৰণঃ

প্ৰতিমাহত হোৱা খৰছ আৰু প্ৰকল্পৰ বাস্তৱিক অগ্ৰগতি, হাতত পৰা পইচাৰ হিচাপ আৰু আদায় দিয়া পইচাৰ হিচাপ সকলো সময়তে চকুত পৰাকৈ গাওঁ বা গোটৰ কাৰ্যালয়ত আঁৰি থ’ব লাগে। এই তথ্যসমূহ নিয়মীয়াকৈ প্ৰতি মাহে সম্পূৰ্ণভাৱে সজাই ৰখা উচিত।

  • উৎপাদনৰ সণ্ঢালনিকৰণঃ

মৎস্যকৰ্ষণৰ বাবে জীয়াব দিয়া মাছৰ বাঢ়ন বা কিবা হৈছে নেকি জানিবৰ বাবে এমাহৰ অন্তৰে অন্তৰে জাল মাৰি মাছ তুলি চাব লাগে। এই কাম এন, জি অ’ৰ সমন্বয়ৰক্ষী আৰু বিলৰ গোটৰ তত্ত্বাৱধায়কৰ উপস্থিতিত কৰিব।

কৰ্মশক্তি গঢ়াৰ বাবে প্ৰশিক্ষণ

সমজুৱা গোটসমূহৰ কৰ্মশক্তি গঢ়াৰ বাবে নিন্মোক্ত প্ৰশিক্ষণ কাৰ্যসূচীসমূহ তৈয়াৰ কৰা হৈছে-

  • চি, আই, জি/ চি, টি, জিৰ প্ৰশিক্ষণঃ

মীন সম্প্ৰসাৰণ বিষয়া, এন, জি, অ’ আৰু প্ৰ্গতিশীল মৎস্য পালক/মৎসমিত্ৰৰ দ্বাৰা ৪ দিনৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণ প্ৰকল্পক্ষেত্ৰত পৰ্য্যায়ক্ৰমে দিয়া হ’ব। প্ৰশিক্ষণৰ পৰ্য্যায়সমূহ হ’ল-

প্ৰথম পৰ্য্যায়ৰ প্ৰ্শিক্ষণঃ

এদিনৰ ক্ষেত্ৰ-ভিত্তিক কাৰিকৰী প্ৰশিক্ষণ। এই প্ৰ্শিক্ষণত চি, আই, জি/চি, টি, জি সমূহক নিয়োজনপূৰ্বক পৰিচালনা, হিচাপ-নিকাছ আৰু নথি-পত্ৰ সংৰক্ষণ তথা সামগ্ৰীৰ কাৰ্য্যপ্ৰণালী সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ’ব।

দ্বিতীয় পৰ্য্যায়ৰ প্ৰ্শিক্ষণঃ

এদিনৰ ক্ষেত্ৰ-ভিত্তিক কাৰিকৰী প্ৰশিক্ষণ। এই প্ৰশিক্ষণৰ নিয়োজনৰ পাছত পৰিচালনা(বিনিয়োগৰ বিস্তৃত বিৱৰণসহ), পৰ্যহ্বৃত্ত নিৰীক্ষণ আৰু পানীৰ গুণাৱলী নিয়ন্ত্ৰণৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ’ব।

তৃতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণঃ

মাছৰ অসুখ নিয়ন্ত্ৰণ আৰু নিবাৰণ, মৎস্যকৰ্ষণ আৰু বিক্ৰী সন্দৰ্ভত এদিনীয়া ক্ষেত্ৰ-ভিত্তিক প্ৰশিক্ষণ।

চতুৰ্থ পৰ্য্যায়ৰ প্ৰশিক্ষণঃ

মতামত আৰু মূল্যাঙ্কন তথা পুখুৰী পৰিচালনাৰ পুনৰুদ্বীপক প্ৰশিক্ষণৰ ববে এদিনীয়া ক্ষেত্ৰভিত্তিক প্ৰ্শিক্ষণ।

আবাসিক প্ৰশিক্ষণঃ

বিভাগীয়/চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰত দুদিনৰ আবাসিক প্ৰশিক্ষণ দিয়া হ’ব। এই প্ৰশিক্ষণৰ অন্তৰ্গত –

(ক) সন্মিলিত মৎস্যকৰ্ষণৰ হিতাধিকাৰীসকলক সমন্বিত মাছ আৰু গাহৰি পালনৰ আৰু

(খ) সমজুৱা পুখুৰী গোটৰ সদস্যক সম্পদৰ সংৰক্ষণ, সম্পদৰ ব্যৱহাৰ ও পৰিচালন আৰু সামাজিক খতিয়ান তথা বিক্ৰম সন্দৰ্ভত প্ৰ্শিক্ষণ দিয়া হ’ব।

  • বি, ডি, চি, ৰ প্ৰ্শিক্ষণঃ

(ক) ১০ জন বি,ডি,চি, সদস্যৰ বাবে এদিনীয়া ক্ষেত্ৰ্ভিত্তিক(বিলৰ কাষত) প্ৰশিক্ষণ।

(খ) বিল সম্প্ৰদায়ৰ নিৰ্বাচিত সদস্যৰ বাবে বি, ডি, চি, ৰ পৰিচালনা আৰু কৰ্মপদ্ধতি তথা দায়িত্বশীল বিল মৎস্যকৰ্ষণ পৰিচালনা সন্দৰ্ভত দুদিনীয়া আবাসিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

(গ) বিল ব্যৱহাৰ কৰা সম্প্ৰদায়ৰ নিৰ্বাচিত সদস্যৰ বাবে সমজুৱা হিচাপ ৰখা তথা প্ৰকল্প বৰ্ত্তাই ৰখাৰ বাবে পৰিচালনা আৰু লাভাংশ ভগাই লোৱাৰ পৰিকল্পনাৰ সন্দৰ্ভত দুদিনীয়া আবাসিক প্ৰশিক্ষণ দিয়া হ’ব।

সমজুৱা হিচাপ-নিকাছ আৰু নথিপত্ৰ সংৰক্ষণঃ

(ক) হিচাপ-নিকাছ ৰখাৰ বাবে চি, আই, জি/ চি, টি, জি/বি, ডি, চিয়ে সংশ্লিষ্ট সমজুৱা গোটৰ পৰা এগৰাকী অৰ্হতাসম্পন্ন হিচাপৰক্ষক নিযুক্ত কৰিব পাৰে। অৱশ্যে, গোটৰ সকলো সদস্য যদি হিচাপ ৰখাৰ ক্ষেত্ৰত নিৰক্ষৰ হয়, তেনেহ’লে হিচাপৰক্ষকজন গোটৰ বাহিৰৰ পৰাও নিযুক্ত কৰিব পাৰে আৰু তেখেতৰ খৰচ গোটৰ নিজা পুঁজিৰে যোগান ধৰিব।

(খ) সাধাৰণ সমিতিৰ প্ৰথম বৈঠকত চি, আই, জি/চি, টি, জি,/বি, ডি, চিৰ ৰাখিবলগীয়া নথিপত্ৰ আৰু ৰেজিষ্টাৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব।

(গ) চি, আই, জি/চি, টি, জি/বি, ডি, চি ৰ সম্পাদকজনে এই পুথিৰ সংলগ্ন পৰিশিষ্ট অনুযায়ী আৰু মীন বিভাগ তথা এন, জি, অৰ উপদেশ মতে হিচাপ-নিকাছ আৰু নথি-পত্ৰ সংৰক্ষণ কৰিব।

(ঘ) চি, আই, জি/চি, টি, জি,/বি, ডি, চি য়ে জিল উন্নয়ন বিষয়াই যোগন ধৰা পৰিশিষ্ট বোৰৰ হিচাপ-নিকাছ্বোৰ ৰাখিব আৰু নথিপত্ৰ সংৰক্ষণ কৰি ৰাখিব।

১. চি, আই, জি/ চি, টি, জি,/বি, ডি, চি ৰ মুখ্য ৰেজিষ্টাৰ বহীঃ

এই বহীখন বেলেগ বেলেগ অনুচ্ছেদত ভাগ কৰা হৈছে। এই বহীখনত চি, আই, জি/ চি, টি, জি,/বি, ডি, চি ৰ প্ৰয়োজনীয় হিচাপ আৰু নথিপত্ৰ লিপিবদ্ধ কৰা হয়। এই বহীখন চি, আই, জি/ চি, টি, জি,/বি, ডি, চি ৰ কাৰ্যালয়ত ৰখা হয় আৰু ইয়াত নিম্নোক্ত অনুচ্ছেদসমূহ থাকিব। এই ক্ষেত্ৰত ব্যৱহাৰ কৰিবলগীয়া পৰিশিষ্ট সমূহ সিপিঠিত দিয়া আছে।

  • স্তম্ভাকাৰ কেচ্‌/ বেঙ্কবহীঃ

এই অনুচ্ছেদত সকলো টকা-পইচা আৰু বেঙ্কৰ লেনদেন লিপিবদ্ধ হ’ব।(এনেক্সাৰ-১)

  • সদস্যৰ মাহেকীয়া বৰঙণিঃ

এই অনুচ্ছেদত প্ৰতিজন সদস্যই জমা কৰা মাহেকীয়া বৰঙণিৰ লেখ থাকিব। (এনেক্সাৰ-২)

  • বিৱৰণ বহীঃ

কাৰ্য্যবাহী সমিতিৰ বৈঠক আৰু আন সকলো বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ লেখ এই অনুচ্ছেদত থাকিব। উল্লেখ কৰা ভাল হ’ব যে কাৰ্য্যবাহী সমিতি অৰু সমজুৱা নিৰীক্ষণ সমিতিৰ সকলোবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত পৰিষ্কাৰ কৰি লিপিবদ্ধ কৰাটো নিতান্তই প্ৰয়োজন।

  • সামগ্ৰী সংগ্ৰহৰ ৰচিদৰ লেখঃ

এই অনুচ্ছেদত সকলো ধৰণৰ সামগ্ৰী কিনাৰ তথা আন ৰচিদসমূহ আঠা লগাই থ’ব। এই ৰচিদসমূহ সমূহীয়া গোটৰ সম্পাদক আৰু আৰু সভাপতিয়ে প্ৰত্যায়িত কৰিব। কোনো সামগ্ৰী কিনাৰ ৰচিদৰ কাষতে এই সমগ্ৰী কিমান নম্বৰ পৃষ্ঠাত কিমান নম্বৰ ক্ৰমত লিপিবদ্ধ কৰা হৈছে সেই কথা উল্লেখ কৰিব।

  • স্তক ৰেজিষ্টাৰ অনুচ্ছেদঃ

এই অনুচ্ছেদত সকলোধৰণৰ ক্ৰয় কৰা সামগ্ৰী লিপিবদ্ধ কৰিব। (এনেক্সাৰ-৩)

 

২. আঁচনি অনুসৰি পৰিদৰ্শন বহীঃ

এই বহীখনত পৰিদৰ্শনকাৰী বিষয়াৰ ক্ষেত্ৰ পৰিদৰ্শনৰ প্ৰতিবেদনৰ সাৰাংশ লিপিবদ্ধ থাকিব। চি, টি, জি আৰু চি, আই, জিৰ ক্ষেত্ৰত প্ৰতিখন আঁচনিৰ বাবে একোখন এনে বহী থাকিব আৰু বি, ডি, চিৰ বাবে কেৱল মাত্ৰ এখনেই এনে বহী থাকিব। (এনেক্সাৰ-৪)

৩. ব্যয়ৰ বৰ্ণনা/ ব্যৱহাৰিক প্ৰমাণ-প্ৰত্ৰঃ

চি, আই, জি/ চি, টি, জি আৰু বি, ডি, চিয়ে সমষ্ট ব্যয় আৰু গোটৰ টকা পইচাৰ সঠিক ব্যৱহাৰৰ হিচাপ লিপিবদ্ধ কৰিব। (এনেক্সাৰ-৫)

৯. বেঙ্ক একাউণ্ট খোলা আৰু ইয়াৰ ব্যৱহাৰ ইত্যাদিঃ

  • ওচৰে-পাঁজৰে থকা যিকোনো ৰাষ্ট্ৰীয়কৃত অথবা সূচীৰ অন্তৰ্ভূক্ত বেঙ্কত এটা একাউণ্ট খুলিব।
  • ইয়াৰ বাবে সাধাৰণ সমিতিৰ অনুমোদন ল’ব।
  • সাধাৰণ সমিতিৰ সন্মতিক্ৰমে আৰু সমজুৱা নিৰীক্ষণ সমিতিৰ অনুমোদন সাপেক্ষে চি আই জি/ চি টি জি/ বি ডি চিৰ সম্পাদক আৰু সভাপতিয়ে যুটীয়াভাৱে এই একাউণ্ট চলাব।
  • কেৱল মাত্ৰ “ক্ৰচ্‌ একাউণ্ট পেয়ী চেক্‌ৰ” জৰিয়তেহে সকলো ধৰণৰ ধন পৰিশোধ কৰিব। শ্ৰমিকৰ প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত ক্ৰচ্‌ নকৰা চেকৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰিব কিন্তু তেনে লেনদেনৰ কাৰ্য্যবাহী সমিতিৰ বৈঠকত অনুমোদন ল’ব লাগিব। ইয়াৰ বাহিৰেও যদি “চেক”ৰ জৰিয়তে কোনো ধন পৰিশোধ কৰা অসম্ভৱ হয়, তেনেহলে এই লেনদেনৰ সমূহ ঘটনা, সিদ্ধান্ত কাৰ্য্যিবাহী সমিতিৰ বৈঠকত অনুমোদন লৈ বিৱৰণ বহীত লিপিবদ্ধ কৰিব। ইয়াত প্ৰয়োজনমতে এই পুঠিৰ এই পুথিৰ সংলগ্ন “পৰিশিষ্ট-৩” ব্যৱহাৰ কৰিব।
  • কোনো পৰিস্থিতিতে নিজৰ নামত লিখা চেক্‌ৰ জৰিয়তে ধন উলিয়াব নোৱাৰিব।
  • চেক্‌ বা ড্ৰফ্‌টৰত প্ৰাপকৰ নাম, ধনৰ পৰিমাণ, ইচ্ছু কৰা তাৰিখ, ৰচিদৰ নম্বৰ আৰু চেক্‌ চহী কৰাজনৰ চহী থাকিব লাগিব।
  • চেক্‌ বহীখন সকলো সময়তে ধনভৰালীৰ জিম্মাত তলামাৰি ৰাখিব।
  • কিবা কাৰণত বাতিল কৰা চেক্‌, চেক্‌ বহীৰ লগতে ৰাখিব। এনে বাতিল কৰা চেক্‌ৰ এটা কোন চিঙি পেলাব যাতে ভৱিষ্যতে কোনেও ইয়াৰ অপব্যৱহাৰ কৰিব নোৱাৰে। বাতিল কৰা চেক্‌ৰ ওপৰত Void শব্দটো লিখি থ’ব।
  • ধন সংগ্ৰহৰ দুদিনৰ ভিতৰত বেঙ্কত জমা থ’ব।

সামগ্ৰী সংগ্ৰহৰ পদ্ধতিঃ

জিলাস্তৰত নিন্মোক্ত পদ্ধতি পালন কৰি সামগ্ৰী কিনা-বেছা কৰিবঃ

  • জ্ঞাপিত মূল্য সংগ্ৰহ কৰা প্ৰক্ৰিয়াটো বিলোপ কৰাৰ উদ্দেশ্যে মীন বিভাগৰ সঞ্চালকে সমগ্ৰ ৰাজ্যখনৰ ববে মীন পালনত প্ৰয়োজন হোৱা সামগ্ৰীৰ দৰৰ এক তলিকা বৰ্ত্ত্মানৰ বজাৰ দামৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিব।
  • উক্ত দৰৰ তালিকাৰ পৰা প্ৰতিখন জিলাই এখন সমিতি/ ডি এ চি চি/জিলা উপয়ুক্তৰ দ্বাৰা নিজৰ জিলাখনৰ বাবে কিনিবলগীয়া সামগ্ৰীৰ দৰ চূড়ান্ত কৰিব।
  • জিলা মীন উন্নয়াই ওপৰোক্ত পদ্ধতিৰ দ্বাৰা সামগ্ৰী কিনা-মেলাৰ বাবে চূড়ান্ত্ভাৱে অনুমোদিত দৰ চি আই জি/ চি টি জি/ বি ডি চিক অৱগত কৰিব।
  • এইদৰে নিৰ্দ্ধাৰিত কৰা দৰৰ ভিত্তিত জিলা মীন উন্নয়ন বিষয়াই মৎস্য উৎপাদন সামগ্ৰী আদিৰ এক বিস্তৃত প্ৰাক্‌কলন তৈয়াৰ কৰিব। এই প্ৰাক্‌কলন প্ৰতিটো আঁচনিৰ বিপৰীতে পৰিষ্কাৰকৈ মীন পালকসকলৰ ফালৰপৰা বহন কৰিবলগীয়া খৰচ আৰু প্ৰকল্পৰ তৰফৰ পৰা বহন কৰিবলগীয়া খৰচৰ কথা উল্লেখ থাকিব।
  • চি আই জি/ চি টি জি/ বি ডি চি তত্ত্বাৱধানত আৰু অনুমোদিত বেচৰকাৰী সংগঠনৰ সমন্বয়ক গোটৰ মুৰব্বীৰ পোনপটীয় তদাৰকীত হ’ব।
  • সংগ্ৰহ কৰা সামগ্ৰীৰ বিপৰীতে বিল বা ৰচিদ (কেচা বা পকা) সংগ্ৰহ কৰিব লাগিব। গোটৰ মুৰব্বী আৰু অনুমোদিত বেচৰকাৰী সংগঠনৰ সমন্বয়কৰ জৰিয়তে এই সামগ্ৰীবিলাক চি আই জি/ চি টি জি/ বি ডি চিৰ সদস্যসকলৰ মাজত বিতৰণ নিশ্চিত কৰিব। এই প্ৰক্ৰিয়াটো স্তক বহীত লিপিবদ্ধ কৰি তেওঁলোকে দুয়োজনে তথা গোটৰ সম্পাদক আৰু সভাপতিয়ে চহী কৰিব। সমগ্ৰ প্ৰক্ৰিয়াটো জিলা মীন উন্নয়ন বিষয়াই তদাৰক কৰিব।

প্ৰতিবেদন দাখিল কৰাঃ

চি আই জি/ চি টি জি/ বি ডি চিৰ সম্পাদক আৰু সভাপতিয়ে এক পূৰ্ব-নিৰ্দ্ধাৰিত ৰুপত খৰচৰ হিচাপ জিলা মীন উন্নয়ন বিষয়াক জমা দিব। এই হিচাপৰ লগত যিবোৰ বিলৰ ধন আদায় দিয়া হৈছে, সেইবোৰৰ প্ৰতিলিপি গাঁঠি দিব। এনে হিচাপ জমা কৰাৰ পিছতহে পৰৱৰ্তী কিস্তিৰ ধন মোকলাই দিয়া হ’ব। অন্তিম কিস্তিৰ ধন পোৱাৰ ৪৫ দিনৰ ভিতৰত সেই ধনৰ খৰচৰ হিচাপ উপৰোক্ত ধৰণে জমা কৰিব লাগিব। ৰচিদ/ বিলৰ প্ৰতিলিপি মুখ্য ৰেজিষ্টাৰত আঠা লগাই থ’ব। খৰচৰ প্ৰমাণপত্ৰ জিলা মীন উন্নয়ন বিষয়াক জমা দিয়া নিশ্চিত কৰাৰ দায়িত্ব গোটৰ মুৰব্বী আৰু অনুমোদিত বেচৰকাৰী সংগঠন মীন সমন্বয়ৰক্ষীৰ হ’ব।

চি আই জি/ চি টি জি/ বি ডি চিৰ বাবে পুঁজিৰ প্ৰবাহঃ

জিলা মীন উন্নয়ন বিষয়াই কামৰ অগ্ৰগতিৰ ভিত্তিত তিনিটা কিস্তিত চি আই জি/ চি টি জিৰ পুঁজিৰ আবণ্টন কৰিব। বিস্তৃত বিৱৰণ তলৰ পৰিশিষ্ট ১ত দিয়া হ’ল। বি ডি চিৰ ক্ষেত্ৰত দুটা কিস্তিত পুঁজি মোকলাই দিয়া হ’ব। ইয়াৰ বিস্তৃত বিৱৰণ তলৰ পৰিশিষ্ট ২ত হিয়া হৈছে।

পৰিশিষ্ট-১ঃ পুঁজি আবণ্টন নমুনা – জিলা মীন উন্নয়ন বিষয়াই চি অই জি/ চি টি জি লৈ পুখুৰী প্ৰস্তুতি আৰু সামগ্ৰীসমূহৰ বাবে আবণ্টন- দিয়া ধন।

মোকোলাই দিবলগীয়া ধন

মোকোলাই দিয়া চৰ্ত

(ক) মীনপালকৰ পুখুৰী, সমন্বিত মীন পালনৰ আৰু সমজুৱা পুখুৰী ক্ষেত্ৰত অসম কৃষি সামৰ্থ্যবৰ্দ্ধন প্ৰকল্পৰ তৰফৰ পৰা পুখুৰী প্ৰস্তুতকৰণ আৰু প্ৰথম ৪ মাহৰ সামগ্ৰীসমূহৰ বাবদ এশ শতাংশ আগধন।

-   চি আই জি আৰু চি টি জিয়ে পুখুৰী প্ৰস্তুতকৰণৰ পঞ্চাশ শতাংশ সম্পূৰ্ণকৰণ।

-   ইয়াৰ নিমিত্তে পৰিশিষ্ট ৫ত বা এনেক্সাৰ ৫ অন্তৰ্ভূক্ত তালিকা অনুযায়ী ব্যয়ৰ প্ৰমাণপ্ৰত্ৰ দাখিলকৰণ।

(খ) পিছৰ চাৰিমাহৰ বাবে সমগ্ৰী ক্ৰয়ৰ বাবদ আগধন।

-   চি, আই, জি আৰু চি টি জিয়ে পৰিশিষ্ট ৫ত বা এনেক্সাৰ -৫ অন্তৰ্ভূক্ত তালিকা অনুযায়ী ব্যৱহাৰৰ প্ৰমাণপত্ৰ দাখিলকৰণ, প্ৰধানতঃ

-   এশ শতাংশ হিতাধিকাৰীৰ বৰঙণিৰ ব্যয়ৰ (পুখুৰী প্ৰস্তুতকৰণৰ খৰচ)ৰ ক্ষতিয়ান।

-   প্ৰথম চাৰিমাহৰ বাবে এশ শতাংশৰ এ, এ, চি, পিৰ প্ৰথম কিস্তিৰ ধনৰ খৰচৰ ক্ষতিয়ান।

(গ) শেষ দুটা মাহৰ বাবে সামগ্ৰী ক্ৰয়ৰ বাবদ আগধন।

-   হিতাধিকাৰীয়ে পৰিশিষ্ট ৫ৰ বা এনেক্সাৰ-৫ তালিকা অনুযায়ী ব্যয়ৰ প্ৰমাণপত্ৰ দাখিলকৰণ।

-   ওপৰত উল্লেখ কৰা পুখুৰী প্ৰস্তুতকৰণৰ বাবে ১০০ শতাংশ হিতাধিকাৰীৰ বৰঙণিৰ ব্যয়ৰ প্ৰমানপত্ৰ দাখিলকৰণ।

-   এ এ চি পিৰ প্ৰথম কিস্তিৰ ধন এশ শতাংশ খৰচৰ ক্ষতিয়ান।

-   এ এ চি পিৰ দ্বিতীয় কিস্তিৰ ধন এশ শতাংশ খৰচৰ ক্ষতিয়ান।

-   চি আই জি/ চি টি জিৰ প্ৰথম চাৰিমাহৰ এশ শতাংশ সামগ্ৰীৰ খৰচ ক্ষতিয়ান।

 

পৰিশিষ্ট ২ঃ পুঁজি আবণ্টন নমুনাঃ জিলা মীন বিষয়াৰ পৰা বি ডি চি লৈ বিল প্ৰস্তুতকৰণ ও সামগ্ৰীৰ বাবদ মোকলাই দিয়া ধন

মোকলাই দিবলগীয়া ধন

মোকলাই দিয়া চৰ্ত্ত

(ক) প্ৰথম কিস্তিৰ ধন হিচাপে এ এ চি পিৰ পঞ্চাশ শতাংশ(৫০%)

(খ) প্ৰস্তুতকৰণৰ বাকী এ এ চি পিৰ পঞ্চাশ শতাংশ (৫০%) আৰু সামগ্ৰীৰ বাবদ এশ শতাংশ দ্বিতীয় কিস্তিৰ ধন।

-   পৰিশিষ্ট ৫ বা এনেক্সাৰ-৫ অনুযায়ী বি ডি চিয়ে দহ শতাংশ (১০%) প্ৰস্তুতকৰণ কাম কৰিব আৰু খৰচৰ ক্ষতিয়ান দাখিল কৰিব।

-   প্ৰথম কিস্তিৰ পঞ্চাশ শতাংশ (৫০%) খৰচৰ ক্ষতিয়ান দাখিল কৰিব, লগতে বি ডি চিৰ তৰফৰ পৰা বিল প্ৰস্তুতকৰণত ত্ৰিশ শতাংশ (৩০%) আৰু সমগ্ৰী শিতানৰ দহ শতাংশ (১০%) ব্যৱহাৰকৰণৰ ক্ষতিয়ান দাখিল কৰিব লাগিব।

 

উৎসঃ সামাজিক ব্যৱস্থাপনা কোষ, এ.এ.চি.পি

শেহতীয়া উন্নীতকৰণ: : 4/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate