অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ’ল মাছ পালন আৰু ইয়াৰ সংৰক্ষণ:

শ’ল মাছ পালন আৰু ইয়াৰ সংৰক্ষণ:

 

আজিৰপৰা ৩০-৪০ বছৰ আগত আমাৰ ঘৰৰ পাছফালে থকা পুখুৰীত মাটিৰ তলত থকা গাঁতত প্ৰায়ে দেখা পোৱা সকলোৰে পৰিচিত মাছবিধ হ’ল শ’ল বা শাল। পাৰ্চী ফৰ্মিচ(Perciformes) বৰ্গৰ অন্তৰ্গত চানিডে(Channidae) পৰিয়ালৰ মাছবিধ হ’ল চান্না(Channa) প্ৰজাতিৰ। ইয়াৰ বিভিন্ন প্ৰজাতি আছে যদিও অসমত শ’ল বা শাল মাছ আগেয়ে ধাননি পথাৰ, পিটনি, পুখুৰী আদিত উভৈনদী আছিল। শ’ল মাছৰ বৈজ্ঞানিক নাম হ’ল চান্না ষ্ট্ৰিয়েটাছ(Channa Striatus) আৰু শাল মাছৰ বৈজ্ঞানিক নাম হ’ল চান্না মাৰুলিয়াছ(Channa marulius)।

এই মাছবিধ পুখুৰী, নলা, হ্ৰদ, বিল, পিটনি আদিত থাকেত। ইয়াৰ দেহত থকা অতিৰিক্ত শ্বসনাংগৰ বাবে ই অতি কম অক্সিজেনযুক্ত পানী আৰু লেতেৰা পানীতো জীয়াই থাকিব পাৰে। যিবিলাক পৰিত্যক্ত জলাশয় অপতৃণেৰে ভৰি থাকে, গভীৰতা কম আৰু তলিত অত্যাধিক পৰিমাণে ঘেল(পঁচা জৈৱিক পদাৰ্থ) থাকে, পানীত হাইড্ৰ’জেন ছালফাইড, মিথেন, কাৰ্বল মন’ অক্সাইড, মুক্ত এম’নিয়া আদি যথেষ্ট পৰিমাণে থাকে, তেনে জলাশয়ত এই মাছসমূহে জীয়াই থাকিব পাৰে। ইহঁতে পোক-পতংগ, ইহঁতৰ কণী, পলু, সৰু মাছ, ভেকুলী পোৱালি আদি খাদ্য হিচাপে গ্ৰহণ কৰে। এই মাছসমূহ মাংসাহাৰী হয়। শ’ল বা শাল মাছসমূহৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হয়, ইহঁতে নিজে থাকিবৰ বাবে পুখুৰীতে ঘৰ সাজি লয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই মাছসমূহে নিজৰ পোৱালিৰ যতন সুন্দৰভাৱে লয়।

মাছৰ প্ৰজনন:

 

এই জাতৰ মাছে পুখুৰীত কণী পাৰে। কণী ফুটি পোৱালি হোৱাৰ পিছত সিহঁতে পোৱালিৰ যত্ন নিজেই লয়। পোৱালিসমূহৰ স’তে সিহঁতে জাক পাতি থাকে। ইয়াৰ পোৱালি কৃত্ৰিমভাৱেও উৎপাদন কৰিব পৰা যায় যদিও নৈ, বিল আদিৰপৰা প্ৰাকৃতিকভাৱে উৎপন্ন পোনাও সংগ্ৰহ কৰিব পাৰি। মাইকী মাছসমূহে দ্বিতীয় বছৰত গাভিনী হয়। ইয়াৰ কণীসমূহ ভাহি থাকে।

পালন:

 

এই মাছবিধ পালনৰ বাবে কম গভীৰতাৰ সৰু পুখুৰী হ’লেই যথেষ্ট হয়। ইহঁতক একক পদ্ধতি বা সংমিশ্ৰিত পদ্ধতিত পালন কৰিব পাৰি। সংমিশ্ৰিত পদ্ধতিত এটা অসুবিধা হ’ল ইহঁত মাংসাহাৰী হোৱা বাবে সৰু সৰু পোৱালি মাছসমূহ খাই পেলায়। কিন্তু একক পদ্ধতিৰে ইয়াক পালন কৰিলে এই অসুবিধা নাথাকে। এই মাছসমূহে খাদ্য হিচাপে সৰু সৰু মাছৰ পোৱালি, শুকান মাছৰ গুড়ি, পোক-পতংগ, কেঁচু, শামুক, নাড়ী-ভূঁৰু আদি খায়। পৰিপূৰক খাদ্য হিচাপে মাছৰ মুঠ ওজনৰ ৫ শতাংশ হাৰত চাউলৰ মল, খলিহৈ, মাছৰ গুড়ি আদি ব্যৱহাৰ কৰি সুফল পোৱা যায়। সংমিশ্ৰিত পদ্ধতিত পুখুৰী প্ৰস্তুতিৰ নিয়মানুসৰি এই মাছ পালনৰ বাবেও পুখুৰী প্ৰস্তুত কৰা হয়।

পানীৰ গুণাগুণ:

 

এই মাছ পালনৰ বাবে পানীৰ উষ্ণতা ২৫°-৩০.৫° ছেন্টিগ্ৰেড হ’লে ভাল। দ্ৰৱীভূত অম্লজানৰ হাৰ ২.০-৭.০ মিলিগ্ৰাম প্ৰতি লিটাৰ, পানীৰ পি এইচ ৪.৫-৭.০ হ’লে ভাল।

ষ্টকিং ডেনচিটী:

 

এই মাছসমূহৰ দেহত অতিৰিক্ত শ্বসনাংগ থাকে বাবে পুখুৰীত মেলাৰ নিৰিখ বেছি হ’লেও সমস্যা নহয়। কিন্তু উপযুক্ত বৃদ্ধিৰ বাবে জোখমতে মাছ পোৱালি মেলিব পাৰিলে ভাল। প্ৰতি হেক্টৰত এই মাছৰ পোনা ২৫,০০০টা মেলিলে আমি বৃদ্ধিৰ হাৰ ভাল পাব পাৰোঁ।

বৃদ্ধি:

 

এই মাছৰ বৃদ্ধি এবছৰত ৮৫০ গ্ৰাম পৰ্যন্ত হয়। ই ৯০ ছেন্টিমিটাৰ পৰ্যন্ত দীঘল হয়। গড় ওজন ৬০০-৭০০ গ্ৰাম হয়।

বিস্তৃতি:

 

এই মাছবিধ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত পোৱা যায়। অসম, পশ্চিমবংগ, বিহাৰ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰ, পঞ্জাব আদি ৰাজ্যত ইয়াক বিভিন্ন নামেৰে জনা হয়। ভাৰতবৰ্ষৰ উপৰি বাংলাদেশ, পাকিস্তান, নেপাল, ম্যানমাৰ আদি দেশতো ইয়াক পোৱা যায়।

বেমাৰ:

 

এই মাছবিধক সহজতে বেক্টেৰিয়া, ফাংগাচ আদিয়ে আক্ৰমণ কৰিব পাৰে। কিয়নো ইয়াৰ দেহটোত বহু মাংস থাকে। ভাৰতবৰ্ষত মাছৰ ঘাঁ মহামাৰী হোৱাৰ সময়ত এই মাছবিধক আক্ৰমণ কৰাৰ বাবে ইয়াৰ সংখ্যা যথেষ্ট কমি গৈছিল। অসমৰ ক্ষেত্ৰতো এই মহামাৰীয়ে জটিল ৰূপ ধৰাত গৰৈ, শ’ল, শাল আদি মাছসমূহ নষ্ট হৈছিল।

মাছৰ সংখ্যা:

 

অসমৰ ক্ষেত্ৰত এই মাছসমূহ কমি যোৱাৰ বিভিন্ন কাৰণৰ ভিতৰত মাছসমূহৰ বাসস্থান ধ্বংস কৰা, ব্ৰিডিং গ্ৰাউণ্ডসমূহ নষ্ট কৰা আদিয়েই প্ৰধান। গতিকে আমি এই মাছসমূহৰ প্ৰজাতিসমূহ সংগ্ৰহ কৰিবৰ বাবে চেষ্টা কৰিবৰ সময় হ’ল।

শ’ল, শাল আদি মাছসমূহ আমাৰ প্ৰিয়। কাৰণ, এই মাছসমূহত কাঁইট কম হয়, মঙহাল হয়। ইয়াৰ দেহত ভিটামিন এ, ভিটামিন বি, নিয়াচিন, ফছফৰাছ, পটাছিয়াম, কেলছিয়াম আৰু চেলেনিয়াম মৌল থাকে। এই শ’ল মাছ খালে বিভিন্ন বিষৰপৰা সকাহ পাব পাৰি। আৰ্থাটাইটিচ ৰোগীয়ে এই মাছ খালে যথেষ্ট সুফল পোৱা যায়। গতিকে আমাৰ জীয়া জীয়া এই মাছবিধৰ যথেষ্ট উপকাৰিতা আছে।

আমি যদি আমাৰ ঘৰৰ পৰিত্যক্ত অৱস্থাত থকা পুখুৰীত শ’ল, শাল মাছ পালন কৰোঁ, তেনেহ’লে লাভান্বিত হ’ব পাৰিম। বজাৰত মাছবিধৰ মূল্য যথেষ্ট বেছি। ই বহু সময়লৈ পানীৰ বাহিৰত জীয়াই থাকে। সেয়েহে আমাৰ ক্ৰেতাসকলে ৩৫০-৫০০ টকা প্ৰতি কিলোগ্ৰামত খৰচ কৰি হ’লেও ইয়াক ক্ৰয় কৰা দেখা যায়। ইয়াৰ ঔষধি গুণৰ বাবেও বহুতে ইয়াক খায়। গতিকে আমি এনে ধৰণৰ মাছসমূহ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব লাগে।

নৈ, বিল, পুখুৰী আদিত যদি এই মাছসমূহৰ পোৱালি দেখা পোৱা যায়, তাক ধ্বংস নকৰি সাৱধানে সংগ্ৰহ কৰি ডাঙৰ কৰাৰ ব্যৱস্থা কৰিলে ইয়াৰ সংখ্যা নিশ্চয়কৈ বাঢ়িব। মানুহে প্ৰ’টিনযুক্ত খাদ্য সহজতে খাবলৈ সক্ষম হ’ব। যিহেতু কম গভীৰতাৰ এটা লেতেৰা, সৰু পুখুৰীতে এই মাছ পালন কৰিব পৰা যায়, সেয়েহে আমি আজিৰপৰাই আমাৰ ঘৰত থকা পুখুৰীটোৰ সদ্ব্যৱহাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰোঁ আহক।

লেখক: প্ৰতুল ডেকা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate