খাদ্যাভ্যাস আৰু খাদ্যস্থানৰ ভিন্নতা অনুসৰি বিভিন্ন সঙ্গত প্ৰজাতিৰ কাৰ্পজাতীয় মাছ নিয়ন্ত্ৰিত নিৰিখত একেটা পুখুৰীত পালন কৰা পদ্ধতিকেই সংমিশ্ৰিত মীন পালন পদ্ধতি বোলা হয় ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ খাদ্য প্ৰাচুৰ্য্যতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি মাছৰ উৎপাদন কৰাটোৱেই এই পদ্ধতিৰ মূল উদ্দেশ্য ৷
পুখুৰী নিৰ্মাণ
১) নিম্নতম: ২ বিঘা
২) উচ্চতম: ১৫ বিঘা
পানীৰ গুণাগুণৰ অনুকূল পৰিসৰ
উষ্ণতা |
২৬০ – ৩২০ চেলচিয়াচ |
পিএইচ (pH) |
৭.৫ – ৮.৫ |
মুঠ ক্ষাৰকতা |
৭৫ – ১৫০ পিপিএম |
দ্ৰৱীভূত অম্লজান |
৫-১০ পিপিএম |
নাইট্ৰেট |
০০০ |
ফচফেট |
০০০ |
মুক্ত এঙাৰ |
০.১ – ১.০ পিপিএম |
আৱিলতা |
২০ পিপিএমতকৈ কম |
কঠিনতা |
২০ পিপিএমতকৈ বেছি |
পুখুৰীৰ প্ৰস্তুতি
১)জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পানী সিঁচি পুখুৰীৰ তলিখন শুকুৱাই লব লাগে ৷
২)তলিখন শুকাই ফাটিলে তলিৰ বোকা খান্দি এতৰপ উঠাই দিব লাগে ৷
৩)তাৰ পিচত প্ৰতি হেক্টৰত ৫২৫ কি: গ্ৰা: হাৰত কৃষিত ব্যৱহৃত চূণ পুখুৰৰি তলিত চতিয়াই দিব লাগে ৷
৪)পুখুৰীত পানী জমা হোৱাৰ পিচত প্ৰতি হেক্টৰত ২০০০ কি: গ্ৰা: হাৰত কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷
৫)গোৱৰ প্ৰয়োগৰ অতি কমেও ৭ দিন পিচত হেক্টৰত ২৫ কি: গ্ৰা: হাৰত ইউৰীয়া প্ৰয়োগ কৰিব লাগে ৷
৬)ইউৰীয়া প্ৰয়োগৰ দিনাই প্ৰতি হেক্টৰত ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSF) প্ৰয়োগ কৰিব লাগে ৷
৭)ৰাসায়নিক সাৰ প্ৰয়োগৰ ১৫ দিন পিচত পুখুৰীটো পোণা মোলাৰ বাবে প্ৰস্তুত হৈ উঠে ৷
১)আগৰ বছৰৰ পোণাহে মূল পুখুৰীত মেলা উচিত ৷
২)চিলভাৰ কাৰ্পৰ ক্ষেত্ৰত নতুন পোণাও মূল পুখুৰীত মেলাৰ উপযোগী ৷
৩)পুখুৰীত মেলাৰ সময়ত পোণাৰ ওজন অতি কমেও ৫০ গ্ৰা: হোৱাটো বাঞ্চনীয় ৷
এই পদ্ধতিত হেক্টৰে প্ৰতি সৰ্বমুঠ ৫০০০ পোণা মেলিব লাগে ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ সম্পূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে তলত দিয়া ধৰণে পোণাৰ সংমিশ্ৰণ কৰিব পাৰি ৷
১) তিনি প্ৰজাতিৰ সংমিশ্ৰণ:
প্ৰজাতি |
শতকৰা হাৰ |
ৰৌ |
৪০ |
বাহু |
৩০ |
মিৰিকা |
৩০ |
মুঠ |
১০০ |
২) চাৰি প্ৰজাতিৰ সংমিশ্ৰণ:
প্ৰজাতি |
শতকৰা হাৰ |
ৰৌ |
৩৫ |
বাহু |
২৫ |
মিৰিকা |
২০ |
কমন কাৰ্প |
২০ |
মুঠ |
১০০ |
৩) ছয় প্ৰজাতিৰ সংমিশ্ৰণ:
প্ৰজাতি |
শতকৰা হাৰ |
চিলভাৰ কাৰ্প |
২০ |
বাহু |
১৫ |
ৰৌ |
১৫ |
গ্ৰাছ কাৰ্প |
১০ |
মিৰিকা |
২০ |
কমন কাৰ্প |
২০ |
মুঠ |
১০০ |
৪) সাত প্ৰজাতিৰ সংমিশ্ৰণ:
প্ৰজাতি |
শতকৰা হাৰ |
চিলভাৰ কাৰ্প |
১৮ |
বাহু |
১৪ |
ৰৌ |
১৪ |
গ্ৰাছ কাৰ্প |
৯ |
জাভা পুঠি |
৯ |
মিৰিকা |
১৮ |
কমন কাৰ্প |
১৮ |
মুঠ |
১০০ |
১) অক্সিজেন দিয়া প’লিথিন পেকেটতহে মাছ পোণা পৰিবহন কৰা উচিত ৷ অক্সিজেন বিহীন পাত্ৰত পৰিবহন কৰা পোণা পুখুৰীত মেলাৰ পিচত বেছি ভাগৰেই প্ৰতিচাপৰ ফলত মৃত্যু হয় ৷
২) মাছ পোণা প্ৰখৰ উত্তাপত পৰিবহন কৰা উচিত নহয় ৷ ৰাতিপুৱাৰ ভাগতে অথবা আবেলি সময়তহে পোণা পৰিবহন কৰা উচিত৷
৩) অক্সিজেন দিয়া প’লিথিন পেকেটত পৰিবহন কৰা মাছ পোণা পোনে পোনে পুখুৰীত মেলি নিদি পেকেটটো নোখোলাকৈয়ে পুখুৰীত থৈ দিব লাগে ৷ প’লিথিন পেকেটৰ ভিতৰৰ পানীৰ উষ্ণতা আৰু পুখুৰীৰ পানীৰ উষ্ণতা একে হোৱাৰ পিচতহে পেকেটটো খুলি পোনাবোৰ নিজে নিজে ওলাই যাব দিব লাগে ৷
পোণা মেলাৰ তৃতীয় দিনাৰ পৰা পুখুৰীত মাছৰ বাবে খাদ্য প্ৰয়োগ কৰিব লাগে ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন গৱেষণা কেন্দ্ৰ, যোৰহাটতত প্ৰস্তুত কৰা মাছৰ সুষম খাদ্য ‘সুষমা’ যোগানৰ নিৰিখ তলৰ তালিকাত দিয়া হ’ল ৷ দহ/পোন্ধৰ দিনৰ খাদ্য এটা বস্তাত ভৰাই বস্তাটো পুখুৰীৰ পানীত এনেভাবে ওলোমাই দিব লাগে যাতে আটাইকেইটা স্তৰৰ মাছে খাদ্য খাবলৈ সুবিধা পায় ৷
মাহ |
খাদ্যৰ পৰিমাণ (কি: গ্ৰা: /দিন) |
|
বিঘা হিচাপত |
হেক্টৰ হিচাপত |
|
মাৰ্চ -এপ্ৰিল (১ম মাহ) |
০.২৮ |
২.০০ |
এপ্ৰিল – মে (২য় মাহ) |
০.৩৫ |
২.৫০ |
মে – জুন (৩য় মাহ) |
০.৪০ |
৩.০০ |
জুন – জুলাই (৪ৰ্থ মাহ) |
০.৫৬ |
৮.০০ |
জুলাই - আগষ্ট (৫ম মাহ) |
০.৯০ |
৫.০০ |
আগষ্ট- চেপ্তেম্বৰ (৬ষ্ঠ মাহ) |
০.৭২ |
৬.০০ |
চেপ্তেম্বৰ-অক্টোবৰ (৭ম মাহ) |
০.৯৮ |
৭.০০ |
অক্টোবৰ-নভেম্বৰ (৮ম মাহ) |
১.১২ |
৮.০০ |
নভেম্বৰ- ডিচেম্বৰ (৯ম মাহ) |
১.১২ |
৮.০০ |
ডিচেম্বৰ-জানুৱাৰী (১০ মাহ) |
১.১২ |
৮.০০ |
জানুৱাৰী-ফেব্ৰুৱাৰী (১১শ মাহ) |
১.১২ |
৮.০০ |
পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ
১)পুখুৰীত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১৫০ কি: গ্ৰা: কৃষিত ব্যৱহৃত চূণ প্ৰয়োগ কৰিব লাগে ৷
২)চূণ প্ৰয়োগৰ ৭ দিন পিচত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১০০০ কি: গ্ৰা: কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷
৩)গোৱৰ প্ৰয়োগৰ ৭ দিন পিচত প্ৰতি মাহতে হেক্টৰে প্ৰতি ২৫ কি: গ্ৰা: ইউৰীয়া আৰু ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSF) প্ৰয়োগ কৰিব লাগে ৷
প্ৰতি হেক্টৰ পুখুৰীত সংমিশ্ৰিত মীন পালনৰ সঞ্চালন ব্যয়ৰ বিপৰীতে সাম্ভাব্য আয়ৰ হিচাব তলৰ তালিকাত দিয়া হ’ল ৷
তালিকাৰ পৰা দেখা যায় যে এই পদ্ধতিত এক হেক্টৰ পানী কালিত মীন পালন কৰিবলৈ সৰ্বমুঠ ৮২,০০০.০০ টকাৰ প্ৰয়োজন ৷ এবছৰ পালনৰ পিচত ৪,০০০.০০ কি: গ্ৰা: মাছৰ উৎপাদন পোৱা যায় ৷ প্ৰতি কি: গ্ৰা: মাছ গড়ে ৫০.০০ হাৰত বিক্ৰী কৰি ২,০০,০০০০.০০ টকা পাব পাৰি ৷
অৰ্থাৎ, ৮২,০০০.০০ টকা সঞ্চালন ব্যয়ৰ বিপৰীতে ১,১৮,০০০.০০ টকা লাভ কৰিব পাৰি ৷ এই লাভ সঞ্চালন ব্যয়ৰ ১৪৩.৯০% ৷
সঞ্চালন ব্যয় |
|||
খৰছৰ শিতান |
পৰিমাণ/সংখ্যা |
হাৰ |
খৰছ (টকা) |
চূণ |
২০০০ কি: গ্ৰা: |
৫.০০/কি: গ্ৰা: |
১০০০০.০০ |
কেঁচা গোৱৰ |
২০০০ কি: গ্ৰা: |
০.৫০/কি: গ্ৰা: |
১০০০.০০ |
পোণা |
৫০০০ টা |
৫.০০/ পোণা |
২৫০০০.০০ |
খাদ্য |
২০০০ কি: গ্ৰা: |
১০.০০/ কি: গ্ৰা: |
২০০০০.০০ |
বনুৱা |
১ জন |
২০০০.০০/ মাহ |
২৪০০০.০০ |
মাছ ধৰা খৰছ |
- |
- |
১০০০.০০ |
অন্যান্য খৰছ |
- |
- |
১০০০.০০ |
সৰ্বমুঠ খৰছ |
|
|
৮২০০০.০০ |
আয় |
|||
আয়ৰ শিতান |
পৰিমাণ/সংখ্যা |
বিক্ৰীৰ হাৰ |
আয় (টকা) |
মাছ |
৪০০ কি: গ্ৰা: |
৫০.০০/ কি: গ্ৰা: |
২০০০০০.০০ |
সৰ্বমুঠ আয় |
|
|
২০০০০০.০০ |
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 3/20/2020
মীন পালনৰ সমান্তৰালভাৱে শামুক পালন
মীন পালন প্ৰযুক্তি
সজা পদ্ধতিত মীন পালন
জৈৱিক পদ্ধতিৰে কল খেতি আৰু মীন পালনত ব্যস্ত মহেন্দ...