অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংমিশ্ৰিত মীন পালন পদ্ধতি

সংমিশ্ৰিত মীন পালন পদ্ধতিত পালন কৰা বিভিন্ন মাছৰ খাদ্যাভাস আৰু নিৱাসৰ ভিন্নতা অনুযায়ী ভিন ভিন প্ৰজাতিৰ মাছ এক নিৰ্দিষ্ট নিৰিখত একেলগে পালন কৰি পুখুৰীৰ তিনিওটা স্তৰ যেনেঃ ঊৰ্ধ্ব, মধ্য আৰু নিম্নস্তৰৰ প্ৰাকৃতিক খাদ্যসম্ভাৰখিনি যথোচিত ব্যৱহাৰেৰে অধিক ফলপ্ৰসূ উৎপাদনৰ পোষকতা কৰা হয়। ষাঠী দশকৰ শেষৰপিনে উদ্ভাৱিত এই প্ৰযুক্তি পৰৱৰ্তী সময়ত অতি জনপ্ৰিয় হৈ পৰে আৰু আজি দেশৰ মীনপালকসকলৰ প্ৰথম পচন্দ এই সংমিশ্ৰিত মীন পালন পদ্ধতি।

সংমিশ্ৰিত মীন পালন পদ্ধতিৰ মূল আধাৰঃ

সসংমিশ্ৰিত মীন পালন পদ্ধতি পুখুৰীৰ উৎপাদনচক্ৰ অৰ্থাৎ খাদ্যশৃংখলৰ লগত জড়িত। এই শৃংখলত এটা প্ৰাণীয়ে আনটোৰ পৰা পৰিপুষ্টি আৰু শক্তি আহৰণ কৰে। সেয়েহে প্ৰতিটো প্ৰাণী এটা আনটোৰ লগত প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক সুশৃংখলিত হৈ থাকে।

ইতিমধ্যে কোৱা হৈছে যে প্ৰাকৃতিক খাদ্যৰ প্ৰাচুৰ্যতা আৰু খাদ্যাভ্যাস অনুসৰি বেলেগ বেলেগ প্ৰজাতিৰ মাছ বেলেগ বেলেগ প্ৰজাতিৰ মাছ বেলেগ বেলেগ স্তৰত অৱস্থান কৰে। যিবিলাক মাছে কেৱল উদ্ভিদ প্লৱক খাই জীয়াই থাকে সেইবোৰৰ মূলতঃ পানীৰ উপৰিভাগত থাকে যেনে- ছিলভাৰ কাৰ্প। আন কিছুমান মাছে কেৱল প্ৰাণী প্লৱক খাই শক্তি আহৰণ কৰে। এই প্ৰাণী প্লৱকসমূহো উদ্ভিদ প্লৱকৰ লগতে পানীৰ ঊৰ্ধ্বস্তৰত থাকে। যেনেঃ ভকুৱা মাছ বা বাহু মাছ। আকৌ ৰৌ আদি মাছ প্লৱক, তন্তযুক্ত শেলাই আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ আধাপচা উদ্ভিদৰ টুকুৰা আদি খায়। এইবোৰ মাছ পানীৰ মধ্যস্তৰত থাকে। আনহাতে কমন কাৰ্প, মিৰিকা আদি মাছে পুখুৰীৰ তলিৰ অপৰদ (পুখুৰীৰ তলিত জমা হোৱা বিভিন্ন জৈৱিক পদাৰ্থ) আৰু পানীত থকা জীৱ-জন্তুৰ বৰ্জিত বস্তু খাদ্য হিচাপে গ্ৰহণ কৰে। স্বাভাৱিকতে এইবোৰ প্ৰজাতি পুখুৰীত নিম্নস্তৰত বাস কৰে। গ্ৰাছকাৰ্প আদি মাছে পানীৰ ঊৰ্দ্ধ আৰু মধ্য দুয়ো স্তৰতে থাকে আৰু গুৰুপত্ৰী উদ্ভিদ, শেলাই, জলজ অপতৃণ, তৰাং অঞ্চলত গজা ঘাঁহ-বন আদি খায়।

সেয়েহে মাছৰ খাদ্যাভ্যাস, নিৱাসতা আৰু খাদ্যশৃংখলৰ উৎপাদনচক্ৰত সিহঁতৰ অৱস্থিতি আদিৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰজাতিৰ মাছ সংমিশ্ৰিতভাৱে পালন কৰা উচিত।

ব্যৱসায়িকভাৱে মীন পালনৰ উপযোগী মাছঃ

পালনৰ বাবে পোষকতা কৰা মাছসমূহৰ কিছুমান বিশেষ গুণ থকা দৰকাৰ। এই গুণসমূহ নিম্নোক্ত ধৰণৰ হ’ব লাগে।

  • তুলনামূলকভাৱে কম সময়ত অধিক বৃদ্ধি হোৱা হ’ব লাগে।
  • হাড়তকৈ অধিক মাংসযুক্ত হ’ব লাগে।
  • সহজে পৰিপূৰক খাদ্য গ্ৰহণ কৰা আৰু খাদ্যবস্তু দেহ প্ৰ’টিনলৈ ক্ষিপ্ৰ ৰূপান্তৰৰ ক্ষমতাসম্পন্ন হ’ব লাগে।
  • ৰোগ প্ৰতিৰোধ ক্ষমতা উচ্চ হোৱাৰ লগতে পানীৰ ভৌত ৰাসায়নিক গুণৰ পৰিৱৰ্তন সহ্য কৰিব পৰা হ’ব লাগে।
  • আন প্ৰজাতিৰ লগত একেলগে পালন কৰিব পৰা আৰু খাদ্য তথা স্থানৰ বাবে প্ৰতিযোগিতা নকৰা হ’ব লাগে।
  • অধিক ঘনত্বত পালন কৰিব পৰা হ’ব লাগে।
  • অধিক প্ৰজননক্ষম হ’ব লাগে।
  • উচ্চ বজাৰ চাহিদাযুক্ত হ’ব লাগে।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate