অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সমন্বিত পদ্ধতিৰে ধান খেতি আৰু মীন পালন :

সমন্বিত পদ্ধতিৰে ধান খেতি আৰু মীন পালন :

 

ভাৰতৰ আন আন ৰাজ্যৰ দৰে অসমতো সমন্বিত পদ্ধতিৰ ধান খেতিৰ লগত মীন পালন পদ্ধতিটো ব্যৱহাৰ কৰিব পৰা যায়। অসম যিহেতু খেতিপ্ৰধান ৰাজ্য, সেয়ে আমাৰ কৃষক বন্ধুসকলে ধান খেতিৰ লগত মাছৰো উৎপাদন কৰিব পাৰিলে বহুতো লাভৱান হ’ব।

এতিয়া হয়তো বহুতৰ মনত প্ৰশ্নৰ উদয় হ’ব যে আমি কেনেকৈ এই খেতি কৰিব পাৰোঁ? এই খেতিয়ে আমাক লাভৱান কৰিবনে? ভাৰতবৰ্ষত ধান খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে ২০১০ চনত ধান খেতিৰ লগত মাছ এৰি দিয়া ব্যৱস্থা কৰিছিল। কিন্তু এই ব্যৱস্থাটো এতিয়াও বেছি সংখ্যক কৃষকে আকোঁৱালি লোৱা নাই।

অধিক উপাৰ্জন কৰাৰ ক্ষেত্ৰত ধান খেতিৰ লগত মীন পালন পদ্ধতিটো এক লাভজনক পদ্ধতি। এই পদ্ধতিটো ইমান বেছি কঠিনো নহয়। আমাৰ কৃষক ৰাইজে পুৰণি কালৰ পৰাই ধাননি পথাৰত চেপা, জেং আদি পাতি মাছ ধৰি আহিছে যদিও বিজ্ঞানসন্মতভাৱে সমন্বিত পদ্ধতিৰ জৰিয়তে ধান আৰু মাছ এই দুয়োবিধৰে উৎপাদন বৃদ্ধিৰ পদ্ধতিটো গ্ৰহণ কৰা নাই।

একেডৰা মাটিতে বিজ্ঞানসন্মতভাৱে ধানৰ সঁচৰ লগতে সেই পৰিৱেশত খাপ খোৱা উপযুক্ত প্ৰজাতিৰ মাছৰ খেতি কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰে। বিশেষকৈ মজলীয়া আকাৰৰ মাছ এৰি দিলে অধিক লাভৱান হ’ব পাৰিব। ইয়াৰ কাৰনে কৰিব লগা কাম হ’ল ধান খেতি কৰাৰ সাতদিনমান পিছত সোনকালে ডাঙৰ হোৱা মাছৰ পোনা এৰি দিব লাগে।

মাছৰ পোনা এৰি দিয়াৰ আগতে পথাৰৰ আলিসমূহ ডাঙৰকৈ বান্ধি ল’ব লাগে যাতে পানী ওপৰেৰে বৈ যাব নোৱাৰে। পথাৰত কমেও ১৫ চেঃমিঃৰ পৰা ২০/২২ চেঃমিঃ পানী ৰাখিব লাগে। পানীৰ পৰিমাণ বেছি হ’লে মাছ বৃদ্ধিত সহায়ক হয়। এক একৰ ভূমিত কমেও ২০০০ মাছৰ পোনা এৰিব পাৰি।

দেশত ৪ কোটি ১০ লাখ হেক্টৰ কৃষিভূমিত ধান খেতি কৰা হয়। তাৰে ধানৰ লগত মাছৰ খেতি ১ লাখ হেক্টৰতকৈ কম ভূমিত কৰা হয়। ইয়াৰ কাৰণ এইটো নহয় যে এই পদ্ধতিটো লাভদায়ক নহয়। ইয়াৰ কাৰণ হ’ল কৃষকসকলে এই বিদেশী প্ৰণালীটো এতিয়াও ভালদৰে বুজি উঠা নাই। কৃষক বন্ধুসকলে এই প্ৰণালীটো ব্যৱহাৰ কৰিলে ধান উৎপাদনৰ লগতে মাছৰ উৎপাদনৰ পৰা অতিৰিক্ত হিচাপে লাভ কৰিব পাৰিব। ধানখেতিৰ লগত মাছৰ উৎপাদন কৰিলে ধান খেতিৰো উৎপাদন বৃদ্ধি হয়। ইয়াৰ কাৰণ হ’ল ধান খেতি অনিষ্ট কৰা পোক-পতংগক মাছৰ বিষয়ে নিয়ন্ত্ৰণ কৰি ৰাখে।

লেখক: সৌৰভজ্যোতি দাস(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate