অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সমন্বিত মাছ আৰু গাহৰি পালন

গাহৰি পালনৰ ফলত সৃষ্টি হোৱা আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ কৰি অতি কম খৰছত মাছ উৎপাদনৰ লগতে গাহৰি উৎপাদন কৰাই এই পদ্ধতিৰ মূল উদ্দেশ্য৷ গাহৰিৰ মলত ৬০-৭০% অজীৰ্ণ খাদ্যৰ উপৰিও ১৩.০০ : ১.০ : ০.১০ অনুপাতত জৈৱিক এঙাৰ, নাইট্ৰ’জেন আৰু ফচফৰাচ থাকে৷ তাৰোপৰি, গাহৰিৰ মলত এবিধ অন্ত্ৰীয় এনজাইম (Intestinal enzyme) থাকে৷ এই এনজাইম মাছৰ শাৰিৰীক বৃদ্ধি উন্মেষক৷ গাহৰিৰ মলত থকা পুষ্টিদ্ৰব্য আৰু বৃদ্ধি উন্মেষক এনজাইমৰ পুনৰ ব্যৱহাৰৰ দ্বাৰা সাৰ আৰু খাদ্যৰ ব্যৱহাৰ অপসাৰিত কৰিব পৰা যায় আৰু অতি কম খৰছতে মাছৰ উৎপাদন পোৱা যায়৷

সংমিশ্ৰণৰ উপযোগী মাছ

উপযোগী গাহৰিৰ জাত

১) হেম্পশ্বায়াৰ

২) য়ৰ্কশ্বায়াৰ:

৩) বাৰ্কশ্বায়াৰ

৪) লেণ্ডৰেচ

গাহৰিৰ সংখ্যা:

প্ৰতি হেক্টৰ পানী কালিৰ বাবে ৩০-৪০ টা গাহৰি ৷ সমন্বিত গাহৰি আৰু মীন পালন পদ্ধতিত ২ মহীয়া গাহৰিৰ পোৱালী ছয় মাহ পালন কৰা হয় ৷ ছয় মাহ পালনৰ পিচত প্ৰথম গোটটো বিক্ৰী কৰি আন এটা ২ মহীয়া পোৱালীৰ গোট অনা হয় ৷

পুখুৰী নিৰ্মাণ:

১)     নিম্নতম:                  ২ কঠা

২)     উচ্চতম:                  ২ বিঘা

গাহৰিৰ গঁৰাল:

১) পুখুৰীৰ পাৰৰ যি কোনো এটা পাৰত গঁৰালটো নিৰ্মাণ কৰিব লাগে ৷

২) খেৰ, বাঁহেৰে অস্হায়ী ভাবে অথবা পকী খুটা, কাঠ, লো, এচবেষ্টচ আদিৰে স্থায়ী ভাবে গঁৰালটো নিৰ্মাণ কৰিব পাৰি ৷

৩) স্থায়ী আৰু অস্থায়ী উভয় ক্ষেত্ৰতেই মজিয়াখন পকী হোৱা উচিত ৷

৪) মজিয়াতেই খাদ্য আৰু পানী যোগানৰ বাবে পকী চৌবাচ্ছা নিৰ্মাণ কৰি লব লাগে ৷

৫) মজিয়াখন পানী বাগৰি যাব পৰাকৈ সামান্য এঢলীয়া হোৱা উচিত ৷ অৱশিষ্ট খাদ্য, মল-মূত্ৰ, আৱৰ্জনা আদি বোৱাই দিব পৰাকৈ মজিয়াৰ লগতে এটি পকী নলা নিৰ্মাণ কৰিব লাগে৷ নলাটো আৱৰ্জনা বোৱাই দিব পৰাকৈ পুখুৰীৰ লগত সংলগ্ন কৰি দিব লাগে ৷ প্ৰয়োজন সাপেক্ষে পুখুৰীলৈ আৱৰ্জনাৰ সোঁত বন্ধ কৰি অন্য এটি গাঁতত জমা কৰিব পৰাকৈ মূল নলাটোৰ পৰা এটি শাখা নলাৰ ভয়ৱস্থা কৰিব লাগে ৷ শাখা নলাটো এটি গাঁতৰ লগত সংলগ্ন হ’ব লাগে৷

৬) গঁৰালৰ চাৰিওফালে মজবুট জেওঁৰাৰ লগতে উপযুক্ত জপনাৰ ব্যৱস্থা কৰিব লাগে৷

৭) প্ৰতিটো গাহৰিৰ বাবে ১.৫ বৰ্গ মিটাৰ হিচাবত গঁৰাল মজিয়া খন নিৰ্মাণ কৰিব লাগে৷

পানীৰ গুণাগুণৰ অনুকূল পৰিসৰ

উষ্ণতা ২৬ – ৩২ চেলচিয়াচ
পিএইচ (pH) ৭.৫ – ৮.৫
মুঠ ক্ষাৰকতা ৭৫ – ১৫০ পিপিএম
দ্ৰৱীভূত অম্লজান ৫-১০ পিপিএম
নাইট্ৰেট ০০০
ফচফেট ০০০
মুক্ত এঙাৰ ০.১ – ১.০ পিপিএম
আৱিলতা ২০ পিপিএমতকৈ কম
কঠিনতা ২০ পিপিএমতকৈ বেছি

পুখুৰীৰ প্ৰস্তুতি

১)     জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পানী সিঁচি পুখুৰীৰ তলিখন শুকুৱাই লব লাগে ৷

২)     তলিখন শুকাই ফাটিলে তলিৰ বোকা খান্দি এতৰপ উঠাই দিব লাগে ৷

৩)     তাৰ পিচত প্ৰতি হেক্টৰত ৫২৫ কি: গ্ৰা: হাৰত কৃষিত ব্যৱহৃত চূণ পুখুৰীৰ তলিত চতিয়াই দিব লাগে ৷

৪)     পুখুৰীত পানী জমা হোৱাৰ পিচত প্ৰতি হেক্টৰত ২০০০ কি: গ্ৰা: হাৰত কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷

৫)     গোৱৰ প্ৰয়োগৰ অতি কমেও ৭ দিন পিচত হেক্টৰত ২৫ কি: গ্ৰা: হাৰত ইউৰীয়া প্ৰয়োগ কৰিব লাগে ৷

৬)     ইউৰীয়া প্ৰয়োগৰ  দিনাই প্ৰতি হেক্টৰত ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSF) প্ৰয়োগ কৰিব লাগে ৷

৭)     ৰাসায়নিক সাৰ প্ৰয়োগৰ ১৫ দিন পিচত পুখুৰীটো পোণা মোলাৰ বাবে প্ৰস্তুত হৈ উঠে ৷

পুখুৰীত মোলাৰ উপযোগী পোণা

১)  আগৰ বছৰৰ পোণাহে মূল পুখুৰীত মেলা উচিত ৷

২)  চিলভাৰ কাৰ্পৰ ক্ষেত্ৰত নতুন পোণাও মূল পুখুৰীত মেলাৰ উপযোগী ৷

৩)  পুখুৰীত মেলাৰ সময়ত পোণাৰ ওজন অতি কমেও ৫০ গ্ৰা: হোৱাটো বাঞ্চনীয়৷

মাছ পোণাৰ সংমিশ্ৰণ

এই পদ্ধতিত হেক্টৰে প্ৰতি সৰ্বমুঠ ৮০০০ লৈকে পোণা মেলিব পাৰি ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ সম্পূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে তলত দিয়া ধৰণে পোণাৰ সংমিশ্ৰণ কৰিব পাৰি ৷

১) তিনি প্ৰজাতিৰ সংমিশ্ৰণ

প্ৰজাতি

শতকৰা হাৰ

ৰৌ

৪০

বাহু

৩০

মিৰিকা

৩০

মুঠ

১০০

২) চাৰি প্ৰজাতিৰ সংমিশ্ৰণ

প্ৰজাতি

শতকৰা হাৰ

ৰৌ

৩৫

বাহু

২৫

মিৰিকা

২০

কমন কাৰ্প

২০

মুঠ

১০০

৩) ছয় প্ৰজাতিৰ সংমিশ্ৰণ

প্ৰজাতি

শতকৰা হাৰ

চিলভাৰ কাৰ্প

২০

বাহু

১৫

ৰৌ

১৫

গ্ৰাছ কাৰ্প

১০

মিৰিকা

২০

কমন কাৰ্প

২০

মুঠ

১০০

৪) সাত প্ৰজাতিৰ সংমিশ্ৰণ:

প্ৰজাতি

শতকৰা হাৰ

চিলভাৰ কাৰ্প

১৮

বাহু

১৪

ৰৌ

১৪

গ্ৰাছ কাৰ্প

জাভা পুঠি

মিৰিকা

১৮

কমন কাৰ্প

১৮

মুঠ

১০০

পোণাৰ পৰিবহন আৰু এৰাৰ নিয়ম

১) অক্সিজেন দিয়া প’লিথিন পেকেটতহে মাছ পোণা পৰিবহন কৰা উচিত ৷ অক্সিজেন বিহীন পাত্ৰত পৰিবহন কৰা পোণা পুখুৰীত মেলাৰ পিচত বেছি ভাগৰেই প্ৰতিচাপৰ ফলত মৃত্যু হয় ৷

২) মাছ পোণা প্ৰখৰ উত্তাপত পৰিবহন কৰা উচিত নহয় ৷ ৰাতিপুৱাৰ ভাগতে অথবা আবেলি সময়তহে পোণা পৰিবহন কৰা উচিত৷

৩) অক্সিজেন দিয়া প’লিথিন পেকেটত পৰিবহন কৰা মাছ পোণা পোনে পোনে পুখুৰীত মেলি নিদি পেকেটটো নোখোলাকৈয়ে পুখুৰীত থৈ দিব লাগে ৷ প’লিথিন পেকেটৰ ভিতৰৰ পানীৰ উষ্ণতা আৰু পুখুৰীৰ পানীৰ উষ্ণতা একে হোৱাৰ পিচতহে পেকেটটো খুলি পোনাবোৰ নিজে নিজে ওলাই যাব দিব লাগে ৷

গাহৰিৰ প্ৰতিপালন

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে গৰাললৈ গাহৰি আনিব পাৰি ৷ মাছ পোণা মেলাৰ ২০ দিন আগতে গাহৰি আনিব পাৰিলে পুখুৰীত সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই ৷ ক্ষীপ্ৰ দৈহিক বৃদ্ধিৰ বাবে গাহৰিক দৈনিক গড়ে ১.৪০০ কি: গ্ৰা: সুষম খাদ্যৰ প্ৰয়োজন ৷ সুষম খাদ্য তলৰ তালিকাত দিয়া উপৰণসমূহ মিহলাই নিজে তৈয়াৰ কৰি লব পাৰি ৷ সমন্বিত গাহৰি আৰু মীন পালন পদ্ধতিত প্ৰতিটো গাহৰিক প্ৰতিদিনে ৭০০ গ্ৰাম সুষম খাদ্য তলৰ তালিকাত আৰু ৭০০ গ্ৰাম হোটেলৰ পেলনীয়া খাদ্য অথবা কছু, মেটেকা, ঘাঁহ আদি প্ৰাকৃতিক খাদ্য যোগান ধৰিব লাগে৷ খাদ্য যোগানৰ লগতে গাহৰিক পৰ্যাপ্ত পৰিমানে খোৱা পানী যোগান ধৰিব লাগে ৷

গাহৰিৰ সুষম খাদ্য

উপকৰণ

পৰিমাণ (কি: গ্ৰা: )

চাউলৰ মল

৪৫

চাপৰ

২৭

ভঙা মাকৈ

১০

বাদামৰ খলিহৈ

১০

শুকান মাছৰ গুড়ি

মিনাৰেল মিক্সাৰ

নিমখ

ভিতামিন প্ৰি মিক্স

০.২

চোৱাইন ফিভাৰ, চোৱাইন প্লেগ আৰু চোৱাইন প’ক্স গাহৰিৰ মাৰাত্মক ৰোগ ৷ এইবোৰ ৰোগৰ হাত সাৰিবলৈ পশু চিকিৎসকৰ পৰামৰ্শ মতে গাহৰিক ছিতা দিব লাগে ৷ কৃমিজনিত ৰোগৰ হাত সাৰিবলৈ নিয়মিতভাবে কৃমিনাশক দৰৱ খুৱাব লাগে ৷

গৰম কালি গাহৰিক প্ৰতিদিনে গাত পানী ঢালি ধুৱাব লাগে ৷ প্ৰতি দিনে গঁৰালটো ধুই চাফ কৰিব লাগে ৷ পৰিষ্কাৰ পৰিছন্নতাৰ জড়িয়তেহে গাহৰিৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি ৷

গঁৰালৰ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ

১) প্ৰতি দিনে ৰাতিপুৱা পানী ঢালি গঁৰালৰ মজিয়াখন ধুই সকলো আৱৰ্জনা পুখুৰীলৈ বোৱাই দিব লাগে ৷

২) মাজে সময়ে পুখুৰীত জমা হোৱা আৱৰ্জনাৰ দ’মটো ঘোন্দালি ভাঙি দিব লাগে ৷

৩) পুখুৰীত উদ্ভিদ প্লৱকৰ অতিচাৰ বৃদ্ধি পৰিলক্ষিত হ’লে মূল নলাটো বন্ধ কৰি  আৱৰ্জনা শাখা নলৰাৰে পাৰৰ গাঁতলৈ বোৱাই দিব লাগে ৷

৪) উদ্ভিদ প্লৱক নিয়ন্ত্ৰিত হলে আৱৰ্জনা পুনৰ পুখুৰীলৈ বোৱাই দিব লাগে৷

পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ:

১) এই পদ্ধতিত পানীৰ pHৰ উত্থান-পতন অতি সঘনে হব পাৰে ৷ সেয়েহে, পানীৰ pH নিয়ন্ত্ৰণ কৰাটো নিতান্তই জৰুৰী ৷

২) পানীৰ pH নিয়ন্ত্ৰণ কৰিবলৈ পুখুৰীত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১৫০ কি: গ্ৰা: কৃষিত ব্যৱহৃত চূণ প্ৰয়োগ কৰিব লাগে৷

সঞ্চালন ব্যয় আৰু আয়

প্ৰতি হেক্টৰ পুখুৰীত সংমিশ্ৰিত মীন পালনৰ সঞ্চালন ব্যয়ৰ বিপৰীতে সাম্ভাব্য আয়ৰ হিচাব তলৰ তালিকাত দিয়া হ’ল ৷

তালিকৰ পৰা দেখা যায় যে এই পদ্ধতিত এক হেক্টৰ পানী কালিত মীন পালন কৰিবলৈ সৰ্বমুঠ ০০ টকাৰ প্ৰয়োজন ৷ এবছৰ পালনৰ পিচত ০০০ কি: গ্ৰা: মাছৰ উৎপাদন পোৱা যায়৷ প্ৰতি কি: গ্ৰা: মাছ গড়ে ৫০.০০ হাৰত বিক্ৰী কৰি ০০০০০ টকা পাব পাৰি ৷

অৰ্থাৎ, ০০০০০ টকা সঞ্চালন ব্যয়ৰ বিপৰীতে ০০০.০০ টকা লাভ কৰিব পাৰি ৷ এই লাভ সঞ্চালন ব্যয়ৰ ০০% ৷

সঞ্চালন ব্যয়

খৰছৰ শিতান

পৰিমাণ/সংখ্যা

হাৰ

খৰছ (টকা)

চূণ

২০০০ কি: গ্ৰা:

৫.০০/কি: গ্ৰা:

১০০০০.০০

কেঁচা গোৱৰ

২০০০ কি: গ্ৰা:

০.৫০/কি: গ্ৰা:

১০০০.০০

পোণা

৫০০০ টা

৫.০০/ পোণা

২৫০০০.০০

বনুৱা

১ জন

২০০০.০০/ মাহ

২৪০০০.০০

মাছ ধৰা খৰছ

-

-

১০০০.০০

অন্যান্য খৰছ

-

-

১০০০.০০

সৰ্বমুঠ খৰছ

 

 

 

আয়

আয়ৰ শিতান

পৰিমাণ/সংখ্যা

বিক্ৰীৰ হাৰ

আয় (টকা)

মাছ

৪০০ কি: গ্ৰা:

৫০.০০/ কি: গ্ৰা:

২০০০০০.০০

সৰ্বমুঠ আয়

 

 

২০০০০০.০০

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate